অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰবৰ খেতিৰে স্বাৱলম্বন

ৰবৰ খেতিৰে স্বাৱলম্বন

নিবনুৱাৰ আদৰ্শ গোৱালপাৰাৰ বিষ্টুৰাম ৰাভা

এজন কৰ্মঠ তথা নিষ্ঠাৱান যুৱক হ’ল গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰাইমাৰী উলুপাৰা গাঁৱৰ বাসিন্দা বিষ্টুৰাম ৰাভা। অতি দৰিদ্ৰ পৰিয়াল এটিত জন্মগ্ৰহণ কৰা ৰাভা নিজৰ কষ্টসহিষ্ণুতা তথা বুদ্ধিমত্তাৰ জোৰত বৰ্তমানে এজন প্ৰতিষ্ঠিত কৃষি ব্যৱসায়ী হিচাপে চিহ্নিত হৈ পৰিছে। ২০১৩ চনত কৃষ্ণাই প্ৰেছ ক্লাবে হাৰিমুৰাত আয়োজন কৰা ‘ব’হাগ মাথোঁ এটি ঋতু নহয় ‘শীৰ্ষক অনুষ্ঠানত আদৰ্শ খেতিয়কৰূপে স্বীকৃতি লাভ কৰা বিষ্টুৰাম ৰাভাৰ শৈশৱ কালৰ অৱস্থা আছিল অতি দুখলগা। সেই বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তত এবাৰ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দি উঠি আন এবাৰ মুঠ তিনিমাহ সংগ্ৰামৰ মাজেৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱা বিষ্টুৰামৰ মনত সৰুৰেপৰা সপোন আছিল সৈন্য বাহিনীত যোগ দি দেশ সেৱা কৰা। সেই সপোনক বুকুত বান্ধি ৰাভাই মুঠ চৈধ্যবাৰকৈ সৈন্য বাহিনীৰ বাছনি শিবিৰত যোগদান কৰে যদিও প্ৰতিবাৰেই ব্যৰ্থ হয়। তাৰ বিপৰীতে তেওঁৰ মন ঢাপলি মেলে কৃষিক্ষেত্ৰখনলৈ। অৱশেষত ২০০০ চনত নিজ বাসগৃহৰ কাষতে থকা চাৰিবিঘা মাটিত ৰাভাই আৰম্ভ কৰে ৰবৰ গছৰ খেতি। সেই যে আৰম্ভণি, তাৰ পিছত আৰু থমকি ৰোৱা নাই বিষ্টুৰাম ৰাভা। ২০০২ চনত আগিয়াস্থ ৰবৰ ব’ৰ্ডৰ সহযোগত মেঘালয়ৰ তুৰাত অনুষ্ঠিত ৰবৰৰ টেপিং, নাৰ্চাৰী আৰু পুলি ৰোপণৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাভাই ২০০৪ চনত ৰবৰ খেতিকেন্দ্ৰিক কেৰালা ভ্ৰমণৰ সুযোগ লাভ কৰে। বৰ্তমান নিজস্বভাৱে ২ হেক্টৰ কৃষিভূমিত ৰবৰৰ খেতি কৰা ৰাভাই আন ২০ হেক্টৰ কৃষিভূমিত ছ’চাইটীৰ অধীনত ৰবৰ খেতি আৰম্ভ কৰিছে। ইয়াৰে  ১ হেক্টৰ কৃষিভূমিৰ ৰবৰ গছৰ পৰা ইতিমধ্যে আঠা উৎপাদনৰ কাম আৰম্ভ হোৱা বুলি জনাইছে সৰবৰহী যুৱক বিষ্টুৰাম ৰাভাই। ৰবৰ গছৰ মাজে মাজে উন্নত জাতৰ কল আৰু মাটিকঁঠালৰো খেতি চলাই যোৱা ৰাভাৰ অতীতৰ তুলনাত বৰ্তমানে আৰ্থিক অৱস্থা যথেষ্ট টনকিয়াল।

সম্প্ৰতি প্ৰায় ত্ৰিশৰ পৰা চল্লিশজন শ্ৰমিক নিয়োজিত কৰি নিবনুৱা সমস্যা সমাধানত কিঞ্চিৎ হ’লেও সক্ষম হোৱা বিষ্টুৰাম ৰাভা বৰ্তমানে গোৱালপাৰা জিলাৰ বহু নিবনুৱাৰ আদৰ্শ স্বৰূপ হৈ উঠিছে। ৰাভাক আদৰ্শ হিচাপে লৈয়ে ইতিমধ্যে জিলাখনৰ বহু যুৱক-যুৱতীয়ে ৰবৰ খেতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আগিয়া ৰবৰ ব’ৰ্ডৰ অধীনত অসম তথা মেঘালয়ৰ বিভিন্ন ৰবৰ বাগিচা পৰ্য্যবেক্ষণ কৰি ফুৰা বিষ্টুৰাম ৰাভাই স্থানীয় ৰবৰ খেতিয়কসকলকো বিনামূলীয়া দিহা-পৰামৰ্শ প্ৰদান কৰি আহিছে। উল্লেখ্য যে অতি মৃদুভাষী বিষ্টুৰাম ৰাভাই মাত্ৰ কৃষি কাৰ্য্যত ব্যস্ত হৈয়ে ক্ষান্ত থকা নাই; তাৰ সমান্তৰালকৈ যুৱকজনে চলাই গৈছে বিভিন্ন খেল-ধেমালিৰ চৰ্চা। ফুলবল, দৌৰ আদি বিভিন্ন ক্ৰীড়াত দখল থকা ৰাভাই সদ্যসমাপ্ত তিতাবৰ ক্ৰীড়া সমাৰোহত চাৰিশ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্থান লাভ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশ লোৱাৰো সুযোগ লাভ কৰিছে। ২০০৩ চনত দিপালী ৰাভাৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰা ৰাভাই জীৱনৰ ইমান ব্যস্ততাৰ মাজতো স্নাতক ডিগ্ৰী লাভ কৰি তেওঁৰ একাগ্ৰতাৰ পৰিচয় দাঙি ধৰিছে। বিষ্টুৰাম ৰাভাৰ সকলো সপোন বাস্তৱ হওক-তেওঁৰ কৰ্মময় জীৱন সুখ-আনন্দেৰে ভৰি পৰক তাকেই কামনা কৰিছোঁ।

লিখক: খগেন্দ্ৰ ৰাভা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate