অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰহমৰীয়াৰ বালিচৰত সেউজ বিপ্লৱৰ আখৰা :

ৰহমৰীয়াৰ বালিচৰত সেউজ বিপ্লৱৰ আখৰা :

 

ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া মৌজাৰ বিভিন্ন স্থানত সূচনা হৈছে সেউজ বিপ্লৱ। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বালিচৰত কৃষি পামৰ যোগেদি সূচনা কৰিছে সেউজ বিপ্লৱ। এই কৃষি বিপ্লৱৰ যোগেৰে এসময়ৰ ৰহমৰীয়াৰ গৌৰৱ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে একাংশ খেতিয়কে। এইসকল কৃষকে নিজৰ গাঁথিৰ ধন খৰচ কৰি কৃষিকৰ্মৰ যোগেদি নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে কৃষি পামত বহুসংখ্যক অস্থায়ী শ্ৰমিকক জড়িত কৰি তেওঁলোকৰ পৰিয়ালসমূহক জীয়াই থকাৰ প্ৰেৰণা দি আহিছে। দৰিদ্ৰ কৃষকৰ কাষলৈ আহি সহায়ৰ হাত আগবঢ়াইছে ডিব্ৰুগড়ৰ এগৰাকী উদ্যোগপতিয়ে। এই উদ্যোগপতিগৰাকীৰ নাম হৈছে মনোজ বৰ্মণ। উদ্যোগপতি মনোজ বৰ্মণে বিগত ২০১৭ চনত হোৱা প্ৰলয়ংকৰী বানপানীৰ সময়ত ৰহমৰীয়াত উপস্থিত হৈ ৰাইজৰ মনৰ অৱস্থা উপলব্ধি কৰিছিল।

তাৰ পিছতে সেইসকল কৃষকক প্ৰথমাৱস্থাত ২০/৩০ জনক, ৫,০০০ টকাকৈ আৰু দ্বিতীয় পৰ্যায়ত ২০,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰ্দান কৰে। সেই ৫,০০০ টকাকে মূলধন হিচাপে লৈ কৃষিকাৰ্য আৰম্ভ কৰা কোনো কোনো কৃষকে লাইশাক বিক্ৰী কৰিয়েই ২০,০০০ টকা উপাৰ্জন কৰা বুলি জানিব পৰা গৈছে। তেনে এজন ৰহমৰীয়াৰ কচুৱনী গাঁৱৰ কৃষক হৈছে ৰঞ্জিত বৰুৱা। বিগত ১৫/১৬ বছৰ ধৰি কৃষিকৰ্মত জড়িত ৰঞ্জিত বৰুৱাই নিজৰ ৮ জনীয়া পৰিয়ালটোক ভৰণ-পোষণ দিয়াৰ লগতে কৃষি পামত জড়িত আন ৫/৬ জন অস্থায়ী শ্ৰমিকৰ পৰিয়ালকো পোহপাল দি আহিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে প্ৰায় ১১/১২ বিঘা মাটিত ধান খেতি চপোৱাৰ পিছত তেওঁ বন্ধাকবি, ফুলকবি, ওলকবি, বেঙেনা, ৰঙালাও, জাতিলাও, উৰহী, তিয়ঁহ, আলু, বিলাহী, লাই, মূলা, ফ্ৰেঞ্চবিন, জলকীয়া আদি খেতি কৰি আহিছে। কৃষকজনে জানিবলৈ দিয়া মতে এই কৃষিকৰ্মৰপৰা সকলো খৰচ বাদ দি বছৰি ৬০/৮০ হাজাৰ টকা ৰাহি হয়।

আনহাতে, বৃহত্তৰ ৰহমৰীয়া মৌজাৰ ভিতৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে ৪ জনীয়া এটা কৃষকৰ দলে আৰম্ভ কৰিছে বৰো ধানৰ খেতি। ৰহমৰীয়া মৌজাৰ ফুকনৰখাত গাঁও পঞ্চায়তৰ অন্তৰ্গত লুখুৰাখনীয়া গাঁৱৰ কৃষক দুদুল বৰুৱা, বাবুল বৰুৱা, দুলেন গোহাঁই আৰু দেৱজিৎ গগৈয়ে নিজ ঘৰৰ সমীপৰ প্ৰায় ৩ বিঘা মাটিত বৰো ধানৰ খেতি আৰম্ভ কৰিছে। ডিব্ৰুগড় জিলা বিভাগৰপৰা বীজসমূহ সংগ্ৰহ কৰি সম্প্ৰতি তেওঁলোকে কঠীয়া ৰোৱা আৰম্ভ কৰিছে।

উৎস: দৈনিক অসম(দীপজয় শইকীয়া)

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate