অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজ্যৰ দ্বিতীয় স্থানপ্ৰাপ্ত কৃষক পুণ্য প্ৰসাদ খাউণ্ড

ৰাজ্যৰ দ্বিতীয় স্থানপ্ৰাপ্ত কৃষক পুণ্য প্ৰসাদ খাউণ্ড

শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ পাভৈ কৃষি চক্ৰৰ অন্তৰ্গত ৰঙামাটি গাঁওঅৰ কৃষক পুণ্য প্ৰসাদ খাউণ্ড। ১৯৯২ চনত বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীলৈ খাউণ্ডে চৰকাৰী চাকৰিৰ সন্ধানত কালাতিপাত নকৰি ১৯৯৪ চনত কৃষি ক্ষেত্ৰত প্ৰথম খোজ হিচাপে আৰম্ভ কৰে আঢ়ৈ বিঘা মাটিত কমলা, লিচু, নেমু আৰু ফুলৰ নাৰ্চাৰী। নাম থয় ‘ৰ’দালি নাৰ্চাৰী’। ৰ’দালিৰ ৰ’দে যেন পুণ্য প্ৰসাদক উজলাই তুলিলে। মাত্ৰ ৬০ হাজাৰ টকাৰে আৰম্ভ কৰা বছৰি ১ লাখ টকাৰো অধিক লাভ হোৱা এই নাৰ্চাৰীত বৰ্তমান আছে ৮০ জোপা কমলা গছ, ১০০ জোপা তামোল, ৪০ জোপা তগৰ, ৫০ জোপা নেমুৰ উপৰিও পাণ, অমিতা, ল্লিচু, মধুৰী, নাৰিকল, মাটি কঁঠাল, জালুক আদি বিভিন্ন উদ্যান শস্য। নাৰ্চাৰীৰ পৰা ক্ৰমে তেওঁৰ মন সম্প্ৰসাৰিত হয় নৈপৰীয়া পথাৰ খনলৈ। বছৰটোত তিনিটা খেতিৰে ধান, মাহ, সৰিয়হ আদিৰ উৎপাদনেৰে স্বনিৰ্ভৰশীল হোৱাৰ লগতে আৰু বহু কেইজনক কৰ্ম সংস্থাপন দিবলৈ তেওঁ সক্ষম হৈছে। শ্ৰী খাউণ্ডে এবিধা  মাটিত কৰা মৎস পালনৰ জৰিয়তেও প্ৰতি বছৰে নিম্নতম ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এবিঘা মাটিত এড়ি খেতি, ১০ বিঘা মাটিত ধান, মাহ, সৰিয়হ, ৩ বিঘা মাটিত উদ্যান শস্যৰ খেতিৰে ভৰপূৰ খাউণ্ডৰ পথাৰ। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ এজন সফল হিতাধিকাৰী খাউণ্ডৰ আছে এখন ট্ৰেক্টৰ, দুটা হস্তচালিত স্প্ৰেয়াৰ যন্ত্ৰ আৰু এটি অগভীৰ নলীনাদ। পচন সাৰ, কেঁচুসাৰ উৎপাদন গোট আৰু সেউজ সাৰৰ ব্যৱহাৰৰ দ্বাৰা অঞ্চলটোৰ কৃষকৰ মাজত জৈৱিক কৃষিৰ বাট কটীয়া হিচাপেও খাউণ্ডে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

নতুনক জনাৰ আগ্ৰহ, কৃষি ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ প্ৰয়োগ, মাটিৰ সাৰ্থক ব্যৱহাৰ আৰু অন্য কৃষকক আধুনিক কৃষি কাৰ্যৰ প্ৰতি আকৰ্ষণ কৰি অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে কৃষি বিভাগে তেওঁলৈ আগবঢ়াইছে ২০১৩-২০১৪ বৰ্ষৰ দ্বিতীয় স্থান প্ৰাপ্ত কৃষকৰ সন্মান।

উৎস: এগ্ৰি হৰ্টি প্ৰদৰ্শনী

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate