অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজ্যৰ শ্ৰেষ্ঠ কৃষক আব্দুল হালিম

ৰাজ্যৰ শ্ৰেষ্ঠ কৃষক আব্দুল হালিম

‘সপোন দেখিবলৈ লোৱা, কাৰণ,

সপোন আঁতৰিলেই জীৱনটো হৈ পৰিব চৰণীয়া পথাৰ….’

প্ৰখ্যাত কবি লংষ্টোন হিউগ’ৰ এই কবিতা গোৱালপাৰা জিলাৰ আব্ৰাভিটাৰ দৰে এখন প্ৰত্যন্ত গাঁৱত জন্ম গ্ৰহণ কৰা আব্দুল হালিম নামৰ সেই কিশোৰ জনে পঢ়া নাছিল। হালিমৰ বাবে সেয়া সম্ভৱো নাছিল। কিন্ত হালিমে সৰুৰে পৰাই সপোন দেখিছিল এখন গাড়ী কিনাৰ। হালিমৰ সপোনক বাস্তৱ ৰুপ দিয়াৰ বাবেই পিতৃয়ে তেওঁক বুজনি দিলে- অনৰ্থক সপোন দেখি লাভ নাই, সপোন ফলিয়ায় নিজ কৰ্মৰ পৰা। যদিহে গাড়ী ভাল পোৱা তেন্তে প্ৰথমতে মাটিক ভাল পাবলৈ শিকা। পৰিয়ালটোৰ বন্ধকীত থকা ছয় বিঘা মাটিত নিজৰ কষ্টেৰে যদিহে তুমি সোনগুটি জগাব পাৰা, গাড়ী কিনাৰ বাবে সেয়াই হ’ব তোমাৰ প্ৰথম সম্বল।

পিতৃৰ মন চুই যোৱা কথাই হালিমৰ দৃষ্টি কাঢ়ি নিলে সেই ছয় বিঘা মাটিলৈ। অষ্টম শ্ৰেণীতে আনুষ্ঠানিক শিক্ষাৰ ইতি পেলাই কিছুদিন হালিমে বৰপেটা, কোচবিহাৰ আদি ঠাইত দিন হাজিৰা কৰি কিছু ধন সঞ্চয় কৰি পুনৰ ঘৰলৈ উভটি আহিল সেই মাটিৰ তাড়ণাত। নিজৰ সঞ্চিত ধনেৰে সেই মাটি ছয় বিঘা মোকলাই হালিমে তাত প্ৰথমতে আৰম্ভ কৰে বন্ধা কবিৰ খেতি। কৃষি উন্নয়ন বিষয়া তথা কৃষি সম্প্ৰসাৰণ কৰ্মী গৰাকীৰ পৰামৰ্শক মূলধন কৰি হালিমে কৃষি বিভাগৰ আঁচনিৰ অধীনত এটি অগভীৰ নলীনাদ স্থাপন কৰে। অন্য কৃষকৰ মাটি আধি লৈ কৃষি ঋণেৰে পাৱাৰ টিলাৰ এখন ক্ৰয় কৰি হালিম পূৰ্ণ ভাৱে নিমগ্ন হয় কৃষি কৰ্মত। কৃষি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত থকা হালিমৰ নিষ্ঠাৰ বাবে স্থানীয় বেংকে তেওঁক সুদক্ষ ঋণ পৰিশোধকাৰী হিচাপে প্ৰমাণ পত্ৰ প্ৰদান কৰি কৃষি কাৰ্যত আৰু অধিক ভাবে মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰে। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত হালিমৰ পথাৰ ভৰি পৰে বৰ্ণ সংকৰ ধান, উন্নত জাতৰ ধান, মাহ, সৰিয়হ, উদ্যান শস্য আদিৰ বিভিন্ন খেতিৰে। ২০১৩-১৪ চনত হালিমৰ নেতৃত্ত গঢ়ি উঠা কৃষি গোটে মুখ্যমন্ত্ৰী পিঁয়াজ অভিযানৰ অধীনত ১০ হেক্টৰ মাটিত পিঁয়াজ খেতি কৰি প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰে। হালিৰামৰ আছে কেঁচুসাৰ উৎপাদন গোট। নিজৰ কৃষি ভূমি ২৫ বিঘালৈ সম্প্ৰসাৰিত কৰি অতিৰিক্তভাৱে আধিত লৈছে প্ৰায় ২০ বিঘা মান মাটি।

অকল সেয়াই নহয়, মহাৰষ্ট্ৰৰ ইমু চৰাই পালন কৰা পামত এই বিষয়ে প্ৰশিক্ষণ লৈ তেওঁ এতিয়া এখন ইমু চৰাই পালনৰ পাম গঢ়ি তুলি ব্যৱসায়িক ভাৱে যথেষ্ট লাভৱান হৈছে। সফল মীন পালক হিচাপেও তেওঁৰ সুখ্যাতি আছে। হালিমৰ কৃষি ব্যৱস্থাপনাই নিজকে পৰিৱৰ্তিত কৰিছে ব্যক্তিৰ পৰা ব্যক্তিত্বলৈ। তেওঁৰ পথাৰত কাম কৰি সংস্থাপনৰ মুখ দেখিছে অন্য বহু জনে।

কৃষি ক্ষেত্ৰত হালিমৰ নিষ্ঠা আৰু অধ্যৱসায়ৰ বাবে ২০১০ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰ্যালয়ে আব্দুল হালিমক দেশৰ ১০১ জন শ্ৰেষ্ঠ কৃষকৰ এজন হিচাপে স্বীকৃতি দিয়ে।

মিশ্ৰিত কৃষি পদ্ধতিৰ উপযুক্ত ৰুপায়ণ, পাম্প পৰিচালনাৰ বাবে বিজ্ঞান সন্মত পদ্ধাতি, লক্ষ্যত উপনীত হোৱাৰ দুৰন্ত মানসিকতা কৰ্মক এক মিশ্যন হিচাপে ল’ব পৰা গুণৰ বাবে ৰাজ্যৰ যুৱ সমাজৰ গৌৰৱ ২৭ বছৰীয়া এই প্ৰগতিশীল কৃষক জনক কৃষি বিভাগে প্ৰদান কৰিছে ২০১৩-১৪ বৰ্ষৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান।

উৎস: এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate