অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰ্কুঁহিয়াৰ খেতিৰে বছৰি ৬ লাখ টকা উপাৰ্জন

ৰ্কুঁহিয়াৰ খেতিৰে বছৰি ৬ লাখ টকা উপাৰ্জন

গুড় উৎপাদনেৰে স্বাৱলম্বী ভকত চাপৰিৰ নিৱনুৱা যুৱক


থলুৱা প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি ভকত চাপৰিৰ আবাদী কৃষিভূমিত কুঁহিয়াৰ খেতি কৰি সংস্থাপনৰ বাট মুকলি কৰিছে নিবনুৱা যুৱকে। কুঁহিয়াৰ খেতিৰ পৰা গুড় উৎপাদনৰ অভিলেখ সৃষ্টি কৰি জুগুনীধাৰী গাঁৱৰ বিপিন আৰু প্ৰবীণ দোলাকাষৰীয়াই বছৰি সৰ্বোচ্চ ৬ লাখ টকালৈকে আহৰণ কৰিছে। এজন যুৱকে ১৪ বিঘা পৰ্য্যন্ত কুঁহিয়াৰ খেতি কৰি নিজৰ লগতে ৬-৭ টা পৰিয়ালৰো জীৱিকাৰ বাট মুকলি কৰি আদৰ্শ প্ৰতিষ্ঠা কৰিছে। এটা সময়ত গৰু চৰণীয়া পথাৰ, কাজিৰঙাৰ পৰা অহা গঁড়, হৰিণ আৰু বাঘৰ বিচৰণ ভূমি ভকত চাপৰি এতিয়া মিঠা উপত্যকালৈ ৰূপান্তৰ হৈছে। উল্লেখিত যুৱক দুজনৰ উপৰি ভকত চাপৰিৰ বহু লোক, আত্মসহায়ক গোট আদিয়ে গুড় উৎপাদন কৰি স্ব-নিৰ্ভৰশীল হৈছে। কুঁহিয়াৰ খেতিৰ পৰা উৎপাদিত গুড় এতিয়া মাজুলীৰ সকলো স্থানৰ লগতে যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু তেজপুৰলৈ দৈনিক সৰবৰাহ হয় ভকত চাপৰিৰ গুৰ। এই ক্ষেত্ৰতো অঞ্চলটোৰ একাংশ যুৱকো উপকৃত হৈছে। এতিয়া বিহুৰ সময়ত গুৰৰ দাম কিছু কমিছে। ৩০-৩২ টকা প্ৰতি কিলোৰ দাম। ৰাইজে সহজতে লাভ কৰিবলৈ আউনীআটী সত্ৰ তিনিআলি আৰু কমলাবাৰী চাৰিআলিত বিক্ৰীৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বে প্ৰথম উৎপাদনৰ সময়ত ৫০-৫৫ টকাকৈ বিক্ৰী হোৱা গুড় উৎপাদন কৰি ৰাজ্যত চমক দিবলৈ সাজু হৈছে ভকত চাপৰিৰ কৃষকসকল। নিজা খৰচ কৰি বিপিন দোলাকাষৰীয়াই এতিয়ালৈকে কেইবা কুইন্টল গুড় উৎপাদন কৰিছে। গছৰ আগৰ পৰা নহয়, গুৰিৰ পৰা বিশেষ কৌশলেৰে কৰা কুঁহিয়াৰ খেতি পূৰ্বৰ তুলনাত অধিক উৎপাদন কৰা বিপিন এতিয়া আদৰ্শৰ প্ৰতীক হৈ পৰিছে। পিঠা, জলপান আদিত ব্যৱহাৰ কৰা অতি লাগতীয়াল দ্ৰব্য গুড় মাজুলীত অতি সুলভ আৰু নিভাজ হৈ পৰা বাবে ভকত চাপৰিলৈ দৈনিক ব্যৱসায়ীৰ লগতে ৰাইজৰ সোঁত বৈছে। কৃষিকৰ্মৰে ৰাইজৰ মুখত সোৱাদ দিব পৰা নিবনুৱা যুৱকদ্বয়ো উৎফুল্লিত হৈ পৰিছে।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate