(ক) ৰাসায়নিক পৰীক্ষাৰ বাবে যেনে মাটিৰ অম্লতা (pH), জৈৱ পদাৰ্থৰ পৰিমান নিৰ্দ্ধাৰণ বা নাইট্ৰজেন, পটাছ আৰু ফচফেটৰ পৰিমান নিৰ্দ্ধাৰণ আদিৰ বাবে সাধাৰণ ২ ছে: মি: ভোঁহৰ (carpenters auger) ব্যৱহাৰ কৰি নমুনা সংগ্ৰহ কৰিব পাৰি ৷ উপৰোক্ত পৰীক্ষা কেইটাৰ বাবে প্ৰায় ৫০০ গ্ৰাম পৎ মাটিৰ প্ৰয়োজন হয় ৷
(খ) মাটিৰ বিন্যাস বিশ্লেষণ (Aggregate analysis) ৰ বাবে নিৰুপদ্ৰৱ (undistrubed) মাটিৰ নমুনাহে লোৱা উচিত ৷ এই নমুনাবিলাক যাদৃচ্ছিকভাৱে (randomly) মাটিডৰাৰ কেইবাঠাইৰ পৰা এখন খন্তি বা খুৰ্পিৰে সংগ্ৰহ কৰিব পাৰি ৷ প্ৰতিটো বিন্দুৰ পৰা ১৫ ছে: মি: x ১৫ ছে: মি: x ১৫ ছে: মি: ৰ একোটা মাটিৰ ‘ব্লক’ গোটাই লৈ আটাইবোৰ একেলগে হাতেৰে পাতলকৈ গুৰি কৰি মিহলাব লাগে ৷ ‘ব্লক’বোৰ গুৰি কৰোতে সাৱধান হব লাগে যাতে এইবোৰৰ ওপৰত বৰ বেছি হেঁচা বা জোৰ প্ৰয়োগ কৰা নহয় ৷
(গ) মাটিৰ ৰাসায়নিক বিশ্লেষনৰ বাবে সদায়েই মিশ্ৰ (Composite) নমুনাহে লোৱা উচিত ৷ যিখিনি ঠাইৰ মাটিৰ পৰা নমুনা সংগ্ৰহ কৰা হয়, সেই ঠাইৰ মাটিৰ কালি ১৫ বিঘাতকৈ বেছি হব নালাগে ৷ যেতিয়া সৰহ মাটিৰপৰা নমুনা সংগ্ৰহ কৰা হয়, তেনে ক্ষেত্ৰত মাটিডৰা ১৫ বিঘা কালিৰ কিছুমান খণ্ডত ভগাই লৈ নমুনা ল’ব লাগে ৷ প্ৰতিটো খণ্ডৰ নমুনা পৃথকভাৱে লব লাগে ৷
(ঘ) প্ৰতিটো খণ্ডত কম পক্ষেও বিশটা গাঁত যাদৃচ্ছিকভাৱে অ’ত ত’ত খান্দিব লাগে ৷ তাৰ পিছত প্ৰতিটো গাঁতৰ পৰা তুলি অনা মাটিবোৰ ভালদৰে মিহলাই সেই বিশেষ মাটিডৰাৰ একোটা প্ৰতিনিধি (representative) নমুনা প্ৰস্তুত কৰিব লাগে ৷ তাৰোপৰি ওপৰৰ মাটি (top soil) আৰু তলৰ মাটি (sub soil) ৰ নমুনা পৃথকভাৱে লোৱা উচিত ৷ ওপৰৰ মাটিৰ বাবে গভীৰতা (depth) হ’ব লাগে ০-২২.৫ ছে: মি: আৰু তলৰ মাটিৰ বাবে গভীৰতা হ’ব লাগে ২২.৫-৪৫.০ ছে: মি: ৷ এই দুয়োবিধ মাটি কেতিয়াও একেলগ কৰিব নালাগে ৷ বিন্যাস বিশ্লেষণ (Aggregate analysis) ৰ বাবে সদায়েই ওপৰৰ মাটিৰ নমুনাহে ব্যৱহাৰ কৰিব লাগে ৷
(ঙ) নমুনা লোৱাৰ সময়ত চাব লাগে যাতে মাটিৰ লগত অপ্ৰয়োজনীয় জাবৰ-জোঠৰ বা অন্যান্য পদাৰ্থ মিহলি হৈ নাথাকে ৷ সাধাৰণতে মাটিৰ নমুনা লওঁতে ওপৰৰ ঘাঁহ পাতবোৰ গুচাই লৈহে লব লাগে ৷ আগতে খান্দি ৰখা গাঁত আদি থকা ঠাইৰপৰা নমুনা লব নালাগে ৷ তাৰোপৰি সাৰ প্ৰয়োগ কৰাৰ ঠিক পিছতেই নমুনা লব নালাগে ৷
মাটিৰ নমুনা বিলাক সুন্দৰকৈ বান্ধি চিন দিব লাগে ৷ ধাতুৰ টিন, কাঠৰ বাচক নাইবা পলিথিনৰ মোনাত নমুনাবিলাক ভৰাই ভালদৰে বন্ধ কৰি পৰীক্ষাৰ বাবে পঠাব লাগে ৷ নমুনাবিলাক কেতিয়াও কাগজেৰে টোপোলা বান্ধি পঠাব নালাগে ৷
নমুনাৰ লগত একোখন লেবেল থাকিব লাগে ৷ সেই লেবেলখনৰ দুয়ো পিঠিৰে চাহখেতি কৰিব খোজা ঠাইখন বা ইতিমধ্যে চাহখেতি কৰি থকা বাগানৰ সম্পূৰ্ণ নাম, ঠিকনা মাটিৰ ডাগ নং, পট্ৰা নং ইত্যাদি লিখি পঠাব লাগে ৷
চাহখেতি আৰু নাৰ্চাৰী স্হাপনৰ বাবে ব্যৱহাৰ কৰিব খোজা মাটি ডৰাৰ নমুনা পৰীক্ষাৰ বাবে বছৰটোৰ যিকোনো সময়তে পৰীক্ষা কেন্দ্ৰ বা গৱেষণাগাৰলৈ পঠাব পাৰি ৷ প্ৰস্তাবিত আচঁনি হাতত লোৱাৰ যথেষ্ট আগতেই পৰীক্ষা কেন্দ্ৰলৈ মাটিৰ নমুনা পঠাব লাগে ৷
নাৰ্চাৰী স্হাপনৰ বাবে বাচনি কৰা স্হানৰ মাটিৰ অম্লতা আৰু শস্যকৃমিৰ সংখ্যা নিৰ্দ্ধাৰণকৰা উচিত ৷
শস্যকৃমিৰ পৰীক্ষাৰ বাবে যি নমুনা পঠোৱা হয়, সেই নমুনাবোৰ ততালিকে পঠোৱাৰ দৰকাৰ ; কিয়নো মাটিৰ জীপ কমি গলে বহুতো কৃমি মৰি যায় আৰু এনে ক্ষেত্ৰত পৰীক্ষাৰ ফলাফলো শুদ্ধ নহয় ৷ সেয়েহে শস্য কৃমিৰ পৰীক্ষাৰ বাবে নমুনা পঠাওঁতে নমুনাবোৰ ভালদৰে পলিথিনৰ মোনাত বান্ধি অলপ জীপাল কৰি পঠাব লাগে ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
বাগিচা শ্ৰমিক আইনৰ পূৰ্বৱৰ্তী আইন-বিধিৰ বিষয়ে লিখা...
বাগিচাৰ শ্ৰমিক আইনৰ প্ৰয়োগৰ বিষয়ে লিখা হৈছে ।
ইয়াত চাহ খেতিত কীটনাশক দ্ৰব্যৰ পৰা লʼব পৰা সাৱধানত...
অসমৰ পৰম্পৰাগত চাহখেতি আৰু জৈৱিক চাহখেতিৰ বিষয়ে লি...