চাহ খেতি এবিধ বহু বৰ্ষীয় খেতি৷ চাহ গছে ইয়াৰ শ্ৰী বৃদ্ধিৰ বাবে মাটিৰ পৰা অবিৰত ভাৱে আৱশ্যকীয় মৌলিক উপাদান সমুহ আহৰণ কৰে যাৰ ফলত মাটিৰ উৰ্ব্বৰতা শক্তি (Fertility) লাহে লাহে কমি আহে ৷ মাটিৰ উৰ্ব্বৰতা সঠিক পৰিমানত ৰাখিবলৈ (Balanced) চাহ খেতিত সাৰ প্ৰয়োগ কৰা হয়৷ কিন্তু দেখা গৈছে চাহখেতিত সাৰ প্ৰয়োগ কৰোতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কিছুমান আসোঁৱাহপূৰ্ণ পদ্ধতি অৱলম্বন কৰাৰ ফলত মাটিৰ উৎপাদন ক্ষমতা (Productivity) ক্ৰমান্বয়ে কমি যায় আৰু তাৰ ফলত কেচাঁপাতৰ উৎপাদন (Production) হ্ৰাস পায়৷
গছৰ বৃদ্ধিৰ বাবে আৱশ্যকীয় ষোল্লবিধ মৌলিক উপাদানৰ ভিতৰত মূখ্য উপাদান (Major nutrient) কেইবিধ হ’ল নাইট্ৰ’জেন (N)ফচফৰাচ্ (P) আৰু পটাছ (K) ৷ এই তিনিবিধ উপাদান যুক্ত সাৰ সঠিক অনুপাতত মিহলাই নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰয়োগ কৰিব লাগে ৷ বহু বছৰ একেৰাহে অধিক উৎপাদনক্ষম সঁচ, বিশেষকৈ ‘কম্বোদ’ (Cambod) ক্ল’নৰ ব্যৱহাৰে মুখ্য উপাদান তিনিবিধৰ লগতে আন দুবিধ গৌণ উপাদান (Secondary nutrient) চালফাৰ (S) আৰু মেগনেচিয়াম (Mg) জিংক (Zn) বা বৰণ (B) যুক্ত সাৰ প্ৰয়োজন সাপেক্ষে চাহ গছত প্ৰয়োগ কৰিব লাগে ৷
চাহখেতিত সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান সাৰ আৰু ইয়াত থকা উপাদানৰ পৰিমান তলৰ তালিকাত দেখুওৱা হ’ল ৷
তালিকা নং ১ : বিভিন্ন প্ৰকাৰৰ সাৰ আৰু ইয়াত থকা উপাদান
সাৰৰ নাম |
উপাদানৰ পৰিমান (%) |
ইউৰীয়া |
নাইট্ৰ’জেন-৪৬ |
চাহগছত প্ৰয়োগ কৰিব লগীয়া উপাদান সমুহৰ পৰিমাণ জনা থাকিলে ইয়াৰ বাবে প্ৰয়োজনীয় বিভিন্ন সাৰৰ পৰিমান তলত দিয়া ৰূপান্তৰ তালিকা খনৰ পৰা নিৰ্ণয় কৰিব পাৰি৷
তালিকা নং-২ : গছৰ বাবে প্ৰয়োজন হোৱা মূখ্য উপাদানসমুহ সাৰলৈ ৰূপান্তৰ
উপাদান |
কোনবিধ সাৰলৈ ৰূপান্তৰ কৰিব |
পূৰণ কৰিব লগা সংখ্যা |
নাইট্ৰজেন
ফচফৰাচ
পটাছ |
এম’নিয়াম চালফেট (SOA) এচ এচ পি (SSP) মিউৰেট অৱ পটাছ (MOP) |
৪.৮৫৪ ৬.২৫০ ১.৬৬৬ |
ধৰা হওঁক, আপোনাক প্ৰতি বিঘাত ২৪ কি: গ্ৰা: নাইট্ৰজেন, ৮ কি: গ্ৰা: ফচফৰাচ আৰু ২০ কি: গ্ৰা: পটাছ প্ৰয়োগ কৰিবলৈ কোৱা হৈছে ৷ যদি সেই সময়ত বজাৰত উপলদ্ধ সাৰ কেইবিধ ইউৰীয়া, এচ এচ পি (SSP) আৰু এম. অ. পি. (MOP) হয়, তেন্তে প্ৰয়োগ কৰিব লগীয়া সাৰৰ পৰিমাণ হ’ব
২৪ কি: গ্ৰা: নাইট্ৰজেন X ২.১৭৮ = ৫২.২০০ কি: গ্ৰা: ইউৰীয়া
৮ কি: গ্ৰা: ফচফৰাচ X ৬.২৫০ = ৫০.০০০ কি: গ্ৰা: এচ এচ পি
২০ কি: গ্ৰা: পটাছ X ১.৬৬৬ = ৩৩.৪০০ কি: গ্ৰা: মিউৰেট অৱ পটাছ
যদি বজাৰত সেই সময়ত এচ. এচ. পি. নাথাকে তাৰ সলনি ফচফৰাচৰ বাবে আমি ডি. এ. পি. ব্যৱহাৰ কৰিব পাৰো ৷ তেনে ক্ষেত্ৰত ওপৰত উল্লেখ কৰা উপাদানবোৰৰ জোখত সাৰৰ পৰিমান হ’ব –
ইউৰীয়া = ৪৫.৪০০ কি: গ্ৰা:
ডি.এ.পি. = ১৭.৪০০ কি: গ্ৰা:
এম.অ’.পি. = ৩৩.৪০০ কি: গ্ৰা:
আকৌ যেতিয়া, সাৰৰ পৰিমান জনা থাকে তেতিয়া সেই সাৰত থকা উপাদান সমূহৰ পৰিমাণ জানিবলৈ তলত দিয়া তালিকাখন ব্যৱহাৰ কৰিব পাৰি ৷
তালিকা নং-৩ : বিভিন্ন প্ৰকাৰৰ সাৰ ইয়াত থকা উপাদানলৈ ৰূপান্তৰ
উপাদান |
কোনবিধ সাৰলৈ ৰূপান্তৰ কৰিব |
পূৰণ কৰিব লগা সংখ্যা |
ইউৰীয়া ৰ’ক ফচফেট (RP) |
নাইট্ৰ’জেন (N) |
০.৪৬ |
উদাহৰণ স্বৰূপে ৪৫ কি: গ্ৰা: ইউৰীয়াত নাইট্ৰ’জেন (N) ৰ পৰিমাণ কিমান হ’ব জানিবলৈ ৪৫ কি: গ্ৰা: ক ০.৪৬ ৰে পূৰণ কৰিলে যিমান পোৱা যাব (৪৫ কি: গ্ৰা: X ০.৪৬ = ২০.৭০ কি: গ্ৰা: ) সিমান পৰিমাণৰ নাইট্ৰ’জেন আছে বুলি ঠিৰাং কৰিব পাৰি ৷ সেইদৰে ৪৫ কি: গ্ৰা: ডি.এ.পি. ত ৪৫ কি: গ্ৰা: X ০.১৮ = ৮.১ কি: গ্ৰা: নাইট্ৰ’জেন থাকিব ৷
চাহপুলি ৰোপন কৰোতে কেৱল ফচফৰাচ যুক্ত সাৰ অতি কম পৰিমানে আৰু লগতে প্ৰতিটো পুলিত ২-৩ কি: গ্ৰা: পচন সাৰ প্ৰয়োগ কৰিব লাগে ৷ এচ.এচ.পি. ৩০ গ্ৰাম আৰু ৰ’ক ফচফেট ৩০ গ্ৰাম, মুঠ ৬০ গ্ৰামৰ মিশ্ৰণ এটা তৈয়াৰ কৰি মিশ্ৰণটোৰ আধা ভাগ গাতঁটোৰ তলিত আৰু বাকী আধা মাটিৰ পৰা ৫ ছে: মি: তলত ভেঁটিৰ চাৰিওফালে গাঁতটোত প্ৰয়োগ কৰিব লাগে ৷ এই বিষয়ে “চাহপুলি ৰোৱাৰ বিজ্ঞান সন্মত পদ্ধতি” ত বিতংকৈ কোৱা হৈছে ৷
চাহগছক অধিক পাত উৎপাদনৰ বাবে নাইট্ৰ’জেন (N), শিপা গঠনৰ বাবে ফচফৰাচ (P) আৰু ফে’ম গঠনৰ বাবে পটাছ (K) ৰ প্ৰয়োজন ৷ পুলি গছৰ গঠন প্ৰক্ৰিয়াৰ সময়ত (Formative stage) এক বৈজ্ঞানিক পদ্ধতিৰে নিৰূপণ কৰা জৈৱিক মিশ্ৰণ অৰ্থাৎ YTD মিশ্ৰ সাৰ প্ৰয়োগ কৰিব লাগে ৷
পুলি গছত YTD মিশ্ৰসাৰ প্ৰয়োগ কৰাৰ সময়ত তলত উল্লেখ কৰা কথা কেইটাৰ ওপৰত গুৰুত্ব দিয়া হয় ৷
YTD মিশ্ৰসাৰ সাধাৰণতে ১০: ৫: ১০ আৰু ১০: ৫: ১৫ অনুপাতত প্ৰয়োগ কৰা হয় ৷ ১০০ কি: গ্ৰা: YTD মিশ্ৰসাৰত ১০ কি: গ্ৰা: নাইট্ৰ’জেন (N), ৫ কি: গ্ৰা: ফচফৰাচ (P) আৰু ১০ বা ১৫ কি: গ্ৰা: পটাছ থাকে ৷
তালিকা নং ৪ : ১০০ কি: গ্ৰা: YTD মিশ্ৰসাৰ তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা বিভিন্ন সাৰৰ পৰিমাণ (কি: গ্ৰা: )
সাৰৰ নাম |
১০ : ৫ : ১০ YTD মিশ্ৰসাৰ |
১০ : ৫ : ১৫ YTD মিশ্ৰসাৰ |
||
মাটিত পটাছৰ পৰিমাণ ১০০ পি.পি এমতকৈ বেছি হ’লে |
মাটিত পটাছৰ পৰিমাণ ১০০ পি.পি এমতকৈ কম হ’লে |
|||
SSP যুক্ত |
DAP যুক্ত |
SSP যুক্ত |
DAP যুক্ত |
|
ইউৰীয়া এচ.এচ.পি. ডি.এ.পি. এম.অ’.পি. বালি বা ডল’মাইট |
২২ ৩১ - ১৭ ৩০ |
১৮ - ১১ ১৭ ৫৪ |
২২ ৩১ - ২৫ ২২ |
১৮ - ১১ ২৫ ৪৬ |
মুঠ |
১০০ |
১০০ |
১০০ |
১০০ |
যদি মাটি পৰীক্ষা কৰা নাই, তেতিয়া ১০: ৫: ১৫ অনুপাতত YTD মিশ্ৰসাৰ প্ৰয়োগ কৰিব৷ এনেদৰে ব্যৱহাৰ কৰিলে পটাছৰ অভাৱৰ বাবে পুলিগছৰ স্হায়ী ফ্ৰেম গঠনত ব্যাঘাত নজন্মে ৷
YTD মিশ্ৰসাৰ প্ৰস্তুত কৰোতে সকলোতকৈ শেষত এচ.এচ.পি. বা ডি.এ.পি. সাৰখিনি মিশ্ৰণটোৰ লগত মিহলাব লাগে ৷ অন্যথা মিশ্ৰণটো লালীগুৰৰ নিচিনাকৈ গোট মাৰিব ৷
সাৰ প্ৰয়োগৰ পৰিমাণ
তলৰ তালিকাত (তালিকা নং-৬) পুলি গছত YTD মিশ্ৰসাৰৰ পৰিমান আৰু প্ৰয়োগ পদ্ধতি উল্লেখ কৰা হ’ল (মাটি পৰীক্ষা নকৰিলে)৷
তালিকা নং-৬ : পুলি গছত সাৰ প্ৰয়োগৰ পৰিমান আৰু প্ৰয়োগ পদ্ধতি
পুলিৰ বয়স (বছৰ) |
YTD মিশ্ৰসাৰৰ পৰিমাণ (প্ৰতিজোপাত প্ৰতিবাৰত)(গ্ৰা: ) |
প্ৰয়োগৰ সংখ্যা |
প্ৰয়োগৰ ব্যৱধান (সপ্তাহ) |
প্ৰতিবিঘাতঁ |
বছৰটোতYTDমিশ্ৰসাৰৰ মুঠ পৰিমাণ (কি: গ্ৰা: ) |
প্ৰয়োগৰ পদ্ধতি |
০ +১ +২ +৩ +৪ +৫ |
১০ ১৫ ২০ ৩০ - - |
২ বাৰ ৪ বাৰ ৪ বাৰ ৩ বাৰ ৩ বাৰ ৩ বাৰ |
৮ ৮ ৮ ১০ ১০ ১০ |
২১.০০ ৩১.৫০ ৪২.০০ ৬৩.০০ ৭০.০০ ৭৩.০০ |
৪২.০০ ১২৬.০০ ১৬৮.০০ ১৮৯.০০ ২১০.০০ ২২০.০০ |
ঘূৰণীয়া বা ৰিং পদ্ধতি ঐ ঐ ছটিয়াই দিয়া(Broadcasting) |
সাৰ প্ৰয়োগৰ সময়
পুলি গছত সাৰ প্ৰয়োগ কৰিবৰ সময়ত তলৰ কথা কেইটা মন কৰিব
উদাহৰণ স্বৰূপে এজোপা গছৰ ওপৰিভাগৰ ব্যাস (দ) যদি ৬০ ছে: মি: হয়, ইয়াৰ এক তৃতীয়াংশ হব ২০ ছে: মি: ৷
এই ২০ ছে: মি: ব্যাসৰ ৰিং এটা গছৰ গুৰিৰ পৰা বাদ দিব লাগে, অৰ্থাৎ গা-গছৰ গুৰিৰ পৰা চাৰিওফালে ১০ ছে: মি: ব্যাসাৰ্দ্ধৰ ৰিং এটাত সাৰ দিব নালাগে ৷
বাকী থকা ৪০ ছে: মি: ব্যাসৰ লগত অতিৰিক্ত ১০ ছে: মি: বৃত্তটোৰ বাহিৰত যোগ দি যিমান ঠাই পোৱা যাব তাতহে সাৰ প্ৰয়োগ কৰিব লাগে ৷
পৈণত গছত (Mature tea) সাৰ প্ৰয়োগ
তালিকা নং ৭ : সাৰৰ মিশ্ৰণৰ হাৰ
সাৰৰ নাম |
বছৰত দুবাৰ সাৰ প্ৰয়োগ কৰিলে |
বছৰত তিনিবাৰ সাৰ প্ৰয়োগ কৰিলে |
|||
প্ৰথম বাৰ |
দ্বিতীয় বাৰ |
প্ৰথম বাৰ |
দ্বিতীয় বাৰ |
তৃতীয় বাৰ |
|
ইউৰীয়া এচ এচ পি এম অ’ পি |
৬০% ১০০ % ৬০ % |
৪০ % - ৪০ % |
৪০ % ১০০ % ৪০ % |
৪০ % বা ৩০ % ৪০ % বা ৩০ % |
২০ % বা ৩০ % ২০ % বা ৩০ % |
তালিকা নং-৮ : পৈণত গছত সাৰ প্ৰয়োগৰ পৰিমাণ আৰু সময় (প্ৰতি বছৰ প্ৰতি বিঘা)
এটা কলম চক্ৰত কেঁচাপাতৰ গড় উৎপাদন (কি: গ্ৰা: প্ৰতি বিঘাত) |
ইউৰীয়া (কি: গ্ৰা: ) |
এচ এচ পি (কি: গ্ৰা: ) |
ৰ’ক ফচফেটঁ (কি: গ্ৰা: ) |
মাটিত থকা পটাছৰ ওপৰত ভিত্তি কৰি প্ৰয়োগ কৰিব লগা এম অ’ পিৰ পৰিমাণ (কি: গ্ৰা: ) |
সাৰ প্ৰয়োগৰ সময় |
||
৬০ পি পি এমতকৈ কম হ’লে |
৬০-১০০ ৰ ভিতৰত হ’লে |
১০০ পি পি এমতকৈ বেছি হ’লে |
|||||
৯০০ তকৈ কম ৯০০-১২০০ ১২১০-১৫০০ ১৫০১-১৮০০ ১৮০১-২১০০ ২১০১-২৫০০ ২৫০০ ৰ ওপৰত |
২৫ ২৬-৩২ ৩৩-৪০ ৪১-৪৭ ৪৮-৫৫ ৫৬-৬০ ৬১-৬৫ |
১৬ ১৭-২৫ ২৬-৪০ ৪১-৪২ ৪৩-৫০ ৫১-৫৩ ৫৪-৫৭ |
১০ ১১-১৭ ১৮-২৭ ২৮-২৯ ৩০-৩৩ ৩৪-৩৫ ৩৬-৩৮ |
১৯ ২০-২৩ ২৪-৩১ ৩২-৩৭ ৩৮-৪১ ৪২-৪৬ ৪৭-৫০ |
১৪ ১৫-১৭ ১৮-২৭ ২৮-৩২ ৩৩-৩৮ ৩৯-৪২ ৪৩-৪৬ |
১০ ১১=১৪ ১৫=২২ ২৩=২৭ ২৮=৩১ ৩২=৩৭ ৩৮=৪২ |
মাৰ্চ-এপ্ৰিল/চেপ্তেম্বৰ ঐ ঐ মাৰ্চ-এপ্ৰিল/জুন/চেপ্তেম্বৰ ঐ ঐ ঐ |
চাহ গছৰ বাবে প্ৰয়োজন হোৱা উপাদান সমুহৰ প্ৰয়োগ
পাতত সাৰ প্ৰয়োগ বা ফলিয়াৰ স্প্ৰেয়িং (Foliar spraying)
ফলিয়াৰ স্প্ৰেয়িঙৰ যোগেদি গছৰ আৱশ্যকীয় মুখ্য আৰু গৌণ উপাদান সমুহ পৰিস্হিতি সাপেক্ষে পৰিপূৰক খাদ্য (supplementary dose)ৰূপে যোগান ধৰা হয় ৷ ফলিয়াৰ স্প্ৰেয়িঙৰ যোগেদি গছে এই উপাদান সমুহ গ্ৰহণ কৰাতো নিৰ্ভৰ কৰে চাহ গছৰ সঁচ, প্ৰয়োগ কৰিব লগীয়া সাৰৰ প্ৰকাৰ (form) গাঢ়তা (concentration), প্ৰয়োগৰ সংখ্যা (frequency) আৰু গছৰ বৃদ্ধিৰ ওপৰত ৷
ফলিয়াৰ স্প্ৰেয়িঙৰ বাবে তলৰ কথা কেইটা মন কৰিব
তলত উল্লেখ কৰাৰ সময় আৰু পৰিস্হিতি সাপেক্ষেহে (ক, খ, গ, ঘ আৰু ঙ) ফলিয়াৰ স্প্ৰেয়িং কৰিব লাগে ৷
(ক) কিছুমান জটিল পৰিস্হিতত (Stress condition, eg. Water logging, drought) গছৰ স্বাস্হ্য অটুট ৰাখিবলৈ তলত দিয়াৰ ধৰণে ফলিয়াৰ স্প্ৰেয়িং কৰিব লাগে –
সাৰৰ নাম |
পৰিমাণ (কি: গ্ৰা: ) |
ইউৰীয়া |
৩.৭ |
ডি. এ. পি. |
২.০ |
M. O. P. |
৪.৬ |
জিংক চালফেট |
১.২ |
মেগনেচিয়াম চালফেট্ |
০.৫ |
মুঠ- |
১২.০০কি: গ্ৰা: |
উপৰোক্ত মিশ্ৰণটো তৈয়াৰ কৰি তাৰ ২-৩ কি: গ্ৰা: , ২০০ লি: পানীত মিহলাই পাত তোলাৰ তৃতীয় দিনৰ পাছত ২১ দিনৰ ব্যৱধানত স্প্ৰে’ কৰিব লাগে ৷ একেলেথাৰিয়ে কমেও তিনিবাৰ স্প্ৰেয়িং কৰিব লাগে ৷
(খ) অত্যন্ত খৰাং বতৰত ২০০ লিটাৰ পানীত ২ কি: গ্ৰা: এম. অ’. পি. (MOP) মিহলাই স্প্ৰেয়িং কৰিব লাগে ৷
(গ) আনপ্ৰুণ গছত জানুৱাৰী-মাৰ্চ মাহলৈকে এমাহত এবাৰকৈ ২০০ লিটাৰ পানীত ১ কি: গ্ৰা: মেগনেচিয়াম চালফেট মিহলাই স্প্ৰেয়িং কৰিব লাগে ৷
(ঘ) চেপ্তেম্বৰ, অক্টোবৰ, নবেম্বৰ, এপ্ৰিল আৰু মে’ মাহত প্ৰতিমাহে এবাৰকৈ ২০০ লিটাৰ পানীত জিংক চালফেট ১ কি: গ্ৰা: আৰু ইউৰীয়া ২ কি: গ্ৰা: মিহলাই চাহ গছত স্প্ৰেয়িং কৰিব পাৰি ৷
(ঙ) নাৰ্চাৰী পুলিত : পুলিবোৰ যেতিয়া ৬-৮ খিলা পাত ওলায়, এপ্ৰিল-মে’ আৰু আগষ্ট-নবেম্বৰ মাহত প্ৰতিমাহে এবাৰকৈ ৰাতিপুৱা সোনকালে তলত উল্লেখ কৰা সাৰ কেইবিধ ২০০ লিটাৰ পানীত মিহলাই স্প্ৰেয়িং কৰিব লাগে –
সাৰৰ নাম |
পৰিমাণ (কি: গ্ৰা: ) |
ইউৰীয়া |
২০০ গ্ৰা: |
ডি.এ.পি. |
১০০ গ্ৰা: |
M.O.P. |
২০০ গ্ৰা: |
জিংক চালফেট |
১০০ গ্ৰা: |
বৰিক এচিড |
৫০ গ্ৰা: |
এলুমিনিয়াম মলিবডেট্ |
৫০ গ্ৰা: |
মেগনেচিয়াম চালফেট্ |
৩০০ গ্ৰা: |
মাটিৰ pH আৰু pH সংশোধন (soil pH and correcting of pH)
মাটিৰ pH হ’ল মাটিডৰাৰ আম্লিক (Acidic) আৰু খাৰুৱা গুণৰ (Alkalic)ৰ মাত্ৰা (degree) জোখা এটা একক (unit) ৷ মাটিত pH ৰ মাত্ৰা ৭ তকৈ বেছি হ’লে মাটিডৰা খাৰুৱা আৰু pH ৰ মাত্ৰা ৭ তকৈ কম হ’লে মাটিডৰাক আম্লিক বোলা হয় ৷
মাটিৰ pH ৰ সংশোধন-
মাটিত pH ৰ মাত্ৰা ৪.৫ তকৈ কম হ’লে –
মাটিত pH ৰ মাত্ৰা ৫.৬ তকৈ বেছি হ’লে –
চাহ খেতি কৰা মাটিত জৈৱিক পদাৰ্থ (Organic matter) প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা
মাটিক জৈৱিক পদাৰ্থ যোগান ধৰিবলৈ তলত উল্লেখ কৰা ব্যৱস্হাসমুহ গ্ৰহণ কৰিব লাগে -
তলৰ তালিকাত (তালিকা নং ৯) সহজতে পোৱা কেইবিধমান জৈৱিক পদাৰ্থ আৰু ইয়াত থকা উপাদান সমূহ উল্লেখ কৰা হ’ল৷
তালিকা নং-৯ : জৈৱিক পদাৰ্থ আৰু ইয়াত থকা উপাদান সমূহৰ পৰিমাণ (%)
জৈৱিক পদাৰ্থ |
নাইট্ৰ’জেন (N) |
ফচফৰাচ (P) |
পটাছ (K) |
কলম কৰা ডালপাত |
২.৫০ |
০.৫০ |
১.৫০ |
ছাঁ-গছৰ সৰা পাত |
২.৫০ |
০.৭০ |
০.৯০ |
টি ৱাষ্ট |
৩.৬০ |
০.৬০ |
২.৩০ |
গুৱাটেমালা ঘাঁহ |
১.৬০ |
০.৬০ |
১.৭০ |
কাঁইট নথকা মাইম’চা |
২.৬০ |
০.৬০ |
১.০০ |
ধানৰ তুঁহ |
০.১৫ |
০.১৩ |
২.৩০ |
পচা গোবৰ |
০.৪০-১.৫০ |
০.৩-০.৪ |
০.৩-১.৯০ |
পচন সাৰ |
০.৫০-১.০০ |
০.৪৮-০.৮ |
০.৮-১.৯০ |
পানী মেটেকা |
২.০০ |
১.০০ |
২.৩০ |
নিম খলিহৈ |
৪.১৫ |
০.৯০ |
১.২০ |
কেচুঁ সাৰ |
১.৬০ |
৫.০৪ |
০.৮০ |
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 3/8/2020