চাহগছৰ পাত তোলা হৈছে ইয়াৰ খেতি চপোৱা কাৰ্য্য ৷ পাত তুলি থাকিলেহে গছজোপাৰ পৰা নতুনকৈ পোখা মেলে আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তত পুনৰ সেই পোখাবোৰ চিঙা হয় যাক পাততোলা (Plucking) বোলে ৷ কলম বা স্কিফ কৰাৰ পিচত নতুনকৈ ওলোৱা পোখাবোৰ এক নিৰ্দিষ্ট উচ্চতাত চিঙা হয় আৰু প্ৰথম কেইবাৰমান এইদৰে পাত চিঙা কাৰ্য্যক টিপিং (Tipping) বোলে ৷ টিপিংৰ প্ৰধান উদ্দেশ্য হ’ল গছজোপাত পৰ্য্যাপ্ত পৰিমাণৰ পাত (Maintenance foliage) সংযোগ কৰাৰ লগতে গছজোপাৰ ওপৰিভাগত এখন পাততোলা টেবোল গঠন কৰা ৷ টিপিঙে গছজোপাত নতুনকৈ পোখা মেলাত সহায় কৰে ৷
বিভিন্ন কলম /স্কিফৰ ক্ষেত্ৰত টিপিঙৰ উচ্চতা আৰু নতুনকৈ ওলোৱা ডালত এৰিব লগা পাতৰ সংখ্যা তলৰ তালিকাত উল্লেখ কৰা হ’ল ৷
তালিকা : বিভিন্ন কলম /স্কিফ্ কৰা চাহ গছত টিপিঙৰ উচ্চতা
কলম /স্কিফ
|
কলম /স্কিফ দাগৰ পৰা টিপিঙৰ উচ্চতা
|
টিপিং দাগৰ তলত ডালটোত থাকিব লগা পাতৰ সংখ্যা
|
লঘু কলম (LP)
|
২০ ছে: মি:
|
৪-৫ খিলা
|
ডীপ স্কিফ (DS)
|
১০ ছে: মি:
|
২-৩ খিলা
|
মিডিয়াম স্কিফ (MS)
|
৫ ছে: মি:
|
১ খিলা
|
লাইট স্কিফ (LS)
|
জনম দাগৰ ওপৰত গোলপাতৰ তলত
|
-
|
লেভেল-অফ- স্কিফ (LOS)
|
জনম দাগৰ ওপৰত গোলপাতৰ তলত
|
-
|
মিডিয়াম প্ৰুণ (MP) বা
হাইট-ৰিডাকচন প্ৰুণ (HRP)
|
২৫-৩০ ছে: মি:
|
৫-৬ খিলা
|
পাততোলা পদ্ধতি (Plucking system)
- জনম প্লাকিং (Janam plucking) : এই ক্ষেত্ৰত পোখাটোত জনম পাতৰ চিন দুটা ৰাখি গোলপাতৰ তলত পাত তোলা হয় ৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ুত এই পদ্ধতিত পাত তুলিলে অধিক উৎপাদন পাব পাৰি আৰু পাততোলা টেবুলখন অনাৱশ্যকীয়ভাৱে ওখ হবলৈ নিদিয়াকৈ ৰাখিব পাৰি ৷
- ফিচলিফ প্লাকিং (Fish leaf plucking) : এই ক্ষেত্ৰত পোখাটোত গোলপাতটো ৰাখি গোলপাতৰ (Fish leaf) ওপৰত পাত তোলা হয় ৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ুত এই পদ্ধতিত পাত অনুচিত ৷
- ষ্টেপ্-আপ প্লাকিং (Step-up plucking) : পাততোলা টেবোলখনত নতুনকৈ ওলোৱা পোখাবোৰৰ একেবাৰে তলৰ এখিলা পাত এৰি পাত তোলা কাৰ্য্যক ষ্টেপ্-আপ প্লাকিং বোলা হয় ৷
খৰাং, কীট – পতঙ্গ অথবা বেমাৰৰ আক্ৰমণ, শিলাবৃষ্টি আদি কোনো কাৰণত পাত তোলা পৃষ্ঠৰ তলত থকা গছৰ খাদ্য প্ৰস্তুত কৰা পাত(Maintenance foliage) ৰ সংখ্যা কমি গলে ষ্টেপ্-আপ প্লাকিং কৰা উচিত ৷
পাততোলাৰ মানদণ্ড (Plucking standard)
- ষ্টেণ্ডাৰ্ড প্লাকিং (Standard plucking) : এনেদৰে পাত তোলাৰ ব্যৱস্হাত গছজোপাত মেলখাবলৈ ধৰা কোঁহবোৰ আৰু বাঢ়ি থকা কোঁহৰ সৈতে সৰু এখিলা পাতৰ পোখাবোৰ গছজোপাত এৰি থৈ বাকী সকলোবোৰ পাত উঠোৱা হয় ৷
জুন-চেপ্তেম্বৰ মাহৰ ভিতৰত গছবোৰত পৰ্য্যাপ্ত পৰিমাণৰ পাত পোৱা যায় আৰু এই সময়ত ষ্টেণ্ডাৰ্ড প্লাকিং কৰা উচিত ৷
- ব্লেক প্লাকিং (Black plucking) : এই ক্ষেত্ৰত পাততোলাৰ পৃষ্ঠৰ কেৱল মেলখাবলৈ ধৰা কোঁহবোৰৰ বাদে বাকী সকলোবোৰ পাতেই উঠাই পেলোৱা হয় ৷
- মাৰ্চ মাহৰ পৰা মে’ আৰু অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহলৈ এই সময়ছোৱাত চাহ গছবোৰৰ পৰা বাঁজী পাতবোৰ উঠি যোৱাকৈ তথা পাতৰ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি ব্লেক প্লাকিং কৰা উচিত ৷
- গুৰুতৰ ভাবে থ্ৰীপচ্, হেল’পেলটিচ্, ব্লিষ্টাৰ ব্লাইট আক্ৰান্ত গছবোৰত ব্লেক প্লাকিং কৰি তাৰ পাচতেই প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা উচিত ৷
পাততোলাৰ ব্যৱধান (Plucking round)
একোটা চেকচনত সাদিনৰ ব্যৱধানত পাত তুলিলে উন্নত মানদণ্ডৰ পাত পাব পাৰি ৷ অৱশ্যে পাতৰ বৃদ্ধি আৰু বতৰ লক্ষ্য ৰাখি বিশেষকৈ জুন-চেপ্তেম্বৰ মাহৰ ভিতৰত ৫-৬ দিনৰ ব্যৱধানতো পাত তুলিব লগা হ’ব পাৰে ৷ বচৰৰ আৰম্ভণি আৰু শেষৰফালে সাধাৰণতে ৮-১০ দিনৰ ব্যৱধানত পাত তুলিব লাগে ৷
পাততোলাৰ নিয়ম
- জনম দাগৰ ওপৰত কিন্তু গোলপাতৰ তলত পাত তুলিব ৷
- কোনবোৰ পাত টুকুৰীত ভৰাব
টুকুৰীত ভৰাব
|
টুকুৰীত নভৰাব
|
বাঢ়ি থকা কোঁহৰ সৈতে দুখিলা পাত
|
বুঢ়া পাত
|
ডাঙৰ এখিলা পাতৰ সৈতে বাঢ়ি থকা কোঁহ
|
কোমল দুখিলা বা তিনিখিলা পাতৰ টান অংশ
|
কোমল তিনিখিলা পাতৰ সৈতে বাঢ়ি থকা কোঁহ
|
বাঁজী কোহঁৰ সৈতে টান এখিলা বা দুখিলা পাত
|
বাঁজী কোঁহ আৰু কোমল এখিলা পাত
|
মোচোৰা খোৱা পাত
|
- মেলখাবলৈ ধৰা কোঁহবোৰ আৰু সৰু এখিলা পাতৰ সৈতে বাঢ়িবলৈ ধৰা কোঁহবোৰ গছজোপাত এৰি থৈ আহিব ৷
- পাততোলা পৃষ্ঠত থকা বাঁজী পাতবোৰ সম্পূৰ্ণৰূপে উঠাব ৷
- টিপিং দাগৰ তলত অথবা পাততোলা পৃষ্ঠ বা টেবোলৰ তলত হাত ভৰাই পাত নুতুলিব ৷
- পাততোলোতে খাৰীবোৰ ভাঙি টেবোলখন সমান কৰি যাব ৷
- থিয় পাতবোৰ আধাতে চিঙি নেপেলাব ৷
- তোলা পাতবোৰ হাতৰ মুঠাত ভাঙিবলৈ নিদি আলফুলে ৰাখিব আৰু সঘনাই টোপা বা বেগত ভৰাব ৷
- টুকুৰী বা বেগত পাতবোৰ আলফুলে ৰাখিব অথবা হেচি হেচি নভৰাব ৷ হেচি ভৰালে পাতবোৰ ভাগি যায় আৰু পাতত ৰাসায়নিক বিক্ৰিয়া সময়তকৈ আগেয়ে আৰম্ভ হৈ পাতৰ গুণাগুণ হ্ৰাস কৰে ৷
- চাহ গছৰ ওপৰত বনুৱাসকলক টোপা, বেগ, ছাতি, খৰি আদি ৰাখিবলৈ নিদিব ৷
- কিবা কাৰণত সময়মতে পাত তুলিব নোৱাৰিলে ওপৰে ওপৰে লব পৰা পাতখিনি লৈ পোখাবোৰ টেবুলৰ সমানত চিঙি দিব নাইবা হাতেৰে চিঙিব নোৱাৰাকৈ টান হৈ পৰিলে চোকা কটাৰীৰে টেবুলৰ প্ৰায় ৪-৫ ছে: মি: ওপৰত কাটি পেলাব ৷
- কলম বা স্কিফ্ কৰা চেকচনবোৰত সময়মতে টিপিং কৰিব আৰু পাত তুলিবলৈ নিৰ্দিষ্ট উচ্চতাৰ খুটি ব্যৱহাৰ কৰিব৷
- খৰাং অঞ্চলত বতৰৰ আৰম্ভণিতে আনপ্ৰুন চেকচনত ষ্টেপ্ আপ্ প্লাকিং বা এখিলা পাত এৰি পাত তুলিব (যদিহে আগৰ বছৰৰ সেষৰফালে এই কাৰ্য্য কৰা হোৱা নাই) ৷
- নিয়ম অনুসৰি তুলিলেও টেবুলখনৰ উচ্চতা টিপিঙৰ দাগতকৈ ওপৰলৈ উঠি যায় ৷ এনে ওপৰিঞ্চি উচ্চতা (ছৰেপে) বা খাৰী বিভিন্ন মাহত তলত উল্লেখ কৰা জোখতকৈ বেচি হোৱা অনুচিত ৷
তালিকা : ক্ৰীপ্ (খাৰী) ৰ অনুমতি দিব পৰা উচ্চতাৰ উচ্চ সীমা
কলম/স্কিফ্
|
ক্ৰীপ্ (খাৰী) ৰ অনুমতি দিব পৰা উচ্চতাৰ উচ্চ সীমা (চে: মি: )
|
জুলাইৰ শেষত
|
আগষ্টৰ শেষত
|
অক্টোবৰৰ শেষত
|
লঘু কলম ( LP) ডীপ স্কিফ্ (DS) মিডিয়াম স্কিফ্ (MS) আনপ্ৰুণ (UP)
|
২.৫ ২.৫ ২.৫ ২.৫
|
৩.৫ ৩.০ ৩.০ ৩.০
|
৫.০-৬.০ ৪.৫-৫.০ ৪.০ ৪.০
|
- ক্ৰীপ্ বা ‘খাৰী’ হিচাবতকৈ অধিক বাঢ়ি গলে চোকা কটাৰীৰে পাতলীয়াকৈ স্কিফ্ (Airy skiff) কৰি দিব ৷
- পাততোলা পৃষ্ঠত মিকানিয়া (Micania) আদি লতাজাতীয় অপতৃণে আগুৰি ধৰি পাততোলাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে ৷ এনে অপতৃণবোৰ শিপাৰে সৈতে উভালি চেকচনটোৰ পৰা আতঁৰত পেলাই নষ্ট কৰি দিব বা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব ৷
কেঁচা পাত পৰিবহন
- কলঘৰলৈ প্ৰেৰণ কৰাৰ আগেয়ে তোলা পাতবোৰ ভালদৰে বতাহ চলাচল কৰিব পৰা খেৰীঘৰত অথবা গছৰ ছাঁত বাহৰ চাঙৰ ওপৰত পাতলীয়াকৈ মেলি থব ৷
- কলঘৰলৈ কেচাঁপাত পৰিবহন কৰা বাহনবোৰত টুকুৰী বা বেগৰ সৈতে পাত কঢ়িয়াব পৰা ব্যৱস্হা থকা উচিত ৷ বাহনবোৰত হেচি হেচি পাত পৰিবহন কৰিলে পাতৰ গুণাগুণ হ্ৰাস পায় ৷
- ৫৫ X ৫৫ X ৫৫ ঘন ছে: মি: জোখৰ এটা টুকুৰী বা বেগত ১৫ কি: গ্ৰা: পাতহে আলফুলে ৰাখিব পাৰি ৷
- ১২০ টা টুকুৰী ধাৰণ কৰিব পৰা এখন ট্ৰলীয়ে এবাৰত ১৮০০ কি: গ্ৰা: কেচাঁপাত পৰিবহন কৰিব পাৰে ৷
- বাগিছাৰ পৰা কলঘৰলৈ দিনটোত যথাসম্ভৱ এবাৰ দুপৰীয়া আৰু এবাৰ আবেলি, মুঠ দুবাৰ কেচাঁপাত প্ৰেৰণ কৰিলে পাতৰ মানদণ্ড হ্ৰাস নাপায় ৷
কেচাঁপাতৰ গুণাগুণ (Fine leaf percentage) নিৰ্ণয় কৰা পদ্ধতি
- পাততোলাৰ অন্তত তোলা পাতবোৰৰ অ’ৰ ত’ৰ পৰা পক্ষপাতিত্ব নকৰাকৈ কেইমুঠিমান পাত সংগ্ৰহ কৰক ৷ পাতখিনি মিহলি কৰি ১০০ গ্ৰাম পৰিমানৰ ওজনৰ পাত লওক ৷
- সংগ্ৰহ কৰা পাতখিনিৰ পৰা মোচোৱা খোৱা বা নভঙাকৈ থকা তথা ৰঙা নপৰা বাঢ়ি থকা কোঁহেৰে সৈতে এটা বা দুটা পাত, কোঁহ, কুমলীয়া এটা বাঁজী পাত পৃথক কৰক ৷ এইখিনি পাতক ভাল পাত (Fine leaf) বুলি ধৰা হয় ৷ তিনি নম্বৰ খিলা পাত কোমল হলে এইখিলা পাতকো ভালপাত হিচাপে গণ্য কৰিব পাৰি ৷
- উপৰোক্ত পৃথক কৰা ভাল পাতখিনি ওজন কৰক আৰু ওজন কৰি পোৱা পৰিমাণক ভালপাতৰ শতাংশ (Fine leaf percentage)হিচাবে ধৰক ৷ এইদৰে ৩-৪ বাৰ ভাল পাতৰ শতাংশ নিৰ্ণয় কৰি তাৰ গড় হিচাব উলিয়াব লাগে ৷
- বাইচাইকেলত ব্যৱহাৰ হোৱা সম ওজনৰ এশটা বল বিয়েৰিং বা এশটা চাবি অনা মুদ্ৰা (পছিছ পইচা বা পঞ্চাশ পইচা আদি) ৰ সম পৰিমানৰ পাতলৈও ভালপাতৰ শতাংশ বা মান নিৰ্ণয় কৰিব পাৰি ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।