চাহ বাগিচা এখনত পাততোলা বতৰ (Plucking season) পাৰ হৈ যোৱাৰ লগে লগে তথা গছবোৰ কলম বা স্কিফ্ কৰাৰ ঠিক পাচতেই কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লগা থাকে ৷ শীতকালীন (ডিচেম্বৰ-ফেব্ৰুৱাৰী) এই সময়ছোৱাত চাহগছ অথবা বাগিচাখনত সঠিকভাৱে লোৱা আপদালে অনাগত বছৰটোত কেচাঁপাতৰ উৎপাদন তথা গছৰ স্বাস্থ্যত যথেষ্টখিনি প্ৰভাব পেলায় ৷ শীতকালত বাগিচা এখনত ল’বলগা বিভিন্ন কাৰ্য্যৱলীৰ বিষয়ে তলত উল্লেখ কৰা হ’ল৷
কলম কৰা গছৰ আপদাল
- কলম বা স্কিফ্ কৰা ডাল পাতবোৰ বাগিচাখনতে চাহগছৰ তলত পৰি থাকিবলৈ দিব লাগে ৷ এইবোৰ পঁচি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে৷
- কলম কৰা গছত নতুনকৈ কোঁহ ওলোৱাৰ আগেয়ে শুকান, বেমাৰী, জাঁজ কৰা (crossed branch) আৰু অতি মিহি বাঁজী ডালবোৰ কাটি পেলাব লাগে ৷ DS কৰা গছৰ অতি মিহি বাঁজী ডালবোৰো আতঁৰাই পেলোৱা উচিত ৷
- কলম কৰাৰ পাচতেই ১ ছে: মি: তকৈ বেছি শকত ডালবোৰৰ মুখত ইণ্ড’পেষ্ট বা বৰড’পেষ্ট (১০০ গ্ৰা: কপাৰ চালফেট+ ১০০ গ্ৰা: চূণ + ৫০০ মি: লি: পানী) বা ২০ % ট্ৰাইক’ডামা মিশ্ৰণ লগাব লাগে ৷
- চাহগছৰ ডালবোৰত শেলুৱৈ আদি গজি থাকিলে বিশেষকৈ MP, RP বা HRP আদি কলম কৰা গছত কলমৰ পাছতেই কষ্টিক ৱাচ’(Caustic wash) মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ৷ এই মিশ্ৰণ তলত উল্লেখ কৰা ধৰণেৰে প্ৰস্তুত কৰিব পাৰি ৷
চূণ (Quick lime) : ২-৩ কি: গ্ৰা:
কাপোৰ ধোৱা ছ’ডা : ৬ কি: গ্ৰা:
পানী : ১০০ লি:
কীট পতঙ্গ নিয়ন্ত্ৰণ
- UP, LS বা LOS কৰা চেকচনবোৰত এণ্ড’চালফেন (Endosulfan) ৫০০ মি:লি: আৰু ডাইক’ফল (Dicofol) ৫০০ মি:লি: ২০০ লিটাৰ পানীত মিহলাই ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ শেষৰ ভাগত মুঠ দুবাৰ প্ৰয়োগ কৰিব৷
- এই সময়ছোৱাত কলম কৰা চাহ গছত বগাই অহা উঁই তথা উঁইহাফলু নিৰ্মূলৰ ব্যৱস্হা হাতত লব পাৰি ৷ ক্লৰ’পাইৰিফচ(Chlorpyriphos) ৩৫০ মি:লি: ১০০ লিটাৰ পানীত এই অনুপাতত মিহলাই উঁই আক্ৰান্ত প্ৰতিজোপা গছৰ গুৰিত ৬০-২৫০ মি:লি: মানকৈ প্ৰয়োগ কৰিব লাগে ৷ উঁই হাফলুৰ মাটিখিনি বাগিচাৰ পৰা আতঁৰাই পেলোৱা উচিত৷ হাফলুৰ পৰা উঁইৰ ৰাণীজনী উলিয়াই তাত ক্লৰ’পাইৰিফচ (Chlorpyriphos) ১০০ মি:লি: ৪ বাকেটমান পানীত মিহলাই গাঁতটো পানীৰে উপচাই পেলাব ৷
- নবেম্বৰ-ফেব্ৰুৱাৰী মাহত লুপাৰ কেটাৰপিলাৰ, বান্স কেটাৰপিলাৰ আদিৰ লেটা (Chrysallid) বিশেষকৈ বেচিকৈ আক্ৰান্ত চেকচনবোৰত গছৰ গুৰি খুচৰি সংগ্ৰহ কৰি ধবংস কৰি পেলাব৷
নলা ব্যৱস্থা
- ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈ বাগিচাত নলা খন্দাৰ উপযুক্ত সময় ৷
- পথৰুৱা নলাবোৰ (field drain) যাতে ১০৫ ছে:মি: মান দ’ হয় তালৈ লক্ষ্য ৰাখিব৷
- বাগিচাৰ নলাবোৰ অপতৃণ মুক্ত কৰি ৰাখিব লাগে ৷ প্ৰতি বছৰে খৰালি নলাত জমা হোৱা জাবৰ-জোথৰ, পাৰৰ খহি পৰা মাটি আদি আতঁৰাই পানী ওলাই যোৱাৰ পথ সুচল কৰি দিব৷
- সংগ্ৰাহক নলা (Collector drain) আৰু মূল নলা (Main drain) ত মাটি খহি পৰাটো ৰোধ কৰিবলৈ নলাৰ দুয়োপাৰে চিত্ৰনলা ঘাঁহ ৰোপণ কৰিব পাৰি ৷
বনবাত নিয়ন্ত্ৰণ
- ঢেকীয়া, মিকানিয়া আদি অপতৃণবোৰ শিপাৰে সৈতে উভালি চেকচনৰ বাহিৰৰ এক স্হানত দ’ম কৰি লৈ তাত অপতৃণনাশক(Herbicide) প্ৰয়োগ কৰিব৷
পাতত সাৰ প্ৰয়োগ
- খৰাঙৰ পৰা পৰিত্ৰাণ পাবৰ বাবে UP গছত ডিচেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ এম. অ. পি. (MOP) ১ কি:গ্ৰা: আৰু মেগনেচিয়াম চালফেট(Magnesium Sulphate) ১ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই মুঠ চাৰিবাৰ প্ৰয়োগ কৰিব ৷
- এম. অ. পি. (MOP) ২ কি:গ্ৰা: ১০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে’ কৰিলেও খৰাঙৰ পৰা গছবোৰ বচাব পাৰি৷
অনুসাংগিক কাৰ্য্যৱলী
- UP গছত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ মাজভাগত বাঁজী পাতবোৰ উঠাই পাততোলা টেবোলখন সমান কৰি দিব লাগে৷
- স্প্ৰিংক’লাৰ ইৰিগেচন (Sprinkler irrigation) বা আন কোনো উপায়েৰে চাহ গছবোৰত পানী যোগানৰ ব্যৱস্হা কৰিব ৷ নাৰ্চাৰীৰ পুলিবোৰত প্ৰয়োজন অনুসৰি পানীৰ যোগান ধৰিব লাগে ৷
- ছাঁ দিয়া গছবোৰৰ মূল গা-গছত মাটিৰ পৰা প্ৰায় ১.৫ মিটাৰ পৰ্য্যন্ত চূন লগাই দিব লাগে ৷ এনে কৰিলে বাগিচাখন দেখিবলৈ সুন্দৰ হোৱাৰ উপৰিও গা-গছবোৰ পোক-পৰুৱা, উঁই আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি ৷
- নতুনকৈ ৰোপণ কৰা চাহ ডৰাত মালচিং কৰাৰ ব্যৱস্হা কৰিব লাগে ৷ গুৱাটিমালা ঘাঁহ, মেটেকা আদি মালচিঙৰ বাবে উত্তম ৷ ধানগছৰ নৰা মালচিঙৰ বাবে ব্যৱহাৰ নকৰিব ৷
- চাহ ডৰাৰ মাটি পৰীক্ষাৰ বাবে মাটিৰ নমুনা সংগ্ৰহৰ বাবে শীতকালেই সৰ্বোত্তম ৷
- মাটিৰ পি. এইছ. (pH) বেছি বা কম হ’লে নিম্নোলিখিত ধৰণেৰে সংশোধন কৰিব পাৰি –
- মাটিৰ pH ৪.৫ তকৈ কম হ’লে ৮০-১০০ মেচ (mesh) জোখৰ ডল’মাইট (Dolomite) প্ৰতিবিঘা মাটিত ২৭০ কি:গ্ৰা: প্ৰয়োগ কৰা উচিত ৷
- মাটিৰ pH ৫.৬ তকৈ বেছি হ’লে আইৰণ পাইৰাইট (Iron pyrite) বা এলুমিনিয়াম চালফেট (Alluminium sulphate)প্ৰতিবিঘা মাটিত ২৭০ কি:গ্ৰা: কৈ প্ৰয়োগ কৰিব লাগে৷
উপৰোক্ত দ্ৰব্য দুবিধ বাগিচাখনত আন সাৰ প্ৰয়োগ কৰাৰ প্ৰায় ৬-৮ সপ্তাহ আগেয়ে জেক থকা মাটিত প্ৰয়োগ কৰা উচিত৷ সাৰ দুবিধ প্ৰয়োগৰ পিছত খুচৰি মাটিৰ লগত ভালদৰে মিহলাই দিব ৷
- চাহ খেতিডৰা যিহেতু ব্যৱসায় হিচাবে গ্ৰহণ কৰা হৈছে, সেয়ে শীতকালিন এই সময়ছোৱাত যোৱা বছৰটোৰ আয়-ব্যয়ৰ হিচাব তথা আৰ্হি থকা বছৰটোত বিভিন্ন শিতানত প্ৰয়োজন হ’ব পৰা খৰচ (বাজেট), বিভিন্ন কামৰ আচঁনি যেনে সাৰ প্ৰয়োগৰ আচঁনি পৰিমান/খৰচ (Manuring programme), কলমৰ আচঁনি (Pruning programme) , অপতৃণনাশক প্ৰয়োগৰ আচঁনি (Weedicide programme) ইত্যাদি প্ৰস্তুত কৰি সাজু হ’ব লাগে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়। শেহতীয়া উন্নীতকৰণ: : 3/16/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.