অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোৱালপাৰা জিলাৰ বিভিন্ন কৃষি বাৰ্তা

গোৱালপাৰা জিলাৰ বিভিন্ন কৃষি বাৰ্তা

ইৰি-বৰো ধানেৰে উপচি পৰিছে গোৱালপাৰাৰ বজাৰ:

 

হাড় ভঙা পৰিশ্ৰম আৰু কপালৰ ঘাম মাটিত পেলাই কৃষি ভূমিত উৎপাদিত কৃষিজাত সামগ্ৰী যেতিয়া কৃষকৰ ঘৰৰ চোতাল আহি পাই তেতিয়া কৃষক তথা কৃষক পৰিয়ালৰ দুচকুত বিৰিঙি উঠে সাফল্যৰ হাঁহি। সপোনবোৰ পূৰণ কৰাৰ বাবে উৎপাদিত কৃষি সামগ্ৰী বজাৰত বিক্ৰীৰ বাবে নি উচিত মূল্যৰ আশাত ৰৈ থাকে কৃষক। বিগত বছৰ সমূহৰ দৰে এইবেলিও গোৱালপাৰা জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ লগতে ৩৬নং দুধনৈ জনজাতি বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টিপলাই অঞ্চল, শিমলীতোলা, গাৰোমাৰি, মাটিয়া, বহতি অঞ্চলত হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমিত খৰালিৰ সময়তে কৃষি কাৰ্য সম্পন্ন কৰি খৰালিৰ ভিতৰতে কৃষিকাৰ্য সমাপন কৰিব পৰা ইৰি, বৰো ধানৰ লগতে উন্নত সংকৰণ বীজৰ ধান খেতি কৰিবলৈ লৈ লাভৱান হ’বলৈ সক্ষম হৈছে কৃষক। প্ৰতি বিঘাৰ ধাননী পথাৰত ২৫-৩০ মোন ধান উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এইসকল কৃষকে কিন্তু লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য। নিজৰ একানপটীয়া চেষ্টাত পৰিয়ালৰ সকলোৱে লগ লাগি হাড়ভঙা পৰিশ্ৰম অন্তত উৎপাদিত ধান চোতাল সুমুৱাবলৈ সক্ষম হৈছে কৃষক। কৃষি কাৰ্যকে স্বাৱলম্বনৰ একমাত্ৰ আহিলা হিচাপে লোৱা এইসকল দুৰ্ভগীয়া কৃষক বিক্ৰীৰ বাবে কৃষিজাত সামগ্ৰী বজাৰলৈ নিচিন্ত হ’বলগা হৈছে।

 

৬৫ হাজাৰ তৈল খেজুৰ পুলিৰ নাৰ্চাৰী স্থাপন দুধনৈৰ বৰগুমত:

 

গোৱালপাৰা জিলাৰ কৃষিক্ষেত্ৰত এক আমূল পৰিৱৰ্তন অনাৰ অৰ্থে অসম চৰকাৰৰ কৃষি বিভাগে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় তৈ বীজ নিগমে তৈল খেজুৰ খেতিৰ অভিযান আৰম্ভ কৰিছে। দুধনৈ মহকুমা কৃষি বিভাগৰ জৰিয়তে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত দুধনৈৰ নিকটৱৰ্তী বান্দৰ্শী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰগুমত তৈল খেজুৰৰ পুলিৰ নাৰ্চাৰী কৰা হৈছে। ২০১৪-১৫ ইং বিত্তীয় বৰ্ষৰ অধীনত গোৱালপাৰা জিলাত আৰম্ভ কৰা এই তৈল খেজুৰৰ খেতিয়ে ইতিমধ্যে কৃষকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিছে।ল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সহযোগত দামৰা আঞ্চলিক স্পোৰ্চ এচ’ছিয়েচনৰ অধীনত থকা ২৫ বিঘা মাটিত ৬৫ হাজাৰ তৈল খেজুৰ পুলিৰ নাৰ্চাৰী কৰি ৰাভা হাছং এলেকাত সেউজ বিপ্লৱৰ সূচনা কৰা হৈছে। এইক্ষেত্ৰত চিবাচিছ তৈল খেজুৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে সহায় কৰি থকা বুলি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভাই জানিবলৈ দিয়ে। জানিব পৰা মতে বৰ্তমানলৈ গোৱালপাৰা জিলাত ১৬০ হেক্টৰ মাটিত তৈল খেজুৰৰ খেতি কৰা হৈছে। তৈল খেজুৰ প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালভাৱে যোৱা বৰ্ষৰ ডিচেম্বৰত দুধনৈ কৃষি খেজুৰ খেতিয়ক চ’ছাইটি গঠন কৰা হৈছে। ৰাভা হাছংৰ কাৰ্যবাহী সদস্য জীৱন ৰাভাক উপদেষ্টা, ধনেশ্বৰ ৰাভাক সভাপতি আৰু নিৰ্মল সূত্ৰধৰক সম্পাদক হিচাপে লৈ চ’ছাইটিখন গঠন কৰা হৈছে। ইতিমধ্যে পিপৰাঝাৰ গাঁৱত বিশ বিঘা, দামৰাত এক হেক্টৰ, হাবাংগিৰিত ত্ৰিশ বিঘা, শালপাৰাত ৬০ বিঘা, দায়ৰং চেলাপাৰাত পঞ্চাশ বিঘা মাটিত তৈল খেজুৰ খেতি কৰাৰ উপৰি বনাগাঁও, খুংখ্ৰাজানী, জুবাপাৰা আদি ঠাইতো এই খেতি কৰা হৈছে। ৰাভা হাছংৰ কাৰ্যবাহী সদস্য জীৱন ৰাভাই জনোৱা মতে, দুধনৈ মহকুমা কৃষি বিষয়া মনোৰঞ্জন দাসৰ তৎপৰতাত তৈল খেজুৰৰ খেতি আৰম্ভ কৰাত কৃষক সকল উৎফুল্লিত হৈ পৰা দেখা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই তৈল খেজুৰৰ খেতি কৰাৰ সময়ত এক বিঘা মাটিত বিশ ডাল পুলিহে ৰোপন কৰিব পাৰে। লগতে কাৰ্যবাহী সদস্য জীৱন ৰাভাই জনোৱামতে মিজোৰামলৈ গৈ তৈল খেজুৰৰ ওপৰত বিস্তৃত অধ্যয়ন কৰাৰ বাবে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা তেখেতক পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে।

 

বতৰৰ শাক-পাচলিৰে ভৰিছে গোৱালপাৰা বজাৰ:

 

আম, কঠাল, কল, আনাৰস, পনিয়ল, জাম, মধুৰিআমকে ধৰি বিভিন্ন ফলমূলেৰে ভৰি পৰিছে গোৱালপাৰাৰ গ্ৰামাঞ্চলৰ বিভিন্ন বজাৰ। চহৰ অঞ্চলত বহি:ৰাজ্যৰ পৰা আমদানিকৃত বিভিন্ন ফলমূলৰ বিপৰীতে জিলাখনৰ বিভিন্ন বজাৰত উভৈনদী হৈ পৰা বতৰত ফল আম, কঁঠাল, আনাৰস আদি ফলমূলে সকলো শ্ৰেণীৰ ক্ৰেতাক আকৃষ্ট কৰিছে। এই সময়ত বজাৰত উপলব্ধ সকলো ফলমূল গ্ৰামাঞ্চলৰ লোকসকলে ঘৰৰ গছতে পকা ফলমূল বজাৰত বিক্ৰীৰ বাবে আনে সেয়েহে এই ফলমূলসমূহ সম্পূৰ্ণভাৱে জৈৱিক যাৰ ফলত ইয়াৰ উপকাৰিতা গুণো বহু বেছি। বহি:ৰাজ্যৰ পৰা আমদানিকৃত ফলমূলতকৈ বহুগুণে দাম কমতে উপলব্ধ এই ফলসমূহ জিলাখনৰ বিভিন্ন বজাৰৰ লগতে বৰপেটা, জিলাৰ চৰাঞ্চল গুৱাহাটীৰ বিভিন্ন বজাৰলৈ সৰবৰাহ হয়। বতৰৰ ফলমূলৰ লগতে এসময়ত শাক-পাচলিৰ বাবে ৰাজ্যৰ বিভিন্ন চৰাঞ্চলৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হৈছিল। কিন্তু বৰ্তমান জিলাখনৰ শিমলীতোলা গাৰোমাৰী সূতাৰপাৰা, ৰণুৱা, বহতি, টিপলাই, বৰপথাৰ দীঘলীবড়ি, বৰডোৱা অঞ্চলত ভালেসংখ্যক লোকে বৰ্তমান বজাৰত উপলব্ধ ভোল, জিকা, তিয়ঁহ, নেচেৰা, ভেণ্ডি,ক কোমোৰা, বেঙেনা, ভাতকেৰেলা, তিতা কেৰেলা, ৰঙালাউ আদি বিভিন্ন শাক-পাচলিৰ খেতি কৰিবলৈ লোৱাত আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে জিলাবাসী গঞাই সতেজ শাক-পাচলি খাবলৈ পাইছে।

টিপলাই দীঘলীবড়ি অঞ্চলৰ কেইগৰাকীমান কৃষকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে প্ৰতিবছৰে ছিজনৰ প্ৰথম অৱস্থাত বজাৰত বিভিন্ন প্ৰকাৰৰ শাক-পাচলি উলিয়াই আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে ঘৰত এনে পৰি থকা মাটিডৰাত কিছু কষ্ট কৰিলে বিভিন্ন শাক-পাচলি ফলমূলৰ খেতি কৰিলে পৰিয়াল পোহপাল দিয়াৰ উপৰি কিছু অৰ্থ সঞ্চয় কৰিব পাৰি। সেয়েহে অন্য বৃত্তি ত্যাগ কৰি কৃষিকাৰ্যকে স্বাৱলম্বনৰ মূল আহিলা হিচাপে বাছি লৈছো লগতো উৎপাদিত সামগ্ৰীৰ স্থানীয় বজাৰৰ লগতে চুবুৰীয়া অঞ্চলসমূহত চাহিদা বহু বেছি।

একাংশ ব্যৱসায়ীয়ে উৎপাদনস্থলীৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰি নি জিলাখনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত থকা লাইন হোটেল, ধাবাত বিক্ৰী কৰি লাভৱান হ’বলৈ সক্ষম হৈছে। জিলাখনৰ গ্ৰামাঞ্চলত শাক-পাচলি, ফলমূলৰ লগতে বিভিন্ন প্ৰজাতিৰ কল, সৰু গাখীৰ বিক্ৰী কৰিও লাভৱান হ’বলৈ সক্ষম হৈছে যদিও কষ্ট অনুপাতে মূল্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে একাংশ কৃষকে।

লেখক:জ্যোতিষ নাথ,টিপলাই(গোৱালপাৰা)

ফোন-৮৪৮৬৮৬০৪৮১

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate