অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত ৰিহা খেতি

ৰিহা বা ৰেমি বস্তু জগতৰ এবিধ অতি টান আহ। কিন্তু বহু উৎকৃষ্ট গুণ থকা সত্ত্বেও ৰিহাই এতিয়াও বস্ত্র জগতত এক গৌণ স্থানহে অধিকাৰ কৰি আছে। ইয়াৰ পৰা উৎপাদন কৰা কাপোৰৰ তৃণ-বস্ত্র বোলা হয়। ৰিহা গছ অসম আৰু উত্তৰ বংগত প্ৰ্চুৰ পৰিমানে পোৱা যায়।অসমৰ বহুকেইখন জিলাত এই বহুবৰ্ষী উদ্ভিদযোপা বনৰীয়া বস্ত পোৱা যায়।অসমৰ সৰভোগত থকা ৰেমি গৱেষনা কেন্দ্ৰৰ গৱেষনাৰ পৰা অসমৰ উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু এই খেতিৰ বাবে উপযোগী বুলি গম পোৱা গৈছে।

ৰিহা গছৰ জাত অসংখ্য।তাৰে কেতবোৰ বনৰীয়া বা ঘৰচীয়া বা উন্নতকৃত।এই উদ্ভিদজোপা “আৰ্টকেচি”(Urticacese)নামৰ চুৰাত পৰিয়ালৰ অন্তৰ্গত।সাধাৰনতে ৰিহাৰ দুটা জাতৰ পৰা আহঁ আহৰন কৰা হয়।বগা ৰিহা(Boehmeria nivea(L)Gaud আৰু সেউজীয়া ৰিহা।

ৰিহাৰ আহৰ গুণাগুণ

ৰিহাৰ আহত ৯৬-৯৮ শতাংশলৈকে এ চেলুলজ আৰু ৩ শতাংশ বি চেলুলজ শুষ্ক অৱস্থাত থাকে।লিগনিন খুব কম পৰিমাণে থাকে বা প্রায় নাথাকে।ৰিহাৰ এঠাত পেষ্টিন, গ্লুকোচিভ আৰু মম থাকে। এঠা গুচোৱাৰ পিচত আঁহ পোনতে পাতল মাখন ৰঙৰ হয়, কিন্তু উপযুক্ত বিৰঞ্জনৰ পিছত ই ধকধকীয়া বগা হয়।

ৰিহাৰ আহৰ যোগাত্মক বা অনুকুল গুণবোৰ হ’ল

  • ই কপাহতকৈ ৮ গুণ টান।
  • ই কপাহৰ সমানেই স্থিতিস্থাপক।
  • তিতা অৱস্থাত ই আৰু টান হয়
  • ইয়াৰ অৱশোষণ ক্ষমতা কপাহতকৈ বেছি।
  • ই কপাহৰ দৰে নৰম হৈ নাযায়
  • ইয়াক সহজতে ৰং দিব পাৰি আৰু ই ৰং ধৰি ৰাখে।
  • উলৰ সৈতে বোৱা ৰিহাৰ কাপোৰ কোচ নাখায়।
  • ই গৰম কালিৰ উপযুক্ত আহ।
  • ই শীতল আৰু লঘু ইয়াৰ আহৰ দৈর্ঘ্য (Staple length) প্রায় ০.১৮ মিটাৰ।
  • ইয়াক সহজে ধুব পাৰি।
  • ই বেছি জ্যোতিমান, গতিকে চকুত লগা কাপোৰ বনাবলৈ প্রশস্ত।

ৰিহাৰ কৃষি প্রণালী জলবায়ু

নাতিশীতোষ্ণ জলবায়ুত ৰিহাৰ খেতি ভাল হয় আৰু এনে পৰিস্থিতিত বছৰি তিনিবাৰ শস্য চপাব পাৰি। উপ-বিষুৱীয় আৰু বিষুৱীয় অঞ্চলত বছৰি ৫-৬ টাকৈ শস্য পোৱা যায়। কিন্তু উষ্ণমণ্ডলতকৈ নাতিশীতোষ্ণ মণ্ডলত কেঁচা শস্যৰ উৎপাদন দুগুণ হয়। ৰিহা গছৰ বাবে মাহে কমেও ১৪০ মিলিমিটাৰ বৃষ্টিপাতৰ দৰকাৰ। বৃষ্টিহীন মাহকেইটাত উৎপাদন বন্ধ হৈ থাকে। শীতৰ মাহৰ বায়ুমণ্ডলীয় উষ্ণতা যেতিয়া ১০ ছেন্টিগ্ৰেডতকৈ কম হয়, তেতিয়া ৰিহা শস্যৰ বৃদ্ধিত বাধা পৰে।

মাটি

ৰিহা গছৰ বাবে অতিকৈ সাৰুৱা মাটি লাগে আৰু তেনে মাটিত উচ্চ পৰিমাণ জৈৱিক সাৰ থকা বাঞ্ছনীয়।তদুপৰি মাটি ফহফহীয়া, গভীৰ আৰু সহজে পানী সৰকী যোৱা হব লাগে।মাটিৰ অম্লতা আৰ্থাৎ পি।এইচৰ পৰিমান ৬ ৰ পৰা ৭ ৰ মাজত থাকিলে ভাল।

জাত

কেন্দ্ৰীয় ৰেমি গৱেষনা কেন্দ্ৰ সৰভোগৰ দ্বাৰা উদ্ভাৱিত আৰু অসমৰ বাবে অনুমোদিত জাতকেইটা হল-১৪৫২,আৰ ১৪৪৯,আৰ ১৪১২,আৰ ১৪১১ আৰু আৰ ৬৭-৩৪(কানাই)

পুলি তৈয়াৰ

ব্যৱসায়িক ভিত্তিত ৰিহা খেতি কৰিবলৈ ইয়াৰ ৰুপান্তৰিত শিপা বা ৰাইজোম ব্যৱহাৰ কৰা হয়।ৰিহাৰ ৰাইজোমবিলাক প্ৰকণ্ডৰ পৰা গজে।এক হেক্টৰ জোখা ৰিহাৰ কঠিয়াতলী বা পুলি বাগানৰ নিমিত্তে ৪ কুইন্টল ৰাইজোমৰ দৰকাৰ হয়।প্ৰতিটো ৰাইজোমৰ দৈৰ্ঘ্য ১০ ছেন্টিমিটাৰৰ পৰা ১৫ ছেন্টিমিটাৰৰ ভিতৰত হোৱা বাঞ্চনীয়।

ৰোপন পদ্ধতি

মে’ মাহৰ শেষৰ পৰা ছেপ্তেম্বৰ মাহলৈকে ৰাইজোম ৰোপন কৰিব পৰা হয় যদিও ৰাইজোম ৰোপন কৰাৰ উপযুক্ত সময় হ’ল জুন মাহ।

চহোৱা মাটিডৰাত এজাক বৰষুন পৰাৰ পিছত ৰাইজোম লগাব পৰিলে ভাল।ৰাইজোমৰ টুমুৰাবোৰ ৩০ ছেন্টিমিটাৰ দূৰত্বত লোৰত পাৰি দিব লাগে আৰু মাটিৰ ৰাইজোমবোৰ ঢাকি দিব লাগে।ৰিহা সঠিক দূৰত্বত ৰোপন কৰাটো অত্যাৱশ্যকীয় কিয়নো শিপাবোৰ জোট বান্ধিলে কাণ্ড বা ঠাৰিৰ উৎপাদন কমি যায়।সাধাৰনতে ৰোৱাৰ ১৫ দিন মানৰ পিছৰ পৰা গজালি ওলাবলৈ আৰম্ভ কৰে।

সাৰ প্ৰয়োগ

প্ৰথম বছৰত ৰিহা খেতিৰ পৰা ১-২ বাৰ শস্য চপাব পাৰি।দ্বিতীয় বছৰৰ পৰা বছৰত ৪-৫ বাৰকৈ চপাব পৰা যায়।ৰিহা গছৰ বাঢ়ন ক্ষমতা খুব বেছি হোৱা হেতুকে প্ৰত্যোকবাৰ চপোৱাৰ পিছতেই সাৰ প্ৰয়োগ আৰু প্ৰতিপালনৰ দৰকাৰ।

ৰোৱাৰ এক মাহৰ পিছত গোটেই সাৰখিনি দুভাগ কৰি প্ৰথমভাগ গছৰ শাৰীত প্ৰয়োগ কৰিব লাগে আৰু দ্বিতীয়ভাগ গছ চপোৱাৰ পিছত অপতৃন আতৰাইঁ শাৰীত প্ৰয়োগ কৰিব লাগে।প্ৰ্তিবাৰ সাৰ প্ৰয়োগৰ আগতে বন বাতবোৰ গুচাই লোৱা অৱশ্যক।

খেতি ডৰাৰ যতন

খেতিডৰা প্ৰয়োজন অনুসৰি বন বাত নিৰাই পৰিস্কাৰ কৰি ৰাখিব লাগে।শাৰীৰ মাজৰ অপতৃন গুচোৱাৰ বাবে নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰি।জলসিঞ্চনৰ সুবিধা থাকিলে ৰিহাৰ উৎপাদন বৃদ্ধি পায়।পানী ওলাই যাবলৈ ব্যৱস্থা থাকিলে অধিক বৰষুন হলেও শস্যৰ কোনো অনিষ্ঠ নহয়।এইটো চাব লাগে যাতে খেতিডৰাত কোনো কাৰনতে পানী জমা হৈ নাথাকে।

অসমানভাৱে বঢ়া গছ কটা

শীতকালত গছ কাটি চপোৱাৰ পিছত হোৱা গছৰ বৃদ্ধি অসমান হয় আৰু তাৰ তৈয়াৰ কৰা আঁহত গুনগত মান নিম্নমানৰ হোৱা পৰিলক্ষিত হয়।এই সমস্যাই দ্বিতীয় বৰ্ষৰ পৰা দেখা দিয়ে।এই অসমানভাৱে বঢ়া কাণ্ডবোৰ সাধাৰনতে গ্ৰীষ্মকালতে মাটিৰ গুৰিতে কাটি দিয়া উচিত।এপ্ৰিল মাহৰ তৃতীয় সপ্তাহটো এই কাৰ্য্যৰ বাবে অতি উপযুক্ত।

চপোৱা

গছৰ ডালৰ বৃদ্ধিৰ ওপৰতে ৰিহা গছ চপোৱাটো নির্ভৰ কৰে। সাৰুৱা মাটিত, বিশেষ যতন লৈ এই খেতি কৰিব পাৰিলে ৪০-৫০ দিনৰ ভিতৰত প্রথমবাৰ চপাব পৰা হোৱা হয়। আঁহ আহৰণ কৰা যন্ত্রৰ ক্ষমতা আৰু মজুত যন্ত্ৰৰ সংখ্যাৰ ওপৰত নির্ভৰ কৰি এখন চপোৱা

সূচী তৈয়াৰ কৰি ল’ব লাগে। সাধাৰণতে মাটিৰ গুৰিত কাঁচি বা চোকা কটাৰিৰে গছডাল কাটিব লাগে আৰু পথাৰতে পাতবোৰ এৰুৱাব লাগে। গছৰ আকাৰৰ ওপৰত নির্ভৰ কৰি সৰু আৰু ডাঙৰ মুঠিবোৰ বেলেগে বেলেগে বান্ধিব লাগে। ৰিহা গছৰ আঁহ এৰুওৱা কাৰ্য সাধাৰণতে ‘ডিকটিকেটিং যন্ত্র’ৰ সহায়ত কৰা হয়।

উৎস: আমাৰ অসম।

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate