অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এৰী পলু পালনৰ উন্নত পদ্ধতি

উত্তৰ পুর্বাঞ্চলত চাৰি প্রকাৰৰ ৰেচম পলু যেনে মুগা, এৰী, পাট আৰু টচৰ ব্যৱসায়িক ভাবে পালন কৰা হয় । ৰেচম পলুক সাধাৰনতে দুই ভাগত ভগোৱা হৈছেঃ (ক) পাট পলু আৰু (খ) বনৰীয়া/বন্য পলু (মুগা, এৰী, টচৰ, ইত্যাদি) । অসমত পাট পলুৰ উপৰিও মুগা তথা এৰী পলু পালন কৰা হয়। এৰী ৰেচমৰ কিছুমান বিশেষ বৈশিষ্ট্যৰ বাবে ইয়াৰ উৎপাদন প্রতি বছৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

  • বন্য ৰেচমৰ ভিতৰত এৰী একমাত্র  ঘৰচীয়া পলু ।
  • বছৰৰ প্রায় প্র্তেক মাহতে ইয়াক পালন কৰিব পাৰি যদিও মার্চ-এপ্রিল আৰু চেপ্তেমৰ-আগষ্ট মাহ অতি উত্তম সময়।
  • অন্য ৰেচমৰ তুলনাত ই অধিক কষ্টসহিষ্ণু তথা ৰোগ সহনশীল।পলু পালন পদ্ধতিও যথেষ্ট সহজ।
  • এৰী ৰেচম পালনৰ প্ৰায়বোৰ কাম মহিলাসকলে কৰে সেয়ে নাৰী সবলীকৰনৰ তথা আৰ্থ-সামাজিক উন্নতিৰ ই এক উত্তম পন্থা ।
  • এৰী সূতা কটাৰ বাবে লেটা মৰাৰ প্রয়োজন নহয় বাবে ইয়াক “অহিংসা ৰেচম” হিচাবে জনাজাত।
  • এৰী লেটা উৎকৃষ্ট প্রটিন খাদ্য – জনজাতি লোকৰ মাজত ই যথেষ্ট পছন্দৰ খাদ্য।
  • উন্নত পদ্ধতিৰে ১০০ জনী চকৰী পালন কৰি এৰী খোলা আৰু লেটাৰ পৰা ২৫-৩৫ দিনত প্রায় ১৫০০০ টকা উর্পাজন কৰিব পাৰি।
ৰী পলু পালনঃ

 

 


 

 

 

 

এৰী পলু পালনক দুটা ভাগত ভগোৱা হৈছেঃ (ক) চালুকীয়া পলু পালন- ১ম স্তৰৰ পৰা ৩য় স্তৰলৈ আৰু (খ) শেহতীয়া পলু পালন-৪ৰ্থস্তৰৰ পৰা ৫ম স্তৰলৈ।

জাতঃ বৰদোৱাৰ, তিতাবৰ, কোকৰাঝাৰ, ইত্যাদি। ছি-২ নামৰ অধিক উৎপাদনক্ষম উন্নত জাত উদ্ধাৱন কৰা হৈছে আৰু ই এৰী পালকৰ মাজত ইতিমধ্যে সমাদৰ লাভ কৰিছে।

খাদ্য বৃক্ষঃ এৰাপাত উৎকৃষ্ট খাদ্য যদিও বহুৰ্ৱশী বৰপাত,বৰকেছেৰু আৰু কেছেৰু গছবোৰ এৰী পালকৰ বাবে অধিক লাভজনক।

চালুকীয়া পলু পালন

 

 


  • পলু পালনৰ এক সপ্তাহ আগতেই পলু পালন গৃহ আৰু আচবাব ৫ শতাংশ ব্লিচিং পাউদাৰৰ দ্রৱনেৰে পৰিশোধন কৰিব লাগে।চালুকীয়া পলুক বিশেষ যত্ন লব লাগে।
  • কনীৰ পৰা পলু জগাৰ লগে লগেই ৰসাল কুমলীয়া ৰঙচুৱা এৰা পাত যোগান ধৰিব লাগে।
  • কুমলীয়া পাতত পলুবোৰ সম্পুৰ্ণভাবে উঠাৰ পিছত ডলাত স্থানাৰিত কৰিব লাগে।
  • প্রথম, দ্বিতীয় আৰু তৃতীয় দিনৰ জগা পলু তিনিখন ভিন্ন ডলাত ৰাখি পুহিব লাগে।
  • চালুকীয়া পলুবোৰ হাতেৰে স্পর্শ কৰিব নেলাগে। চাফা কৰাৰ সময়ত সদায় চেপেনা ব্যৱহাৰ কৰিব লাগে।
  • ডলাত পেৰাফিন পলিকোটেট কাগজ পাৰি দিব লাগে।
  • পলু পোহা ডলা অন্য এটা ডলাৰে ধাকি দিব লাগে যাতে নিগনি, জেঠি আৰু অন্যান্য অনিষ্টকাৰী পোকে পলুৰ ক্ষতি কৰিব নোৱাৰে।
  • ডলাৰ চাৰিওফালে পানীত তিওঁৱা ফ’ম ব্যৱহাৰ কৰিব লাগে যাতে কুমলীয়া পাত সহজে শুকাই নেযায়।
  • পলুৱে ছাল কটাৰ সময়ত পাত দিব নেলাগে। ৯০শতাংশ পলুৱে ছাল কটাৰ পিছতহে পাত খাব দিব লাগে।
  • পলু পোহা ঘৰ ঠাণ্ডা আৰু শুকান পৰিবেশৰ হব লাগে, তাৰোপৰি উপযুক্ত দুৱাৰ খিৰিকি থকা, বতাহ চলাচল কৰিব পৰা আৰু স্বাস্থ্য সন্মত হোৱা উচিত।
শেহতীয়া এৰী পলু পালনঃ
    • শেহতীয়া এৰী পলু পৰম্পৰাগত ভাৱে বিভিন্ন পদ্ধতিৰে পালন কৰা যেনেঃ
    • (ক) পাতৰ মুঠা বান
    • (খ) প্লাষ্টিক ট্ৰে বা ডলাত পালন
  • উপৰোক্ত দুয়োটা পদ্ধতিতে অধিক ঠাই, শ্রমিক প্রয়োজন হোৱাৰ উপৰিও খৰচ বেচি হয়। এই অসুবিধাৰ প্রতি লক্ষ্য ৰাখি কম খৰচীয়া বাঁহেৰে নিৰ্মিত তিনি খলপীয়া যতন উদ্ভাৱন কৰা হৈছে।
বাঁহেৰে নিৰ্মিত তিনি খলপীয়া পলু পোহা যতনঃ

 

 

 

 

 


  • কম ঠাইতে অধিক পলু পোহিব পাৰি- এই যতন ব্যৱহাৰ কৰি পৰম্পৰাগত বাবে ব্যৱহাৰ কৰা ডলা বা মুঠা বান্ধি পলু পোহাতকৈ ২-৩ গুণ বেছি পলু পুহিব পাৰি।
  • পৰিস্কাৰ কৰোতে কম সময়ৰ প্রয়োজন হয়।
  • ৪ৰ্থ আৰু ৫ম স্তৰৰ পলু পোহিবৰ বাবে এই পদ্ধতি উপযোগী।
  • এই যতন দুই মিতাৰ দীঘল আৰু এক মিতাৰ বহল বাঁহৰ জালিৰে তিনি খলপীয়াকৈ নির্মাণ কৰা হয়।
  • জালিৰ ফুটাবোৰ লাদ পাৰ হ’ব পৰাকৈ এক বর্গ চেন্টি্মিটাৰ জোখৰ  কৰিব লাগে।
  • প্রতিখন জালিৰ তলত লাদ সংগ্রহ কৰিবলৈ বস্তা বান্ধি দিব লাগে।
  • বাঁহেৰে নির্মিত ২.২ মিঃ(দীঘ) X ০.৭৫ মিঃ(প্রস্থ) X ১.৬০ মিঃ(ওখ)জোখৰ তিনি খলপীয়া যতনত ২৫-৩০ জনী চকৰীৰ পলু পালন কৰিব পাৰি।
লিখক: ছিদ্দিক আলী আহমেদ, বিজ্ঞানী

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate