অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এৰী পলু পালন পদ্ধতি

বহু চক্ৰী এড়ি পলুৱে প্ৰতি বছৰতে ৫-৬ টা জীৱনচক্ৰ সম্পূৰ্ণ কৰে ৷ ঘৰৰ ভিতৰতে এড়ি পলু পালন কৰা হয় ৷ পাতৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বছৰ জুৰি এড়ি পলু পালন কৰিব পাৰি ৷

লু পোহা ঘৰ আৰু আহিলাসমুহ

  1. পলু পুহিবৰ বাবে বেলেগে ঘৰ বা কোঠা থাকিলে ভাল হয় ৷
  2. ঘৰ বা কোঠাটো সম্পূৰ্ণভাৱে মহ, ডাঁহ সোমাব নোৱাৰা আৰু বায়ু চলাচল কৰি থকা হ’ব লাগে ৷
  3. দুটা পদ্ধতিৰে পলুক পাত খুৱাব পাৰি যেনে – ডলা বা ট্টেত (পাত পলুক খুউৱাৰ দৰে) বা ডালেৰে সৈতে ৷
  4. পকা পলুক বাঁহ বান্ধিবলৈ (Spining) শুকান ডাল পাত বা চন্দ্ৰকী আদিত দিয়া হয় ৷
  5. লেটাবোৰ স্পিনিং কৰিব পাৰি, সূতা কাটিব নোৱাৰি ৷

এড়ি পালনত বিনিয়োগ খুউব কম সেইদৰে উৎপাদিত সামগ্ৰীৰ দামো যথেষ্ট কম ৷ সেয়েহে পলু পালকে ইয়াক গৌণ ব্যৱসায় হিচাপেহে কৰে ৷ কিন্তু বৈজ্ঞানিক পদ্ধতিৰে উন্নত ভাৱে এড়ি পালন কৰিলে উৎপাদন বৃদ্ধিৰ লগতে উৎপাদিত সামগ্ৰীৰ মানো যথেষ্ট উন্নত হয় ৷

পলু পালন কৰা ঘৰ আৰু আহিলা সমূহ বীজাণু মুক্ত কৰা পদ্ধতি:

  • প্ৰথমেই পলু পালন কৰিবলৈ লোৱা ঘৰ বা কোঠা আৰু আহিলা সমূহ ৫% ব্লিচিং পাউদাৰেৰে ভালকৈ ধুব লাগে ৷
  • আহিলা সমুহ কোঠাটোত ৰাখি বতাহ সোমাব বা চলাচল কৰিব নোৱাৰাকৈ বন্ধ কৰি থব লাগে ৷
  • তাৰ পিছত ৫% ফৰমেলডিহাইড দ্ৰব্যৰে বাষ্পীকৰণ কৰিব লাগে ৷
  • এইদৰে ২৪ ঘন্টা সম্পূৰ্ণ বাষ্পীকৰণ কৰি ৰখাৰ পাছতে ঘৰটো বা কোঠাটো খুলি মুক্ত বায়ু চলাচল কৰিব দিব লাগে৷
  • পলু পালন কৰাৰ ৩ দিন আগতে আৰু শেষ হোৱাৰ ঠিক পাছতেই ঘৰৰ আহিলা সমূহ শোধন কৰাটো উচিত ৷

পলুৰ কণী উমনি দিয়া, পলু জগোৱা:

  • ২৪-২৬ ছে: উষ্ণতা আৰু ৯৮-৯০% আৰ্দ্ৰতাত কণীৰ উমনি দিয়া হয় ৷
  • কণী পৰাৰ পৰা ৮-১০ দিনৰ ভিতৰতেই কণী ফুটি পলু জগে ৷
  • পলু জগাৰ সময় হৈছে পুৱা ৭ বজাৰ পৰা ৯ বজালৈ ৷
  • পলু জগিবৰ দিনা কণীবোৰ এখন ডলা বা ট্টেত মুকলিকৈ ৰাখিব লাগে ৷
  • এড়া গছৰ কোমল আগপাত কেইটামান সদ্য জগা পলুৰ ওপৰত ৰাখিব লাগে ৷
  • জগা পলুবোৰ কোমল পাতলৈ উঠা সম্পূৰ্ণ হ’লে নতুনকৈ সজীৱ পাত ৰখা ট্টে বা ডলালৈ স্থানান্তৰ কৰিব লাগে ৷
  • সাধাৰণতে ছালুকীয়া অৱস্থাত ট্টেত বা ডলাত তৃতীয় অৱস্থালৈকো পালন কৰি চতুৰ্থ আৰু পঞ্চম অৱস্থাত পাতৰ থোপা বান্ধি ডাঁৰত আঁৰি দিয়া হয় ৷
  • ট্টে বা ডলাতো সম্পূৰ্ণ পঞ্চম অৱস্থালৈকো পালন কৰিব পাৰি ৷

পলুক খাদ্য যোগান, পৰিস্কাৰকৰণ:

  • প্ৰথম অৱস্থাত পলুক দিনে ৫ বাৰকৈ খাদ্যৰ যোগান ধৰা হয় ৷ ক্ৰমে পুৱা ৬ বজা, ১০ বজা, ২ বজা, সন্ধিয়া ৬ বজা আৰু ৰাতি ১০ বজাত ৷
  • চতুৰ্থ আৰু পঞ্চম অৱস্থাত দিনে ৪ বাৰকৈ পাতৰ যোগান ধৰা হয় ৷ ক্ৰমে ৬ বজা, ১১ বজা, ৫ বজা আৰু ১০ বজাত ৷
  • ট্টে বা ডলাবোৰ প্ৰথম অৱস্থাত (1st instar) এবাৰেই চাফা কৰা হয় (প্ৰথম মোট সলোৱা বা ছালকটা আৰম্ভ কৰাৰ আগে আগে) ৷
  • দ্বিতীয় অৱস্থাত দুবাৰ চাফা কৰা হয় (প্ৰথম ছাল কটাৰ পিছত আৰু দ্বিতীয়বাৰ ঠিক মোট সলোৱাৰ আগে আগে)৷
  • শেষ অৱস্থাত প্ৰত্যেক দিনেই ডলাবোৰ চাফা কৰিব লাগে ৷

মোট সলাওঁতে ল’ব লগা যত্ন

  • সম্পূৰ্ণ পলু অৱস্থাত পলুৱে ৪ বাৰ মোট সলায় বা ছাল কাটে ৷
  • ছাল কটা অৱস্থাত পলুৱে খাদ্য গ্ৰহণ নকৰে আৰু এক বিশেষ ভংগীমাত মূৰটো আৰু দেহৰ আগভাগ ওপৰলৈ থিয়কৈ ৰাখি একেৰাহে ৰৈ থাকে ৷ এইটোৱেই হৈছে মোট সলোৱাৰ প্ৰথম জাননী ৷
  • বতৰ বিশেষে অথবা পলুৰ অৱস্থা (Inster wise) বিশেষে ২৪-২৮ ঘন্টাৰ ভিতৰত পলুৱে মোট সলোৱা সম্পূৰ্ণ কৰে৷
  • ছাল কটা অৱস্থাত পলু পালন কৰা ঘৰটোত ভালদৰে বায়ু চলাচল কৰিব দিব লাগে আৰু ডলা বা ট্টে আপেক্ষিকভাৱে শুকান কৰি ৰাখিব লাগে ৷
  • যেতিয়া প্ৰায় ৯৫% পলুৱে ছালকটা সম্পূৰ্ণ কৰে ৷ তেতিয়াহে পলুক পুনৰ খাদ্যৰ যোগান ধৰিব লাগে ৷

বাহ বা লাট সজা আৰু লাট সংগ্ৰহ

  • পুৱা ভাগতেই পলু পকা আৰম্ভ হয় ৷
  • পকা পলুবোৰ ধৰি ককোনেজ বা বাহ সাজিবৰ উপযোগী শুকান ডাল পাতত ৰখা হয় যাতে বাহ বান্ধিব পাৰে ৷
  • বাহৰ চন্দ্ৰকী লেটা সাজিবৰ বাবে উপযোগী ৷
  • বাহ সজাৰ সময়তো ভালদৰে বায়ু চলাচল কৰিবলৈ দিব লাগে ৷
  • বাহ বান্ধিবলৈ এড়ি পলুক জাৰ কালি ৫ দিন আৰু জহ কালি ৩ দিন সময় লাগে ৷
  • পঞ্চম দিনাৰ পৰা অষ্টম দিনৰ ভিতৰত জালি ভাঙিব পৰা হয় ৷

 

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate