অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুগা পলু পালনৰ উন্নত পদ্ধতি-

বহুচক্ৰী বাবে মুগা পলুৱে বছৰত 5-6 বাৰ জীৱন চক্ৰ সম্পন্ন কৰে।অনুকুল বতৰত পালন কৰা জেঠুৱা(বহাগ/জেঠমাহ)আৰু কাতিয়া(আহিন/কাতিমাহহ্মুগা বাহৰ পৰা উৎপাদিত লাট মূলত: বাণিজ্যিক লাট হিচাবে সূতা উৎপাদনৰ বাবে ব্যৱহ্ৰত হয়।সচৰাচৰ সচুঁৱা মুগা বাহ পালনৰ সময়চোৱাত প্ৰতিকুল বতৰৰ বাবে মুগা পলু পালনত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লগা হয়।প্ৰণালীবদ্ধ ভাৱে তলত উল্লেখ কৰা পদ্ধতিৰে মুগা পলু পালন কৰিলে অধিক উৎপাদন কৰিব পৰা যায়।

চোমনি নিৰ্বাচন:

 

  • ওখ ৰ’দ পৰা ঠাইত প্ৰণালীবদ্ধ ভাৱে 3মি.*3মি. ব্যৱধানত ৰোপণ কৰা চোমনি মুগা পালনৰ বাবে উপযুক্ত।
  • চোমনি ডৰাৰ ¼ অংশ গছ গ্ৰীষ্ম কালত 3 মাহৰ আগতে আৰু শীত কালত 4 মাহৰ আগতে চালুকীয়া পলু(1ম-3স্তৰ)পালনৰ বাবে কলম দিয়ক আৰু ৰৈ যোৱা পাতসমূহ ছিঙি সাৰ-জাৱৰ প্ৰয়োগ কৰক।
  • অৱশিষ্ট ¾ অংশ গ্ৰীষ্মকালত 4 মাহৰ আগতে আৰু শীত কালত 5 মাহৰ আগতে পূৰঠ পলু(4ৰ্থ-5ম স্তৰ)পালনৰ বাবে কলম দিয়ক আৰু ৰৈ যোৱা পাত সমূহ ছিঙি সাৰ-জাৱৰ প্ৰয়োগ কৰক।

 

বাহ

কলম কৰাৰ সময়

কুমলীয়া পলুৰ বাবে

শেহতীয়া পলুৰ বাবে

এহেৰুৱা(জুলাই-আগষ্ট)

ফাগুনৰ 3য় সপ্তাহ

মাঘৰ 3সয় সপ্তাহ

ভদীয়া(আগষ্ট-চেপ্তেম্বৰ)

চ’তৰ 3য় সপ্তাহ

ফাগুনৰ 3য় সপ্তাহ

কতীয়া(অক্টোবৰ-নৱেম্বৰ)

আহাৰৰ 3য়/8ৰ্থ সপ্তাহ

জেঠৰ 3য়/4ৰ্থ সপ্তাহ

জাৰুৱা(ডিচেম্বৰ-জানুৱাৰী)

ভাদৰ 3য় সপ্তাহ

শাওনৰ 3য় সপ্তাহ

চতুৱা(ফেব্ৰুৱাৰী-মাৰ্চ)

আহিনৰ 3য়/4ৰ্থ সপ্তাহ

ভাদৰ 3য়/4ৰ্থ সপ্তাহ

জেঠুৱা(এপ্ৰিল-মে)

আঘোণৰ 3য় সপ্তাহ

কাতিৰ 3য় সপ্তাহ

  • পলু লগোৱাৰ 9-10 দিনৰ আগতে শুকান ডাল পাত,পোক-পৰুৱাৰ বাহ,মকৰাৰ জাল,বৰল আদিৰ বাহ গুচাই পৰিষ্কাৰ কৰক।তাৰ পাচত গছৰ তলত বন-জঙ্গল আদি নিৰাই দিয়ক।
  • পলু লগোৱাৰ 3-4 দিন আগতে চোমনি ডৰাত ব্লিচিং পাউদাৰ আৰু চূণৰ গুডি ছটিয়াই দিয়ক।
  • পলু লগোৱাৰ আগতে পৰিশোধিত নাইলন আঠুৱাৰ ব্যৱস্থা কৰিব।

কণী উমনি দিয়া:

 

  • নিৰোগী সঁচৰ কণীবোৰ 26+/-1 ডিগ্ৰী চে. উষ্ণতা আৰু 85% আদ্ৰতাত উমনি দিয়া
  • যন্ত্ৰ(B.O.D.Incu-bator)ত সমভাবে জগিবলৈ উমনি দিয়ক।
  • পলুপালন:

 

  • সদ্যজাত পলুবোৰ পুৱা 5ৰ পৰা 9ৰ বজাৰ ভিতৰত কণীৰ বাকচ/কাগজৰ ঠোঙাৰ সৈতে চালুকীয়া পলু পালনৰ বাব নিৰ্বাচন কৰি থোৱা গছত পোনপতীয়া সূৰ্য্যৰ পোহৰ নপৰা ফালে লগাব লাগে।
  • প্ৰথম তিনিদিনত জগা পলুহে পালন কৰিব লাগে।
  • প্ৰতিকুল বতৰৰ পৰা হাত সাৰিবলৈ সঁচুৱা বাহৰ চালুকীয়া পলু(ভদীয়া,জাৰুৱা বাঁহ)ঘৰৰ ভিতৰত পালন কৰাৰ ব্যৱস্থা কৰক(পানী ভৰ্ত্তি কলহত চোম/সোৱালু গছৰ ডাল গুজি চালুকীয়া পলু পাতত দিয়ক)।
  • শেষ স্তৰৰ পলু(8ৰ্থ-5ম)আগতে পূৰঠ পলুৰ বাবে নিৰ্বাচন কৰি থোৱা গছত লগাওক।
  • গুৰিৰ পৰা 3-4 ফুট উৰ্দ্ধত কলপাত বা পলিথিন কাগজ গছৰ চাৰিওফালে মেৰিয়াই দিয়ক,যাতে পৰুৱা অহা যোৱা বন্ধ হয় আৰু পলুবোৰ গছৰ তললৈ নামি আহিন নোৱাৰে।
  • পলুবাহৰ ৰক্ষনাবেক্ষণ:

 

  • গছজোপাত পাতৰ পৰিমাণ অনুপাতে গছত পলু লগাব।
  • এজনী চকৰীৰ কণীৰ বাবে সাধাৰণতে 10 কি.গ্ৰা. পাতৰ প্ৰয়োজন।
  • পলুবোৰ সঘনাই চুব বা স্থানান্তৰ কৰিব নালাগে।
  • মোট সলোৱাৰ সময়ত কেতিয়াও পলুক স্থানান্তৰ কৰি আমনি দিব নালাগে।
  • পৰিশোধিত চালনীহে পলু স্থানান্তৰৰ বাবে ব্যৱহাৰ কৰিব।
  • অনিয়মীয়া ছালকটা আৰু ৰুগীয়া পলুবোৰ বাঁহৰ চেপেনাৰে তুলি নষ্ট কৰি পেলাব লাগে।
  • পলু স্থানান্তৰৰ সময়ত ব্লিচিং পাউদাৰ আৰু চূণ গুৰিৰ মিশ্ৰণ পাতলীকৈ পলুৰ ওপৰত ছটিয়াই দিয়ক।

পকা পলু সংগ্ৰহ:

 

  • পকা পলুবোৰ সাধাৰনতে গধুলি গছৰ পৰা নামে।পকা পলুবোৰ আলফুলকৈ ধৰি স্ংগ্ৰহ কৰিব।

খোলা বন্ধা:

  • স্ংগ্ৰহ কৰা পকা পলুবোৰ পৰিশোধিত খোলাবন্ধা বাকচ অথবা জালিত নিৰ্দ্ধাৰিত হিচাবতহে দিব লাগে।অধিক পলু দিলে উন্নত মানৰ খোলা উৎপাদন নহয় অথবা দুটীয়া খোলা বান্ধে।
  • উজী মাখিয়ে বিন্ধা পকা পলুবোৰ বেলেগ বাকচ বা জালিত দিব।
  • খোলা বন্ধা বাকচ বা জালিবোৰ মুক্ত বায়ু চলাচল কৰা,ৰ’দ নপৰা,এন্দুৰ নথকা ঠাইত ৰাখিব লাগে।
  • খোলা সংগ্ৰহ:

  • উন্নত খোলাবন্ধা বাকচ অথবা জালিত সাধাৰণতে পকা পলুৱে 5-10 দিনৰ ভিতৰত পূৰ্ণাঙ্গ অৱস্থা পায়।
  • খোলা সমূহ গ্ৰীষ্ম কালত 7 দিনৰ পাচত আৰু শীত কালত 10 দিনৰ পাচত সংগ্ৰহ কৰিব লাগে।
  • উজী মাখিয়ে বিন্ধা পলুৰ খোলাসমূহ 4-6 দিনৰ পিচতেই সংগ্ৰহ,কৰি লেটাসমূহ নিধন কৰিব লাগে।
  • পলুপালনৰ পাচত ল’ব লগা ব্যৱস্থা:

 

  • পলু পালনৰ পাচত গছবোৰ পাতলীয়া কলম দি গছত পচনসাৰ/ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব।
  • চোমনি ডৰা পৰিষ্কাৰ কৰি অলাগতিয়াল বস্তুবোৰ গোটাই জ্বলাই পেলাব।
  • চোমনি ডৰাত ব্লিচিং পাউদাৰ আৰু চূণৰ মিশ্ৰণ ছটিয়াই দিব।

মুগা পলুৰ অনিষ্টকাৰী কীট পতঙ্গ আৰু বেমাৰ:

প্ৰতিটো স্তৰতে পোক-পৰুৱা আৰু বেমাৰৰ দ্বাৰা মুগা পলু আক্ৰান্ত হয়।উজি মাখি আৰু কুন-কুনী মাখি পলুৰ পৰজীৱী।আনহাতে,বৰল,মকৰা আৰু পৰুৱা মুগা পলুৰ প্ৰধান শত্ৰু।

উজি মাখি:

 

বছৰৰ প্ৰতিটো মাহতে উজি মাখিয়ে পলুক কম বেছি পৰিমাণে আক্ৰমণ কৰে যদিও ইয়াৰ আক্ৰমণ ডিচেম্বৰ মাহৰ মাৰ্চ মাহৰ ভিতৰত অত্যাধিক হয়।এই মাখিয়ে সাধাৰণতে 3য়-5ম স্তৰৰ পলুৰ ওপৰত কণী পাৰে আৰু কণীবোৰ ফুটি মুগা পলুৰ গাৰ ভিতৰলৈ সোমাই গৈ পলুৰ কলাবোৰ খায় আৰু পূৰঠ হ’লে গাৰ পৰা ওলাই আহি মাখিৰ পলুবোৰে মাটিত লেটা বান্ধে।

প্ৰতিকাৰ:


পৰিশোধিত নাইলন আঠুৱাৰ ভিতৰত মুগা পালন কৰিলে 80-90 শতাংশ উজি মাখিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

  • পলুৰ ওপৰত মাখিৰ কণী দেখা মাত্ৰকে পাতল বাঁহৰ কাঠিৰে এৰুৱাই নষ্ট কৰি পেলাব।
  • চোমনি ডৰা চাফ-চিকুনকৈ ৰাখি ব্লিচিং পাউদাৰ ছটিয়ালে কিছু পৰিত্ৰাণ পোৱা যায়।
  • আক্ৰান্ত পলুবোৰ বেলেগ জালিত বাঁহ বান্ধিবলৈ দিব লাগে আৰু পঞ্চম দিনৰ পাচত জালিৰ পৰা সংগ্ৰহ কৰি ৰ’দত দি মাৰি পেলাব।
  • উজি মাখিৰ লেটাবোৰ সংগ্ৰহ কৰি মাৰি পেলাব।
  • অতিমাত্ৰা আক্ৰান্ত পলুবোৰ সংগ্ৰ্হ কৰি পুৰি পেলাব।
  • কুনকুনী মাখি:

    খৰ পলুবোৰ মুগা পলুৰ গাৰ ভিতৰতে পুৰঠ হয় আৰু পাচত মুগা পলুৰ দেহৰ ভিতৰৰ পৰা ওলাই আহি গাৰ ওপৰত থোপাথুপিকৈ সৰু সৰু খোলা বান্ধে।

প্ৰতিকাৰ:

 

  • চোমনি ডৰা চাফ-চিকুনকৈ ৰাখি ব্লিচিং পাউদাৰ ছটিয়াই দিলে কিছু পৰিমাণে কুনকুনী মাখিৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়।নাইলন আঠুৱাৰ ভিতৰ্ত মুগা পালন কৰিলেও কিছু সকাহ পোৱা যায়।
  •  

    • আক্ৰান্ত পলুবোৰ স্ংগ্ৰহ কৰি পুৰি পেলাব।
    • গান্ধীপোক:

     

    গান্ধীপোকে সৰু সৰু পলুবোৰৰ গাত বিন্ধি ৰস শুহি খয়,ফলত পলুবোৰ দুৰ্বল হৈ মৰি যায়।গান্ধীপোক দেখাৰ লগে লগে মাৰি পেলাব লাগে।

    গাগিনী পোক:

     

    এইবিধ পোকে সৰু সৰু পলুবোৰ ধৰি খাই পেলায়।গাগিনী পোক পলু বাহত দেখা মাত্ৰকে ধৰি মাৰি পেলাব।আঠুৱাৰ ভিতৰত মুগা পালন কৰিলে ইহঁতৰ পৰা ৰক্ষা পাব পাৰি।

     

    অনিষ্টকাৰী চৰাই চিৰিকতি:

     

    কাউৰী,চিলনী,ঘনচিৰিকা,বুলবুলি,বাদুলি আদিয়ে সৰু ডাঙৰ মুগা পলুবোৰ ধৰি খায়।ইহঁতক ধনু-বাটলু গুটিৰে খেদি পঠাব লাগে।সেয়ে পলুবোৰ দিনে ৰাতিয়ে পহৰা দিয়া দৰকাৰ।নাইপিয়া,সাপ,বান্দৰ আদিয়েও পলুৰ অনিষ্ট কৰে।এইবোৰক দেখা মাত্ৰকে খেদি পঠাব লাগে।

     

    মুগা পলুৰ বেমাৰ:

     

    মুগা পলু বিভিন্ন বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়।ইয়াৰ ভিতৰত পেব্ৰিন(Pebrine)বা ফুটুকা বেমাৰ,নচেমা জাতৰ এককোডী জীবাণুৰ দ্বাৰা,ফ্লেচাৰি(Flacherie)বা মুখলগা বেমাৰ বেক্টেৰিয়াৰ দ্বাৰা,গ্ৰেচাৰি(Grasserie)বা ফুলাবেমাৰ ভাইৰাচৰ দ্বাৰা আৰু মাচকাৰডাইন(Muscardine)ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হয়।

     

    পেব্ৰিন(Pebrine)বা ফুটুকা বেমাৰ:

     

    এই বেমাৰে গোটেই মুগা বাঁহ নষ্ট কৰে।ফুটুকা বেমাৰ কণীৰ যোগেদি পিছৰ বাঁহলৈ সংক্ৰমিত হয়।এই বেমাৰে বছৰৰ সকলো মুগা পলুক আক্ৰান্ত কৰিব পাৰে।মুগা পলুৰ গাৰ ওপৰত ওলোৱা সৰু সৰু কলা ফুটবোৰ ইয়াৰ বাহ্যিক লক্ষণ।অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা ৰ্কৰী পৰীক্ষা কৰি কণী সমূহ নষ্ট কৰি পেলোৱাৰ বাহিৰে এই বেমাৰৰ প্ৰতিকাৰ নাই।অৱশ্যে মুগা পোহা চোমনি ডৰা চাফ-চিকুণ কৰি ৰাখিলে এই বেমাৰৰ সংক্ৰমণ কিছু কমাব পাৰি।

     

     

    উৎস: ৰেচম সঞ্চালকালয় অসম চৰকাৰ খানাপাৰা,গুৱাহাটী-781022



    © 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate