অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুগা পলুৰ পালন পদ্ধতি

মুগা পলুৰ পালন পদ্ধতি

মুগাপলু এবিধ বহুবৰ্ষিয় কীট আৰু বছৰত ইয়াক 5-6 বাৰ মানলৈকে পালিব পাৰি! ইয়াৰ ভিতৰত জেঠুৱা(মে’– জুন্)আৰু কটিয়া(অক্টোবৰ – নবেম্বৰ) বাহঁ হৈছে কাটনী মুগা, জাৰুৱা (ডিচেম্বৰ – জানুৱাৰী) আৰু এহেৰুৱা(জুন – জুলাই) বাহঁ হৈছে প্ৰাথমিক সচঁ, চতুৱা (ফেব্ৰুৱাৰী – মাৰ্চ্) আৰু ভদিয়া (আগস্ট্- ছেপ্টেম্বৰ্) বাহঁ হৈছে সচোঁৱা মুগা! প্ৰাথমিক সচঁ আৰু সচোঁৱা মুগা পালনৰ সময়ত বতৰ সাধাৰনতে প্ৰতিকুল হোৱাৰ বাবে, চৰাই চিৰিকটী আৰু নানান বেমাৰ আজাৰৰ উপদ্ৰবৰ হেতু উদ্পাদন সন্তুষজনক নহয়!

পালনৰ নিয়মাৱলী

  • চোমনীখনৰ 15-20 শতাংশ গছ চাৰি মাহৰ আগত চালুকীয়া পলু পোহাৰ বাবে আৰু পাচঁ মাহ মানৰ আগত সেহঁতিয়া পলু পোহাৰ বাবে ছয় ফুট মান উচ্চতাত কলম কৰাৰ দৰকাৰ
  • মুগাৰ বাহঁগছ কলম কৰাৰ সময় চালুকীয়া পলুৰ বাবেসেহঁতিয়া পলুৰ বাবে এহেৰুৱা(জুন – জুলাই) ফেব্ৰুৱাৰীৰ 4থ সপ্তাহ/মাৰ্চৰ 1 ম সপ্তাহ ফেব্ৰুৱাৰীৰ 1 ম সপ্তাহ ভদিয়া (আগস্ট্- ছেপ্টেম্বৰ্) মাৰ্চৰ 4থ সপ্তাহ/এপ্ৰিলৰ
  • 1 ম সপ্তাহ

    মাৰ্চৰ 1 ম সপ্তাহ কটিয়া(অক্টোবৰ – নবেম্বৰ) মে’ৰ 4থ সপ্তাহ এপ্ৰিলৰ 2 য় সপ্তাহ জাৰুৱা (ডিচেম্বৰ – জানুৱাৰী) আগষ্টৰ 2 য় সপ্তাহ জুলাইৰ 2 য় সপ্তাহ চতুৱা (ফেব্ৰুৱাৰী – মাৰ্চ্) চেপ্টেম্বৰৰ 1 ম বা 2 য় সপ্তাহ আগষ্টৰ 1 ম বা 2 য় সপ্তাহ জেঠুৱা(মে’– জুন্) জানুৱাৰীৰ 1 ম সপ্তাহ নবেম্বৰৰ 1 ম সপ্তাহ

    • কলম কৰাৰ পাচত প্ৰতিজোপা গছত 30 কেজি শুকান গোবৰ আৰু 44:62:17 গ্ৰাম কৈ ৰাসায়নিক সাৰ দিয়া উচিত্!
    • পলু মেলাৰ 8-10 দিনৰ আগত চোমনী খনত প্ৰতি বৰ্গ মিটাৰত 200 গ্ৰামকৈ 9:1 পৰিমানৰ চুকমুক্ত চুন আৰু ব্লিচিং পাউদাৰৰ মিশ্ৰন 3-4 দিনৰ ব্যৱধানত দুবাৰমান চটিয়াব লাগে !
    • পলু মেলাৰ 4 দিনৰ আগত 0.01% চডিয়াম হাইপক্লৰাইডৰ মিশ্ৰন 24 ঘন্টাৰ ব্যৱধানত পলু মেলিব লগিয়া গছবোৰৰ পাতত চটিয়াব লাগে!পাচলৈ এই মিশ্ৰন প্ৰতিস্তৰৰ পলুত দুবাৰকৈ চটিয়ালে বেক্টেৰীয়া আৰু ভাইৰেল জাতিয় বেমাৰৰ পৰা বহুপৰিমানে ৰক্ষা পাব পাৰি!
    • অনুবীক্ষন যন্ত্ৰৰ দ্বাৰা পৰিক্ষা কৰা মুগা বীজহে পালনৰ কাৰনে লোৱা উচিত্, আৰু বীজ  খিনি 260C উষ্নতা আৰু 85% আদ্ৰতাত সংৰক্ষন কৰি কনী ফুটালৈকে অপেক্ষা কৰা উচিত্!
    • চালুকীয়া পলুৰ ৰক্ষনা বেক্ষনৰ বাবে নেট ব্যৱহাৰ কৰা উচিত্!
    • গছত নেট লগাওতে নেট আৰু গছৰ পাতৰ মাজত যথেষ্ট ব্যৱধান ৰখাৰ দৰকাৰ যাতে সহজে বতাহ চলাচল কৰিব পাৰে !
    • নতুনকৈ ফুটা চালুকীয়া পলুবোৰ গৰম দিন হ্’লে সুৰ্য্যৰ বিপৰীতে পুৱা 5-7 বজাৰ ভিতৰত 90 দিন মান বয়ষৰ পাতত লগাব লাগে আৰু ঠান্দা দিনত সুৰ্য্যৰ ফালে মুখ কৰি প্ৰায় 120 দিন মান বয়ষৰ পাতত পু ৱা 7-8 বজাৰ ভিতৰত লগাব লাগে !
    • পলু মেলোতে সদায় গছজোপাৰ ধাৰন ক্ষমতাৰ ওপৰত লক্ষ্য ৰাখিব লাগে যাতে একেজোপা গছতে পলুখিনিয়ে 3 ছাল কাটিব পাৰে আৰু তাৰ আগত গছ বদলাব লগিয়া নহয়!
    • তিনিদিনলৈকে ফুটা পলুবোৰহে পালনৰ বাবে লোৱা উচিত্, অন্যথা বেমাৰৰ আক্ৰান্ত হোৱাৰ সম্ভাবনা থাকে !
    • এজোপা গছত 2-3 টা খৰিকাহে লগোৱা উচিত্, অৱশ্যে ই পাতৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰে!পলু সদায় চকুৰে দেখা দূৰত্তত মেলিব লাগে !
    • প্ৰতিকুল বতৰৰ বেলিকা 2-3 দিনৰ কাৰনে ঘৰৰ ভিতৰতে পানিৰ বটলত গছৰ থানী বতাহ সোমাব নোৱাৰাকৈ গুজি চালুকীয়া পলুবোৰ লোকচান নোহোৱাকৈ ৰাখিব পাৰি !
    • পলু মেলাৰ পাচত গছজোপাত মাটিৰ পৰা 2 ফুটমান ওপৰত কলপতোৱা অথবা কল পাত নাইবা খেৰৰ ৰছি তৈয়াৰ কৰি বান্ধ দিব লাগে যাতে পলুবোৰ তললৈ নামিব নোৱাৰে !
    • পলুখিনিত সঘনাই হাতঁ লগাই থাকিব নেলাগে !
    • পলুৰ গছ বদলোৱাৰ কাৰনে পৰিশোধিত চালনীহে ব্যৱহাৰ কৰা উচিত !
    • গছ বদলোৱাৰ সময়ত সমভাবে ডাঙৰ হোৱা পলুবোৰকহে অগ্ৰাধীকাৰ দিয়া উচিত !
    • চালনীত অথবা নতুন গছজোপাত ক্ষমতাতকৈ অধীক পলু কেতিয়াও লব বা দিব নেলাগে!
    • পলু পকাৰ পাচত পলুবোৰক বাহেঁৰে নিৰ্মিত লেটাবাকচত লেটা বান্ধিবলৈ দিব লাগে !
    • লেটা বান্ধিবলৈ দিয়া বাকচবোৰ ক্’ম পোহৰ পোৱা, ভালদৰে বতাহ চলাচল কৰা নিৰিবিলী শান্ত পৰিবেশত ৰখাৰ ব্যৱস্থা কৰিলে ভাল !
    • লেটা বন্ধা সম্পুৰ্ন হলেহে জালি বা বাকচৰ পৰা মুগাৰ বাহঁবোৰ উলিয়াব লাগে, গৰম দিনত পলু পকাৰ 7-8 দিনৰ পাচত আৰু ঠান্দা দিনত 12-15 দিনৰ পাচত এই কাম কৰা উচিত্!
    • বাহঁবোৰ ভঙাৰ পাচত বাহঁবোৰৰ মান অনুষাৰে বাচনি কৰা উচিত্, সাধাৰনতে বাহঁ বোৰক ভাল বাহঁ, পাতল বাহঁ, মাখীয়ে বিন্ধা বাহঁ আৰু গেলা বাহঁ আদি চাৰিটা ভাগত ভগোৱা হয়!
    • মুগাৰ ভাল বাহঁবোৰৰ কিছু সংখ্যক সচঁ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু বাকীবোৰ সুতা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়!
    সংগ্ৰাহক: শ্ৰী দুলাল গোস্বামী, ড্. এন. আই. সিংহ, ড্. কে. নেওগ

    শেহতীয়া উন্নীতকৰণ: : 3/12/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate