মুগা পলুৰ বিভিন্ন ৰোগ তথা অপকাৰী পোকসমূহ
ফুটুকা ৰোগ
- মুগাৰ ফুটুকা ৰোগ এবিধ মাৰাত্মক ৰোগ I
- এই ৰোগ এবিধ নজিমা এন্থেৰিয়া নামৰ প্ৰতজৱাৰ দ্ৱাৰা হয় I
- এই ৰোগ বংশানুক্ৰমে চকৰিৰ (মাইকী) দ্ৱাৰা সংক্ৰামন হয় I
- প্ৰাৰম্ভিক অৱস্থাত শতকৰা 50 ভাগ মুগা পলু তৃতীয় স্তৰতে মৰি যায় আৰু অতি কম পৰিমানৰ পলুহে বাহ বন্ধা দেখা যায় I
- যেতিৱা স্ৱাস্থ্অ্যাবান পলু এই ৰোগৰ দ্ৱাৰা সংক্ৰমন হৈ আক্ৰান্ত হয় তেতিয়া ইয়াক মাধ্অ্যামিক সংক্ৰমন বুলি কোৱা হয় I
- মাধ্অ্যামিক সংক্ৰমন 4 হলে পাতল লেটা অৰ্ৰু 5 স্তৰত হলে দেখাত ভাল কিন্তু সচৰ বাবে অনুপযুগী লেটা পোৱা যায় I
- ৰোগৰ সময়
: বছৰৰ সকলো সময়তে এই ৰোগ হয় যদিও গৰমৰ দিনত, আহাৰ আৰু ভাদ মাহত এই ৰোগ চকুত পৰে I
লক্ষণ
চালুকিঅ অৱস্থাত
- মুগা পলু বোৰ সাধাৰণ অৱ্স্থাত ৰোগাক্ৰান্ত বুলি চিনাক্ত কৰা কঠিন I
- কিন্ত অনুবীক্ষন যন্ত্ৰত পলু বোৰত ফুতুকাৰ ৰেনু বোৰৰ উমান পোৱা যায় I
পুৰথ অৱ্স্থাত:
- পলু বোৰে খাবলৈ এৰে I
- বৃদ্ধিৰ কমি যায় I
- এটা স্তৰৰ পৰা আন এটা স্তৰলৈ মোট সলোৱাৰ সময়ৰ তাৰতম্অ ঘতে I
- পলুৰ ৰং পাতল হয় I
- বেছিকৈ সংক্ৰমিত হোৱা পলুৰ ছালৰ ওপৰত জালুকৰ দৰে সৰু সৰু দাগ দেখা I
ৰোগৰ ঊৎস
কনী অৱস্থাত
- কনী পৰা চকৰীৰ পৰা I
- কনীৰ উপৰি ভাগ বীজানুৰ সংস্পৰ্শলৈ আহি I
- সচ উট্পাদন কৰা গৃহ বা আন আন সৰন্জাম বোৰৰ পৰা I
পলু অৱ্স্থাত
- ৰোগৰ বীজানু থকা বা শোধন নকৰা খৰিকা I
- বংশানুক্ৰমে পোৱা বীজানু I
- বীজানু থকা মুগা খাদ্য বৃক্ষ্ৰ পাত I
- ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I
- ৰোগৰ বীজানু থকা চোমনি I
- ৰোগৰ বীজানু থকা মুগা পোহা সজুলী সমুহ I
চকৰী অৱস্থাত
- ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচৰ লেটা I
- ৰোগীয়া চকৰী I
- ৰোগৰ দ্ৱাৰা সংক্ৰমন হোৱা সচ উট্পাদনৰ সজূলী সমুহ I
- চকৰীৰ পাখিত থকা সৰু সৰু ঘুগুলা আৰু সচ উট্পাদন কৰা গৃহৰ ধুলি মাকতি বোৰ বোৰ I
ৰোগৰ সম্প্ৰসৰন
- এই ৰোগত আক্ৰন্ত পলু বোৰৰ বিষ্ঠা, গাৰ পৰা ওলোৱা ৰস্ আৰু মুখৰ লালতিয়ে চোমনি খনৰ পাৰিপাশ্চিকতা তথা মুগা পালনৰ সজুলী বোৰ আৰু খাদ্য বৃক্ষ্ৰৰ পাত বোৰ ৰোগৰ বীজানুৰে কলুশিত কৰি তুলে I
- সাধাৰনতে বীজানু সংক্ৰমনিত পাত আৰু কনীৰ চোকোৰা পলুয়ে খোৱাৰ ফলতে ফুটুকা ৰোগ বেছিকৈ হয় I
প্ৰতিকাৰ
- বৈগ্যনিক পদ্ধ্তিৰে মাইকী চকৰী প্ৰতি জনীকে অনুবীক্ষন যন্ত্ৰৰ দ্ৱাৰা পৰীক্ষা কৰি সচ উত্পাদন কৰিব লাগে I
- শত্ঝৰা 2% হাৰত ফৰ্মেলিন ব্যৱহাৰ কৰি মুগা সচ উত্পাদন গৃহ আৰু সজুলী সমুহ ভাল্কৈ ধুবা লাগে I
- বীজানু মুক্তা সচ হে ব্যৱহাৰ কৰিব লাগে I
- কনী বোৰ শত্ঝৰা 2% হাৰত ফৰ্মেলিনৰ দ্ৱাৰা শোধন কৰিবা লাগে I
- যিমান পাৰি স্ৱাস্থ্যকৰ পৰিৱেশ বজাই ৰাখিব লাগে I
- পৰাপক্ষত, প্ৰতিজনী চকৰিয়ে পৰা কনী বেলেগে বেলেগে গছত লগাব লাগে I
- ফুটুকা দেখিলই গোটই খাৰিকাটো নষ্ট কৰি পেলাবা লাগে I
মুখ লগা ৰোগ
এই ৰোগ এই ৰোগ চিউদমনাছ ঔৰিংগিছা আৰু বেচিলাছ থুৰিংজেনএচিছ নামৰ বেক্তেৰিয়া কেইবিধে কৰে I
লক্ষণ
- এই ৰোগৰ দ্ৱাৰা আক্ৰান্ত পলু বোৰ এলেহোৱা আৰু চলনহীন হৈ পৰে I
- তেজৰ ৰং কলা হয় I
- গাৰ ৰস বোৰ বমিৰ লগত ওলাই যায় I
- লাদ বোৰ অলপ জুলীয়া আৰু শিকলিৰ আকৃতিৰ হয় I
- পলু বোৰ কোমল আৰু স্ৱচ্ছ হয় I
- কম দিনৰ ভিতৰতে পলুৰ মৃত্যু হয় I
ৰোগৰ ঊৎস
- ৰোগীয়া আৰু মৃত পলু I
- ৰোগাক্ৰান্ত পলুৰ বিষ্ঠা I
- বীজানুৰ দ্ৱাৰা সংক্ৰমনিত খাদ্য বৃক্ষৰ
পাত আৰু মুগা পালনৰ সজুলী বোৰ I
ৰোগ হোৱাৰ সময়
- বায়ু মণ্ডলৰ উষ্ণটা আৰু আদ্ৰতাৰ বঢা টুটাৰ সৈতে যেতিয়া মুগা খাদ্য বৃক্সৰ নিম্ন মান বিষিষ্ঠ পাতত মুগা পোহা হয তেতিয়াই মুখ লগা ৰোগে বিস্তাৰ লাভ কৰে I
ক্ষতিৰ পৰিমাণ
- গোটই বছৰতে মুখ লগা ৰোগ দেখা পোৱা যায় যদিও আহাৰ, ভাদ আৰু পুহ, মাঘ মাহৰ মুগ্গা বাহত এই ৰোগ বেছিকৈ দেখা যায় I
- 15% ৰ পৰা 40 % পয্যন্ত ক্ষতি হয় I
প্ৰতিকাৰ
- পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
- পলু পোহাৰ আগত আৰু পিছত চোমনি খন 2% ফৰ্মেলিন দ্ৰবনেৰে পলু পোহা সজুলী বোৰ আৰু গা গচ বোৰ বিশুদ্ধিকৰন কৰিব লাগে I
- চোমনিত 3% গুৰি চুন ছটিয়াবা লাগে I
- পলু পুহি থাকোতে প্ৰাৰম্ভিক অৱস্থাতে ৰোগীয়া পলু বোৰ চিনাক্ত কৰি নষ্ট কৰি পেলাবা লাগে I
- পলুবোৰ স্থানান্তৰৰ সময়ত সাৱধানে চুব লাগে I
- পলু পালনৰ সময়ত স্ৱাস্থ্যসন্মত ব্যৱস্থা বোৰ মানি চলিব লাগে I
- পলুক স্তৰ ভেদে উপযুক্ত পাত দিব লাগে I
মুগা পলুৰ ফুলা ৰোগ
- এই বিধ এবিধ ভাইৰাচৰ দ্ৱাৰা হোৱা ৰোগ I
লক্ষণ
- এই ৰোগত আক্ৰান্তা পলু বোৰে মুট সলাব নোৱাৰে I
- পলুবোৰে যেনি তেনি ঘুৰি ফুৰে I
- খাবলৈ এৰি দিযে I
- গাৰ যোৰা বিলাক ঠুনুকা হৈ পৰে আৰু যুৰা বিলাকৰ মাজৰ পাব অংশ ফুলি যায় I
- গাৰ আৱৰন খন টান খাই I
- গাৰ জুলীয়া অংশ বোৰ বগা জুলীয়া পুজৰ দৰে হয় I
- পলুৰ গাৰ পৰা বেয়া গোন্ধ ওলাই I
ৰোগ হোৱাৰ সময়
- বছৰৰ সকলো সময়তে হয় I
- যেতিয়া বায়ুমণ্ডলৰ তাপমাত্ৰা আৰু আদ্ৰতা বাঢে আৰু পলু পোহা গছৰ পাত বোৰো বেছি বুঢা হয় তেতিয়াই এই ৰোগ হয় I
ক্ষতিৰ পৰিমাণ
- 6-30 % মুগা পলু লোকচান হয় I
- গ্ৰীস্ম আৰু বৰ্শা ঋতুত তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগৰ দ্ৱাৰা বেছিকৈ আক্ৰান্ত হয় I
প্ৰতিকাৰ
- পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
- স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I
- চুন গুৰি আৰু ব্লিছিং পাউদাৰ চতিওৱা একান্তই প্ৰয়োযন I
লেখিকা: ড: ৰঞ্জনা দাস।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.