মুগা পলুৰ ৰোগমুক্ত বীজ উৎপাদন প্ৰণালী
মুগা পলুৰ ৰোগমুক্ত সঁচ(দি:এফ:এল)উৎপাদন প্ৰণালী-
নিৰোগী সঁচ পলু পালনৰ মূল আহিলা।কেৱল উন্নতমানৰ পলু খাদ্যবৃক্ষৰ ব্যৱস্থা থাকিলে চাহিদা অনুযায়ী নিৰোগী সঁচৰ অভাৱত সঁচুৱা নতুবা ব্যবসায়ীক লাট কোনোটোৰে পৰ্যাপ্ত উৎপাদন সম্ভৱ নহয়।সেয়েহে পলু পালনৰ বাবে ব্যৱহ্ৰত সঁচ চৰকাৰৰ দ্বাৰা স্বীকৃত সঁচ উৎপাদক বা উৎপাদন কেন্দ্ৰৰ পৰা স্ংগ্ৰ্হ কৰাটো বাঞ্চনীয়।বিজ্ঞানসন্মত ভাৱে সঁচ উৎপাদনৰ লগত জড়িত কাৰিকৰী দিশসমুহ এই পত্ৰিকাত সন্নিবিষ্ট কৰা হ’ল।
1)সঁচ উৎপাদন গৃহৰ পৰিশোধন:
- সঁচ উৎপাদনৰ 5-7 দিনৰ পূৰ্বে উৎপাদন গৃহৰ বেৰ আৰু ডাঙৰ আকাৰৰ সঁজুলিসমুহ শতকৰা 2 ভাগ শক্তিযুক্ত ফৰমেলিনৰ পানীৰে অথবা 5 ভাগ শক্তিযুক্ত ব্লিচিং পাউদাৰৰ দ্ৰৱণ প্ৰয়োগ কৰি পৰিশোধন কৰক।শোধন কালত গৃহটো বায়ু চলাচল কৰিব নোৱাৰাকৈ বন্ধ কৰি ল’ব।
- সৰু আকাৰৰ সঁজুলিসমুহ শতকৰা 5 ভাগ শক্তিযুক্ত ব্লিচিং পাউদাৰৰ পানীত জুবুৰিয়াই ৰাখক।
- শতকৰা 30 ভাগ প্ৰতি বৰ্গমিটাৰ ঠাইত ক্ল’ৰিণযুক্ত ব্লিচিং পাউদাৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
- প্ৰতি 2.5 বৰ্গমিটাৰ ঠাইত 1 লি: হাৰত 2 শতাংশ ফৰমেলিন আৰু 0.5 শতাংশ পানী দি গুৰি কৰা চূণৰ দ্ৰৱণ ছটিয়াই সঁচ উৎপাদন গৃহ বন্ধ কৰি দিয়ক।
- গৃহ পৰিশোধনৰ সময়ত মুখা,দীঘল চোলা আৰু হাত মোজা ব্যৱহাৰ কৰক।
- পৰিশোধন কেৱল ফৰকাল বতৰত কৰা উচিত।
- সেমেকা বতৰত পৰিশোধন কৰিব লগা হ’লে উৎপাদন গৃহটো,সঁচ উৎপাদন কৰা 3-4 দিনৰ আগতে শতকৰা 5 ভাগ শক্তিযুক্ত ফৰমেলিনৰ পানী উতলাই পৰিশোধন কৰিব পৰা যায়।
- সঁচ উৎপাদন গৃহত সঁচৰ লাট ৰখাৰ 3-4 দিনৰ আগতে পৰিশোধন প্ৰক্ৰিয়া শেষ কৰি দুৱাৰ খিৰিকীসমুহ খুলি বায়ু চলাচলৰ ব্যৱস্থা কৰিব।
2)সঁচৰ বাবে লাট নিৰ্বাচন আৰু সৰবৰাহ:
- সঁচ উৎপাদনৰ বাবে লাট ‘ভৰপক’ নাইবা ইয়াৰ 1-2 দিনৰ আগৰ/পিছৰ পৰা বাচি ল’ব।
- লাটসমুহ যাতে পূৰঠ আৰু ভাল আকৃতিৰ হয় তালৈ চকু ৰখা আৱশ্যক।
- লাট এঠাইৰ পৰা আন ঠাইলে সৰবৰাহ কৰাৰ সময়ত খোলাৰ ভিতৰত থকা লেটাই যাতে কষ্ট নাপায় তালৈ লক্ষ্য ৰখা বাঞ্ছনীয়।
- সৰবৰাহৰ সময়ত লাটসমুহ পোনপটীয়া সূৰ্য্যৰ পোহৰৰ পৰা আঁতৰাই ৰাখিব লাগে।
3)সঁচ উৎপাদন গৃহত লাট সংৰক্ষণ:
- খোলাসমুহ এতৰপীয়াকৈ ৰাখিব যাতে চকৰা,চকৰী ওলাবলৈ সুবিধা হয়।
- সঁচ উৎপাদন গৃহত মুকলি বায়ু চলাচলৰ ব্যৱস্থা কৰক।
- সঁচ উৎপাসনৰ সময়ত গৃহৰ ভিতৰত উষ্ণতা 26 ডিগ্ৰী-28 ডিগ্ৰী চে: আৰু আৰ্দ্ৰতা 80-85 শতাংশত নিয়ন্ত্ৰণ কৰাটো আৱশ্যক।
4)খোলাৰ পৰা চকৰা/চকৰী নিৰ্গমণ:
- চকৰা/চকৰী নিৰ্গমণ বিয়লি বেলাত হয়।
- সবল চকৰা/চকৰি বাচি লৈ 2:1 হাৰত(2 চকৰা:1 চকৰী)সজাত ৰাখি সজাবিলাক আন্ধাৰ আৰু ভালদৰে বায়ু চলাচল কৰা ঠাইত ৰাখক।
5)চকৰা আৰু চকৰী সংগম:
- চকৰা আৰু চকৰী 5-6 ঘন্টা সংগমৰত অৱস্থাত ৰাখিব লাগে।
- চকৰা/চকৰীৰ স্বাভাৱিক সংগমৰ পৰা সদায় ভাল ফল পোৱা যায়।
- 5-6 ঘন্টা সংগম কৰাৰ পিচত ৰাতিৰ ভিতৰতে চকৰীজনী পৃথক কৰি খৰিকাত কপাহী সুতাৰে কণী পাৰিবৰ বাবে বান্ধি দিব।
- চকৰীযুক্ত খৰিকাসমুহ 6-8 ইঞ্চি দূৰত্বত কণী পৰা গৃহত তাঁৰত ওলোমাই ৰাখিব।
- সঁচৰ বাবে চকৰীয়ে প্ৰথম 3 দিনত পৰা কণীহে ব্যৱহাৰ কৰিব লাগে।
6)চকৰীৰ পৰীক্ষা:
- ৰোগমুক্ত দঁচ উৎপাদনৰ বাবে প্ৰতিজনী চকৰীৰ পেট অংশ কাটি লৈ শতকৰা 2 ভাগ শক্তিযুক্ত পটাচিয়াম হাইড্ৰ’স্কাইডৰ দ্ৰ্ৱণত গুৰি কৰি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিব।
- ফুটুকাযুক্ত চকৰী ধৰা পৰিলে কণী খৰিকা আৰু চকৰী জুইত জ্বলাই নষ্ট কৰা বাঞ্ছনীয়।
7)কণীৰ পৰিশোধন আৰু কণী শুকুওৱা:
- উৎপাদন কৰা কণী সমুহ শতকৰা 2 ভাগ শক্তিযুক্ত ফৰমেলিনৰ পানীত 5 মি: সময় জুবুৰিয়াই পৰিশোধন কৰক।
- পৰিশোধিত কণীখিনি চলন্ত পানীৰ তলত ৰাখি ফৰমেলিনৰ গোন্ধ আৰ্তৰ নোহোৱালৈকে ধোৱক।
- পৰিষ্কাৰ কণীখিনি ডলাৰ ওপৰত ব্লটিং কাগজত এতৰপীয়াকৈ ৰাখি ছাঁ পৰা ঠাইত শুকাবলৈ দিয়ক।
8)কণীৰ উমনী দিয়া:
- পৰিশোধিত কণীখিনি বিন্ধাযুক্ত কাগজৰ মোনাত ৰাখক।
- কণীযুক্ত মোনাসমুহ বি: অ: দি: উমনি যন্ত্ৰত কোঠাৰ সম উষ্ণতাত ৰাখক।
- বি: অ: দি: ৰ উষ্ণতা 26 ডিগ্ৰী +/- 1 ডিগ্ৰী চে: ত নিয়ন্ত্ৰণ কৰক।
- বি: অ: দি: ৰ আৰ্দ্ৰতা 80-90 শতাংশত ৰাখিবৰ বাবে এখন বহল কাঁচৰ থালীত পটাচিয়াম ক্ল’ৰাইডৰ দ্ৰৱণত ৰাখক।
- বি: অ: দি: ৰ উষ্ণতা বেছিকৈ তাৰতম্য যাতে নহয় তালৈ লক্ষ্য ৰাখক।
- পলু জগালৈকে কণী উমনি দিয়ক।
9)নিম্ন উষ্ণতাত কণীৰ সংৰক্ষণ: (প্ৰয়োজন অনুসাৰে)
- সংৰক্ষণ কৰিব লগা কণীৰ মোনা সমুহ বি:অ:দি: উমনি যন্ত্ৰত প্ৰথমে কোঠাৰ সম উষ্ণতাত ৰাখক।
- বি:অ:দি: ৰ উষ্ণতা পৰ্য্যায়ক্ৰমে 5 চে: হাৰত নিম্নগামী কৰি 12 +/- 1 ডিগ্ৰী চে: ত নিয়ন্ত্ৰণ কৰক।
- প্ৰতিটো পৰ্য্যায়ৰ উষ্ণতাৰ ব্যবধানত কণীখিনি 12 ঘন্টাকৈ থাকিব দিব লাগে।
- কণীখিনি 12 +/- 1 ডিগ্ৰী চে: ত 9 দিনলৈকে সংৰক্ষণ কৰক।
- সংৰক্ষণৰ সময়ত উষ্ণতাৰ অত্যাধিক তাৰতম্য ৰোধ কৰক।
- সংৰক্ষণৰ দশম দিনত বি:অ:দি: ৰ উষ্ণতা 5 ডিগ্ৰী চে: হাৰত উৰ্ধগামী কৰি কোঠাৰ উষ্ণতালৈ আনি বি: অ: দিব পৰা বাহিৰলৈ আনক।
10)কণী এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ:
- কণী সৰবৰাহ কৰোতে দিনৰ ভাগত প্ৰখৰ উত্তাপ এৰাই চলা বাঞ্ছনীয়।
- কণী সৰবৰাহৰ সময়ত পলিথিনৰ মোনা ব্যবহাৰ কৰা অনুচিত।
- কণী যান-বাহনৰ ইঞ্জিনৰ ওচৰত ৰখা অনুচিত।
- 50 জনী চকৰীৰ কণী একেলগে সৰবৰাহৰ বাবে পাতল কপাহী কাপোৰৰ মোনা/কপাহী জালৰ মোনা ব্যৱহাৰ কৰক।
- প্ৰতি জনী চকৰীৰ কণী পৃথকভাবে সৰবৰাহ কৰিবৰ সময়ত সৰু কাগজৰ মোনা ব্যৱহাৰ কৰক।
11)সঁচ উৎপাদন গৃহৰ পাৰিপাৰ্শ্বিকতা আৰু পালন কৰিব লগা বিধি ব্যৱস্থা:
- মৰা আৰু নষ্ট হোৱা লাট সমুহ জ্বলাই পেলাওক।
- সঁচ উৎপাদনৰ সময়ত মুখা,হাতমোজা,ৰবৰৰ জোতা(পৰিশোধিত)আদি ব্যবহাৰ কৰক।
উৎস: ৰেচম সঞ্চালকালয় অসম চৰকাৰ খানাপাৰা,গুৱাহাটী-781022
শেহতীয়া উন্নীতকৰণ: : 3/16/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.