অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অলংকাৰিক বাঁহ(Ornamenutal Bamboo):

 

বাঁহ হৈছে তৃণগোত্ৰৰ(Poaceae) অন্তৰ্গত সবাতোতকৈ ওখ এক বহুবৰ্ষীয় উদ্ভিদ। সমগ্ৰ বিশ্বত মুঠতে ৭৫টা জাতিৰ ১২৫০ বিধ বাঁহ এতিয়ালৈকে চিনাক্তকৰণ কৰা হৈছে। মুঠ ২০টা জাতিৰ প্ৰায় ১৩৬ বিধ বাঁহ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত পোৱা যায়। ইয়াৰে ৫০ শতাংশৰো অধিক বাঁহ অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্ত্বাঞ্চলত পোৱা যায়। ১৫টা জাতিৰ প্ৰায় ৯০টা প্ৰজাতিৰ বাঁহ এই অঞ্চলত বিদ্যমান।

শোভা বৰ্দ্ধক বাঁহক অলংকাৰিক(Ornamenutal bamboo) বুলি কোৱা হয়। অলংকাৰিক শব্দৰ অৰ্থই হৈছে ‘সজাবলৈ ব্যৱহাৰ কৰা’। সকলো বাঁহেই প্ৰাকৃতিকভাৱে সুন্দৰ যদিও নিৰ্দিষ্ট কিছুমান বাঁহকহে আলংকাৰিক শ্ৰেণীৰ অৰ্ন্তভুক্ত কৰা হয়। বিশ্বত প্ৰায় ২০০ ৰো অধিক অলংকাৰিক বাঁহ পোৱা যায়। সঘনাই ফুল ফল নলগাকৈ কেৱল মাত্ৰ তৃণকাণ্ডৰ বাহ্যিক অবয়ব নাইবা বৰণ আৰু ঋতু অনুযায়ী পাতৰ বৈশিষ্ট আদিয়েই হৈছে মূলতঃ কোনো প্ৰজাতিৰ বাঁহক আলংকাৰিক কৰাৰ কাৰক।যোৰহাটৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বেম্বুচেটামত সংৰক্ষিত প্ৰায় ৫০ বিধ বিভিন্ন প্ৰজাতিৰ বাঁহৰ ভিতৰত কেৱল মাত্ৰ ৫ বিধ অলংকাৰিক বাঁহৰ বিৱৰণেৰে এই লেখাটি যুগুত কৰা হৈছে।

 

হালধীয়া বাঁহ -

হালধীয়া বাঁহৰ বৈজ্ঞানিক নাম Bambusa vulgaris var striata(vittata)। হালধীয়া তৃণকাণ্ডত পাতল আৰু ঘন সেউজীয়া ৰঙৰ দীঘল দীঘল আঁক আৰু ঠাল-ঠেঙুলীত সেউজীয়া পাতৰ সৈতে এইবিধ বাঁহ দেখাত অতি ধুনীয়া। অসমত এইবিধ বাঁহক হালধীয়া বাঁহ বুলিয়েই কোৱা হয়। চীন দেশ আৰু জাপানত প্ৰাকৃতিক ভাৱে বিদ্যমান এইবিধ বাঁহ ভাৰতৰো বিভিন্ন স্থানত পোৱা যায়। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০০০ মিটাৰ উচ্চতালৈকে পাব পৰা এইবিধ বাঁহ ১০-১৫ মিটাৰ পৰ্য্যন্ত ওখ হয়। তৃণকাণ্ডৰ ব্যাস ৫-১০ চেঃমিঃ আৰু দুটা গাঁঠিৰ মাজৰ দূৰত্ব ২০-৪৫ চেঃমিঃ হোৱা দেখা যায়।

ফুল ফুলাৰ চক্ৰ(Flowering cycle) অতি দীঘলীয়া হোৱা বাবে সাধাৰণতে মুঢ়া আৰু তৃণকাণ্ডৰ শাখাকলমৰ(Culm cutting) দ্বাৰা এইবিধ বাঁহৰ বিস্তাৰণ কৰা হয়। পৰীক্ষামূলকভাৱে খেতি কৰি দেখা গৈছে যে কোনোধৰণৰ ৰুটিং হৰমোন ব্যৱহাৰ নকৰাকৈও অতি সহজে তৃণকাণ্ডৰ শাখাকলমৰ দ্বাৰা কম সংখ্যক বাঁহৰ পৰা প্ৰচুৰ সংখ্যক বাঁহ ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিব পাৰি। হালধীয়া বাঁহ দেখাত ধুনীয়া হোৱাৰ বাবে ঘাইকৈ ঘৰৰ চৌহদ, উদ্যান আদিৰ পৰিবেশ নান্দনিকৰণত ব্যৱহাৰ কৰা হয়।

কলচী বাঁহ -

কলচী বাঁহৰ বৈজ্ঞানিক নাম Bambusa wamin তৃণকাণ্ডৰ প্ৰতি দুটা গাঠিৰ মাজৰ অংশ কলচীৰ আকৃতিৰ হোৱা বাবে এইবিধ বাঁহক কলচী বাঁহ বুলি কোৱা হয়। ঠাইবিশেষে এই প্ৰজাতিৰ বাঁহক বুদ্ধ বাঁহ বুলিও জনা যায়। মধ্যমীয়া জোখৰ এইবিধ বাঁহ সাধাৰণতে ৪.৮ মিঃ পৰ্য্যন্ত ওখ হোৱা দেখা দেখা যায়। উজ্জ্বল ঘন সেউজীয়া ৰঙৰ তৃণকাণ্ড বিলাকৰ প্ৰতি দুটা গাঠিৰ মাজৰ দূৰত্ব ২০-২৫ চেঃমিঃ হোৱা দেখা যায় যদিও তলৰ অংশত গাঠি বিলাক আৰু অলপ ঘন ঘনকৈ থকা দেখা যায়।

অন্যান্য বাঁহৰ দৰে কলচী বাঁহ হাবিত বনৰীয়া ভাৱে পোৱা নাযায়। চীনদেশ আৰু থাইলেণ্ডত প্ৰাকৃতিকভাৱে পোৱা এইবিধ বাঁহ ভাৰতবৰ্ষকে আদি কৰি নাতিশীতোষ্ণ অঞ্চলতো(Subtropical-region) খেতি কৰিব

পাৰি। মূঢ়াৰ দ্বাৰা বিস্তাৰণ কৰাৰ উপৰিও তৃণকাণ্ডৰ শাখাকলম আৰু ডালৰ শাখাকলমৰ(Branch cutting) দ্বাৰা এইবিধ বাঁহ অতি সহজে বিস্তাৰণ কৰিব পাৰি। এইখিনিতে উল্লেখ কৰিব পাৰি যে ব্যৱসায়িক ভিত্তিত খেতি কৰাৰ ক্ষেত্ৰত ৰুটিং হৰমোন ব্যৱহাৰ কৰি অধিক ফলপ্ৰসূ হ’ব পাৰি। তৃণকাণ্ডৰ বিশেষ গঠনৰ বাবে এই প্ৰজাতিৰ বাঁহ উদ্যান, ৰেষ্টুৰেণ্ট আদিত পৰিবেশৰ শোভাবৰ্দ্ধনৰ বাবে ৰোপন কৰা হয়। ইয়াৰ উপৰিও হস্তশিল্পতো এইবিধ বাঁহ ব্যৱহাৰ কৰা হয়।

হেডজ বেম্ব’-

হেডজ বেম্ব’ৰ বৈজ্ঞানিক নাম Bambusa multiplex স্থানীয়ভাৱে এইবিধ বাঁহক হেডজ বেম্ব’ বুলিয়েই জনা যায়। চিৰসেউজীয়া এইবিধ বাঁহ প্ৰায় ২-৪ মিটাৰ পৰ্য্যন্ত ওখ হয়। প্ৰতিডাল বাঁহ এছাৰি সদৃশ আৰু প্ৰতিডাল বাঁহৰ তৃনকাণ্ডৰ ঘেৰ ১.৫-২.৫ চেঃমিঃ হোৱা দেখা যায়। নতুনকৈ ওলোৱা গাজ বিলাক নোমবিহীন, মিহি আৰু ক্ষীণ হোৱা দেখা যায়। ঢকুৱাৰ ৰং ঈষং-সেউজীয়া-হালধীয়া ৰঙৰ হয়।

সাধাৰণতে মুঢ়া ৰোপন কৰি অথবা মূঢ়াৰ পৃথকীকৰণ(Rhizome splitting) কৰি এই প্ৰজাতিৰ বাঁহৰ বিস্তাৰণ ঘটাব পাৰি। বিশ্বৰ ভালেমানবোৰ দেশত এইবিধ বাঁহৰ ফুল ফুলাৰ তথ্য পোৱা গৈছে। শেহতীয়াকৈ ১৯৭৭-১৯৮৫ চনত বাংলাদেশত এইবিধ বাঁহ চেগাচোৰোকাকৈ(Sporadic) ফুলাৰ তথ্য পোৱা গৈছে।

হেডজ বেম্ব’ ঘাইকৈ কোনো ক্ষেত্ৰৰ-সীমা নিৰ্দিষ্ট কৰিবলৈ ৰোপন কৰা হয়। ইয়াৰ উপৰিও থাইলেণ্ডত বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য, বাস্কেট আদি তৈয়াৰ কৰা আৰু হস্তশিল্পত এইবিধ বাঁহ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়। ঘৰৰ বাৰী, ৰেষ্টুৰেণ্ট, হোটেল, চৰকাৰী, আবাসগৃহ, উদ্যান আদিত এই প্ৰজাতিৰ বাঁহ শৃংখলাবদ্ধভাৱে ৰোপন কৰি পৰিবেশ সেউজীকৰণ(Greenary) কৰিব পাৰি।

এৰ’ বেম্ব’ -

এৰ’ বেম্ব’ৰ বৈজ্ঞানিক নাম Pseudosasa japonca। জাপান আৰু কোৰিয়াত প্ৰাকৃতিকভাৱে পোৱা এইবিধ বাঁহক ইংৰাজীত এৰ’ বেম্ব’ বুলি কোৱা হয়। জাপানীসকলে কাঁড় বনাবলৈ এইবিধ বাঁহ ব্যৱহাৰ কৰে বাবে জাপানী এৰ’ বেম্ব’ বুলিও জনা যায়ু। ২-৫ মিটাৰ পৰ্য্যন্ত ওখ হোৱা এইবিধ বাঁহৰ প্ৰতিডাল তৃণকাণ্ডৰ ব্যাস কেৱল মাত্ৰ ৰ ইঞ্চি বা তাতকৈও কম হোৱা দেখা যায়। অন্য বাঁহৰ তুলনাত এইবিধ বাঁহৰ ঠাণ্ডা-গৰম সহ্য কৰিব কৰা ক্ষমতা অধিক হোৱাৰ বাবে ০° উষ্ণতাতো ভালদৰে বৰ্তি থাকিব পাৰে আনহাতে ১৭.৭° উষ্ণতাতো চিৰসেউজ হৈ থাকে। তৃণকাণ্ড হালধীয়া মূগা বৰণৰ হোৱা দেখা যায়। ফুল ফুলাৰ পৰিঘটনা অতি বিৰল।

সাৰুৱা অথচ সেমেকা, পানী জমা নোহোৱা মাটিত এই প্ৰজাতিৰ বাঁহৰ খেতি ভাল হয়। মূঢ়া বিলাক মাটিত বগাই যোৱা ধৰণৰ হয়। সেয়ে মূঢ়াৰ পৃথকীকৰণ অথবা তৃণকাণ্ডৰ এছাৰী পৃথকীকৰণ(Macroproliferation) পদ্ধতিৰে এইবিধ বাঁহৰ বিস্তাৰণ ঘটোৱা হয়। ইন্দোনেচিয়া, জাপান, আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত এই প্ৰজাতিৰ বাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। ভাৰতবৰ্ষৰো বিভিন্ন স্থানত উদ্যানবিলাকত এইবিধ বাঁহ ৰোপন কৰা দেখা গৈছে।

এৰ’ বেম্ব’ বিশেষকৈ হেডজ বা সজীৱ স্ক্ৰীন তৈয়াৰ কৰিবলৈ ৰোপন কৰা হয়। মাটিৰ পৰা ৮-১০ চেঃমিঃ উচ্চতাৰ এইবিধ বাঁহৰ গাজ খাদ্যৰ উপযোগী বুলি তথ্য পোৱা যায়। ৰাজহুৱা স্থান, উদ্যান, চৰকাৰী, বেচৰকাৰী আবাসগৃহৰ চাৰিওফালে এইবিধ বাঁহ ৰোপন কৰি সীমা সুৰক্ষিত কৰাৰ লগতে প্ৰাকৃতিক দৃশ্যও মনোৰম কৰি তুলিব পাৰি। ঘৰৰ আভ্যন্তৰীণ সাজ-সজ্জাৰ বাবেও এইবিধ বাঁহ ব্যৱহাৰ কৰিব পাৰি।

ফৰচুনী বাঁহ -

ফৰচুনী বাঁহৰ বৈজ্ঞানিক নাম Sasa fortanei। এইবিধ অলংকাৰিক বাঁহৰ পাতবিলাক বগা আঁক(Stripe) থাকে। এইবিধ বাঁহ সাধাৰণতে ০.৫ৰ পৰা ১ মিটাৰ পৰ্য্যন্ত ওখ হয় আৰু ৰ’দ-ঘাই, পানী সহজে বাগৰি যাব পৰা সাৰুৱা মাটিত এই বাঁহৰ খেতি ভালদৰে কৰিব পাৰি।

সাধাৰণতে মূঢ়া আৰু তৃণকাণ্ডৰ পৃথকীকৰণ পদ্ধতিৰে অতি সহজতে এইবিধ বাঁহৰ বিস্তাৰণ কৰিব পাৰি। ফুল ওফুলাৰ তথ্য এই লেখকৰ হাতত মজুত নাই। ব্যৱহাৰিক দিশত এই বাঁহৰ মূল্য অধিক নহ’লেও অলংকাৰিক বাঁহ হিচাপে ব্যৱসায়ভিত্তিত খেতি কৰি অধিক অৰ্থ উপাৰ্জন কৰিব পাৰি।

লেখক: শ্ৰীমতী ইলোৰা দত্ত বৰা, ড° ৰুণুমী দেৱী বৰঠাকুৰ(সেউজ সোপান)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate