অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত জৈৱিক খেতিৰ সম্ভাৱনা

যোৱা দুটামান দশকৰ পৰা সমগ্ৰ বিশ্বকে আলোড়িত কৰা জৈবিক কৃষিৰ বতাহজাকে শেহতীয়াভাবে আমাৰ ৰাজ্য অসমকো স্পৰ্শ কৰিছেহি। অধিক উৎপাদন তথা বানিজ্যিক প্ৰ্সাৰতাৰ বাবে কৃষিক্ষেত্ৰত নিৰ্বিচাৰভাবে ৰাসায়নিক সাৰ,কীটনাশক দৰৱকে ধৰি বিভিন্ন ৰাসায়নিক বা স্ংশ্লেষিত দ্ৰব্যৰ প্ৰয়োগে প্ৰ্দূষিত কৰি তুলিছে মাটি,পানী,আকাশ,বতাহ।ফলত বিপন্ন হৈ পৰিছে জীৱকূল আৰু আমাৰ পাৰিপাৰ্শ্বিতা।ভাবুকিৰ সন্মুখীন হৈছে মানৱ স্বাস্থ্য।এই প্ৰেক্ষাপটতেই কৃষিজাত পন্য আৰু মানৱ স্বাস্থ্য আৰু পৰিবেশ জড়িত বিষয়ক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰ্সংঘৰ বিশ্ব খাদ্য স্ংগঠনবোৰ।ফলত সচেতন হৈছে বিভিন্ন দেশৰ কল্যানকামী চৰকাৰসমূহ।জৈৱিক কৃষিৰ সজাগতাৰে সম্পৰ্কত সমগ্ৰ বিশ্ব জুৰি বলা এই বতাহজাকৰ ফলতেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে আমাৰ ৰাজ্য অসমো আজি জৈবিক কৃষি আন্দোলনত জড়িত হৈ পৰিছে।

জৈৱিক কৃষি কি?

জৈৱিক কৃষি সম্পৰ্কত বিভিন্নজনৰ ব্যাখা বিভিন্ন ধৰনৰ হলেও সৰ্বজনগ্ৰাহ্য সূত্ৰ অনুসৰি জৈৱিক কৃষিক বহি:ক্ষেত্ৰৰ পৰা প্ৰয়োগ কৰি কৃষি সামগ্ৰীৰ পৰিবৰ্তে পাৰিৱেশিক ব্যৱস্থাপনাৰ ওপৰত ভৰ দি গঢ় লৈ উঠা এবিধ পদ্ধতি বুলি কব পাৰি।জৈৱিক কৃষি এনে এক ব্যৱস্থাপনা যত ৰাসায়নিক সাৰ,কীটনাশক দৰৱ,পশুধন ঔষধ, জেনেটিকেলি মডিফাইড বীজ আৰু জাত স্ংৰক্ষন ক্ষেত্ৰত ব্যৱহাৰ কৰা সামগ্ৰী আদিৰ দৰে সকলো ধৰনৰ স্ংশ্লেষিত দ্ৰব্যক পৰিত্যাগ কৰি পাৰিবেশিক আৰু সামাজিক ক্ষেত্ৰত পৰিব পৰা প্ৰভাবক গুৰুত্ব দিয়া হয়। এই ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ স্থানভিত্তিক ব্যৱস্থাপনাৰে সলনি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে শস্যৰ পোক-পৰুবা আৰু বেমাৰ আজাৰ আদি দূৰ কৰিবলৈ দীৰ্ঘ্ম্যাদী ব্যৱস্থা গ্ৰহন কৰা হয়।বিশ্ব খাদ্য আৰু কৃষি স্ংস্থাই জৈৱিক কৃষিক এক অনন্য কৃষি উৎপাদন ব্যৱস্থাপনা বুলি উল্লেখ কৰি এই ব্যৱস্থাপনআ কৃষি পাৰিপাৰ্শ্বিকতাৰ লগতে জৈৱ বৈচিত্ৰ্য,জৈবিক চক্ৰ আৰু মাটিৰ জৈৱিক ক্ৰিয়াক প্ৰাকৃতিকভাবে  সক্ৰিয় কৰি ৰাখে বুলি উল্লেখ কৰিছে।

জৈৱিক কৃষি আৰু অসম

অসম প্ৰাকৃতিকভাৱেই জৈৱিক।ব্ৰ্ক্ষপুত্ৰ আৰু বৰাক উপত্যকাৰ বিকাশ কৃষিভুমি সকলো ধৰনৰ প্ৰ্দূষনৰ পৰা মুক্ত বুলি কলেও বঢ়াই কোৱা নহব।আৰু সেইবাবেই কেন্দ্ৰিয় চৰকাৰেও অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলক জৈৱিক কৃষি মণ্ডল হিচাপে বিবেচনা কৰিছে।অসমৰ প্ৰ্দূষনমুক্ত কৃষিভূমিৰ লগতে আমাৰ ৰাজ্যৰ কৃষকৰ আছে সকলো ধৰনৰ প্ৰাকৃতিক আৰু মানবসৃষ্ট প্ৰ্তিকুলতাক হেলাৰঙে অতিক্ৰ্ম কৰিব পৰা অতুলনীয় ক্ষমতা। ৰাজ্যখনৰ কৃষকে উন্নত কৃষি প্ৰযুক্তিৰ অভিজ্ঞতা আহৰন কৰিলেও তেজত মিহলি হৈ আছে পৰম্পৰাগত কৃষিৰ অতুলনীয় জ্ঞান ভাণ্ডাৰ।এনে প্ৰেক্ষাপটত এক সুস্থ পৰিবেশ আৰু অনুকুল কৃষিজাত পন্য উৎপাদনৰ ক্ষেত্ৰত অসমৰ মাটি আৰু কৃষক প্ৰাকৃতিকভাৱেই সমানেই সক্ষম।জৈৱিক কৃষিজাত পন্যৰ প্ৰ্তি অসমৰ উপভোক্তাৰ সচেতনতা বৃদ্ধি পাইছে আৰু সমান্তৰালভাৱে অসমৰ কৃষকো জৈৱিক কৃষি উৎপাদন ব্যৱস্থাৰ প্ৰ্তি আগ্ৰ্হী হৈ পৰিছে।ইয়াৰেই সুযোগ লৈ জৈৱিক কৃষিক ব্যৱসায়িকভিত্তিক জনপ্ৰিয় কৰি তুলিবলৈ আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰৰ কৃষি বিভাগ।

শেহতীয়াভাবে ৰাজ্যখনৰ ৪৫০০ হেক্টৰ মাটিত জৈৱিক কৃষিৰে সামৰি লোবা হৈছে।অসমৰ ১২৬ টা বিধানসভাৰ সমষ্টিৰ ৯০ টাৰ প্ৰ্তিটোৰ ৫০ হেক্টৰকৈ কৃষিভূমিত জৈৱিক কৃষি উৎপাদক গোট গঠন কৰা হৈছে।বাকীকেইটা সমষ্টিও অহা বিত্তিয় বৰ্ষত সামৰি লোবাৰ প্ৰয়াস কৰা হৈছে।আমাৰ কৃষকৰ কৃষিক্ষেত্ৰত ব্যৱহীত থলুবা কাৰিকৰী জ্ঞান ভাণ্ডাৰ,পশুধনৰ পৰা লাভ কৰা জৈৱিক সাৰ আদিয়েই জৈৱিক সাৰ আদিয়েই জৈৱিক কৃষি ৱ্যৱস্থাৰ উৎসাহিত কৰি তোলাত যথেষ্ঠ সহায় কৰিছে।ৰাজ্যখনৰ কাৰ্বিআলং আৰু ডিমা হাচাও জিলা দুখন প্ৰাকৃতিকভাৱেই জৈৱিক জিলা।তেনেদৰে জনজাতীয় অধ্যুষিত অঞ্চলসমূহৰ খেতিপথাৰো পৰম্পৰাগত্ভাবেই জৈৱিক বুলি কব পাৰি।পাহাৰীয়া জিলা দুখনত উৎপন্ন হোবা আদা,হালধি,মচলাজাতীয় শস্য ফলমূল আদিৰ আন্তৰ্জাতিক বজাৰত চাহিদা যথেষ্ঠ।

অসমত জৈৱিক কৃষি বিপ্লৱ গঢ়ি তোলাতো যথেষ্ঠ সহজসাধ্য বুলি কৃষি বিভাগ পতিয়ন গৈছে। এইক্ষেত্ৰত সমালোচকক দিব পৰা উত্তৰ এনেধৰনৰ-অসম বৃষ্টি আৰু চিৰসেউজ অৰন্যৰ ৰাজ্য।এই ৰাজ্যৰ আছে প্ৰাচীন বৰ্নময় কৃষি ইতিহাস।এই ইতিহাস সামাজিকভাবে দায়বদ্ধ পৰিৱেশ অনুকূল আৰু অৰ্থনৈতিকভাবে ধাৰনশীল।যদিও অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ কৃষিভূমিয়েই প্ৰাকৃতিকগত্ভাবে জৈৱিক চৰকাৰী তথ্যমতে এই সমগ্ৰ অঞ্চলটোৰ ২৬২,১৮ লাখ হেক্টৰ কৃষিভূমিয়েই কেতিয়াও ৰাসায়নিক সাৰ,কীটনাশক দৰৱ আদিৰ স্পৰ্শ পোৱা নাই।এই কৃষিভূমিৰ মূল উৎপাদন ধান।পৰম্পৰাগত কৃষি পদ্ধতিৰে আধুনিক জৈৱিক কৃষি আন্দোলনৰ সৈতে জড়িত কৰাব পৰাৰ সম্ভাবনা বিদ্যামান।আনহাতে অসমৰ কৃষিভূমিত ব্যৱহৃত ৰাসায়নিক সাৰৰ পৰিমানো ৰাষ্ট্ৰীয় গড়ৰ তুলনাত যথেষ্ঠ কম।তথ্যমতে ২০১২-১৩ বৰ্ষত অসমৰ প্ৰ্তিহেক্টৰ কৃষিভূমিত ব্যৱহৃত ৰাসায়নিক সাৰৰ পৰিমান প্ৰায় ৭৬ কিলোগ্ৰাম।গতিকেই নিৰ্বাচিত জৈৱিক কৃষি উৎপাদন মণ্ডলৰ কৃষিভূমিত ৰাসায়নিক সাৰ বা অন্য ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ নিষিদ্ধ কৰি জৈৱিক সাৰ,কীটনাশক আদিৰ ব্যৱহাৰেৰে মাটিডৰাক জৈৱিক কৰি তোলাত কোনো ধৰনৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা নাই বুলিয়েই হয়।কৃষি বিভাগে নিযুক্ত কৰা জৈৱিক প্ৰ্মানপত্ৰ প্ৰদান কৰা এজেন্সীসমূহৰ বাবেও এই দিশটো যথেষ্ঠ আকৰ্ষনীয় বুলি জেনেভাস্থিত জৈৱিক কৃষিৰ প্ৰ্মানপত্ৰ প্ৰদান কৰা স্ংস্থা এছ,জি,এছ ইণ্ডিয়াই মত প্ৰকাশ কৰিছে।অসমৰ জৈৱিক কৃষি পদ্ধতিৰে খেতি কৰা উৎপাদক গোটসমূহলৈ ইতিমধ্যে উক্ত এজেন্সিসমূহে দ্বিতীয় পৰ্য্যায়ৰ প্ৰমানপত্ৰ আগবঢ়াইছে।অহাবছৰত তৃতীয় তথা চুড়ান্ত প্ৰমানপত্ৰ লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। সোনাপুৰ,বকো,দুধনৈ আদি ঠাইত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা কমলা আৰু আনাৰসে আন্ত:ৰাষ্ট্ৰীয় বজাৰ দখলৰ সম্ভাৱনা আছে।সম্প্ৰতি বকো অঞ্চলত প্ৰায় ৪০ হেক্টৰ কৃষিভূমিত কৰা অনাৰসৰ খেতিয়ে দ্বিতীয় বৰ্ষত ভৰি দিছে।কাৰ্বিআলং জিলাৰ সিংহাসন পাহাৰত জৈৱিকভাবে উৎপাদন কৰা আদা বাংলাদেশ হৈ বিদেশী ৰাষ্ট্ৰ্লৈ গৈ আছে।জৈৱিক পদ্ধতিৰে উৎপাদন কৰা অসমৰ ভোট জলকীয়াও দেশ-বিদেশৰ বজাৰ দখল কৰাৰ পূৰ্ন সম্ভাৱনা আছে।হাৰিয়ানাৰ চানষ্টাৰ অভাৰচীজ লিমিটেড নামৰ স্ংস্থাটোবে ৰপ্তানি কৰা অসমৰ বাওধান বা ৰঙা চাউলে ইতিমধ্যেই ইউৰোপৰ বজাৰ দখল কৰিছে।

কিছু সাৱধানতা

যদিও আমাৰ ৰাজ্যখন জৈৱিক কৃষি উৎপাদন ব্যৱস্থাৰে বাবে যথেষ্ঠ সুচল তথাপি কৃষকক এই পদ্ধতিৰ

প্ৰতি বাণিজ্যিকভাবে আকৰ্ষন কৰিবলৈ কিছু সাৱধানতা গ্ৰহন কৰাৰ প্ৰয়োজন আছে।এডৰা মাটিৰ পৰা আধুনিক কৃষি ব্যৱস্থাৰে কৃষকে আহৰন কৰা নিৰৱিচ্চিন্ন আয় ব্যাহত নোহোৱাকৈ জৈৱিক কৃষি পদ্ধতিৰ প্ৰতি কৃষকজনক পদ্ধতিগত্ভাবে আগবঢ়াই নিবলৈ এক কৌশলী কৃষি সম্প্ৰসাৰন ব্যৱস্থাৰ প্ৰয়োজন আছে।আনহাতে কোনটো অঞ্চলত কোনবিধ শস্য অধিক উপযুক্ত সেই দিশটোও নিৰ্নয় কৰি জৈৱিক কৃষি ব্যৱস্থাক আগবঢ়াই নিয়াটো জৰুৰী।

জৈৱিক কৃষি পদ্ধতিৰ বাবে প্ৰয়োজন জৈৱিক নীতি

অসমৰ জৈৱিক কৃষি উৎপাদন ব্যৱস্থাক পদ্ধতিগত্ভাবে আগবঢ়াই নিবলৈ হলে প্ৰয়োজন এক সুস্থিৰ আৰু নিৰ্দ্ধাৰিত জৈৱিক কৃষি নীতি।বজাৰ তথা ৰপ্তানিকেন্দ্ৰিক এনে নীতিয়ে জৈৱিক কৃষিৰ প্ৰ্তি ৰাজ্যখনৰ কৃষকক যথেষ্ঠ পৰিমানে উজ্জীৱিত কৰি তোলাৰ থল আছে।অসমৰ জৈৱিকভাবে উৎপাদিত কৃষিজাত পন্যক এক বিশেষ ব্ৰেণ্ড নামৰ জৰিয়তে সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰি তোলাৰ সময় সমাগত।।

উৎস: ড:বংশীধৰ কলিতা, এগ্ৰি-হৰ্টী প্ৰ্দৰ্শনী ২০১৫।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate