অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গিনি ঘাঁহৰ উন্নত কৃষি পদ্ধতি

গিনি ঘাঁহ (Panicum maximum jacq), পশুধনৰ বাবে এবিধ অতি উৎকৃষ্ট মানৰ খাদ্য। এই ঘাঁহ বিধক গৰু-ম’হে সহজে হজম কৰিব পাৰে আৰু ‘অক্সলেট’ নামৰ ৰাসায়নিক দ্ৰব্যৰ পৰা ই সম্পূৰ্ণৰুপে মুক্ত। গিনি ঘাঁহ পশুধনৰ খাদ্য হিচাপে উপৰিও মাটিৰ খহনীয়া ৰোধ কৰিবৰ বাবেও ইয়াক ব্যৱহাৰ কৰা দেখা যায়।

জলবায়ু

উষ্ণ, আৰ্দ্ৰ জলবায়ু তথা পাতলীয়া বৰষুণে গিনি ঘাঁহৰ শ্ৰীবৃদ্ধিত সহায় কৰে। গিনি ঘাঁহৰ বাবে সৰ্বনিম্ন তাপমান ১৫ চঃ গ্ৰেঃ ৰ ওপৰত থাকিব লাগে। এইবিধ ঘাঁহক বছৰি ৬০০-১০০০ মিঃ মিঃ বৰষুণৰ প্ৰয়োজন।

জাত নিৰ্বাচন

গিনি ঘাঁহৰ বাবে হামি-১, পিজিজি-১, পিজিজি-৯ আদি জাত নিৰ্বাচন কৰিব পাৰি।

মাটি নিৰ্বাচন

অতি সাৰুৱা, উৰ্বৰ, পাতল আলতীয়া মাটি গিনি ঘাঁহৰ বাবে নিৰ্বাচন কৰিব লাগে। মাটি ডৰাৰ পৰা পানী সহজে ওলাই যাব পৰা হ’ব লাগে।

মাটি প্ৰস্ততি

যিহেতু গিনি ঘাঁহ এবিধ বহুবৰ্ষীয় শস্য আৰু ই ৩-৪ বছৰে শস্য ক্ষেত্ৰত থাকিব সেয়েহে মাটি ডৰা ভালদৰে প্ৰস্তত কৰিব লাগে। মাটি ডৰা ৩-৪ বাৰ হাল বাই মৈয়াই বন-বাত গুছাই ল’ব লাগে।

ৰোৱা সময় আৰু পদ্ধতি

গিনি ঘাঁহ বহাগ মাহৰ পৰা আহাৰ মাহত লগাব পাৰি। এই বিধ ঘাঁহৰ গুটিৰ পৰা, শিপা যুক্ত মুঢ়া আৰু আগৰ সহায়ত লগাব পাৰি। গৰম কালি, গছৰ মুঢ়া (শিপাযুক্ত) ৰুলে বেছি সুফল পোৱা যায়। কিয়নো ডাল বা আগ ৰুলে ৰ’দত শুকাই নষ্ট হ’ব পাৰে। নাৰ্চাৰীত গুটি পচাই পুলি উৎপন্ন কৰিও মূল পথাৰত ৰুব পাৰি। শিপাযুক্ত মুঢ়া ৰুওতে দুটা শাৰীৰ মাজত ৫০ ছেঃ মিঃ আৰু দুটা মুঢ়া বা ডালৰ মাজত ৫০ ছেঃ মিঃ ব্যৱধান ৰাখিব লাগে।

সাৰ প্ৰয়োগ

গিনি ঘাঁহ লগোৱাৰ ৩ সপ্তাহ আগতেই যথেষ্ট পৰিমাণে গোবৰ বা পচন সাৰ মাটিডৰাত প্ৰয়োগ কৰিব লাগে। জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। ইউৰীয়া ৩৫ কিঃ গ্ৰাঃ, একক চুপাৰ ফচফেট ৪৫ কিঃ গ্ৰাঃ আৰু মিউৰেট অৱ পটাছ ৭ কিঃ গ্ৰাঃ প্ৰ্তি বিঘা হিচাপত মূল পথাৰত প্ৰয়োগ কৰিব লাগে। গিনি ঘাঁহ লগোৱাৰ সময়ত ইউৰীয়া সাৰৰ এভাগ আৰু একক চুপাৰ ফচফেট + মিউৰেট অৱ পটাছৰ সম্পূৰ্ণ অংশ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়। বাকী ৰৈ যোৱা ইউৰীয়া খিনি প্ৰতি বাৰ ঘাঁহ কটাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

জলসিঞ্চন ব্যৱস্থা

গিনি ঘাঁহ লগোৱাৰ ঠিক পিছতেই প্ৰথমবাৰ পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। বৰ্ষা কালত পানী যোগান নধৰিলেও শস্যৰ বাঢ়ন ক্ষমতা ঠিকে থাকে।

ঘাঁহ কটা

প্ৰথম বছৰত ৪-৬ বাৰ ঘাঁহ কাটিব পৰা যায়। ৰোৱাৰ ৩ মাহ পিছতেই প্ৰথম বাৰ ঘাঁহ কাটিব পাৰি। প্ৰথম ঘাঁহ কটাৰ পাছত ৫-৭ সপ্তাহৰ মূৰে মূৰে ঘাঁহ কাটিব পৰা যায়।

উৎপাদন

গিনি ঘাঁহৰ পৰা প্ৰ্তি বিঘাত ৮০-১০০ কুইণ্টল ঘাঁহ পোৱা যায়।

লিখক: ড ৰনজিৎ কুমাৰ সাউদ।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate