অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্ভিদ ৰোগৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰাইকোডাৰ্মা’ ভেঁকুৰৰ প্ৰয়োগ পদ্ধতি

উদ্ভিদ ৰোগৰ জৈৱিক নিয়ন্ত্ৰণৰ বাবে ‘ট্ৰাইকোডাৰ্মা’ ভেঁকুৰৰ প্ৰয়োগ পদ্ধতি

বীজ শোধনৰ ‘স্লাৰী’ পদ্ধতি : ট্ৰাইকোডাৰ্মা ভেঁকুৰৰ পাঁচ বা ছয় গ্ৰামৰ লগত ১০ মি: লি: পানী মিহলাই তাৰ সৈতে এককি.গ্রা. বীজ ভালকৈ মিহলাব লাগে, এই বীজ খিনি একঘন্টামান সময় ছাঁত শুকুৱাই লোৱাৰ পাছতহে পথাৰত সিঁচিব লাগে ৷

সিক্ত পদ্ধতিৰে বীজ শোধন : ট্ৰাইকোডাৰ্মা ভেঁকুৰৰ ২০ ৰ পৰা ২৫ গ্ৰাম একলিটাৰ পানীত ভালকৈ মিহলাব লাগে৷ এই ভেকুৰ মিশ্ৰণ পানী খিনিত এককি.গ্রা. বীজ এঘন্টাৰ বাবে ডুবাই থৈ পুনৰ তাৰ পৰা টুকি লৈ এঘন্টা সময় ছাঁত ভালকৈ শুকুৱাই পথাৰত সিঁচিব লাগে৷ এই ভেঁকুৰ মিশ্ৰণ পানী খিনিও ওপৰত উল্লেখ কৰাৰ দৰেই পুলি কাণ্ড বা কাটিং ইত্যাদি শোধন কৰিব পৰা যায়৷

গছ বা পুলিৰ গুৰিত ছটিওৱা পদ্ধতি : গছৰ গুৰি বা পুলিৰ গুৰিত প্ৰয়োগ কৰিবলৈ হলে ট্ৰাইকডৰ্মাৰ ২০ ৰ পৰা ২৫ গ্ৰাম এক লিটাৰ পানীত মিহলাই জিঞ্জিৰিৰে বা দৰৱ ছটিওৱা যন্ত্ৰৰে পুলিৰ গুৰিৰ সৈতে চাৰিওফালৰ মাটি ভালকৈ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে৷

মাটিত ট্ৰাইকোডার্মা প্ৰয়োগ পদ্ধতি

    • শুকান গৰুৰ গোবৰৰ ১০০কি.গ্রা.ৰ লগত খলিহৈ ১০কি.গ্রা. মিহলাই পানী ছটিয়াই ভালকৈ মিহলাই লব লাগে৷ উপৰোক্ত মিশ্ৰণত বজাৰৰ পৰা অনা ভাল কোম্পেনীৰ ১কি.গ্রা. ট্ৰাইকোডাৰ্মা ভেঁকুৰ ভালদৰে মিহলাই কলগছৰ পাতেৰে তিনিদিন ঢাকি থব লাগে৷ চাৰিদিনৰ দিনা মিশ্ৰণটো আকৌ অলপ পানী ঢালি ঢাকি থব লাগে৷ সাতদিনৰ দিনাখন ঢাকনিখন গুচাই, প্ৰয়োজন মতে অলপ পানী চটিয়াই ভালকৈ মিহলাই থব লাগে ৷
    • এক হেক্টৰ মাটিত প্ৰয়োগ কৰিবলৈ হলে প্ৰায় ৫০০কি.গ্রা. শুকান গোবৰ, ৫০কি.গ্রা. খলিহৈ আৰু ৫কি.গ্রা. টাইকোডাৰ্মা ভেকুৰৰ প্ৰয়োজন হয় ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 12/18/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate