অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কপাহৰ খেতি

কপাহৰ খেতি

অনুমোদিত জাত

গছৰ উচ্চতা (ছে:মি:)

প্ৰতিজোপা গছত গড় হিচাবে ডালৰ সংখ্যা

প্ৰতিজোপা গছত গড় হিচাবে ৰলৰ সংখ্যা

প্ৰতি হেক্টৰত বীজৰ উৎপাদন (কুইন্টলত)

আঁহৰ শতকৰা হিচাবে

(ক) দীঘল আঁহযুক্ত জাত

এম-চি-ইউ ৪

৯৪

৭.৭

১৯.০

১০.৫০

৩৪

এম-চি-ইউ ১

১০৫

৫.৭

৩১.৩

১২.২৬

৩৩

লক্ষ্মী

১২০

৭.৭

১৯.৩

৮.১২

৩১

বুৰী

১০২

৭.৪

২৯.৯

১২.২৩

৩১

জে-৩৪

১৩০

২১.৬

৪৪.৩

১২.২১

৩২

এম চি ইউ

-

-

-

১৯.৯১

-

(খ)চুটী আঁহযুক্ত জাত

গাৰো

১৭১

৩.০

৪১.৬

৬.২৯

২৮

মিজোখাকি

১৮৩

৩.০

৩৮.৬

৬.৫৩

২৩

ফেলপি

১৫৫

৩.৭

২৫.৭

৩.৭১

২৪

দামবুম

১৪৭

৩.০

৩৯.৬

৫.৬৮

৩৫

মাটি নিৰ্বাচন

বিভিন্ন ধৰণৰ মাটিত কপাহৰ খেতি কৰিব পাৰি, কিন্তু মাটিডৰাৰ পৰা পানী ওলাই যোৱাৰ সুবিধা থকা হ’ব লাগে ৷ কাৰণ পানী জমা হোৱা ঠাইত কপাহৰ গছ গা কৰি উঠিব নোৱাৰে ৷

পথাৰ প্ৰস্তুতি

আন খেতিৰ দৰে অতিশয় মিহি হোৱা মাটি কপাহৰ খেতিৰ বাবে আৱশ্যক নহয় ৷ দ'কৈ চাহ কৰা মাটিৰ বীজতলীৰ আৱশ্যক ৷ ইয়াৰ বাবে ৩-৪ বাৰ হালবাই মৈ দি সমান কৰি লব লাগে ৷

সিঁচাৰ সময় : জুলাই মাহ ৷

বীজ শোধন

জেকা মাটি আৰু গোবৰৰে খৰছি তৈয়াৰ কৰি লোৱা আঠােলতীয়া মিশ্ৰণৰ লগত সিঁচাৰ আগেয়ে বীজবোৰ ভালদৰে মোহাৰি কিছুসময় ছাঁত শুকাবলৈ দিব লাগে ৷ তেতিয়া বীজবোৰ এটা এটা হৈ যোৱাত সুবিধা হয় ৷

সিঁচাৰ সময়

শাৰীবদ্ধ ভাৱে প্ৰতিটো গাততে ৪-৫ টাকৈ বীজ দিব ৷

বীজৰ পৰিমান

হেক্টৰে প্ৰতি ২০-২৫ কি:গ্ৰাম ৷

ব্যৱধান

শাৰীৰ মাজত ৪৫ ছে:মিটাৰ আৰু পুলিৰ মাজত ৩০ ছে:মিটাৰ ব্যৱধান ৰাখিব ৷

বীজ পোতন : ১.৫ ৰ পৰা ২.০ ছে:মিটাৰ দ'ত বীজবোৰ পুতিব লাগে ৷

সাৰ প্ৰয়োগ :

পুষ্টি

পৰিমান

সাৰ

সাৰৰ পৰিমান (কি:গ্ৰাম)

হেক্টৰত

বিঘাত

পামজাত সাৰ / পচনসাৰ

-

-

১০-১২ টন

-

নাইট্ৰোজেন

৬০

ইউৰীয়া

১৩০

১৮

ফছফৰাছ

৩০

একক চুপাৰ ফছফেট

১৮৭

২৭

পটাছ

৩০

মিউৰেট অৱ পটাছ

৫০

প্ৰথমবাৰ মাটি চাহ কৰোতেই পচনসাৰ/পামজাত সাৰ মাটিৰ লগত মিহলাই দিব লাগে ৷ ফছফেট আৰু পটাছ সাৰখিনি সমূদায় শেষৰবাৰ মাটি চাহ কৰোতে প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰা উচিত ৷ নাইট্ৰোজেন সাৰখিনি সমানে দুভাগ কৰি প্ৰথমভাগ প্ৰাথমিক সাৰ হিচাবে আৰু বাকী আধা ভাগ বীজ সিঁচাৰ পৰা ৪৫ দিনৰ পিছত অৰ্থাৎ শস্যৰ ফুল ধৰিবলৈ লোৱাৰ সময়ত প্ৰয়োগ কৰিব ৷

পৰিচৰ্য্যা

বীজ সিঁচাৰ পৰা ১৫ দিনৰ পিচত ৩ বাৰ হাতেৰে শস্যডৰাৰ বনবাত উভালি দিব ৷

শস্যৰক্ষা

বীজ সিঁচাৰ ৩০ দিন পিছত এন্দোছালফান (থায়োদান) ৩৫ ইচি ঔষধৰ ২ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই লৈ প্ৰয়োগ কৰিব৷ প্ৰতি ২০ দিনৰ ব্যৱধানত এনেকৈ মুঠতে ৪ বাৰ ঔষধ প্ৰয়োগ কৰা উচিত ৷ প্ৰতিবাৰ প্ৰয়োগত হেক্টৰে প্ৰতি ৬০০-৮০০ লিটাৰ ঔষধ মিশ্ৰণৰ প্ৰয়োজন হয়৷

শস্য চপোৱা (কপাহ তোলা)

নবেম্বৰ মাহৰ শেষত প্ৰথমবাৰ আৰু সাধাৰণতে ৩-৪ বাৰ কপাহ গছৰপৰা আহৰণ কৰিব পাৰি ৷ ৰাতিপুৱা সময়ত কপাহ তুলি আনিব পাৰিলে শুকান পাত আৰু চোকোৰা আদিৰ পৰা হাত সাৰিব পাৰি ৷ সঁচৰ বাবে লোৱা কপাহৰ বীজবোৰ উলিয়াই অনাৰ পিচত কেইঘন্টামান ৰ’দত শুকুৱাই মজুত কৰি ৰাখিব লাগে ৷

উৎপাদন

দীঘল আঁহৰ কপাহৰ বীজৰ উৎপাদন প্ৰতি হেক্টৰত ৮-১২ কুইন্টল হয় আৰু চুটি আঁহৰ বীজৰ উৎপাদনৰ পৰিমান ৪-৬ কুইন্টল হয় ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate