অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেপচিকামৰ কৃষি প্রণালী

উচ্চ বজাৰ মূল্যৰ পাচলিৰ ভিতৰত কেপচিকামো এবিধ । বিশেষকৈ এইবিধ পাচলি অভিজাত শ্রেণীৰ অতি প্রিয় । সচৰাচৰ কেপচিকামৰ খেতি অসমত জাৰকালি হয় ।

মাটি নির্বাচন

কেপচিকামৰ খেতিৰ বাবে ওখ পানী বন্ধ নোহোৱা , ৰদঘাই বালি চহীয়া পলসুৱা মাটিৰ আৱশ্যক । বাছনি কৰা মাটিডোখৰ যথেষ্ট পৰিমাণে জৈৱিক পদার্থ থকা বা সাৰুৱা হল ভাল ।

জাত নির্বাচন

অধিক উত্পাদনক্ষম জাতবোৰ হৈছে - কেলিফোর্নিয়া ৱাণ্ডাৰ , পুচা দিপ্তী ,আর্কা বসন্ত ,চাইনিজ জায়েন্ট, ভাৰত, বুলন'জ ,আর্কা গৌৰৱ ইত্যাদি ।

বীজৰ পৰিমাণ আৰু ৰোৱা পদ্ধতি

পুলিবিলাক পুলি বাৰীত গজাই লব লাগে । এবিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৭০-৯০ গ্রাম । খেতিৰ বাবে বীজ সিঁচাৰ সময় ডিচেম্বৰ - জানুৱাৰী অর্থাত্ পুহ - মাঘ মাহ ।

খেতিৰ বাবে আৱশ্যকীয় পুলিবোৰ সাৱধানে পুলিবাৰী তৈযাৰ কৰি পুলি গজাই লব লাগে । পুলিবিলাকৰ বয়স যেতিয়া ৩৫-৪০ দিন হ'ব তেতিয়া স্বাস্থ্যৱান পুলিবিলাক উঘালি মূল পথাৰত ৰোপন কৰিব লাগে ।

কেপচিকামৰ বাবে বাছনি কৰা মাটিডোখৰ যথেষ্ট পৰিমাণে পচন সাৰ বা গোৱৰ প্রয়োগ কৰি হাল - কোৰ মাৰি মৈয়াই সমান কৰি লব লাগে । পথাৰত পুলিবিলাক শাৰী শাৰীকৈ ৰোপন কৰি লব লাগে । দুটা শাৰীৰ মাজত ব্যৱধান ৪৫ ছেন্টিমিটাৰ (ডেৰফুট ) আৰু প্রতিটো পুলিৰ মাজতো ৩০-৪০ চেন্টিমিটাৰ ব্যৱধানত পুলিবিলাক ৰোপন কৰিব লাগে ।

সাৰ প্রয়োগ

কেপচিকাম শস্যত এবিঘা মাটিৰ বাবে প্রয়োজনীয় অনুমোদিত সাৰ হৈছে - ১.৩ টন গোৱৰ বা পচন সাৰ (হেক্টৰত ১০ টন ) , ইউৰিয়া ৩০ কিলোগ্রাম (হেক্টৰত ৩৭৫ কিলোগ্রাম ) আৰু মিউৰিয়েট পটাচ ১৩ কিলোগ্রাম (হেক্টৰত ৯৭.৫ কিলোগ্রাম) । এই সাৰ খিনিৰ আধাভাগ ইউৰিয়া সাৰ (১৫ কিলোগ্রাম ) আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাচ সাৰ গোৱৰখিনিৰ লগত পথাৰত শেষৰ বাৰ মাটি চহোৱাৰ আগতে প্রয়োগ কৰি হাল বাই মৈয়াই সমান কৰি লব লাগে । বাকী থকা আধা ভাগ ইউৰীয়া সাৰ পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ পিচত প্রতিটো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজত পতিলীয়া লোৰ কৰি মাটি জাপি দিব লাগে ।

পৰিচর্য্যা

পুলিৰোৱা ২০-২৫ দিনৰ পিচত শস্যডৰাৰ পৰা অলাগতিয়াল বন-বাতবোৰ আতঁৰাই পেলাব লাগে । ইয়াৰ ৩০-৩৫ দিনৰ পিচত আকৌ এবাৰ বন -বাতবোৰ নিৰাব লাগে ।

পুলি ৰোৱাৰ এমাহৰ পিচত বাকী থকা ইউৰীয়া সাৰ ভাগ মাটিত প্রয়োগ কৰিব লাগে । ইউৰীয়া সাৰ প্রয়োগ কৰাৰ সময়ত মাটিৰ জীপ ৰাখিব লাগে । প্রয়োজন অনুসৰি মাটিৰ জীপ ৰাখিবৰ বাবে মাজে মাজে পাতলীয়াকৈ পানীৰ যোগান ধৰিব লাগে । কাৰণ পানীৰ অভাৱত ভুগিলে গছজোপাৰ বাঢ়ন আৰু ফূল ফুলাত বাধা প্রাপ্ত হয় ।

শস্য ৰক্ষা

কেপচিকামৰ শস্যত কেতিয়াবা পাত খোৱা পোকে বা পলুৱে পাত খোৱা দেখা যায় । তেনে অৱস্থাত ইয়াৰ প্রতিকাৰৰ বাবে এচামুচ (প্রায় ৫ মিলিলিটাৰ ) মালাথিয়ন ৫০ ইঞ্চি দৰৱ পাঁচ লিটাৰ পানীত মিহলাই গছত ছটিয়াব লাগে ।

কেপচিকামৰ খেতিত ফল গেলা বেমাৰ প্রায়ে পৰিলক্ষিত হয় । এই বেমাৰৰ প্রতিকাৰৰ বাবে বীজ সিঁচাৰ আগতে বেভিষ্টিন ঔষধৰ ১গ্রাম প্রতি কেজি বীজ অনুপাতত শোধন কৰি লব লাগে । ইয়াৰ উপৰিও ব্লাইটক্স ৫০ নাইবা ফাইটোলান ঔষধ ২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই ১০-১৫ দিনৰ অন্তৰালত স্প্রে কৰিব লাগে । শস্যচপোৱাৰ পিচত আক্রান্ত জলকীয়াৰ অৱশিষ্ট জাবৰ - জোথৰবোৰ সংগ্রহ কৰি পুৰি পেলোৱা উচিত ।

কেপচিকামত মৰহি যোৱা বেমাৰ সঘনে হোৱা দেখিবলৈ পোৱা যায় । এই বেমাৰ ভেঁকুৰ বা বেক্টৰীয়াৰ দ্বাৰা হ'ব পাৰে । ভেঁকুৰৰ দ্বাৰা আক্রান্ত হলে প্রথমতে গছৰ তলৰ পাতবোৰ লেৰেলিবলৈ ধৰি হালধীয়া পৰি লাহে লাহে ওপৰৰ পাতবিলাকো লেৰেলিবলৈ ধৰে । এই বেমাৰৰ প্রতিকাৰৰ বাবে কেপটান নাইবা বেভিষ্টিন নামৰ ঔষধ ২ গ্রাম প্রতি লিটাৰ পানীত মিলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে ।

আনহাতে বেক্টেৰীয়াৰ দ্বাৰা আক্রান্ত গছৰ প্রথমতে ওপৰৰ পাতবোৰ লেৰেলিবলৈ ধৰে আৰু ২/৩ দিনৰ ভিতৰত গোটেই গছজোপাই লেৰেলি যায় । এই বেমাৰৰ পৰা প্রতিকাৰ পাবলৈ হলে 'ষ্টেপ্তোমাইচিন চালফেট ' নতুবা 'এগ্রোমাইচিন ' নামৰ ঔষধ ২০০ মি: গ্রাম প্রতি লিটাৰ পানীত মিহলাই গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে ।নতুবা ১ গ্রাম হিং + ৫ গ্রাম হালধীৰ গুৰি ১০ লিটাৰ পানীত প্রায় ২৫০-৫০০ মি: লি: প্রতিজোপা গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ পুলিৰোৱাৰ ১৫,৩০ আৰু ৪৫ দিনৰ মূৰত তিনিবাৰ প্রয়োগ কৰিব লাগে । বেছি অম্লযুক্ত মাটিত বেক্টেৰীয়াৰ দ্বাৰা হোৱা বেমাৰ বেছিকৈ হোৱা দেখা যায । সেয়েহে মাটিৰ অম্লতা কমাবৰ বাবে কঠাই প্রতি ২০ কিলোগ্রাম চূণ ৩ বছৰৰ মূৰে মূৰে মাটিত প্রয়োগ কৰিব লাগে ।

ইয়াৰ উপৰিও মাটিত খলিহৈ ,নিম কেক , হাড় সাৰ আদি প্রয়োগ কৰিলে মাটিডৰা সাৰুৱা কৰাৰ উপৰিও মাটিত থকা জীৱাণুৰ পৰিমাণ হ্রাস কৰে । ইযাৰ উপৰিও বায়'ফৰ পি এফৰ ব্যৱহাৰ কৰি জৈৱিক পদ্ধতিৰে নিয়ন্ত্রণ কৰিব পাৰি । তদুপৰি যিবোৰ মাটিত এই বেমাৰ বেছিকৈ হয় তেনে ঠাইত দুবছৰ মান ৰোগে আক্রমণ কৰিব নোৱাৰা শস্য যেনে - লেচেৰা মাহ , গোমধান ,ঘেহুঁ ইত্যাদি শস্যৰ খেতি কৰিব লাগে ।

ভেঁকুৰ বা বেক্টেৰীয়াৰ দ্বাৰা আক্রান্ত হোৱা গছ মাটিৰে সৈতে উভালি দূৰত পুতি বা পুৰি পেলাব লাগে, যাতে তাৰ বীজাণু বিস্তাৰিত হব নোৱাৰে । কেপচিকামৰ খেতিত প্রায় কেপচিকামবোৰৰ মূৰবোৰ কলাপৰি গাতঁৰ দৰে হোৱা দেখা যায় । এই বিসঙ্গতি কেলচিয়ামৰ অভাৱৰ বাবে হয় । এই ক্ষেত্রত ৫ গ্রাম কেলছিয়াম ক্লৰাইড নামৰ ঔষধ ১ লিটাৰ পানীত মিহলাই স্প্রে কৰিলে সুফল পাব পাৰি । কেতিয়াবা মাটিডৰাত পানীৰ পৰিমাণ কম হলে নাইবা নাইট্রজেন সাৰ অধিক হলেও এই বিসঙ্গতিযে দেখা দিয়ে ।

কেপচিকামৰ খেতিত পাত কেকোঁৰা হোৱা বেমাৰ হোৱা দেখা যায় । এবিধ সৰু মাখিয়ে এই ৰোগৰ বীজাণু বিয়পায় । পুলি ৰোৱাৰ এসপ্তাহৰ পিচৰে পৰা ৰগৰ নামৰ কীটনাশক ঔষধ ১.৫ মি: লি: প্রতি লিটাৰ পানীত মিহলাই ১০ দিনৰ মূৰে মূৰে ফুল ফুলাৰ সময়লৈকে স্প্রে কৰিব লাগে । কেপচিকামৰ পুলিবোৰ পুলিবাৰীত থাকোতেও এবাৰ স্প্রে কৰিব লাগে ।

কেতিয়াবা কেপচিকামৰ খেতিত পাতবোৰত মাজে মাজে হালধীয়া দাগ পৰি ফুটুকা ফুটুকী হোৱা দেখা যায় । এই বেমাৰক মোজাইক বেমাৰ বুলি কোৱা হয় । মোৱা পোকে আক্রমণ কৰাৰ বাবে এই বেমাৰ হয় । এই বেমাৰৰ পৰা সাত সাৰিবলৈ হলে ৰগৰ নামৰ ঔষধ ১.৫ মি: লি: প্রতি লিটাৰ পানীত মিহলাই ১০ দিনৰ ব্যৱধানত স্প্রে কৰিব লাগে নাইবা মালাথিয়ন ৫০ ইঞ্চি ১৫ মি: লি: প্রতি লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব লাগে । প্রয়োগৰ আগতে পৈণত ফলবোৰ চিঙিব লাগে । ঔষধ প্রয়োগৰ ১০ দিনৰ ভিতৰত ফল চিঙিব নালাগে ।

উত্পাদন:

জাত ভেদে কেপচিকামৰ উত্পাদন বিঘাই প্রতি ১৬-২০ কুইন্টল পর্য্যন্ত পোৱা যায় ।

শেহতীয়া উন্নীতকৰণ: : 6/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate