অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টিঅ'চিনিট

জাত

সিৰাচা, টি-এল-১৬, টি-এল ২

মাটি নিৰ্বাচন

পানী জমা হব নোৱাৰা বালিঅঁহীয়া মাটিহে নিৰ্বাচন কৰিব লাগে ৷

পথাৰ প্ৰস্তুতি

মোল্ডবোৰ্ড নাঙলেৰে মাটিডোখৰ ভালদৰে এবাৰ হালবাই ৪-৫ বাৰ মান তক্তাৰে মৈয়াই সমান কৰিলেই যথেষ্ট হয় ৷ মাটিত থকা গছৰ মুঢ়া বা বনবাতবোৰ আতৰায় পেলাব লাগে৷ মাটিডোখৰৰ পৰা সোনকালে পানী ওলাই যাব পৰাকৈ লোৰ খান্দি দিব লাগে৷

সিঁচাৰ সময় : এপ্ৰিল – জুন ৷

বীজৰ পৰিমান : হেক্টৰত ৪০ কি:গ্ৰাম ৷

ব্যৱধান   
শাৰীৰ দূৰত্ব      = ৪০ ছে:মিটাৰ ৷
গছৰ দূৰত্ব        = ১৫ ছে:মিটাৰ ৷

সাৰ প্ৰয়োগ

হেক্টৰে প্ৰতি ৩-৪ টন নাইবা বিঘাই প্ৰতি ৫-৬ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব ৷

পুষ্টি

ফৰিমান কি:গ্ৰা:/হেক্টৰত

সাৰ

সাৰৰ পৰিমান (কি:গ্ৰাম)

হেক্টৰত

বিঘাত

নাইট্ৰোজেন

৮০

ইউৰীয়া

 

 

ফছফৰাছ

একক চুপাৰ ফছফেট

 

 

পটাছ

মিউৰেট অৱ পটাছ

 

 

মাটিডৰা শেষ বাৰ চহাওতে হেক্টৰে প্ৰতি ৪০ কি:গ্ৰাম নাইট্ৰোজেন আৰু সমুদায় ফছফৰাছ আৰু পটাছ সাৰ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব লাগে৷ বাকী থকা ৪০ কি:গ্ৰাম নাইট্ৰোজেন টপদ্ৰেছ হিচাবে বীজ সিঁচাৰ ৪০ দিনৰ পিছত প্ৰয়োগ কৰিব ৷

পৰিচৰ্য্যা

বীজ সিঁচাৰ ২৫-৩০ দিনৰ পিছত এবাৰ বনবাতবোৰ নিৰায় দিব৷

জলসিঞ্চন

সাধাৰণতে বৰষুণৰ বতৰত জলসিঞ্চনৰ প্ৰয়োজন নহয়৷ কিন্তু বৰষুণৰ অভাৱৰ বাবে মাটি শুকাই গলে অনতি পলমে খেতিত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে৷ বীজ সিঁচাৰ আগেয়ে জলসিঞ্চন কৰিব লাগে যাতে বীজ সিঁচাৰ পিছত বীজ অঙ্কুৰণত সহায়ক হয়৷ কিন্তু পৰ্য্যায় ক্ৰমে পিছত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিহে জলসিঞ্চন দিব লাগে৷

শস্য কটাৰ সময় : বীজ সিঁচাৰ ৭০-৮০ দিনৰ পিছত প্ৰথমবাৰ শস্য/ঘাঁহবোৰ কাটিব লাগে ৷

সেউজীয়া ঘাঁহৰ উৎপাদন : হেক্টৰত ৩০ টন৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate