অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দীন নাথ ঘাঁহৰ খেতি

দীন নাথ ঘাঁহৰ খেতি

জাত : জে-পি ১২, পুছা ৩ আৰু পুছা ১৯ ৷

মাটি প্ৰস্তুতি

পানী ওলাই যাব পৰা সু-ব্যৱস্হা থকা মাটিয়েই সাধাৰণতে নিৰ্বাচন কৰিব লাগে ৷ মোল্ডবোৰ্ড নাঙলেৰে এবাৰ হাল বাই ৩-৪ বাৰ মৈ দি এবাৰ তক্তা চলাই দিব লাগে ৷ প্ৰথম অৱস্হাত ৩৫-৪০ দিন মানলৈকে পুলিবোৰ বৰ লাহে লাহে বাঢ়ে ৷ গতিকে এই সময়চোৱাত পথাৰখন বনবাতৰ পৰা মুক্ত কৰি ৰাখিব লাগে ৷

বীজ সিঁচাৰ সময়

এপ্ৰিলৰ পৰা জুনলৈ ৷

বীজৰ পৰিমান

প্ৰতি হেক্টৰত ৮ কি.গ্রা. ৷

ব্যৱধান

শাৰীৰ মাজত ৩০ ছে:মিটাৰ ৷
গছৰ মাজত ১০ ছে:মিটাৰ ৷

সাৰ প্ৰয়োগ

হেক্টৰে প্ৰতি ৪-৫ টন নাইবা বিঘাই প্ৰতি ৬-৮ কুইন্টলকৈ পচনসাৰ প্ৰয়োগ কৰিব ৷

ফুষ্টি

পৰিমান কি:গ্ৰাম/হেক্টৰ

সাৰ

সাৰৰ পৰিমান

কি:গ্ৰাম/হেক্টৰত

কি:গ্ৰাম/বিঘাত

নাইট্ৰোজেন

৬০

ইউৰীয়া

১৩২

১৮

ফছফৰাছ

৩০

একক চুপাৰ ফছফেট

১৮৬

২৫

পটাছ

-

-

-

-

 

মাটিডৰা শেষবাৰ চহাওঁতে ৩০ কি:গ্ৰাম নাইট্ৰোজেন আৰু সমুদায় ফছফৰাছ সাৰখিনি প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা ৩০ কি:গ্ৰাম নাইট্ৰোজেন সাৰ প্ৰথমবাৰ ঘাঁহ কটাৰ পিছত টপদ্ৰেছ হিচাবে প্ৰয়োগ কৰিব লাগে ৷

ঘাঁহ কটা

ঘাঁহ দুবাৰ কাটিব লাগে ৷ বীজ সিঁচাৰ ৬০ দিনৰ পিছত প্ৰথমবাৰ আৰু প্ৰথমবাৰ ঘাঁহ কটাৰ ৪৫ দিনৰ পিছত দ্বিতীয়বাৰ ঘাঁহ কাটিব লাগে ৷ শেহতীয়াকৈ কৰা খেতিত পাতবোৰ ডাঙৰ হ’লে এবাৰেই কাটিব লাগে ৷

সেউজীয়া ঘাঁহৰ উৎপাদন : দুবাৰ কাটিলে প্ৰতি হেক্টৰত ৫০-৬০ টনকৈ ঘাঁহ পোৱা যায়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate