অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধেমচি

ধেমচি

জাত : স্থানীয়৷

কৃষিকাল : ৯০-১১০ দিন৷

মাটি আৰু মাটি প্ৰস্তুতি:

বালিচঁহীয়া মাটি নিৰ্বাচন কৰিব ৷ মাটিডৰা ভালদৰে হাল বাই সমান কৰি লব লাগে৷ ৪ –৫ চাহমান হাল বাই মৈ দি ললেই মাটি ভাল মিহি হ'ব৷ বীজ সিঁচাৰ প্ৰায় এমাহমান আগতেই প্ৰথমবাৰ হালবাই লব লাগে৷

বীজ সিঁচাৰ সময় :

ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত অক্টোবৰ মাহত আৰু নামনি অঞ্চলত অক্টোবৰৰ পৰা নবেম্বৰ মাহৰ মাজ ভাগলৈকে বীজ সিঁচিব পাৰি ৷

বীজৰ পৰিমাণ : ২০ কিলো/হেক্টৰত (২.৭ কিলো/বিঘাত)

ব্যৱধান : শাৰীৰ মাজত ৩০ চে: মি: ৷

বীজ সিঁচাৰ পদ্ধতি :

৩০ চে: মি: ব্যৱধানত ৫ চে: মি: দকৈ খাল খান্দি লব ৷ খাল বোৰত ৩-৫ চে: মি: দত বীজ সিঁচিব ৷ বীজ ৫ চে: মি:তকৈ অধিক দ'ত সিঁচিব নালাগে ৷ বীজ সিঁচাৰ পিচত মৈ দি বীজবোৰ মাটিৰে ঢাকি দিব ৷ মৈ দিলে মাটি সমান হোৱাৰ ফলত সোনকালে গজালি ওলায় ৷

সাৰ পয়োগ :

পুষ্টিৰ উপাদান

সাৰ

নাইট্র’জেন ২০ কি:/হেক্টৰত

ইউৰিয়া ৪৪ কি:/হেক্টৰত ( ৬কি:/বিঘাত)

ফছফৰাচ  ১০ কি:/হেক্টৰত

একক চুপাৰ ফছফেট ৬৩ কি:/হে: (৯ কি:/বিঘাত)

পটাছ  ১০ কি:/হেক্টৰত

মিউৰেট অব পটাছ  ১৭ কি:/হে: (২ কি:/বিঘাত)

বীজ সিঁচাৰ এদিন আগেয়ে সমুদায় সাৰ প্ৰয়োগ কৰিব ৷ সাৰ ভালদৰে মাটিৰ লগত মিহলাই লব ৷

বনবাত নিয়ন্ত্ৰণ :

বনবাতবোৰ ৪-৫ পতীয়া হোৱাৰ আগতেই নিৰাব লাগে ৷ শুকান মাটিৰ নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায় ৷

মোৱা পোক : মোৱাপোকে প্ৰৱল ভাৱে আক্ৰমণ কৰিলে নিয়ন্ত্ৰণৰ বাবে তলত দিয়া যেকোনো এবিধ ঔষধ প্ৰয়োগ কৰিব ৷ ফুল ধৰাৰ আগতে এনে ব্যৱস্হা ললে সুফল পোৱা যায় ৷

  • ডাইমিথোৱেট (ৰগৰ ৪০ ইচি)  হেক্টৰে প্ৰতি ৫০০ মি: লি: (বিঘাই প্ৰতি ৬৭ মি: লি:)
  • ক্লৰ পাইৰিফছ (দাৰ্চবান ২০ ইচি) হেক্টৰে প্ৰতি ৫০০ মি: লি: (বিঘাই প্ৰতি ৬৭ মি: লি:)
  • ফচফামিদন (ডাইমেক্ৰন ১০০ ইচি) হেক্টৰে প্ৰতি ২০০ মি: লি: (বিঘাই প্ৰতি ২৭ মি: লি:)

হাতৰে চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে উক্ত পৰিমাণৰ ঔষধ প্ৰতি হেক্টৰ মাটিৰ বাবে ৫০০-৭০০ লিটাৰ পানীত (প্ৰতি বিঘাৰ বাবে ৬৫-৯০ লিটাৰ পানীত) মিহলাই স্প্ৰে কৰিব ৷ শক্তি চালিত স্প্ৰেয়াৰ ব্যৱহাৰ কৰিলে প্ৰতি হেক্টৰৰ বাবে ২০০-২৫০ লিটাৰ পানীত (প্ৰতি বিঘাৰ বাবে ২৫-৩০ লিটাৰ পানীত) এই পৰিমাণৰ ঔষধ মিহলাই স্প্ৰে কৰিব৷

খেতি চপোৱা :

গছবোৰ ক’লা হবলৈ ধৰোতেই আৰু চেইবোৰ শুকাই আহিবলৈ ধৰোতে খেতি চপাব ৷

মৰণা মৰা

খেতি চপোৱাৰ পিছত গছবোৰ পথাৰত ২-৩ দিন ৰ'দত শুকেৱাই লব ৷ গৰুৰে গৰকাই নাইবা মাৰিৰে কোবাই মৰণা মাৰিব লাগে৷

গড় উৎপাদন : প্ৰতি হেক্টৰত ১২-১৫ কুইন্টল৷

ব্যৱহাৰ

মৰণা মৰাৰ পিছত ঢেঁকীত বানি বাকলি এৰুৱাব লাগে ৷ ইয়াৰ চাউলবোৰ অতি বগা আৰু ইয়াৰে ময়দা বনাব পাৰি ৷ এই ময়দাৰে চাপাতি বনোৱা হয় ৷ ঘেঁহু আৰু বার্লিৰ লগত মিহলি কৰিও খাব পাৰি ৷ কোমল গছবোৰ গৰু ছাগলীৰ ঘাঁহ হিচাবে ব্যৱহাৰ কৰিব পাৰি ৷ শুকান গছবোৰ খৰি হয় ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate