অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিয়মীয়া আহু (সিঁচা পদ্ধতি)

নিয়মীয়া আহু (সিঁচা পদ্ধতি)

মাটি নিৰ্বাচন:

যি অঞ্চলত বোকা, বালিঅঁহীয়া, মাটিৰ ওপৰ ভাগত মজলীয়া বালিয়া মাটি থাকে, তেনেকুৱা মাটি এই খেতিৰ বাবে উপযোগী ৷ 
জাত সমূহ (মণ্ডল ভিত্তিক অনুমোদন):

জাত

কৃষিজলবায়ু
পৰিমণ্ডল

কৃষিকাল
(দিন হিচাবত)

গড় অনুপাতে গা-গছৰ
উচ্চ্তা (চে:মি:)

ক) আধুনিক অৰ্দ্ধচাপৰ জাত:

গোবিন্দ

২,৩,৪,৫,৬

১০৫-১১০

৯৫

আই-আৰ-৫০

২, ৩,৪,৫,৬

১০৫-১১০

৮৫

আই-আৰ ৮/জয়া

১৩০-১৪০

১০০-১০৫

ৰাচী

১,২,৪,৬

১১০-১১৫

৯০

আই-আৰ-৩৬

১,৩,৮,৬

১১০-১২০

৮৫

কালচাৰ-১(কলিঙ্গ-৩)

২,৩,৪,৫

৮০-৯০

৭৫-৮৫

চি আৰ এম

-----

------

খ) ওখ জাত:

বাঙলামী

১ ক, ৪

১১৫-১২০

১০০

ৰঙাদৰীয়া

১,৩,৪

১১৫-১২০

ডুবাইচেঙা

১১৫-১২০

চি এইচ-৬৩

১,২,৩,৪

১১০-১১৫

আহুজহা

১,ক,৪

ডোগাৰঙা

১১০-১২০

কলা ছোপিলা

৮৫-৯৫

ইহাজিত

পাঞ্জাশালি

৩,৪

১১০-১১৫

ফাপৰি আহু

৯৫-১০০

ক’ইজাপৰি

৯৫-১০৫

হাছাকুমৰা

৮০-৮৫

গুণী

৮০-৮৫

ক’লামানিক

১১৫-১২০

ক’ই মুৰলী

৯৫- ১০০

মাইৰী

৯০-১০০

ডিমৰু

৯০- ১০০

ল’টাগুণী

১১০-১২০

হৰিণ কাজলী

১১০-১১৫

১) (ক) শোণিতপুৰ আৰু দৰং জিলাত ৷

১) ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ মণ্ডল,

(২) ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চল মণ্ডল,

(৩) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য মণ্ডল,

(৪) ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি মণ্ডল,

(৫) বৰাক উপত্যকা মণ্ডল,

(৬) পাৰ্বত্য অঞ্চল মণ্ডল ৷

অৰ্দ্ধচাপৰ জাতৰ কৃষিকাল তিতাবৰত লোৱা পৰীক্ষাভিত্তিক লেৱা হৈছে ৷ বাকী সকলো বিলাক জাতৰ কৃষিকাল প্ৰত্যেক মণ্ডলৰ ক্ষেত্ৰ অনুসন্দ্ধান কেন্দ্ৰৰ পৰা যুগুত কৰা হৈছে৷

ব্লাষ্টৰোগে আক্ৰান্ত কৰা অঞ্চল সমূহৰ বাবে অনুমোদিত নহয়৷

বীজ নিৰ্বাচন:

বীজবোৰ পৰিষ্কাৰ পানীত ডুবাই হাতেৰে লৰাই দিয়ক ৷ ইয়াৰ পিছত ওপঙি উঠা বীজবোৰ আঁতৰাই লৈ তলত ডুব যোৱা বীজবোৰ নিৰ্বাচন কৰিব৷

বীজ সিঁচাৰ সময়:

মাৰ্চ-এপ্ৰিল মাহত বীজ সিঁচিব লাগে৷

শুকান বীজ শোধন:

বীজবোৰ এটা পাত্ৰত তলত দিয়া যিকোনো এটা ঔষধৰ লগত মিহলাই লওক ৷ তেতিয়াহে বীজৰ সৈতে ভালদৰে মিহলি হ’ব৷

ৰোগনাশক ঔষধৰ
নাম

প্ৰতি কিলোগ্ৰাম
বীজৰ বাবে
ঔষধৰ পৰিমাণ

এক হেক্টৰ মাটিৰ বাবে
বীজ শোধন কৰোতে
হোৱা খৰছ

ইন্দফিল এম-৪৫ 
কেপটাফ 
ফোলটাফ্

২.৫ গ্ৰাম 
২.৫ গ্ৰাম 
২.৫ গ্ৰাম

৪৪.০০ টকা 
৬৬.০০ টকা 
১০৬.০০ টকা

পথাৰ প্ৰস্তুতি:

মাটিডৰা ৩-৪ বাৰ হাল বাই চহাই মৈ দি সমান কৰি লব, যাতে সকলো ঠাইতে সমানে পানী থাকে ৷ মাটি প্ৰস্তুত কৰোঁতে পচন সাৰ প্ৰয়োগ কৰিব৷

সাৰ প্ৰয়োগ:

হেক্টৰে প্ৰতি ১০ টনকৈ নাইবা বিঘাই প্ৰতি ১৫ কুইন্টলকৈ পচন সাৰ প্ৰয়োগ কৰিব  লাগে৷

(ক) আধুনিক অৰ্দ্ধচাপৰ জাত :

পুষ্টিৰ পৰিমাণ (কি:গ্ৰা:/হেক্টৰ)

ৰাসায়নিক সাৰ(কি:গ্ৰা:/হেক্টৰ)

সাৰৰ পৰিমাণ(কি:গ্ৰা:/বিঘা)

নাইট্র'জেন ৪০

ইউৰিয়া ৮৮

১২

ফচফৰাচ  ২০

একক  চুপাৰ ফছফেট ১২৫ ঢ

১৭

পটাছ       ২০

মিউৰেট অৱ পটাছ  ৩২

(খ) ওখ জাত আৰু কলিঙ্গ ৩:

পুষ্টিৰ পৰিমাণ (কি:গ্ৰা:/হেক্টৰ)

ৰাসায়নিক সাৰ(কি:গ্ৰা:/হেক্টৰ)

সাৰৰ পৰিমাণ(কি:গ্ৰা:/বিঘা)

নাইট'জেন ২০

ইউৰিয়া  ৪৪

ফচফৰাচ  ১০

একক  চুপাৰ ফছফেট    ৬২

পটাছ  ১০

মিউৰেট অৱ পটাছ  ১৭

১ নং পৰিমশুলৰ বাবে নাইট্ৰজেন, ফছফৰাচ আৰু পটাছৰ পৰিমাণ প্ৰতি হেক্টৰত ৩০ : ৩০ : ২০ কিলোগ্ৰামকৈ অনুমোদন কৰা হৈছে৷ দানা যুক্ত মিশ্ৰিত ৰাসায়নিক সাৰ সিমিত পৰিমাণৰ প্ৰয়োগ কৰিব পাৰে৷

ডি, এ, পি, সাৰ অকলে বা ৰক, ফছফেট সাৰৰ লগত অনুমোদিত হাৰত (৪০ : ২০ : ২০) হিচাবে একক চুপাৰ ফছফেট বা মিচৌৰী ফচচেটৰ সলনি ব্যৱহাৰ কৰিব পাৰি৷ 

সাৰ প্ৰয়োগৰ সময়

  • মাটিডৰা শেষবাৰ চহাই লোৱাৰ সময়ত সমুদায় ফছফৰাচ সাৰ প্ৰয়োগ কৰিব ৷
  • বীজ অঙ্কুৰিত হোৱাৰ ১৫-২৫ দিনৰ পিচত, প্ৰথমবাৰ নিৰনিৰ সময়ত আধাভাগ নাইট্ৰজেন আৰু আধাভাগ পটাছ সাৰ প্ৰয়োগ কৰিব ৷
  • বীজ অঙ্কুৰিত হোৱাৰ ৪৫-৫০ দিনৰ পিচত দ্বিতীয়বাৰ নিৰনিৰ সময়ত বাকী থকা আধা অংশ নাইট্ৰ’জেন আৰু পটাছ সাৰ টপ্ দ্ৰেছ হিচাবে প্ৰয়োগ কৰিব ৷

বীজ সিঁচা বিধি আৰু বীজৰ পৰিমাণ :

  • শাৰীবদ্ধ: ২০ চে: মি: আঁতৰে আঁতৰে শাৰীবদ্ধ ভাৱে বীজ  হেক্টৰে প্ৰতি ৭৫ কেজি বা  বিঘাই প্ৰতি ১০-১২ কেজি সিঁচিব ৷
  • সিঁচি দিয়া পদ্ধতি: হেক্টৰে প্ৰতি ১০৫-১১০ কেজি বা বিঘাই প্ৰতি ১৪ কেজি ৷

প্ৰতিপালন:

  • বীজ সিচাৰ ২-৩ সপ্তাহৰ পিচত চক্ৰাকাৰ, শুকান মাটিৰ নিৰণি যন্ত্ৰ, বিন্ধা বা মৈ ব্যৱহাৰ কৰি বনবাত নিৰাই দিব ৷ বীজ চক্ৰকোৰ নাইবা শুকান মাটিৰ নিৰণি যন্ত্ৰেৰে দ্বিতীয় বাৰ বনবাত নিৰাই দিব ৷ চক্ৰকোৰ বা শুকান মাটিৰ নিৰণি যন্ত্ৰ নাথাকিলে হাতেৰেই বনবাত উভালি দিব ৷ বনবাত নিৰাই দিয়াৰ পিছত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব ৷
  • বনবাত নিৰোধক ৰাসায়নিক দ্র্যব্য হিচাপে, বুটাক্লোৰ, গজালি ওলোৱাৰ আগেয়ে প্ৰয়োগ কৰা ঔষধ হিচাপে প্ৰতি হেক্টৰত ২ কিলোগ্ৰামকৈ "বুটাক্লোৰ" প্রতি হেক্টৰত ২ কিল'গ্রামকৈ গজালি ওলোৱাৰ আগেয়ে প্রয়োগ কৰিব।  ঔষধ বীজ সিঁচাৰ ২-৩ দিনৰ পিছতে প্ৰয়োগ কৰিব ৷ বীজ সিঁচাৰ ৩০-৩৫ দিনৰ পিচত হাতেৰে এবাৰ বনবাত নিৰাই দিব ৷ পাহাৰীয়া অঞ্চলৰ বাবে বুটাক্লোৰ  ঔষধ প্ৰতি হেক্টাৰত ১.৫ কিলোগ্ৰামকৈ গুটি সিচাঁৰ ৩৫ দিনৰ পিচত প্রয়োগ কৰিব আৰু ৫০ দিনৰ পিচত হাতেৰে এবাৰকৈ বনবাত নিৰাই দিব ৷


উপতৃণ নাশক ঔষধৰ পৰিমাণ নিৰ্ণয় কৰিব  পৰা উপায়:

উপতৃণ আৱশ্যকৰ পৰিমাণ = কক x খ x ১০০

কক= অনুমোদিত উপতৃণৰ নাশক ঔষধৰ পৰিমাণ

খ    = উপতৃণ নাশক ঔষধ প্ৰয়োগ কৰিব লগা মাটিৰ পৰিমাণ

গ    = উপতৃণ নাশক ঔষধত প্ৰকৃত শক্তিৰ পৰিমাণ৷

শস্য ৰক্ষাৰ ব্যৱস্থা

(ক) পোক-পৰুৱা

(১) ধান গছত পোক-পৰুৱাৰ উপদ্ৰৱৰ হাত সাৰিবলৈ অৰ্থনৈতিক ক্ষয়ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্ৰয়োগ কৰিব লাগে (১ নং তালিকা) ৷ যিবোৰ পোক-পৰুৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিসীমা দিয়া হোৱা নাই সেইবোৰ পোকৰ উপদ্ৰৱ খেতি পথাৰত দেখা দিয়াৰ লগে লগে ঔষধ প্ৰয়োগ কৰিব৷

(২) ২ নং তালিকাৰ অনুমোদন অনুযায়ী বিভিন্ন পোক-পৰুৱাৰ নিয়ন্ত্ৰণৰ বাবে ঔষধ প্ৰয়োগ কৰিব৷

(খ) ৰুটনট নিমাটোড – এই ৰোগে আক্ৰান্ত কৰা অঞ্চল সমুহত শস্যৰ প্ৰথম অৱস্হাত খেতিডৰাক এই পোকৰ আক্ৰমনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া যিকোনো এবিধ দানাযুক্ত কীটনাশক ঔষধ বীজ সিচাঁৰ ৫-৭ দিনৰ পিচত প্ৰয়োগ কৰিব৷

(১) কাৰ্বোফু্ৰান (ফুৰাদন ৩ জি) প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰামকৈ৷

(২) ফোৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ৷

(৩) ডায়াজিনন (বাচুদিন ১০ জি) প্ৰতি বৰ্গমিটাৰত ১ গ্ৰামকৈ৷

(গ) ৰোগ

(১) ব্লাষ্ট

(ক) গোবিন্দ, কাবেৰী, আই আৰ-৩৬, কালচাৰ-১ আৰু চি এইচ-৩৬ আদিৰ দৰে ব্লাষ্ট বেমাৰ প্ৰতিষেধক গুণ বিশিষ্ঠ জাতৰ খেতি কৰিব ৷

(খ) আগতে কৈ অহাৰ দৰে বীজবোৰ শোধন কৰি লব ৷

(গ) ব্লাষ্ট বেমাৰ নিয়ন্ত্ৰণৰ বাবে সময়মতে ঔষধ প্ৰয়োগ কৰাটো অতি জৰুৰী ৷ ধানৰ ওপৰৰ পাঁচোটা পাত লক্ষ্য কৰিব ৷ যদি পাৰত শতকৰ ৫ ভাগ ব্লাষ্ট ৰোগৰ দ্বাৰা ক্ষতি হৈছে তেনে হলে শস্য ৰক্ষাৰ ব্যৱস্হা গ্ৰহণ কৰিব ৷ সাধাৰণতে ৩ বাৰ ঔষধ প্ৰয়োগ কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ পোখা মেলাৰ সময়ত (বীজ সিঁচাৰ ৪০-৪৫ দিনৰ পিচত) প্ৰতিলিটাৰ পানীত ১ গ্ৰামকৈ বেভিষ্টিন নাইবা ডিৰোচাল নাইবা টপছিল এম ৭০% (পানীত গুলিব পৰা) ঔষধ প্ৰয়োগ কৰিব ৷ তাৰ পিছত ফুল ওলোৱাৰ লগে লগে এবাৰ এবাৰকৈ মুঠতে ২ বাৰ হিনোচান ঔষধ ১ মি: লি: ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব৷

(২) পাতৰ সিৰাত হোৰা ব্লাইট বেমাৰ

ক) গোবিন্দ, আই আৰ ৩৬ ৰ নিচিনা ৰোগ প্ৰতিষেধক গুণ বিশিষ্ট জাতৰ খেতি কৰিব৷

খ) যদিহে ইতিমধ্যে এই বেমাৰ দেখা দিছে তেনেহলে ফুল ধৰা সময়ত নাইট্ৰ’জেন সাৰ টপদ্ৰেছিং নকৰিব৷ তাৰ সলনি প্ৰতি হেক্টৰত ১০ কিলোগ্ৰামকৈ পটাছ নাইবা প্ৰতি বিঘাত ৫ কিলোগ্ৰামকৈ পটাছ শতকৰা ৩ ভাগ মিশ্ৰণ হিচাবে স্প্ৰে কৰিব৷

(৩) পাত শুকাই যোৱা বেমাৰ

ক) বীজবোৰ  ২৪ ঘন্টা সময় তলত দিয়া যি কোনো এটা ঔষধৰ মিশ্ৰণত ডুবাই ৰাখিব ৷ টপছিন এম (থায়োফেনেট মিঠাইল), বেনলেট (বেনোমিলা), বেভিষ্টিন (এন বি চি), ডেৰোচল (এম বি চি) প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ ঔষধ মিহলাব ৷ 
খ) ৰোগে আক্ৰান্ত কৰা গছবোৰ খেতিপথাৰৰ পৰা উভালি আতৰাই পেলাব৷

উন্নত মানদণ্ডৰ শস্যদানাৰ বাবে চপোৱাৰ আগতে লবলগীয়া ব্যৱস্থা

বৰষুণৰ বতৰত সাধাৰণতে আহুধান চপাবৰ হয় ৷ সেয়েহে শস্যত থকা জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱা বাবে শস্যৰ বীজবোৰৰ ৰং বিবৰ্ণ হৈ যোৱাৰ উপৰিও সময়ে সময়ে গজালি ওলায় ৷ সেয়েহে এই সমস্যাৰ পৰা হাত সাৰিবলৈ ০,০৫% ভাগ ডাইকোৱাট নাইবা ০.১% ভাগ পেৰাকোৱাট নাইবা ১০% নিমখ মিশ্ৰণ শতকৰা ৫০ ভাগ ফুল ওলোৱাৰ পিছত, প্ৰতি হেক্টৰত ১০০০ লিটাৰকৈ ষ্প্ৰে কৰিব ৷ এই ৰাসায়নিক পদাৰ্থবোৰ শস্য পৈণত হোৱাৰ সময় ৫ – ৭ দিনলৈ আগুৱাই দিয়ে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate