অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালিধান

শালিধান

জাত: (মণ্ডল অনুযায়ী অনুমোদিত)

জাত

কৃষি জলবায়ু পৰিমণ্ডলৰ বাবে

কৃষিকাল
(দিন হিচাবত)

সিঁচাৰ সময়

গড় অনুপাতত উচ্চতা (ছে:মি:)

(ক) নিয়মীয়া ৰোৱা শালি

১ ৷ আই-আৰ-৩৬

২,৩

১১০-১২৫

জুলাই

৮৫

২ ৷ জয়া

১,২,৩,৪

১২৫-১৩০

জুলাই

১০৫

৩ ৷ পঙ্কজ

১,২,৩,৪,৫,৬

১৪৫-১৫০

জুলাই

১১০

৪ ৷ আই-ই-টি ৬৬৬৬ (লখিমী)

১,২,৩,৪,৫

১৪০-১৫০

জুলাই

১৩৫

৫ ৷ টি-টি-বি ১০১-৯ (পিয়লী)

১,২,৩,৪,৫,৬

১৫০-১৫৫

জুন

১০২

৬ ৷ টি-টি-বি ১০১-৫ (বাহাদুৰ)

১,২,৩,৪,৫,৬

১৫০-১৫৫

জুন

১১৪

৭ ৷ টি-টি-বি ১০১-১১ (কুশল)

১,২,৩,৪,৫,৬

১৫০-১৫৫

জুন

১১৬

৮ ৷ টি-টি-বি ১০১-১৪ (মণিৰাম)

১,২,৩,৪,৫,৬

১৫০-১৫৫

জুন

১০৫

৯ ৷ টি-টি-বি ১০১-১-১৭ (ৰঞ্জিত)

১,২,৩,৪,৫,৬

১৫০-১৫৫

জুন

১০২

১০ ৷ কে-এম-জে ১০-২-২

-

-

-

১১ ৷ টি-টি-বি ১০১-১৫

-

-

-

(খ) আঠাযুক্ত জাত

১ ৷ কে-এম-জে ৩-২৯৬-৩ (ৰঙিলী)

১,২,৩,৫

১৬০-১৬৫

মধ্যজুন

১৩৫

২ ৷ কে-এম-জে ৩-২৯২ (ভোগালী)

১,২,৩,৫

১৫৫-১৬০

জুন

৯৯

৩ ৷ কে-এম-জে ৩-১৪৪

-

-

-

৪ ৷ কে-এম-জে ২-৯-২

১,২,৩,৫

১৬০-১৬৫

মধ্যজুন

১০৫

বহুতৰপীয়া খেতিত ব্যৱহিত জাত

১ ৷ সত্য

১,২,৪,৫

১৩০-১৩৫

মধ্যজুন

১১৩

২ ৷ বসুন্ধৰা

১,২,৩,৪

১৩০-১৩৩

মধ্যজুন

১০৭

ওখ জাত

১ ৷ মনোহৰ শালি

১,২,৩,৪,৫,৬

১৫৫-১৬০

মধ্যজুন

১৩০-১৪০

২ ৷ মাচুৰী

১,২,৩,৪,৫,৬

১৬০-১৬৫

মধ্যজুন

১৩০

৩ ৷ স্বৰ্ণপ্ৰভা

২,৫

১১৫-১২০

জুলাই

১৩৫

সুগন্ধি জাত

১ ৷ কেতেকী জহা

১,২,৩,৫

১৫৫-১৬৫

মধ্যজুন

১০০-১৪০

বানপানীৰ পিছত ৰুব পৰা শেহতীয়া শালিধানৰ জাত

১ ৷ মনোহৰ শালি

১,২,৩,৪,৫

-

মধ্য জুলাই—আগষ্টৰ প্ৰথম সপ্তাহ

১৩০

২ ৷ বিৰাজ

মধ্য জুলাই—আগষ্টৰ প্ৰথম সপ্তাহ

১২০

৩ ৷ এনড্ৰিউ শালি

২,৫

মধ্য জুলাই—আগষ্টৰ প্ৰথম সপ্তাহ

১৩০

৪ ৷ শ’লপোণা

মধ্য জুলাই—আগষ্টৰ প্ৰথম সপ্তাহ

১৩০-১৪০

৫ ৷ প্ৰসাদভোগ

মধ্য জুলাই—আগষ্টৰ প্ৰথম সপ্তাহ

১৩০-১৪০

৬ ৷ গোবিন্দভোগ

মধ্য জুলাই—আগষ্টৰ প্ৰথম সপ্তাহ

১৩০-১৪০

৭ ৷ কে-এম-জে ১-১৯-১

জুলাই

১৩০-১৪০

শেহতীয়া সিঁচা শালিধানৰ জাত

১ ৷ সোণামুখী

৮৫-৯৫

জুলাই

-

২ ৷ লুইত

১,২,৩,৪,৫

৯০-৯৫

জুলাই

-

৩ ৷ কপিলী

১,২,৩,৪,৫

৯০-৯৫

জুলাই

-

৪ ৷ দিচাং

-

-

-

-

টোকা :

  • জয়াধান আঁহু হিচাবে কৰা মজলীয়া উচ্চতাৰ পথাৰত আই-আৰ-৫০ জাত দুতৰপীয়া শস্য হিচাবে কৰিব লাগে ৷
  • ১৩০ ছে:মিটাৰতকৈ অধিক উচ্চতাৰ ধানখেতিক উচ্চজাতৰ ধান খেতি বুলি কোৱা হৈছে ৷

(১) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ মণ্ডল

(২) ব্ৰহ্মপুত্ৰৰ উজনি মণ্ডল

(৩) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য মণ্ডল

(৪) ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ নামনি মণ্ডল

(৫) বৰাক উপত্যকা

৬) পাৰ্বত্য মণ্ডল ৷

অপ্রসন্ন বৰষুণৰ ওপৰত নির্ভৰশীল নতুনকৈ অনুমোদিত শালিধানৰ জাঁত

জাঁত

গছৰ দৈঘ্য(চে.মি.)

কৃষি কাল

সিচাঁৰ সময়

ৰোৱাৰ সময়

কঠীয়াৰ বয়স

উত্পাদন(টন/হেক্টৰত)

কৃষি পৰিমণ্ডলৰ বাবে

বেমাৰৰ প্রতিক্রিয়া

প্রফুল্ল

১৩৪

১৫০-১৬০দিন

জুনমাহ

জুলাই

চেপ্তেম্বৰ

৩০-৭৫দিন

৪.৫-৫.০

পার্বত্য পৰিমণ্ডলৰ বাদে অন্য সকলো

বৈখাজ্বলা বেমাৰৰ বাবে প্রতিষেধক জাত পাতৰ বেকটেৰিয়েল বেমাৰৰ বাবে,সাম্যপ্রতিষেধক জাত

ছাপ প্রৱণ দ'মাটিৰ বাবে নতুনকৈ অনুমোদিত শালিধানৰ জাঁত

জাঁত

গছৰ দৈঘ্য(চে.মি.)

কৃষি কাল

সিচাঁৰ সময়

ৰোৱাৰ সময়

কঠীয়াৰ বয়স

উত্পাদন(টন/হেক্টৰত)

কৃষি পৰিমণ্ডলৰ বাবে

বেমাৰৰ প্রতিক্রিয়া

গিতেশ

১৩০

১৫০-১৬০দিন

জুনমাহ

জুলাই

আগষ্ট

৩০-৬০দিন

৫.০-৫.৫

পার্বত্য পৰিমণ্ডলৰ বাদে অন্য সকলো

বৈখাজ্বলা বেমাৰৰ বাবে প্রতিষেধক জাত পাতৰ বেকটেৰিয়েল বেমাৰৰ বাবে,সাম্যপ্রতিষেধক জাত

বৰষুণৰ ওপৰত নির্ভৰশীল,ব্নপানী আক্রান্ত দ'মাটিৰ বাবে অনুমোদিত শালি ধানৰ জাঁত

জাঁত

গছৰ দৈঘ্য(চে.মি.)

কৃষি কাল

সিচাঁৰ সময়

ৰোৱাৰ সময়

কঠীয়াৰ বয়স

উত্পাদন(টন/হেক্টৰত)

কৃষি পৰিমণ্ডলৰ বাবে

বেমাৰৰ প্রতিক্রিয়া

জলশ্রী

১৩৩

১৫০-১৫৫দিন

জুনমাহ

জুলাই

 

৩০-৩৫দিন

৪.০

পার্বত্য পৰিমণ্ডলৰ বাদে অন্য সকলো

বৈখাজ্বলা বেমাৰৰ বাবে প্রতিষেধক জাত পাতৰ বেকটেৰিয়েল বেমাৰৰ বাবে,সাম্যপ্রতিষেধক জাত

জলকুৱৰী ১৩৮

১৩৮

১৫০-১৬০দিন

জুনমাহ

জুলাই

 

৩০-৩৫দিন

৪.০

পার্বত্য পৰিমণ্ডলৰ বাদে অন্য সকলো

বৈখাজ্বলা বেমাৰৰ বাবে প্রতিষেধক জাত পাতৰ বেকটেৰিয়েল বেমাৰৰ বাবে,সাম্যপ্রতিষেধক জাত

দ'মাটিৰ বাবে কম উপাদান গ্রহণযোগ্য শালিধানৰ নতুনকৈ অনুমোদিন জাঁত

জাঁত

সিচাঁৰ সময়

শষ্য কাল

সাৰ প্রয়োগৰ পৰিমাণ

উত্পাদন(টন/হেক্টৰত)

কৃষি পৰিমণ্ডলৰ বাবে

বেমাৰৰ প্রতিক্রিয়া

গান্ধাৰী(জে আৰ ১)

জুনমাহ

১২৫ দিন

২০:১০:১০

৪.২

ব্রক্ষ্মপুত্র উপত্যকাৰ মধ্যঅঞ্চল

প্রতিষেধক:ব্লাটবেমাৰ,পাতৰ বেকটেৰিয়েল বেমাৰ,মজাখোৱা পোক,গান্ধীপোক সাম্যপ্রতিষেধক:পাতত হোৱা ব্লাইট বেমাৰ

মোহন(জে আৰ ৫)

জুনমাহ

১২৬ দিন

২০:১০:১০

৪.১

ব্রক্ষ্মপুত্র উপত্যকাৰ মধ্যঅঞ্চল

প্রতিষেধক:ব্লাটবেমাৰ,পাতৰ বেকটেৰিয়েল বেমাৰ,মজাখোৱা পোক,গান্ধীপোক সাম্যপ্রতিষেধক:পাতত হোৱা ব্লাইট বেমাৰ

শ্রীমন্ত(জে আৰ ২)

জুনমাহ

১৩৮ দিন

২০:১০:১০

৪০:২০:২০

৪:৪

৫:১

ব্রক্ষ্মপুত্রৰ উজনি,মধ্য আৰু পাহাৰিয়া অঞ্চলৰ বাবে

প্রতিষেধক:ব্লাটবেমাৰ,পাতৰ বেকটেৰিয়েল বেমাৰ,মজাখোৱা পোক,গান্ধীপোক সাম্যপ্রতিষেধক:পাতত হোৱা ব্লাইট বেমাৰ

ভাৰতী(জে আৰ ৭)

জুনমাহ

১২৫ দিন

২০:১০:১০

৪০:২০:২০

৪.২

৪:৮

ব্রক্ষ্মপুত্রৰ উজনি,মধ্য আৰু পাহাৰিয়া অঞ্চলৰ বাবে

প্রতিষেধক:ব্লাটবেমাৰ,পাতৰ বেকটেৰিয়েল বেমাৰ,মজাখোৱা পোক,গান্ধীপোক সাম্যপ্রতিষেধক:পাতত হোৱা ব্লাইট বেমাৰ


বীজ নিৰ্বাচন : বীজবোৰ পানীত তিয়াই, ভালদৰে লৰাই বা ঘোদালি দিয়াৰ পিছত উপঙি উঠা বীজবোৰ পেলাই দিব ৷

বীজ শোধন

(ক) তিওৱা পদ্ধতি : নিৰ্বাচিত বীজবোৰ ২৪ ঘন্টা সময় তলত দিয়া যি কোনো এবিধ ভেঁকুৰ নাশক ঔষধৰ মিশ্ৰণত তিয়াই থব৷

ঔষধ

পৰিমান (প্ৰতি লিটাৰ পানীত)

এক হেক্টৰ মাটিৰ বাবে বীজ শোধন কৰোতে হোৱা খৰছ

মেনক’জেব

২.৫ গ্ৰাম

৩৮.০০ টকা

কাৰবেনদিজিম

২.৫ গ্ৰাম

৩৩.০০ টকা

কেপটান

২.৫ গ্ৰাম

৪৭.০০ টকা

এক কি:গ্ৰাম বীজ শোধন কৰিবলৈ ১ লিটাৰ ভেঁকুৰ নাশক ঔষধ মিশ্ৰণৰ প্ৰয়োজন ৷

পানীত বীজ নিৰ্বাচন

ভেকুঁৰ নাশক ঔষধৰ মিশ্ৰণত ২৪ ঘন্টা তিয়াই ৰাখিব

৪৮ ঘন্টা গাপ দি ৰাখিব

(খ) শুকানকৈ বীজ সিঁচিবৰ বাবে শুকান বীজ শোধন পদ্ধতি

ঢাকোন বন্ধ কৰিব পৰা এটা পাত্ৰত বীজবোৰ তলত দিয়া যিকোনো এবিধ ভেঁকুৰ নাশক ঔষধৰ সৈতে মিহলাই ৫ মিনিটমান ভালদৰে জোকাৰি লব যাতে বীজৰ সৈতে ঔষধ ভালদৰে মিহলি হয় ৷

ঔষধ

পৰিমান (প্ৰতি কিলো বীজত)

এক হেক্টৰ মাটিৰ বাবে বীজ শোধন কৰোতে হোৱা খৰছ

মেনক’জেৱ

২.৫

৭১.০০ টকা শাৰী পদ্ধতিত

৯৯.০০ টকা সিঁচা পদ্ধতিত

কেপটান

২.৫

৮৮.০০ টকা শাৰী পদ্ধতিত

১২৩.০০ টকা সিঁচা পদ্ধতিত

কঠীয়া উৎপাদন

(১) সাধাৰণ প্ৰণালী

(ক) বীজতলি প্ৰস্তুতি : মাটিডৰা ভালদৰে চহাই বোকা কৰি ৩০ ছে:মি: আঁতৰে আঁতৰে ১০ মি: দীঘল আৰু ১.২৫ মি: বহল বীজতলি প্ৰস্তত কৰিব ৷ 

(খ) সাৰ প্ৰয়োগ : প্ৰতিখন বীজতলিতে ২০-৩০ কি:গ্ৰাম গোবৰ বা পচন সাৰ, ৪০ গ্ৰাম ইউৰীয়া, ৮০ গ্ৰাম একক চুপাৰ ফছফেট আৰু ৪০ গ্ৰাম মিউৰেট অৱ পটাছ প্ৰয়োগ কৰি ভালদৰে মাটিৰ লগত মিহলাই দিব ৷ 

(গ) বীজৰ পৰিমান : বীজৰ আকাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বীজতলিতে ভালদৰে অঙ্কুৰিত হোৱা বীজ ৬৫০ গ্ৰামৰ পৰা ১০০০ গ্ৰামলৈকে সিঁচিব ৷ এক হেক্টৰ মাটি ৰুবৰ বাবে ৪০-৪৫ কি:গ্ৰাম বীজৰ কঠীয়া প্ৰয়োজন হয় ৷ 

(ঘ) জলসিঞ্চন : বীজ তলিৰ ওপৰভাগ জেকা কৰি ৰাখিবলৈ খলবোৰত পানী ৰাখিব লাগে ৷ কঠীয়া তোলাৰ ২-৩ দিন মান আগৰে পৰা বীজতলিত ২-৩ ছে:মি: পানী ৰাখিব ৷ 

(ঙ) বীজতলিত শস্য ৰক্ষা :

  • কঠীয়াত ব্লাষ্ট ৰোগৰ দাগ দেখা পালেই বেভিষ্টিন ঔষধ প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ মিহলাই নাইবা এপিফেনফছ ১ লিটাৰ পানীত ১ মি:লিটাৰকৈ স্প্ৰে কৰিব ৷
  • নিমাটড বা শস্যকৃমি আক্ৰমণৰ সম্ভাৱনা থাকিলে বীজ সিঁচাৰ ৫-৭ দিনৰ পিছত প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰামকৈ কাৰ্বোফুৰাণ  (ফুৰাডন ৩ জি) ৰ দানা প্ৰয়োগ কৰিব ৷
  • ৰোৱাৰ আগতে কঠীয়াৰ শিপা শোধন : মজাখোৱা, গলমিজ আৰু ঘোঁৰা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ তুলি অনা কঠীয়াৰ শিপাৰ অংশটো পৰিস্কাৰ পানীৰে ধুই শতকৰা ১ ভাগ ইউৰীয়াৰ লগত শতকৰা ০.০২ ভাগ শক্তিযুক্ত ক্লোৰোপাইৰিফছ ঔষধৰ (১ লিটাৰ পানীত ১ মি:লিটাৰ) মিশ্ৰণত ৩ ঘন্টা সময় ডুবাই ৰাখিব ৷ নাইবা কঠীয়া তোলাৰ ৫/৭ দিন আগতে প্ৰতি বৰ্গ মিটাৰ মাটিত ৩ গ্ৰামকৈ ফৰেট (থিমেট ১০ জি) বা দায়াজিনন (বাচুদিন ১০ জি) প্ৰয়োগ কৰিব ৷

(২) দলীচাত কঠীয়া উত্পাদন প্রণালী আৰু যান্ত্রিক পদ্ধতিৰে কঠীয়াৰোৱা:

এই পদ্ধতিত কঠীয়া উত্পাদনৰ বাবে যথেষ্ঠ সাৱধানতা অৱলম্বন কৰিব লাগে । গতিকে তলত উল্লেখকৰা মতে সকলোবোৰ সঁজুলি অথবা প্রক্রিয়াৰ সহায় লব ।

(ক)সা-সজুলি: পলিথিন চিট্,কাঠৰ অথবা লোহাৰ সঁজা,ভালকৈ সান-মিহলি কৰা মাটি,পচন সাৰ,গজালি উলোৱা অথবা শোধন কৰা বীজ ।

(খ)বীজ প্রস্তুত কৰণ: শোধন কৰা বীজখিনি বস্তাত ভৰায় পানীত ৰাতিটো ৰাখি থব । তাৰ পাচদিনা বীজবোৰ পানীৰ পৰা উলিয়াই বতাহত থব আৰু লক্ষ্য কৰিব যাতে গজালিবোৰ ১-২ মি:মিটাৰ মান ওখ হয় । যদি গোটামাৰি থাকে সেইবোৰ ভাঙি পেলাব লাগে ।

(গ)কঠীয়া তলীৰ ব্যাসার্দ্ধ: ১৬ মিটাৰ * ১মিটাৰ জোখৰ ৩খন তলী প্রস্তুত কৰিলেই ১ হেক্টৰ মাটিৰ বাবে প্রয়োজন হোৱা কঠীয়া গজাব পাৰিব ।

(ঘ)সঁজা: সম ব্যাসাদ্ধৰ দলীচা তৈয়াৰ কৰিবলৈ সঁজা তৈয়াৰ কৰি লব ।

(ঙ)মাটিৰ প্রস্তুতি: মাটি আৰু পচনসাৰৰ ২:১ পৰিমাণৰ মিশ্রণ তৈয়াৰ কৰি চালি লব যাতে মাটিৰ মিশ্রণটো সমভাৱে মিহলি হয় ।

(চ) কঠীয়া তলীৰ প্রস্তুতি: ১৩০ চে:মি:* ১৬৫০ চে:মি পৰিসৰৰ পলিথিন বীজতলীজোখৰ বহুৱায় দিব আৰু ইয়াৰ ওপৰত সেই কাঠৰ অথবা লোহাৰ সঁজাটো বহুৱায় দিব । তাৰ ওপৰত মিশ্রিতমাটি খিনি বহলায় দিব লাগে । লক্ষ্য কৰিব লাগে যাতে মাটিৰ উচ্চতা ১০০ চে:মি: তকৈ বেচি নহয় । সঁজাটোৰ ভিতৰৰ মাটি খিনি ভালদৰে সমান কৰি পেলাব ।

(ছ)গজালি উলোৱা বীজ সিঁচা: ১কি:গ্রাম/বর্গমিটাৰ পৰিমাণৰ বীজ সঁজাটোৰ ভিতৰত সিঁচি দিব ।

(জ)পানীৰ পৰিচালনা : বীজতলীখন তিঁতা বস্তাৰে ভালদৰে ঢাকি দিব আৰু ৪ দিনৰ ব্যৱধানত পানী স্প্রে কৰি থাকিব । কঠীয়াবোৰ এটা সমজোখত পোৱাৰ পিচত তলীডৰা পানীৰ ভৰায় পেলাব । সাৱধান হব যাতে পানীৰ উচ্চতা গছ জোপাৰ উচ্চতাৰ আধা হয় ।

(ঝ) কঠীয়া তোলা: কঠীয়াবোৰ যেতিয়া ৩-৪ টা পাতৰ অথবা ১৫ চে:মি: মান ওখ হয় ঠিক সেইখিনি মানতেই
কঠীয়া তোলিব লাগে ।

পথাৰ প্রস্তুতি:

১। পথাৰখন ৪-৫ বাৰভালদৰে হালবাই মৈয়াই লব । কঠীয়া ৰোৱাৰ কমেও ২১ দিন আগেয়ে হালবাবলৈ আৰম্ভ কৰিব লাগে । কঠীয়া ৰোৱাৰ ঠিক আগে আগে মাটিডৰা শেষবাৰ চহাব লাগে ।

২। মাটি প্রস্তুতি : মাটিডৰাভালদৰে বোকা কৰিবৰ বাবে গৰুৰে টনা হেলিকেল ফাল হৈছে এবিধ নতুন কৈশল । এই ফালখনৰ ওজন প্রায় ২৬ কি:গ্রাম আৰু ইয়াৰ দ্বাৰা এবাৰত প্রায় ৫০ চে:মিটাৰ মানবহলৰ মাটি এবাৰত ফালিব পাৰি । এই ফাল খন অসমৰ প্রায়বোৰ গৰুৱে টনাব পাৰি । এবাৰ বা দুবাৰ এইফাল আৰু এবাৰ ম'লৱর্ড ফাল ব্যৱহাৰ কৰি মাটিডৰা ভালদৰে চহাব পাৰি । এই ফালেৰে দিনত প্রায় ২ৰ পৰা ২.৫ বিঘা মাটি চহাব পাৰি ।

ঊপযুক্তভাবে হেলিকেলব্লেড্ পাদলাৰ ব্যৱহাৰ

ভালদৰে চহায় থোৱা মাটিডোখৰ বোকাকৰাৰ আগেয়ে পানীৰে ভৰায় থব লাগে । হেলিকেল ব্লেড্ খনৰ সুৰক্ষাৰ বাবে কেতিয়াও শিলগুটি থকা বা শুকান মাটিতপ্রয়োগ কৰিব নালাগে আৰু কাম শেষ হোৱাৰ পিচত যন্ত্রটো ভালদৰে ধুই শুকান ঠাইত ৰাখিব লাগে। পাৰিলে ব্যৱহাৰৰ পিচত এবাৰ ৰং সানি থব পাৰিলে ভাল এনে কৰিলে যন্ত্রটো মামৰে ধৰাৰ পৰা হাত সাৰিব ।

সাৰ প্রয়োগ :

মাটি প্রস্তুত কৰাৰ সময়ত ভালদৰে পচি যোৱা পামজাত সাৰ বা পচন সাৰ হেক্টৰে প্রতি ১০ টনকৈ প্রয়োগ কৰিব লাগে । ইয়াৰ ওপৰিও তলত উল্লেখ কৰা ৰাসায়নিক সাৰৰ ব্যৱহাৰ বৰ প্রয়োজন :

ওপৰোক্ত সাৰৰ পৰিমাণ অসমৰ সকলো ধানখেতি কৰা অঞ্চলৰ বাবে প্রযোজ্য ।

(ক)অর্দ্ধচাপৰ জাত

পুষ্ঠি

পৰিমাণ(কিলোগ্রাম/হেক্টৰত)

ৰাসায়নিক সাৰ

পৰিমাণ(কিলোগ্রাম/হেক্টৰত)

কি:গ্রাম/বিঘাত

নাইট্র'জেন

৬০

ইউৰিয়া

১৩২

১৮

ফছফৰাছ

২০

একক চুপাৰ ফছফেট

১২৫

১৭

পটাছ

১০

মিউৰেট অৱ পটাছ

৬৬

(খ)ওখ জাত

পুষ্ঠি

পৰিমাণ

(কিলোগ্রাম/হেক্টৰত)

ৰাসায়নিক সাৰ

পৰিমাণ

(কিলোগ্রাম/হেক্টৰত)

কি:গ্রাম/বিঘাত

নাইট্র'জেন

২০

ইউৰিয়া

৪৪

১৮

ফছফৰাছ

১০

একক চুপাৰ ফছফেট

৬২

পটাছ

১০

মিউৰেট অৱ পটাছ

১৬

যদি মাটিখিনিত সাৰৰ পৰিমাণ ক'ম থাকে তেতিয়া সাৰৰ পৰিমাণ বোৰ বঢ়াব লাগিব আৰু তাৰ বাবে হেক্টৰে প্রতি ৬০:৩০ কি:গ্রাম হাৰত নাইট্র'জেন,ফছফৰাছ আৰু পটাছৰ প্রয়োজন হব ।

ডি,এ,পি ৰাসায়নিক সাৰ,ৰকফচ্ ফেট সাৰৰ লগত মিহলিকৰি নতুবা অকলে ৪০:২০:২০ হাৰত একক চুপাৰ ফছফেট সাৰৰ আৰু মিউৰেট অৱ পটাছৰ সলনি ব্যৱহাৰ কৰিব পাৰি ।

বৰাক উপত্যকাত য'ত একমাত্র শালিধানহে সাৰ তেনেঠাইত সেউজীয়া সাৰ"ধৈনঞ্চা" শালিধান ৰোৱাৰ আগতেই কৰিব লাগে ।

সাৰ প্রয়োগৰ সময় :

(ক) আগতীয়া জাতৰ বাবে(১০০-১২০দিন)

১। শেষৰ বাৰ মাটি বোকা কৰাৰ সময়ত আধাভাগ ইউৰিয়া সমূদায় চুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ প্রয়োগ কৰিব । খেতিত পানী থকা অৱস্থাত চুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছৰ সৈতে ইউৰিয়া সাৰ বড়ি হিচাপে প্রয়োগ কৰিব পাৰি ।

২। বাকী আধাভাগ ইউৰিয়া পুষ্প উদগমণৰ সময়ত প্রয়োগ কৰিব ।

(খ)মজলীয়া আৰু শেহতীয়া জাতৰ বাবে(১২০-১৫০দিন)

১।মাটি শেষৰবাৰ বোকা কৰোতে আধাভাগ ইউৰিয়া আৰু সমূদায় চুপাৰ ফছফেট আৰু মিউৰেট অৱ পটাছ সাৰ প্রয়োগ কৰিব । ২।বাকী থকা ইউৰিয়াৰ আধাভাগ পোখামেলা সময়ত অর্থাত্কঠীয়া ৰোৱাৰ ২০-৩০ দিনমান পিচত আৰু আধাভাগ পুষ্প উদগমনৰ সময়ত প্রয়োগ কৰিব ।

৩।বৰষুণৰ ওপৰত নির্ভৰশীল বাম মাটিৰ দীর্ঘকালীন জাতৰ খেতিত ৩০-৩৫ চে:মি: পানী থাকিলে ইউৰয়া ৩০কেজি/হেক্টৰত মাটি প্রস্তুত কৰাৰ সময়ত প্রয়োগ কৰিব লাগে ।

৪।উত্তৰ ব্রক্ষপুত্র মণ্ডল এলেকাৰ কাৰণে পটাচ সাৰৰ আধা ভাগ মাটি প্রস্তুত কৰা সময়তে আৰু বাকী আধাভাগ পুষ্প উদগমণৰ সময়তে চতীয়াই দিব লাগে ।

পুন:

১।ইউৰিয়া সাৰ মাটিৰ সৈতে ১:১০ অনুপাতত অর্থ্যত্সাৰ ১ভাগ মাটিত ১০ ভাগ মাটিত মিহলাই ৪৮ ঘন্টা সময় খাপ দি ৰাখিব ।

২।একক চুপাৰ ফছফেটৰ অভাৱ হলে ডাই এমোনিয়াম ফছফেট(ডি এ পি)ব্যৱহাৰ কৰিব পাৰি আৰু এনে কৰিলে ইউৰিয়াৰ পৰিমাণ জোখমতে ব্যৱহাৰ কৰিব ।

৩।এখন চুপাৰ ফছফেটৰ অভাৱ হলে কঠীয়া ৰোৱাৰ ৩০ দিন পিছলৈকে এইসাৰ প্রয়োগৰ দিনা পিছুৱাই দিব পাৰি ।

৪।সাৰ প্রয়োগ কৰাৰ আগেয়ে পথাৰত জমা হৈ থকা পানী যিমান পৰা যায় উলিয়াই দিব লাগে ।

৫।পাতত বেকটেৰিয়েল ব্লাইট ৰোগে দেখা দিলে ইউৰিয়া সাৰ টপস্রেছিং নকৰিব ।

মিশ্রিত সাৰ :

ধান খেতিত প্রয়োজনীয় ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰিবলৈ ১৫:১৫:১৫ অনুপাতত দানযুক্ত মিশ্রিত ৰাসায়নিক সাৰ প্রয়োগ কৰিব পাৰি । প্রতি হেক্টৰত প্রয়োগ কৰা ১৩৩ কিলো(প্রতিবিঘাত ১৯ কিলো)১৫:১৫:১৫ অনুপাতত মিশ্রিত সাৰ প্রতি হেক্টৰত প্রয়োগ কৰা ২০:২০:২০ অনুপাতৰ এন পি কে(বিঘাই প্রতি ৩:৩:৩ কিলো এন পি কে)ৰ সমান । পৰিপৃথক হিচাপে ৪৫ কিলো ইউৰিয়া সাৰ প্রতি হেক্টৰত টপদ্রেছ হিচাপে প্রয়োগ কৰিলে হেক্টৰে প্রতি ৪০:২০:২০ কিলো(বিঘাই প্রতি ৬:৩:৩ কিলো)এন পি কে পোৱা যায়। আধা পৰিমাণৰ ইউৰিয়া সাৰ প্রয়োগ কৰিলে হেক্টৰে প্রতি ২০:১০:১০ কিলো(বিঘাই প্রতি ৩:১৫:১.৫কিলো)এন পি কে পোৱা যায়।

ৰ'ক ফছফেট সাৰ প্রয়োগৰ অনুমোদন(যদি চুপাৰ ফছফেট ব্যৱহাৰ কৰা নহয়)

১.দুবিধ শস্যৰ খেতি কৰিবলৈ হলে অর্থাত্ আহু ধানৰ পিছত শালি ধানৰ খেতি কৰিবলৈ গলে আহু কঠীয়া ৰোৱাৰ ২০ দিনমান আগেয়ে প্র্রতি হেক্টৰত ৬০ কিলো ফছফৰাছ সাৰ(প্রতি হেক্টৰত ৩০০ কিলোগ্রাম এম আৰ পি)ৰক্ ফছফেট) হিচাপে প্রয়োগ কৰিব।

২.মাথোঁ এবিধ ধানৰ খেতি কৰিলে কঠীয়া ৰোৱাৰ ২০ দিনৰ আগেয়ে প্রতি হেক্টৰত ৩০ কিলো ফছফৰাছ(ৰ'কফছফেট হিচাবে ১৫০ কিলো প্রয়োগ কৰিব ।

অনুমোদিত হাৰত পচনসাৰ প্রয়োগ ৰ'কফছফেটৰ পৰা ফছফৰাছ মুক্ত কৰাত সহায় কৰে ।

নাইট্র'জেনযুক্ত সাৰৰ পৰিপূৰক হিচাবে এজলাৰ প্রয়োগ:

কঠীয়াৰোৱাৰ পিচত পথাৰত প্রতি হেক্টৰত ৫০০ কিলোগ্রামকৈ এজলা সিঁচি দিব লাগে । পানীৰ ওপৰ ভাগ ধাক খোৱাকৈ এজলাবোৰ ২-৩ সপ্তাহমান বাঢ়ি আহিবলৈ দিব । পানীখিনি ঢাক খোৱাৰ পিচত এজলাবোৰ মাটিৰ সৈতে মিহলাই দিব নাইবা তাত পচি যাবলৈ দিব ।এজলা কিছুমান পোক-পৰুৱা দ্বাৰা আক্রান্ত হয়(যি বোৰ সাধাৰণতে ধানৰ পোক নহয়) তেনেকুৱা হলে আক্রান্ত অঞ্চলত প্রতি বর্গ মিটাৰত ৩ গ্রামকৈ ফুৰাদন ৩জি ঔষধৰ দানা ছটিয়াই দিব লাগে ।

৫০০ কিলো সজীৱ এজলা পাবলৈ হলে ৪০০ বর্গমিটাৰপানী থকা অঞ্চল এটাত ১৬ কিলো পুনি এৰি দিব আৰু ৩-৪ সপ্তাহ ডাঙৰহবলৈ দিব । এজলাৰ বাঢ়নৰ প্রতি লক্ষ্য ৰাখি নাইট্র'জেন সাৰৰ টপস্রেছিং বন্ধ কৰিব পাৰি ।

সমন্বিত সাৰ প্রয়োগ পদ্ধতি :

জৈৱিক সাৰৰ প্রতিহেক্টৰত ১টন(শুকান ওজনৰ ওপৰত ভিত্তি কৰি),এজচপাইৰি ৰাম এমাজ'নচি(Azospirillium amazonense)এ-১০ আৰু বেছিলাচ্ মেলাটেৰিয়াম(Bacillus megaterium)পি-৫ মিশ্রণ প্রতিহেক্টৰত ৪ কিলোগ্রাম (বিঘাই প্রতি ০.৪-০.৫ কিলোগ্রাম),ৰক'ফছফেট ১০ কিলোগ্রাম প্রতি হেক্টৰত(ফছফৰাছ হেক্টৰেপ্রতি ৫৬ কিলো নাইবা বিঘাই প্রতি ৭.৫ কিলো),মিউৰেট অৱ পটাছ হেক্টৰে প্রতি ৪০ কিলোগ্রাম (পটাছ হেক্টৰে প্রতি ৬৭ কিলো নাইবা বিঘাই প্রতি ৯ কিলো )কৈ ধানত যেনে:ধানৰ পিচত ধান,ধানৰ মাহ জাতীয় শস্য-নাইবা অকল ধান কৰা শস্য ক্রমৰ বাবে অনুমোদিত কৰা হৈছে ।

কঠীয়াৰ বয়স আৰু কঠীয়া ৰোৱাৰ দূৰত্ব(ৰোৱা পদ্ধতি)

জাত

কঠীয়াৰ বয়স

দূৰত্ব (দিন হিচাপত) চে:মি:

১।হ্রস্ব আৰু মধ্যকালীন(১২০ দিনলৈকে)

জাত ২৫

২০*১৫

২।মধ্যকালীন জাত (১২০-১৩০ দিনলৈকে)

৩০-৩৫

২০*২৫

৩।দীর্ঘকালীন (১৩০ দিনৰ অধিক)* পংকজ

৩০-৪০

২০*২০

মাচুৰী

৩৫-৪০

২৫*২০

মনোহৰ শালি আৰু অন্য ওখ জাত সমূহ

৩৫-৪০

২৫*২৫

*সিচাৰ পৰা ৬০ দিন পর্য্যন্ত পলমকৈও পংকজ ধানৰ কঠীয়া ৰোব পাৰি(২০ আগষ্ঠৰ ভিতৰত)

শেহতীয়া শালিধানৰ কঠীয়াৰ বয়স আৰু দূৰত্ব(ৰোৱা পদ্ধতি)

জাত

বয়স(দিন)

দূৰত্ব(ছে:মি:)

অর্দ্ধচাপৰ জাত(কে এম জে ১-১৯-১)

৫০

১৫*১৫

বিৰাজ

৫০

২০*১৫

ওখ জাত

৫০-৫৫

২০*২৫

পুন:

শেহতীয়া খেতিত প্রতি হেক্টৰত ৪০:২০:২০ কিলোগ্রাম এন পি কে এবাৰতে প্রথমিক সাৰ হিচাপে প্রয়োগ কৰিব ।

প্র্রতি গোচত কঠীয়াৰ সংখ্যা:

১। নিয়মীয়া খেতিত ২-৩ ভাল(জুলাই-আগষ্ট)

২।শেহতীয়া খেতিত ৪-৬ ভাল কঠীয়া (চেপ্তেম্বৰ) গভীৰতা সকলো জাতৰ কঠীয়া ৪ ৰপৰা ৫ ছে:মি: দকৈ ৰোব লাগে ।

প্রতিপালন

১। কঠীয়াৰোৱাৰ ২০ আৰু ৪০ দিনৰ পিছত নিৰনিযন্ত্রৰে বা মোৰেৰে দুবাৰ বনবাত নিৰাই দিব ।

২। ৰোৱাৰ ৩ দিনৰ পিছত হেক্টৰে প্রতি ০.৪ কিলোগ্রামকৈ এনিলফচ্ বা হেক্টৰে প্রতি ০.৭৫ কিলোগ্রাম প্রিঠিলেক্লৰ্ প্রয়োগ কৰিব পাৰে ।

পথাৰ পৰিচালনা:

শালিধানৰ বাবে কঠীয়া ৰোৱাৰ ৩ দিনৰ পাচৰ পৰা ৫ ছে:মি: পানী মধ্যমীয়া আৰু গধূৰ মাটিত ৰাখিব লাগে ।

পথাৰত শস্য ৰক্ষাৰ ব্যৱস্থা:

(ক)কীট-পতঙ্গ:

১)পোক-পৰুৱাৰ উপদ্রৱৰ পৰা হাত সাৰিবলৈ অর্থনৈতিকক্ ক্ষয় ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ঔষধ প্রয়োগ কৰিব ।(১ নং তালিকা অনুযায়ী)। যিবোৰ পোক-পৰুৱাৰ ক্ষেত্রত আর্থিক পৰিসীমা দিয়া হোৱা নাই সেইবোৰ পোকৰ উপদ্রৱ খেতি পথাৰত দেখাৰ লগে লগে নিয়ন্ত্রণ ব্যৱস্থা লব ।

২)২ নং তালিকাৰ অনুমোদন অনুযায়ী বিভিন্ন পোক-পৰুৱা নিয়ন্ত্রণ কৰিবলৈ ওষধ প্রয়োগ কৰিব ।

৩) বজাখোৱা আৰু পাতমেৰোৱা পোকৰ বাবে জৈৱিক নিয়ন্ত্রণ প্রথা :

ৰোৱাৰ ৩০ দিনৰ পৰা আৰম্ভ কৰি সপ্তাহে প্রতি প্রতি হেক্টৰত ৫০,০০০ ট্রাইকগ্রামা জেপনিকাম আৰু ট্রাইকগ্রামা চিলনীছ্ ৬-৮ বাৰ প্রয়োগ কৰিলে উপৰোক্ত পোক-পৰুৱাৰ অতি কমখৰচতে নিয়ন্ত্রণ কৰিব পাৰি ।

ট্রাইকগ্রামা জাতীয় অনুজীৱবোৰে উপৰোক্ত পোক-পৰুৱাবোৰৰ কণীতহে আক্রমণ কৰে সেইগতিকে এই পোক-পৰুৱাবোৰে কণী পৰাৰ সময়তে পথাৰত প্রয়োগ কৰিব লাগে ।

প্রয়োগ প্রথা :

প্রত্যেকখন "ট্রাইক'র্কাড" ৬-১২ ভাগকৈ কাটি গোটেই পথাৰতে সমতাৰে প্রয়োগ কৰিব লাগে । প্রত্যেক টুকুৰা "ট্রাইক'কার্ড" গছৰ পাতত ভালদৰে বন্ধি ৰাখিব লাগে । এই "ট্রাইক'কার্ড"ৰ পৰা ওলোৱা অনুজীৱবোৰ পথাৰত সমভাবে বিয়পি পৰে ।

(খ) বেমাৰ:

(১) ব্লাষ্ঠ :(Blast)

(ক) এইৰোগ সহ্য কৰিব পৰা ক্ষমতা থকা-মনোহৰ,শালি,প্রসাদ,আই আৰু ৩৬,ৰত্না,পংকজ ।

(খ) আগতে উল্লেখ কৰাৰ দৰে বীজবোৰ শোধন কৰি লব ।

(গ) ব্লাষ্ঠ ৰোগৰ প্রতি চোকা দৃষ্ঠি ৰাখিব লাগিব যাতে সময়তে ঔষধ স্প্রে কৰিব পাৰি । ওপৰৰ ৫ বিলাকত লক্ষ্য কৰিব,যদি পাতৰ শতকৰা ৫ ভাগো এইৰোগৰ দ্বাৰা আক্রান্ত হয় তেন্তে লগে লগে ঔষধ প্রয়োগ কৰিব লাগে । সাধাৰণতে ৩ বাৰ ঔষধ স্প্রে কৰিলেই এইৰোগ নিয়ন্ত্রণ কৰিব পাৰি ।স্প্রে কৰিবৰ বাবে পোখা মেলাৰ সময়ত (ৰোৱাৰ ৩০ দিনৰ পিছত)বেভিষ্ঠন নাইবা ঠায়েথিনেটে মিথাইল ১ গ্রাম প্রতিলিটাৰ পানীত মিহলায় স্প্রে কৰিব । তাৰ পাছত এডিফেনফচ ১ মি:লিটাৰ প্রতিলিটাৰ পানীত মিহলায় গেৰ ধৰা সময়ত এবাৰ আৰু ঠিকফল ওলোৱাৰ সময়ত এবাৰ স্প্রে কৰিব ।

(২) পাতৰ বেকটেৰিয়েল (Bacterial leaf blight) এই ৰোগ প্রতিষেধক ক্ষমতা থকা জাত যেনে: লক্ষ্মী আৰু মাচুৰী খেতি কৰক । (৩) পাতৰ চিৰাত হোৱা ব্লাইট বা বৈখাজ্বলা(Sheath blight) বেমাৰ :-

(ক)বেভেষ্ঠিনে(১ গ্রাম/লিটাৰ পানী) ঔষধ এই ৰোগ নিয়ন্ত্রণ কৰে । এইৰোগ দেখা দিয়াৰ লগে লগে ১ বাৰ আৰু তাৰ ১০ দিনৰ মূৰত দ্বিতীয়বাৰ ঔষধ স্প্রে কৰিব লাগে । মেনকজেব(২.৫ গ্রাম/লিটাৰ পানীত) নাইবা হেক্গাক'নেজল্ ৫ ই:চি:(২ মি:লিটাৰ/লিটাৰ পানীত) স্প্রে কৰিয়োও এই বেমাৰ নিয়ন্ত্রণ হয় ।

(খ) উদ্ভিদ উত্কর্ষিত ঔষধ যেনে ৱানিচ(Wanis) ২০ ই:চি:(৫ মি:লিটাৰ /লিটাৰ পানীত)আৰু নিমাজলে (৩ মি:লিটাৰ/লিটাৰ পানীত) স্প্রে কৰিলেও এই বেমাৰ নিয়ন্ত্রণ হয় । প্রথমবাৰ বেমাৰ দেখা পোৱাৰ লগে লগে আৰু পাচৰবাৰ স্প্রে কৰাৰ ১০ দিনৰ পিচত ।

(৪) ব্রাউন স্পট বেমাৰ(Brown spot disease): বেডিষ্ঠিন(১ গ্রাম/কি:গ্রাম বীজ) শুকান বা তিওয়াই বীজ শোধন কৰি লব পাৰে । তাৰ পাচতেই মেনেকজেব(২.৫ গ্রাম/লিটাৰ পানীত)নাইবা এডিফেনফেচ্(১ মি:লিটাৰ/লিটাৰ পানীত)নাইবা বেডিষ্ঠিন(১ গ্রাম /লিটাৰ পানীত) মিহলায় বেমাৰৰ প্রার্দুভাৱ হোৱাৰ সময়তে স্প্রে কৰিব ।

(৫)বাকনি বেমাৰ(Bakanae Disease):

(ক)তলৰ যি কোনো এবিধ মিশ্রণত বীজবোৰ ২৪ ঘন্টা সময় তিয়াই ৰাখিব ;বেডিষ্ঠিন(১গ্রাম/লিটাৰ পানীত)নাইবা থায়ফিনেট মিথাইল(১গ্রাম /লিটাৰ পানীত )মিহলায় স্প্রে কৰিব ।

(খ)বেমাৰ আক্রান্ত পোখাবোৰ(ওখ)উভালি আতঁৰাই পেলাব ।

সিঁচা পদ্ধতিৰে শেহতীয়া শালি খেতিৰ পৰিচালনা:

১। বানপানীৰ পিচতে মাটিডৰা দীঘলে পুতলে হালবাই,মৈয়াই দি বোকা কৰি লব ।

২। গজালি ওলোৱা বীজ ২০চে:মি:দূৰে দূৰে শাৰী শাৰী কৈ সিঁচিব ।

৩। প্রতি হেক্টৰত ৭৫ কিলোগ্রামকৈ বীজ সিঁচিব ।

৪। আৱশ্যকীয় সাৰহে ব্যৱহাৰ /প্রয়োগ কৰিব ।

৫।বনচাত আগতীয়াকৈ নিয়ন্ত্রণ কৰিবলৈ বুটাব্লোৰ(পাহও)প্রতিহেক্টৰত ২ কিলোগ্রামকৈ(২kg a.c)বীজ সিঁচাৰ ২-৩ দিনৰ পিচত প্রয়োগ কৰিব ।

৬। যিবোৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা আছে বা সম্ভৱ তাত পোখা মেলাৰ সময়ত এবাৰ আৰু ফুলফুলাৰ সময়ত এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব ।

বান আক্রান্ত অঞ্চলৰ বাবে ধানখেতিৰ আপাতত কৃষি ব্যৱস্থাপনা

১। সমূহীয়াকৈ কঠীয়া পৰা : বানপানীৰ পিচত কঠীয়া আৱশ্যক বা জোৰা মাৰিবৰ বাবে সমূহীয়াকৈ কঠীয়া পাৰিব লাগে । এই সমূহীয়া কঠীয়া পাৰিবলৈ ওখ মাটি বা বানপানীয়ে আক্রান্ত কৰিব নোৱাৰা ঠাই নির্ব্বাচন কৰিব লাগে । নতুবা বানপানী নোহোৱা ঠাইৰ খেতিয়কে বানপানী আক্রান্ত ঠাইৰ খেতিয়কক সহায় কৰিব লাগে ।

১।(ক) জাত নির্ব্বাচন : পলমকৈ ৰোব পৰা বা বহল পৰিসৰৰ জাত যেনে-কঠীয়াৰ বয়স আৰু ৰোৱাৰ সময়ৰ গুণাগুণৰ ওপৰত নির্ভৰ কৰি : * বানপানী সাধাৰণতে নোহোৱা ঠাইবা সোনকালে বানপানী ওলায় যোৱা ঠাইৰ বাবে আগষ্ঠৰ মধ্যভাগত ৰোব পৰা জাত সমূহ যেনে : কুশল,আই আই চি-৬৬৬৬,পঙ্কজ,বিৰাজ,এনড্রিও শালি,শলপোণা আৰু প্রসাদভোগ ।

** বানপানী সাধাৰণতে হোৱা ঠাই ম'ত আগষ্ঠৰ শেষভাগত পানী শুকায় তেনেঠাইৰ বাবে ধানৰ জাত যেনে :এনড্রিও শালি,বিৰাজ,মনোহৰ শালি,কৰিমগঞ্জ ১-১৯-১,লুইত,কপিলী;ডোমশালি বাচিব লাগে । এইবোৰ জাতৰ অবিহনে অন্য যিকোনো থলুৱাজাত যিবোৰ সূর্য্যৰ ৰশ্মীৰ প্রতিক্রিয়াশীল তেনেজাত নির্ব্বাচন কৰিব লাগে ।

*** যিবোৰ ঠাইত চেপ্তেম্বৰৰ মাজ ভাগলৈকে ৰোব নোৱাৰি তেনেঠাইৰ বাবে ধানৰ জাতসমূহ যেনে:লুইত,কপিলী,কালচাৰ-১,আৰু হীৰা নিব্বার্চন কৰিব লাগে ।

২। কঠীয়াতলিৰ প্রস্তুতি : যথেষ্ঠ পৰিমাণৰ পচনসাৰ প্রয়োগ কৰি কঠীযাতলি ডৰা প্রথমে হালবায় লব লাগে । সমান তলিহে নির্ব্বাচন কৰিব লাগে আৰু প্রত্যেক ৪ ফুটৰ আঁতৰে আঁতৰে ১ ফুটৰ এটা ব্যৱধান ৰাখিব লাগে যাতে তলি ডৰাৰ ভিতৰলৈ সহজে সোমাব পাৰি । ৰাসায়নিক সাৰ যেনে ইউৰিয়া ৫০০গ্রাম , চুপাৰফছফেট ৫০০ গ্রাম আৰু পটাচ ২৫০ গ্রাম বোকা দিয়াৰ আগতে ব্যৱহাৰ কৰিব লাগে যাতে ১ বিঘা মাটিৰ কঠীয়া ৰোব পাৰি ।

৩। বীজৰ পৰিমাণ : এক বিঘা মাটি ৰোবলৈ সম্ভৱত ১০ কেজি বীজৰ প্রয়োজন । এই অনুসাৰে ১০ ডোখৰ কঠীয়াতলিৰ সৰু সৰু শাৰি (১০ মিটাৰ * ১.২৫ লিটাৰ জোখৰ বাবে ১ কেজি বীজৰ )প্রয়োজন হব ।

৪। পৰিচর্য্যা : সৰু সৰু কঠীয়া তলিৰ মাজৰ (১০ টা) ৩০ চে:মিটাৰৰ যি ব্যৱধান ৰখা হৈছে সেই ব্যৱধান বোৰ দ'কৈ বান্ধি পেলাব লাগে যাতে তাত বেচিকৈ পানী বন্ধ হৈ থাকিব নোৱাৰে বা খৰাং অৱস্থাত কঠীয়া তলিখন শুকাবলৈ দিব নালাগে ।

৫। কঠীয়া ৰোৱা : বানপানী ওলায় যোৱাৰ পিচত কঠীয়া হোৱাৰ ব্যৱস্থা কৰিব লাগে । এইটো মনত ৰাখিব লাগে যে বানপানী শুকোৱাৰ পিচত এটা খৰাং অৱস্থা সাধাৰণতে হোৱা দেখা যায় ।

৬। গছৰ /গোছাৰ সংখ্যা : ঘনকৈ কঠীয়াৰোৱাৰ প্রয়োজন হয় বিশেষকৈ শেহতীয়াকৈ ৰোৱাৰ ক্ষেত্র্রত পোখা মেলিবলৈ কিছুমান বাধাৰ সন্মুখীন হয় । আধুনিক ওখজাত সমূহৰ বাবে ৩৬ জোপা/গোছা প্রতি বর্গমিটাৰত (২০চে:মি: *১৫ চে:মি:) ব্যৱধান ৰখাটো প্রয়োজন ।

৭। প্রতিটো গোছাত কঠীয়াৰ পৰিমাণ :৬-৮ ডাল কঠীয়া প্রত্যেক গোছাত প্রয়োজন হয় ।

৮। সাৰ প্রয়োগ : সাধাৰণতে বানক্রান্ত হোৱা অঞ্চল য'ত পলশ পৰে তেনেঠাইত সাৰ প্রয়োগ নকৰিলেও হয় । যি ঠাইত সাধাৰণতে বানপানী নহয় তেনেঠাইত নাইট্রজেন ৪০; পটাচ ২০ কেজি/হেক্টৰ বা নাইট্'জেন ২০; ফছফেট ২০;পটাচ ৪০ অনুপাতত প্রয়োগ কৰিব লাগে ।

দুবাৰকৈ একেখিনি কঠীয়াৰোৱা পদ্ধতি

দুবাৰকৈ কঠীয়াৰোৱা পদ্ধতিতো এই কাৰণে সুবিধা জনক যেতিয়া কঠীয়াৰ অভাৱ হয় ,এই কঠীয়াবোৰ আকৈ উভালি আচল পথাৰত ৰোব পৰা যায় । স্থানীয় বা উন্নত জাতবোৰৰ কঠীয়া জুলাই মাহত ঘন ঘনকৈ ২০ * ১০ চে:মি: দূৰত্বত (৫০ জোপা ধানগছ/বর্গমিটাৰত) ৰোব পৰা যায় আৰু এইটোৱে কঠীয়া প্রয়োজনীতা ৫-৭ গুণ কমায় পেলায় ।

* জাত নির্ব্বাচন : স্থানীয় বা উন্নতজাতৰ দীর্ঘদিনিয়া ধান (১৫০ দিন বা তাতোধিক )বাচি লব লাগে ।

*কঠীয়া সিঁচা : জুনমাহৰ আগভাগতে এই ধানৰ কঠীয়া পাৰিব লাগে ।

*প্রথম কঠীয়া ৰোৱা : ২৫-৩০ দিনমান বয়সৰ কঠীয়া জুলাইমাহৰ আগভাগতে ৰোব লাগে । ২০ * ১০ চে:মি: দূৰত্বত মুঠতে ৫০ গোছা কঠীয়া ৰোব পৰা যায় । ধানৰ গাৰ গঠণ কম সময়ৰ ভিতৰত বাঢ়িবলৈ হেক্টৰে প্রতি ২০:১০:১০ নাইট্র'জেন,ফছফৰাছ আৰু পটাছ সাৰ প্রয়োগ কৰিব লাগে ।

*দ্বিতীয়বাৰ কঠীয়াৰোৱা : প্রথমবাৰ কঠীয়া ৰোৱাৰ ২৫-৩০ দিনৰ ভিতৰত ধানগছবোৰ সাৱধানে উভালি প্রত্যেকজোপা গছ বেলেগ বেলেগ কৰি লব লাগে আৰু এজোপা ধানগছ(কঠীয়া)এটা গোছাত ৰোব লাগে । যদি কোনো কাৰণ বশত: ৰোৱাৰ সময় আৰু পলম হয় তেতিয়া গোছায় প্রতি ৩-৪ জোপা ধানগছ (কঠীয়া)ঘনঘনকৈ ৰোব পাৰিব । বান আক্রান্ত অঞ্চলত দ্বিতীয়বাৰ কঠীয়াৰোৱা পদ্ধতিত সাৰ প্রয়োগৰ প্রয়োজন নাথাকে । যদিহে ৰোৱাৰ সময় আগষ্ঠমাহৰ পাচলৈকে নিব লগা হয় । কাৰণ প্রথমবাৰ কঠীয়া ৰোৱাৰ সময়তেই সাৰ প্রয়োগ কৰা হৈছে ।

তিওৱাই ধান সিঁচা পদ্ধতি

বানপানীৰ পিচত এই প্রথাৰে ধান কৰিব পাৰিও ই এটা লাভজনক প্রথাও । অতি কমদিনিয়া অথবা ১০০ দিনতকৈ কম জাতৰ ধান যেনে:লুইত ,কপিলী,কালচাৰ-১ অথবা পৰম্পৰাগত ধানৰ জাত সমূহ ব্যৱহাৰ কৰিব পাৰি ।

হেক্টৰে প্রতি ৭৫ কি:গ্রাম বীজ ২৪ ঘন্টা মান পানীত তিয়াই গজালি মেলিবলৈ দিব লাগে । গজালি মেলাৰ পিচত বোকা কৰি থোৱা পথাৰত সমভাৱে সিঁচি দিব । মাটিডৰা প্রস্তুত কৰোতেই ৪০:২০:২০ কি:গ্রাম প্রতিহেক্টৰৰ জোখমতে ৰাসায়নিক সাৰ ও পচন সাৰ ব্যৱহাৰ কৰিব । এই পদ্ধতিৰে চেপ্তেম্বৰৰ ১০ তাৰিখ মানলৈকে ধান সিঁচিব পাৰে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate