অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘাঁহ খেতিৰ প্ৰস্তুতি

আমাৰ ৰাজ্যখনত কৃষক ৰাইজে গৰু-ম'হ পোহাৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত ঘাঁহ যোগানৰ সমস্যা অন্যতম। দেশত জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষি ভূমিৰ পৰিসৰ যেনেদৰে হ্রাস পাইছে, ঠিক তেনেদৰে গৰু-ম'হ চৰিবৰ বাবে প্ৰয়োজন হোৱা চৰণীয়া পথাৰৰ পৰিসৰো দিনক দিনে কমি অহা দেখা গৈছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ সাধাৰণ কৃষক ৰাইজে গৰু-ম'হ পুহি খেতি-বাতি কৰাত সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমান বজাৰত গৰু-ম’হৰ দামো আকাশলংঘা। অন্যহাতে গৰুহাল, খীৰতী গাইজনী আৰু ম’হটোৱেই হৈছে দৰিদ্র কৃষকৰ উপাৰ্জনৰ প্রধান সম্বল। সেইবাবে পোহনীয়া জীৱ-জন্তুকেইটাৰ যথোচিত প্রতিপালনৰ অৰ্থে সময়মতে খাদ্যৰ যোগান ধৰিবলৈ ওপৰতে গুৰুত্ব দিয়াৰ সময় আহিল। উন্নত কৃষি পদ্ধতিৰে ঘাঁহ খেতিৰ পাতনি মেলিলে গোটেই বছৰজুৰি পোহনীয়া জীৱ-জন্তুবোৰক ঘাঁহৰ যোগান ধৰিব পৰা যায়। এই সময়ত কৃষক ৰাইজে গ্রীষ্মকালীন ঘাঁহ খেতি কৰিবৰ বাবে প্রস্তুতি চলাব পাৰে।

ঘাঁহ খেতি কেনেকৈ কৰিব-


ঘাঁহ খেতি কৰিবৰ বাবে উৎকৃষ্ট মানৰ বা কোনো বিশেষ মাটিৰ প্রয়োজন নহয়। অসমৰ প্ৰায়বোৰ মাটিতে এই খেতি কৰিব পৰা যায়। পানী জমা হ'ব নোৱাৰা, ওখ চানেকিয়া বালিচঁহীয়া মাটি ঘাঁহ খেতিৰ বাবে অধিক উপযোগী। ঘাঁহনিডৰা ভালদৰে সংৰক্ষণ কৰিবৰ বাবে চাৰিওফালে কেৰাৰ ব্যৱস্থা থকা ভাল। এই খেতিৰ বাবে বেছি মাটি বা অধিক পৰিশ্রমৰ প্রয়োজন নহয়। তাকৰীয়া মাটিতে কৃষক ৰাইজে নিজৰ সুবিধা সুবিধা অনুসৰি এডৰা উপযুক্ত মাটিত জেওৰা-জপনা দি বেৰি লৈ তাত ঘাঁহ খেতিৰ প্ৰস্তুতি চলাব পাৰে। ঘাঁহ খেতিৰ বাবে নির্বাচিত মাটিডৰা ৩-৪ চাহমান হাল বাই উলিয়াব লাগে। প্রাৰম্ভিক অৱস্থাত কিছুমান ঘাঁহৰ গজন শক্তি তেনেই লেহেম হোৱা দেখা যায়। সেইবাবে নির্বাচিত মাটিডৰাত যাতে অপতৃণৰ প্রভাব নাথাকে তাৰ প্ৰতি চকু ৰখা উচিত।

এই সময়ত আৰম্ভ কৰিব পৰা ঘাঁহৰ উন্নত সঁচৰ ভিতৰত দীননাথ, হাইব্ৰীড নেপিয়াৰ, মাহজাতীয় শস্য, গোমধান আদিয়েই প্রধান। এনে উন্নত জাতৰ ঘাঁহ খেতি কৰি প্ৰতি বিঘাত এশ কুইন্টলৰো অধিক ঘাঁহ উৎপাদন কৰিব পৰা যায়। দীননাথ আৰু নেপিয়াৰ ঘাঁহৰ খেতি এপ্রিল মাহৰ পৰা জুন মাহৰ ভিতৰত আৰম্ভ কৰিব পাৰি। ঘাঁহৰ বাবে কৰা মাহজাতীয় শস্যৰ খেতি এপ্রিল-মে' মাহৰ ভিতৰত আৰু গোমধানৰ খেতি জুন মাহৰ আগতেই আৰম্ভ কৰিব পাৰি।

নির্বাচিত মাটিডৰা প্রস্তুত কৰি লোৱাৰ পিছত তাত শাৰীবদ্ধভাবে ঘাঁহৰ বীজ সিঁচিব লাগে। দীননাথ ঘাঁহৰ ক্ষেত্ৰত প্রতিবিঘা মাটিৰ বাবে ডেৰ কিল'গ্ৰাম আৰু গোমধানৰ বাবে ৮-৯ কিল’গ্ৰাম বীজৰ প্রয়োজন হয়। লেচেৰা মাহৰ খেতিৰ বাবে প্রতিবিঘাত ৬ কিল’গ্ৰাম বীজৰ প্ৰয়োজন হয়।

ঘাঁহ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ-


ঘাঁহ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ পর্যাপ্ত পৰিমাণৰ পচন সাৰ দিয়াৰ উপৰি অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰ পথাৰত প্রয়োগ কৰা বাঞ্ছনীয়। দীননাথ ঘাঁহৰ বাবে প্রতিবিঘা মাটিত ১৮ কিল’গ্ৰাম ইউৰিয়া আৰু ২৭ কিল’গ্ৰাম একক চুপাৰ ফছফেট সাৰ দিবলৈ অনুমোদন জনোৱা হৈছে। ইয়াৰে আধাভাগ ইউৰিয়াৰ বাদে বাকীখিনি সাৰ পথাৰ প্রস্তুতিৰ সময়তে প্রয়োগ কৰি বাকী থকা ইউৰিয়াখিনি প্রথমবাৰ ঘাঁহ কটাৰ পিছত পথাৰত ছটিয়াব লাগে। গোমধানৰ খেতিৰ ক্ষেত্ৰতো একে পৰিমাণৰ ৰাসায়নিক সাৰ দিয়াৰ উপৰি বিঘাই প্রতি ৭ কিল’গ্ৰামকৈ মিউৰেট অব্‌ পটাছ সাৰ শেহৰ চাহ হাল বাওঁতে প্রয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়া ভাগ বীজ সিঁচাৰ ডেৰমাহৰ ভিতৰত পথাৰত প্রয়োগ কৰা উচিত।

নেপিয়াৰ ঘাঁহ খেতিৰ বাবে বিঘাই প্রতি ৩৫ কিল'গ্ৰাম ইউৰিয়া, ৪৫ কিল’গ্রাম একক ছুপাৰ ফছফেট আৰু ৭ কিল’গ্রাম মিউৰেট অব পটাছ সাৰ দিবলৈ বিজ্ঞানীসকলে অনুমোদন জনাইছে। উল্লিখিত পৰিমাণৰ ইউৰিয়াখিনিৰ চাৰিভাগৰ এক অংশ আৰু বাকী সমুদায় সাৰ মাটি প্রস্তুতিৰ সময়তে পথাৰত প্রয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়াখিনি সমানে তিনিভাগ কৰি ঘাঁহ কটাৰ পিছত বা পৰিচৰ্য্যৰ সময়ত পথাৰত টপড্ৰেছিং কৰিব লাগে। মাহজাতীয় শস্যৰ ক্ষেত্ৰতো বিঘাই প্রতি ৬ কিল'গ্ৰাম ইউৰিয়া, ৩৫ কিল’গ্ৰাম ছুপাৰ ফছফেট আৰু 5 কিল’গ্ৰামকৈ পটাছ সাৰ প্রয়োগ কৰিবলৈ অনুমোদন জনোৱা হৈছে।

বর্তমান সময়ত আমাৰ ৰাজ্যখনত গৰু-ম’হৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ ঘাঁহ খেতি কৰাৰ বাহিৰে অন্য উপায় নাই। ঘাঁহ খেতিৰ জৰিয়তে পোহনীয়া জীৱ-জন্তুকেইটাক সময়মতে সতেজ আৰু সেউজীয়া ঘাঁহৰ যোগান ধৰিব পৰা যায়। নিজৰ বাৰীতে প্রস্তুত কৰা ঘাঁহ গৰু-ম'হৰ স্বাস্থ্যৰ বাবে উৎকৃষ্টমানৰ। তাকৰীয়া মাটিতে কম সময়ৰ ভিতৰত প্ৰচুৰ ঘাঁহ উৎপাদন কৰিব পাৰি। সেয়েহে এতিয়া পোহনীয়া জীৱ-জন্তুকেইটাক প্রয়োজন অনুসৰি ঘাঁহৰ যোগান ধৰিবলৈ ঘাঁহ খেতি আৰম্ভ কৰা উচিত।


লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate