আমাৰ ৰাজ্যৰ কৃষক ৰাইজে গৰু-ম’হ পোহাৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা সমস্যাৰাজিৰ ভিতৰত ঘাঁহ যোগানৰ সমস্যাই প্ৰধান। ৰাজ্যখনত জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমিৰ পৰিসৰ যেনেদৰে হ্ৰাস পাইছে, ঠিক তেনেদৰে গৰু-গাই চৰিবৰ বাবে প্ৰয়োজন হোৱা চৰণীয়া পথাৰৰ পৰিসৰো দিনক দিনে কমি অহা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ সাধাৰণ কৃষক ৰাইজে গৰু-ম’হ পুহি খেতি-বাতি কৰাৰ কথা ভাবিবই নোৱাৰা অৱস্থা হৈছেগৈ। বৰ্তমান বজাৰত গৰু-ম’হৰ দামো আকাশলংঘী। অন্যহাতে, গৰুহাল, খীৰতী গাইজনী আৰু ম’হটোৱেই হৈছে দৰিদ্ৰ কৃষকৰ উপাৰ্জনৰ প্ৰধান সম্বল। সেইবাবে পোহনীয়া জীৱ-জন্তুকেইটাৰ যথোচিত প্ৰতিপালনৰ অৰ্থে সময়মতে খাদ্যৰ যোগান ধৰিবলৈ আমি এতিয়া ঘাঁহ খেতিৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহিল। উন্নত কৃষি পদ্ধতিৰে ঘাঁহ খেতিৰ পাতনি মেলিলে গোটেই বছৰজুৰি পোহনীয়া জীৱ-জন্তুবোৰক ঘাঁহৰ যোগান ধৰিব পৰা যায়। বৰ্তমান সময়ত কৃষক ৰাইজে গ্ৰীষ্মকালীন ঘাঁহখেতিৰ বাবে প্ৰস্তুতি চলাব পাৰে।
ঘাঁহখেতি কৰিবৰ বাবে উৎকৃষ্ট মানৰ বা কোনো বিশেষ শ্ৰেণীৰ মাটিৰ প্ৰয়োজন নহয়। অসমৰ প্ৰায়বোৰ মাটিতে এই খেতি কৰিব পৰা যায় যদিও পানী জমা হ’ব নোৱাৰা, ওখ চানেকীয়া বালিচঁহীয়া মাটি ঘাঁহখেতিৰ বাবে অধিক উপযোগী।ঘাঁহনিডৰা ভালদৰে সংৰক্ষণ কৰিবৰ বাবে চাৰিওফালে বেৰাৰ ব্যৱস্থা থকা অপৰিহাৰ্য। এই খেতিৰ বাবে বেছি মাটি বা অধিক পৰিশ্ৰমৰ প্ৰয়োজন নহয়। তাকৰীয়া মাটিতে কৃষক ৰাইজে নিজৰ সুবিধা অনুসৰি এডৰা উপযুক্ত মাটিত জেওৰা-জপনা দি বেৰি লৈ তাত ঘাঁহ খেতিৰ প্ৰস্তুতি চলাব পাৰে।
ঘাঁহ খেতিৰ বাবে নিৰ্বাচিত মাটিডৰা ৩-৪ চাহমান হাল বাই উলিয়াব লাগে। প্ৰাৰম্ভিক অৱস্থাত কিছুমান ঘাঁহৰ গজন শক্তি তেনেই লেহেম হোৱা দেখা যায়। সেইবাবে নিৰ্বাচিত মাটিডৰাত যাতে অপতৃণৰ প্ৰভাৱ নাথাকে, তাৰ প্ৰতি চকু ৰখা উচিত।
এই সময়ত আৰম্ভ কৰিব পৰা ঘাঁহৰ উন্নত সঁচৰ ভিতৰত দীননাথ, হাইব্ৰীড, নেপিয়াৰ, মাহজাতীয় শস্য, গোমধান আদিয়েই প্ৰধান। এনে উন্নত জাতৰ ঘাঁহ খেতি কৰি প্ৰতি বিঘাত এশ কুইণ্টলৰো অধিক ঘাঁহ উৎপাদন কৰিব পৰা গৈছে। দীননাথ আৰু নেপিয়াৰ ঘাঁহৰ খেতি এপ্ৰিল মাহৰ পৰা জুন মাহৰ ভিতৰত আৰু গোমধানৰ খেতি জুন মাহৰ ভিতৰত আৰম্ভ কৰিব পাৰি। ঘাঁহৰ বাবে কৰা মাহজাতীয় শস্যৰ খেতি এপ্ৰিল-মে’ মাহৰ ভিতৰত আৰু গোমধানৰ খেতি জুন মাহৰ আগতেই আৰম্ভ কৰা ভাল।
নিৰ্বাচিত মাটিডৰা প্ৰস্তুত কৰি লোৱাৰ পিছত তাত শাৰীবদ্ধভাৱে ঘাঁহৰ বীজ সিঁচিব লাগে। দীননাথ ঘাঁহৰ ক্ষেত্ৰত প্ৰতি বিঘা মাটিৰ বাবে ডেৰ কিল’গ্ৰাম আৰু গোমধানৰ বাবে ৮-৯ কিল’গ্ৰাম বীজৰ প্ৰয়োজন হয়। লেচেৰা মাহৰ খেতিৰ বাবে প্ৰতি বিঘাত ৬ কিল’গ্ৰাম আৰু ৰাইচ বীনৰ বাবে ৩ কিল’গ্ৰামমান বীজৰ প্ৰয়োজন হয়।
ঘাঁহখেতিৰ পৰা অধিক উৎপাদন পাবলৈ পৰ্যাপ্ত পৰিমাণৰ পচন সাৰ দিয়াৰ উপৰি অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰো পথাৰত প্ৰয়োগ কৰিব লাগে। দীননাথ ঘাঁহৰ বাবে প্ৰতি বিঘা মাটিত ১৮ কিল’গ্ৰাম ইউৰিয়া আৰু ২৭ কিল’গ্ৰাম একক ছুপাৰ ফছফেট সাৰ দিবলৈ অনুমোদন জনোৱা হৈছে। ইয়াৰে আধাভাগ ইউৰিয়াৰ বাদে বাকীখিনি সাৰ পথাৰ প্ৰস্তুতিৰ সময়তে প্ৰয়োগ কৰি বাকী থকা ইউৰিয়াখিনি প্ৰথমবাৰ ঘাঁহ কটাৰ পিছত পথাৰত ছটিয়াব লাগে। গোমধানৰ খেতিৰ ক্ষেত্ৰতো একে পৰিমাণৰ ৰাসায়নিক সাৰ দিয়াৰ উপৰি বিঘাই প্ৰতি ৭ কিল’গ্ৰা্মকৈ মিউৰেট অব্ পটাছ সাৰ শেহৰ চাহ হাল বাওঁতে প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়াভাগ বীজ সিঁচাৰ ডেৰমাহৰ ভিতৰত পথাৰত প্ৰয়োগ কৰা উচিত।
নেপিয়াৰ ঘাঁহ খেতিৰ বাবে বিঘাই প্ৰতি ৩৫ কিল’গ্ৰাম ইউৰিয়া, ৪৫ কিল’গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৭ কিল’গ্ৰাম মিউৰেট অব্ পটাছ সাৰ দিবলৈ বিজ্ঞানীসকলে অনুমোদন জনাইছে। উল্লিখিত ইউৰিয়াখিনিৰ চাৰিভাগৰ এক অংশ আৰু বাকী সমুদায় সাৰ মাটি প্ৰস্তুতিৰ সময়তে পথাৰত প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়াখিনি সমানে তিনিভাগ কৰি ঘাঁহ কটাৰ পাছত বা পৰিচৰ্যাৰ সময়ত পথাৰত টপড্ৰেছিং কৰিব লাগে। মাহজাতীয় শস্যৰ ক্ষেত্ৰতো বিঘাই প্ৰতি ৬ কিল’গ্ৰাম ইউৰিয়া, ৩৫ কিল’গ্ৰাম ছুপাৰ ফছফেট আৰু ৫ কিল’গ্ৰামকৈ পটাছ সাৰ প্ৰয়োগ কৰিবলৈ অনুমোদন জনোৱা হৈছে।
আমাৰ ৰাজ্যখনত গৰু-ম’হৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ ঘাঁহ খেতি কৰাৰ বাহিৰে অন্য উপায় নাই। ঘাঁহ খেতিৰ জৰিয়তে পোহনীয়া জীৱ-জন্তুকেইটাক সময়মতে সতেজ আৰু সেউজীয়া ঘাঁহৰ যোগান ধৰিব পৰা যায়। তেনে ঘাঁহ গৰু-ম’হৰ স্বাস্থ্যৰ বাবে উৎকৃষ্টমানৰ। ঘাঁহ খেতিত বেমাৰ-আজাৰ বা পোক-পতংগই গুৰুতৰ অনিষ্ট কৰাৰ আশংকা নাথাকে আৰু তাকৰীয়া মাটিতে কম সময়ৰ ভিতৰত প্ৰচুৰ ঘাঁহ উৎপাদন কৰিব পাৰি। সেইবাবে আমাৰ পোহনীয়া জীৱ-জন্তুকেইটাক প্ৰয়োজন অনুসৰি ঘাঁহৰ যোগান ধৰিবলৈ ঘাঁহ খেতিৰ পাতনি মেলাত গুৰুত্ব দিয়াটো নিশ্চয় উচিত হ’ব।
লিখক: ড০ কুমুদ চুতীয়া।
শেহতীয়া উন্নীতকৰণ: : 6/16/2020