অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘেঁহু :

 

মাটি -

সাৰুৱা আৰু মিহি চানেকীয়া মাটিত ঘেঁহু খেতি ভাল হয়। পানী যোগানৰ ব্যৱস্থা বা সুবিধা নথকা অৱস্থাত অলপ আলতীয়া বোকা মাটি এই খেতিৰ বাবে উপযুক্ত। ডাঠ আলতীয়া মাটি ঘেঁহু খেতিৰ অনুপযুক্ত।

পথাৰ প্ৰযুক্তি -

৪-৫ বাৰ হাল বাই মৈয়াই সমান কৰি ল’ব লাগে। প্ৰথম চাহ গুটি সিঁচাৰ এমাহ আগেয়ে কৰিব লাগে। পথাৰখন শুকান হৈ থাকিলে বীজ সিঁচাৰ ৩-৪ দিন আগেয়ে পাতলীয়াকৈ এবাৰ পানী যোগান ধৰিব লাগে।

অনুমোদিত জাত:

সোণালিকা(১০২-১২০), ইউ পি ২৬২(১০৬-১২৫), এইচ ডি আৰ-৭৭(১১০-১১৫), ডি বি ডব্লিউ-১৪(১০৫-১১০), এইচ ইউ ডব্লিউ-৬৪৮(১০৫-১১০)।

সাৰ প্ৰয়োগ -

ইউৰিয়া ২৪ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৩৮ কিলোগ্ৰাম, পটাছ ৯ কিলোগ্ৰাম প্ৰতি বিঘাত। জলসিঞ্চন ব্যৱস্থা কৰিলে এই অনুপাতে সাৰ প্ৰয়োগ কৰিব লাগে। জলসিঞ্চনৰ ব্যৱস্থা নাথাকিলে ইউৰীয়া ১২ কিলোগ্ৰাম, ছুপাৰ ফছফেট ১৭ কিলোগ্ৰাম আৰু পটাছ সাৰ ৪ কিলোগ্ৰামকৈ ব্যৱহাৰ কৰিলে যথেষ্ট। লগতে এমট’বেক্টাৰ ১ পেকেট প্ৰতিবিঘাৰ বীজৰ লগত সামান্য পৰিষ্কাৰ পানী চটিয়াই ভালদৰে মিহলাই বস্তাৰ ওপৰত ছাঁত শুকাই লৈ লগে লগে পথাৰত সিঁচিব লাগে।

বীজৰ পৰিমাণ -

হাতেৰে সিঁচিলে প্ৰতি বিঘাত ১৬ কিলোগ্ৰাম আৰু মেচিনেৰে সিঁচিলে ১৪ কিলোগ্ৰাম বীজৰ প্ৰয়োজন। বীজৰ গভীৰতা ৩.৫ ছেন্টিমিটাৰ বীজৰ দূৰত্ব ৫-৭ ছেন্টিমিটাৰ আৰু শাৰীৰ দূৰত্ব ২০ ছেন্টিমিটাৰ হ’ব লাগে।

প্ৰতিপালন:

পানী যোগান- বীজ সিঁচাৰ ২০-২৫ দিনৰ ভিতৰত এবাৰ আৰু ৭০-৭৫ দিনৰ ভিতৰত এবাৰ পানী যোগান ধৰা নিতান্তই প্ৰয়োজন।

চপোৱা:

ঘেঁহুৰ গুটিবোৰ দাঁতেৰে চোবাই চালে মুকটকৈ শব্দ এটা হ’লে চপোৱাৰ উপযুক্ত হয়। সাধাৰণতে ৰ’দৰ বতৰত ঘেঁহু চপোৱা ভাল।

উৎপাদন:

বৰষুণৰ ওপৰত নিৰ্ভৰ কৰা খেতিত ১৮-২০ কুইন্টল আৰু পানী যোগান ধৰা খেতিত ৩০-৩৫ কুইন্টল প্ৰতি হেক্টৰত।

উৎস: দৈনিক অসম(প্ৰবোধ চন্দ্ৰ শৰ্মা)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate