অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চেতেৰীয়া ঘাঁহৰ উন্নত কৃষি পদ্ধতি

অসমৰ জলবায়ুৰ বাবে উপযোগী বিভিন্ন অধিক উৎপাদনক্ষম জাতৰ ঘাঁহৰ ভিতৰত চেৰেতীয়া ঘাঁহও এক উৎপাদনক্ষম ঘাঁহ। যদিও এই ঘাঁহ অসমৰ মাটিত খেতিৰ বাবে অন্তৰ্ভূক্ত কৰা বৰ বেচি বছৰ হোৱা নাই তথাপিও বিভিন্ন প্ৰদৰ্শনমূলক খেতি আৰু গৱেষনা লস্ক তথ্যপাতিৰ দ্বাৰা অসমৰ মাটিৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হৈছে আৰু সেয়েহে বিভিন্ন অঞ্চলৰ কৃষকে এই খেতিৰ প্ৰতি আগ্ৰহী হোৱা দেখা হৈছে।

চেতেৰীয়া ঘাঁহৰ জাত: কাজুন গোলা আৰু নন্দী

মাটিৰ উপযুক্ততা

যিকোনো ওখ মাটিতে এই খেতি হয় যদিও একেবাৰে নিশকটীয়া সাৰ নোহোৱা মাটিত গছ বাঢ়িব নোৱাৰিব। সেয়েহে পানী জমা নোহোৱা যথেষ্ট সাৰুৱা মাটি এই খেতি বাবে উপযোগী।

আগৰ প্ৰয়োজনীয়তা : শিপা ওলোৱা সৰু সৰু টুকুৰাৰ প্ৰায় ৫০০০ আগ এবিঘা মাটিৰ বাবে প্ৰয়োজন হ’ব।

ৰোৱাৰ সময়

বাৰিষাৰ আৰস্কনিতে অৰ্থাৎ মাটিত যথেষ্ট জীপ থকাৰ সময় এপ্ৰিল মাহৰ পৰা জুন মাহলৈ এই খেতি কৰাৰ বাবে উপযুক্ত।

ৰোৱাৰ দূৰত্ব : শাৰীৰ পৰা শাৰীলৈ ৫০ চেঃ মিঃ আৰু পুলিৰ পৰা পুলিলৈ ৫০ চেঃ মিঃ।

সাৰ যোগান ব্যৱস্থা

কেৱল পচন সাৰ বা গোবৰ যোগান ধৰি খেতি কৰিব পাৰিলে অতি উপযুক্ত। বিঘাই প্ৰতি ৭ কুইণ্টল পচন সাৰেই যথেষ্ট।

তথাপিও ৰাসায়নিক সাৰও প্ৰয়োজন সাপেক্ষে তলত দিয়া হাৰত প্ৰয়োগ কৰিব পাৰে।

সাৰ                   পৰিমাণ (বিঘাই প্ৰতি)

ইউৰীয়া                  ৩৫ কিঃ

একক চুপাৰ ফচফেঅট         ৪৪ কিঃ

মিঃ অৱ পটাছ              ৭ কিঃ

উপৰত উল্লেখিত ৩৫ কিঃ ইউৰীয়া ১১ কিঃ পুলিৰোৱাৰ আগতে মাটিত প্ৰয়োগ কৰি মিহলাই লব। বাকী থকা সাৰ খিনি প্ৰতি বাৰ কটাৰ পিচত ৯ কিঃ কৈ প্ৰয়োগ কৰিব। সমুদায় ফচপৰাচ আৰু পটাচ সাৰ খিনি প্ৰথম বাৰ ঘাঁহ কটাৰ পিচতে প্ৰয়োগ কৰিব। কেচুসাৰ প্ৰয়োগ কৰিলে এবিঘাৰ বাবে ৩০০ কিঃ ৰ প্ৰয়োজন হ’ব।

কটাৰ সময়

ৰোৱাৰ পিছত গছ বাঢ়িবৰ বাবে কিছুসময় লাগে। সেয়েহে ৰোৱাৰ পিছত প্ৰথমবাৰ ৬০-৬৫ দিনৰ পিচতে কাটিব লাগে। তাৰ পিচৰ কেইবাৰ ৪৫-৬০ দিনৰ অন্তৰে অন্তৰে কাটিব পাৰি। মাটিৰ উৰ্বৰতাৰ ওপৰত নিৰ্ভৰ কৰি শীতকাল পৰ্যন্ত কেইবাৰ কাটিব নিদ্বাৰণ কৰিব পৰা হয়।

বনবাত নিয়ন্ত্ৰণ

ৰোৱাৰ ৩০-৩৫ দিনত এবাৰ পাতলীয়াকৈ কোৰ মাৰি দিব যাতে উঠি অহা বনবাতবোৰ মৰি যায়। তাৰপিছত প্ৰতেকবাৰ ঘাঁহগছ কাটোতে লগতে বনবাত নিৰাই দিব।

পানী যোগান

ৰোৱাৰ পিছতে খৰাং পৰিস্থিতি হলে গছৰ শিপা নষ্ট হৈ গছ বাঢ়িব নোৱাৰিব। সেয়েহে শুকান অৱস্থা দেখিলে পানীযোগানৰ ব্যৱস্থা কৰিব। পিছত বৰষুণ হলে গছ নিজে নিজে বাঢ়িব।

লিখক: ড মোক্ষদা প্ৰসাদ বৰঠাকুৰ।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate