অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুম খেতি-পাহাৰীয়া জনগোষ্ঠীৰ মাজত এতিয়াও প্ৰচলিত আদিম কৃষি প্ৰথা

জুম খেতি-পাহাৰীয়া জনগোষ্ঠীৰ মাজত এতিয়াও প্ৰচলিত আদিম কৃষি প্ৰথা

কাৰবি আংলং আৰু ডিমা হাচাও জিলালৈ গ’লে ৰাস্তাৰ পৰাই জুম খেতিয়ে সৃষ্টি কৰা টকলা পাহাৰবোৰ দেখিবলৈ পোৱা যায়। পাহাৰীয়া জনগোষ্ঠীৰ মাজত এতিয়াও আদিম কৃষি ব্যৱস্থা জুম খেতি প্ৰচলিত হৈ আছে। প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই জুম খেতি পথাৰ মুকলি কৰা হয়। ফলত পাহাৰবোৰ দিনে দিনে টকলা হৈ পৰিছে। সমগ্ৰ পৃথিবী জুৰি প্ৰায় ২৩০ পৰা ৫০০ মিলিয়ন জনসংখ্যাই এতিয়াও জুম খেতি কৰে। ২০০৪ চনৰ এটা সমীক্ষা মতে অকল ব্ৰাজিলতেই ৫লাখ ক্ষুদ্ৰ খেতিয়কে প্ৰতি বছৰে গড়ে এক হেক্টৰ বনানী মাটি জুম খেতিৰ বাবে মুকলি কৰে। অসমৰ দুই পাহাৰীয়া জিলাত জুম খেতিৰ বাবে কিমান বনানী ধ্বংস কৰা হয় ইয়াৰ সঠিক তথ্য নাই কিন্তু টকলা পাহাৰবোৰ দেখিলে ইয়াৰ ব্যাপকতা অনুমান কৰিব পাৰি।

কাৰবি সকলে প্ৰাচীন কালৰে পৰাই পাহাৰত জুম খেতি কৰি আহিছে। কালক্ৰমত জুম খেতি কাৰবি সকলৰ জীৱন প্ৰণালী আৰু সমাজ সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে। কাৰবি সকলৰ মাহৰ গণনাও জুম খেতিৰ পৰ্যায় সমূহক পৰ্যবেক্ষণ কৰিহে গণনা কৰা দেখা যায়।

যেনে-থাংথাং(ফেব্ৰুৱাৰী)-ৰিতলাং, অৰ্থাৎ জুম খেতিপথাৰ নিৰ্বাচন কৰা মাহ।

থেৰে(মাৰ্চ)-মামতে, অৰ্থাৎ জুমতলীৰ হাবি-বন কাটি শুকাবলৈ দিয়া মাহ।

জাংমি(এপ্ৰিল)-মেহ-ৰি অৰ্থাৎ জুমতলীত জুই দিয়া মাহ।

ফাইকুনি(নৱেম্বৰ)-ছকবো পাংনি, অৰ্থাৎ ধানৰ মুঠি থিয় কৰি থোৱা মাহ।

আৰকই(জানুৱাৰী)-ছকৰই, অৰ্থাৎ ধান চপাই ঘৰলৈ অনা মাহ।  দেখা গৈছে যে কাৰবি সকলৰ প্ৰাচীন সমাজ জীৱন জুম খেতিৰ ওপৰতে সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হৈ পৰিছিল।

কাৰবি আংলঙৰ পাহাৰবোৰত সাধাৰণতে পাহাৰীয়া গাঁওবোৰৰ ‘ৰং আছাৰথে’ অৰ্থাৎ গাঁৱৰ মুখিয়াল সকলৰ নিজা নিজা ‘হাৱাৰ’ বা অঞ্চল নিৰ্ধাৰণ কৰা থাকে। একোটা নিৰ্ধাৰিত এলেকাত সেই অঞ্চলৰ গাঁওবাসীয়ে ফেব্ৰুৱাৰী মাহত জুমখেতিৰ মাটিডৰা নিৰ্বাচন কৰি বাঁহৰ কামি মাটিত খুচি চিন দি থৈ আহে আৰু কিছু হাবি মুকলি কৰি ‘ৰিত কেচাম’ সকাম কৰে। তাৰ পিছত গছ-গছনি,হাবি-বন কাটি শুকাবলৈ দিয়া হয়। গছ-গছনি, ঘাঁহ-বন শুকালে এপ্ৰিল মাহত সেইবোৰত জুই লগাই দিয়া হয়। তেতিয়া শুকান-গছ-গছনি জুইত পুৰি মাটিডৰা ক’লা ছাইৰে আবৃত হয় । ইয়াৰ ফলত মাটিডৰা সাৰুৱা হৈ পৰে।

জুম খেতিডৰাত সাধাৰণতে ধান খেতিয়েই প্ৰধান খেতি। ধান খেতিৰ মাজে মাজে মাকৈ, হানছেৰং, জলকীয়া, ৰঙালাও আদি খেতি কৰা হয়। তাৰোপৰি তিল, কচু, হালধি, আৰু আদা খেতি আদিও কৰা দেখা যায়। পাহাৰৰ একোডৰা মাটিত তিনিবছৰমান জুম খেতি কৰাৰ পিছত সেইডৰা মাটি এৰি আকৌ অন্য হাবি-জংঘল কাটি জুম খেতিৰ বাবে মুকলি কৰা হয়।  এইদৰে এখন পাহাৰৰ পৰা অন্য এখন পাহাৰলৈ জুম খেতি পথাৰে বিস্তৃতি লাভ কৰে। সেইকাৰণে জুম খেতিক স্থানান্তৰী খেতি বুলিও কোৱা হয়।

JhhomKheti_2_MangalSingR

প্ৰাচীন কালত এখন গাঁৱত জিৰছঙৰ(ডেকাচাং)ডেকা-গাভৰু সকলে সমূহীয়াভাৱে জুমখেতি কৰিছিল। জিৰছঙৰ সদস্য সকলে সমূহীয়াভাৱে খেতি কৰাকে ‘জিৰকেদাম’বুলি কোৱা হয়। জিৰছঙৰ ডেকা-গাভৰু সকলে কৰা ‘জিৰকেদাম’ পৰম্পৰাৰ পৰাই কাৰবি সকলৰ জুম কৃষিভিত্তিক সংস্কৃতি গঢ় লৈ উঠিছিল।  জিৰকেদামৰ পৰাই কাৰবি সকলৰ ‘ৰিতনং চিংদি’ নৃত্যৰো উৎপত্তি হৈছিল, কাৰবি সংস্কৃতিৰ সম্পদ ‘চেংবুৰুপ’ ঢোলৰো জন্ম হৈছিল। জিৰকেদামৰ জুমতলীৰ ‘মান্দু’ অথবা ‘হেমতাপ’ত বহি জিৰছঙৰ ডেকাই প্ৰেয়সীক উদ্দেশ্যী গোৱা ‘বং অ’ই আলুন’ বা প্ৰণয়ী গীতবোৰ কাৰবি লোকগীতৰ অমূল্য সম্পদ।

চল্লিশ-পঞ্চাশ দশকত ছেমছনছিং ইংতিৰ নেতৃত্বত কাৰবি আদৰবাৰৰ সুকীয়া জিলা গঠনৰ দাবীত গঢ়ি উঠা গণ-জাগৰণৰ সময়ত পাহাৰত বাস কৰা কাৰবি সকলক ভৈয়ামলৈ নামি আহি বসতি স্থাপন কৰিবলৈ উৎসাহিত কৰা হৈছিল। তেতিয়াৰ পৰাই বহুতো কাৰবি পৰিয়াল পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহি পানী খেতি কৰিবলৈ শিকিছিল। কিন্তু বহু সংখ্যক পৰিয়াল পাহাৰতে থাকি গৈছিল আৰু তেওঁলোকে এতিয়াও আদিম কৃষি পদ্ধতিৰে জুম খেতি অব্যাহত ৰাখিছে।  দেখা গৈছে যে জুম খেতিত উৎপাদন কৰা ধানেৰে পাহাৰীয়া মানুহৰ বছৰটোত নোজোৰেগৈ।  সেইকাৰণে দুই পাহাৰৰ সমতলভূমিত পানীখেতিও কৰা দেখা যায়। কিছুমান অঞ্চলত টেৰাছ বা খাপ খেতি কৰাও দেখা যায়। তথাপিও পাহাৰীয়া জুম খেতিয়ক সকলৰ আৰ্থিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই। চৰকাৰে মাজে সময়ে জুমখেতিৰ পৰিবৰ্তে উন্নত খাপ খেতি কৰিবলৈ অথবা একেলগে বহু শস্যৰ খেতি কৰিবলৈ উদগনি দিয়াৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰা দেখা যায়। কিন্তু আঁচনিবোৰ সফল হোৱা নাই।

জুম খেতিয়ক সকলক, প্ৰতি বছৰে পাহাৰৰ হাবি-বন কাটি ধ্বংস কৰাৰ পৰা নিৰুৎসাহ কৰাতো আৰু বিকল্প পথৰ সন্ধান দিয়াতো তৎকালীন ভাবে অতি জৰুৰী হৈ পৰিছে। কাৰণ জুম পদ্ধতিৰে খেতি কৰা বাবে প্ৰতি বছৰে বহুতো বনজ সম্পদ, গছ-গছনি আদি বিনষ্ট হৈছে ফলত পৰিবেশ সন্তুলনত ব্যাঘাত জন্মিছে আৰু জৈৱ-বিচিত্ৰতা বিপৰ্য্যস্ত হৈছে। কাৰবি পাহাৰত বৰ্তমান কিছুমান গছ-গছনি আৰু উদ্ভিদ দুষ্প্ৰাপ্য হৈ পৰিছে। বেত কাৰবি পাহাৰৰ পৰা এতিয়া বিলুপ্তিৰ পথত। কাক বাঁহ কিছুমান অঞ্চলত বিচাৰি পাবলৈ নাইকিয়া হৈছে। কাৰবি সকলৰ জনপ্ৰিয় বনৰীয়া শাক-হানঠু, মেহেক, হানচে আদিও তাকৰ হৈ পৰিছে। আটাইতকৈ চিন্তাজনক কথাটো হ’ল-প্ৰতি বছৰে প্ৰতি গাঁওতে উদযাপন কৰা ‘চ’জুন’ পূজাৰ বাবে অতি দৰ্কাৰী ‘ফংৰং’ গছ জোপা পাহাৰত বিচাৰি পাবলৈ টান হৈ পৰিছে। আমাৰেই চুবুৰীয়া মেঘালয়ৰ জয়ন্তীয়া সকলৰ দৰে ‘Sacred Groves’ৰ আৰ্হিত পাহাৰবোৰ সংৰক্ষণ কৰিব লগীয়া পৰ্যায় আহি পৰিছে।

অৱশ্যে এটা আশাব্যঞ্জক কথা -কাৰবি আংলঙৰ কিছুমান পাহাৰীয়া অঞ্চলত পৰিত্যক্ত জুম পথাৰত বনৰীয়া ঝাৰু গছৰ খেতি, আদা খেতি আৰু বাঁহ গছৰ খেতি কৰা দেখা গৈছে। জুম খেতিয়ক সকল আৰ্থিকভাবে কিছু লাভৱান হৈছে। কিছুমান পাহাৰত অস্থায়ী জুমখেতিৰ পৰিবৰ্তে ৰবৰ গছৰ খেতি কৰাও দেখা গৈছে। ৰবৰ খেতি জুম খেতিৰ বিকল্প হ’ব পাৰে।  এক বেচৰকাৰী তথ্যমতে কাৰবি পাহাৰত ১০ হাজাৰতকৈও অধিক হেক্টৰ মাটি এতিয়া ৰবৰ খেতিৰ অধীনত। ৰবৰ ব’ৰ্ডে কাৰবি আংলঙৰ পাহাৰীয়া খেতিয়ক সকলক ৰবৰ খেতিৰ বাবে উৎসাহিত কৰি আহিছে। জুম খেতিয়ক সকলক উদ্যান শস্যৰ খেতিৰ প্ৰতি উৎসাহিত কৰি স্থায়ী খেতি কৰাৰ বাবেও উদগনি দিব লাগে। প্ৰত্যেক বছৰে হাবি বন কাটি নতুন অঞ্চলত জুম খেতি মাটি এডৰা মুকলি কৰাৰ সলনি কিছুমান নিৰ্দিষ্ট পাহাৰত খাপ খেতি পদ্ধতিৰে স্থায়ী খেতি মাটি এডৰা সৃষ্টি কৰিব পাৰি। যিটো চীন দেশত সফল ভাবে প্ৰয়োগ কৰা দেখা গৈছে। নেপালতো ওখ পাহাৰত খাপ খেতি পথাৰ দেখা যায়।

এসময়ত সমগ্ৰ বিশ্বতে জুম খেতি প্ৰথা প্ৰচলিত আছিল। কিন্তু নৱ-প্ৰস্তৰ যুগৰ পৰা আৰম্ভ হোৱা জুম খেতি ইউৰোপ আৰু উত্তৰ আমেৰিকাত যোৱা কিছু শতিকাৰ আগতে আধুনিক কৃষি পদ্ধতি আৰু কৃষি বজাৰ বিকাশ লাভ কৰাৰ লগে লগে মানুহে পৰিত্যাগ কৰিলে। কিন্তু অসমৰ দুই পাহাৰীয়া জিলা আৰু উত্তৰ-পূৱ অঞ্চলৰ পাহাৰীয়া ৰাজ্য সমূহত জুম খেতি বিভিন্ন ভৌগোলিক কাৰণত আজিও প্ৰচলিত হৈ থাকিল। পাহাৰীয়া জনগোষ্ঠী সকল আজিও আদিম কৃষি পদ্ধতি আৰু নিম্ন অৰ্থনৈতিক অৱস্থাতে ৰৈ গ’ল। পাহাৰীয়া জনজাতি সকলৰ সামাজিক আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ ইও এটা অন্যতম কাৰণ।

লিখক: মংগলসিং ৰংফাৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate