অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ট্রাইক'ডাৰমা প্রয়োগৰ বিভিন্ন বিধি

১. পানীৰ আৰু ট্রাইক'ডাৰমাৰ লগত বীজ মিহলি কৰি

১ কিলো্গ্রাম বীজৰ বাবে ৫ - ৬ গ্রাম ট্রাইক'ডাৰমা ভালদৰে ১০ গ্রাম পানীৰ লগত মিহলি কৰি ৩০ মিনিট মানৰ পৰা ১ ঘন্টা মান সময় সিঁচাৰ আগে আগে শুকাবলৈ দিব লাগে ।

২. তিতা বীজ শোধন/ডুবাই কৰা পদ্ধতি

২০ -২৫ গ্রাম মান ট্রাইক'ডাৰমা ১ লিটাৰ পানীৰ লগত মিহলি কৰি তাত ১ ঘন্টামান বীজ / পুলি / আলু শিপা আদি তিয়াই থওক । তাৰ পিচত ১ ঘন্টা মান ছাঁত শুকুৱায় ৰোৱাৰ ব্যৱস্থা কৰিব লাগে ।

৩. মাটিত ধালি প্রয়োগ কৰা

২০ - ২৫ গ্রাম মান ট্রাইক'ডাৰমা ১ লিটাৰ পৰিমাণৰ পানীত ভালদৰে মিহলি কৰি মাটিত প্রয়োগ কৰিব পাৰি ।

৪. মাটিত প্রয়োগ

  • ১০০ কিঃ গ্রাম শুকান গোবৰ , ১০ কিঃ গ্রাম খলিহৈ ভালদৰে মিহলি কৰি লব । প্রয়োজন হলে অলপ মান পানীও ব্যৱহাৰ কৰিব পাৰে ।
  • উপৰোক্ত মিশ্রণটোৰ লগত ১ কিঃ গ্রাম ব্যৱসায়িক ভিত্তিত ভাবে প্রস্ত্তত কৰি উলিওয়া ট্রাইক'ডাৰমা ভালদৰে মিহলি কৰি গোটেই মিশ্রণটো কলপাত অথবা খবৰ কাগজেৰে ৩ দিনমান ঢাকি ৰাখিব লাগে ।
  • ৪ দিনৰ দিনা আৱৰণ খন আঁতৰায় অলপমান পানী চতিয়াই ভালদৰে মিহলি কৰি আকৈ ভালদৰে ঢাকি ৰাখিব লাগে।
  • ৭ দিনৰ দিনা মিশ্রণ খিনি আকৈ ভালদৰে মিহলি কৰি মাটিত প্রয়োগ কৰিব লাগে ।
  • ১ হেক্টৰ মাটিৰ কাৰণে প্রায় ৫০০ কিঃ গ্রাম শুকান গোবৰ , ৫০ কিঃ গ্রাম খলিহৈ আৰু ৫ কিঃ গ্রাম ট্রাইক'ডাৰমাৰ প্রয়োজন হয় ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate