অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেলীকঁৰা বা চীনাকঁৰা গছ

তেলীকঁৰা বা চীনাকঁৰা গছ

Flora of British India গ্ৰন্থৰ প্ৰণেতা যোছেফ ডেণ্টন হুকাৰৰ মতে ভাৰতবৰ্ষত Sapium (কঁৰা) গণৰ গছৰ ছটা প্ৰজাতি পোৱা যায়। বন বিষয়া ইউ এন কাঞ্জিলালৰ মতে উত্তৰ-পূব ভাৰতবৰ্ষত চাৰি প্ৰকাৰৰ কঁৰা গছ পোৱা যায়। যেনে- sapium eugeniaefolium. S. baccatum, S. insigne আৰু S. sebiferum প্ৰজাতিৰ গছ বৰ কম পোৱা যায়। আন তিনি জোপাতকৈ ই সৰু আৰু গছজোপাৰ এটা বিশেষত্ব হৈছে, ইয়াৰ পাত আৰু গা-গছৰ ছাল হুবহু শিশু গছৰ দৰে। গতিকে কৰ’বাত এজোপা দেখিলেও ফুল-ফল নধৰালৈকে প্ৰকৃততে কি গছ জনা নাযায়। চিনি পোৱা লোকে আন তিনিজোপাক মাহকলা বা মাহকঁৰা বোলে। প্ৰথম দুজোপাৰ পাত এৰী পলুৱে খায়। চতুৰ্থ জোপাৰ পাত এৰী পলুৱে নাখায়। এই গছৰ অসমীয়া নামো দিয়া হোৱা নাই। ইংৰাজৰ আমোলতহে এই গছ চীন দেশৰপৰা আনি অসমত ৰুইছিল। প্ৰথম তিনিজোপাৰ কাঠ বৰ কোমল, বগা; ঘৰ সজা বা ঘৰৰ আচবাব সজাতো ব্যৱহাৰ কৰা নহয়। খৰিৰ দৰে ব্যৱহাৰ কৰিলেও জুই নজ্বলে, ধোঁৱায় আৰু নঙঠা নহয়, চেঁচা পৰে। বন বিভাগেও কঁৰা গছ ৰোৱা নাই। এই লেখকেহে Sapium sebiferum গছজোপাক ‘তেলিকঁৰা’ নাম দি কিছু কথা লিখিছে। এই ‘তেলীকঁৰা’ গছৰ গুৰুত্ব নথকা নহয়, কাৰণ ইয়াৰ কাঠ আন তিনিজোপাৰ দৰে অকামিলা-অদৰকৰী নহয়; কামত আহিছে।

এই গছৰ ফলৰ পৰা এবিধ তেল আহৰণ কৰা হয়। ইয়াক ইংৰাজীত Tallow বোলা হয়। সেই গতিকে ইংৰাজে ইয়াক Chiness Tallow Tree নাম দিছে। এই Tallow আহৰণ কৰৰ বাবেই যুগ যুগ ধৰি প্ৰচুৰ খেতি কৰা হৈ আছে। গছ-গছনিৰ কিতাপখন প্ৰস্তুত কৰি থাকোঁতে এজোপা গছ দেখা পোৱা গৈছিল যদিও শিশু গছ বুলি আওঅকাণ কৰা হৈছিল। এতিয়া এই জুন মাহতে ফুল-ফল দেখা পোৱা গৈছে। প্ৰকৃততে ময়ো গছজোপা শিশু গছ বুলিয়ে ভাবি আছিলোঁ, কাৰণ গছজোপা দেখাত হুবহু শিশু গছৰ দৰেই। কাঞ্জিলালৰ কিতাপখনত ইয়াৰ বিৱৰণ দিয়া আছে-‘The foliage resembles Sisoo tree.

চীনাকঁৰা বা Tallow tree জোপা সৰু সৰল পাতৰ ৭-৯ মিটাৰ ওখ গছ। পাত ৩-৭ ছেণ্টিমিটাৰ দীঘল, ৩-৫ ছেণ্টিমিটাৰ বহল, শিশু গছৰ পাতৰ দৰেই বিষমকোণী, চতুৰ্ভউজ আকাৰৰ, দীৰ্ঘাগ্ৰ, কাষ নিমজ, পক্ষলত সিৰা ৫-৭ ডাল। পুস্প সেউজ-হালধীয়া। পূংপুস্প আৰু স্ত্ৰীপুস্প ডালৰ আগত একেটা মঞ্জৰীতে ধৰে। পুংপুস্পৰ বেটুপাত ৩ টা, পাহি ৩ টা, পুংকেশৰত ৩ ডাল। স্ত্ৰী পুস্পৰ দলমণ্ডলৰ অভাৱ, বেটুপাত সামান্য, ক্ষুদ্ৰ, গৰ্ভমুণ্ড তিনি-শাখী, আগ ঘোৰখোৱা। ফল গোলাকাৰ ১ ছেণ্টিমিটাৰ ব্যাসৰ। গৰ্ভকোষ চিন থকা অৰ্থাত আঁচ থকা।

ব্যৱহাৰ

পশ্চিমীয়া ক্ৰিকেট বেট Willow গছৰ কাঠৰ পৰা কৰা হয়। বৈজ্ঞানিক নাম Salix alba , কিন্তু এই গছৰ অভাৱত Sapium sebiferum গছৰ কাঠৰপৰাও কৰা হৈছে বুলি H. Trotter ৰ কিতাপত পোৱা যায়। ইয়াৰ উপৰিও গছজোপাৰ ফলত লিচু (Nephelium LIchi) ফলৰ দৰে বীজৰ ওপৰত এটা বগা চামনিৰে আৱৰা থাকে ইয়াকে Chinese Vegatable Tallow বোলা হয়। বীজৰ ভিতৰত যি বস্তু থাকে তাক Stilling Oil বোলা হয়। এই দুবিধ বস্তু ফলৰপৰা সিস্কাসন পদ্ধতিত আহৰণ কৰা হয়। ঠিক অসমৰ সাঁচি গছৰপৰা তেল আহৰণ কৰাৰ দৰে। হুকাৰৰ কিতাপখনত, লগতে আন কিতাপতো দিয়া আছে- “Cultivated Plant in china, introduced to different countries of the world.” এই Tallow চীন দেশত বহুত কামত ব্যৱহাৰ কৰে, মামবাতি, ভাৰ্নিছ, ৰ্ংকৰা, প্ৰিণ্টিং আদি কামত ব্যৱহাৰ কৰা হয়।

বৈজ্ঞানিক নাম: Sapium sebiferum, Roxb গোত্ৰ-Euphorbiaceae.

আনন্দ চন্দ্ৰ দত্ত, প্ৰান্তিক।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate