ধান সমগ্ৰ পৃথিৱীৰ লগতে আমাৰ ৰাজ্যখনৰো এটা প্ৰধান খেতি। অসমৰ মুঠ কৃষিভূমিৰ প্ৰায়৭৫ % ৰ অধিক অঞ্চলত ধান খেতি কৰা হ্য। ধানৰ উতপাদনশীলতা বৃদ্ধিৰ ওপৰতে অসমৰ কৃষি অৰ্থনীতি বহুখিনি নিৰ্ভৰ কৰে। আমাৰ পৰম্পৰাগত কৰি অহা ধান খেতিৰ পদ্ধতিৰে বৰ্দ্ধিত জনস্ংখ্যাৰ প্ৰয়োজন পূৰাব পৰা নাযায়। সেই উদ্দেশ্য আগত ৰখিয়েই শেহতীয়াভাবে সমগ্ৰ বিশ্বতেই উৎপাদন বৃদ্ধিৰ বিভিন্ন কৌশল উদ্ভাৱনৰ প্ৰচেষ্টা অব্যাহত আছে। এই পদ্ধতিবোঅৰৰে অন্যতম এটা হৈছে “শ্ৰী পদ্ধতি”। শ্ৰী পদ্ধতি প্ৰকৃততে এটা ইংৰজী বাক্যাংশ System of Rice Intensification ৰ পৰা আহিছে। অসমীয়াত কোনোৱে ধানৰ সৱলীকৰণ বুলিও কয় যদিও বৰ্তমান শ্ৰী পদ্ধতি হিচাপেহে ই ৰাইজৰ মাজত বেছি জনপ্ৰিয় হৈছে।
এই পদ্ধতিটো ৮০ ৰ দশকত আফ্ৰিকা মহাদেশৰ মাদাগাস্কাৰ নামৰ দেশখনত প্ৰথম উদ্ভাৱন হৈছিল যদিও ৯০ দশকৰ শেষ ভাগতহে বিশ্বৰ আনবোৰ দেশত ইয়াৰ প্ৰচলন হ’ব ধৰে। অসমত মাথো কেইবছৰমান পূৰ্বেহে এই পদ্ধতিৰ আগমন হৈছে।
শ্ৰী পদ্ধতিৰ মূল নীতিটো হ’ল-প্ৰচলিত ধাৰণাৰ দৰে এবিধ জলজ উদ্ভিদ নহয়। ইয়াৰ বিপৰীতে, আবদ্ধ পানীত কৰা ধান খেতিত , গছজোপাৰ প্ৰায় ৭০ % শক্তি ক্ষয় হয় সেই পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজন হোৱা এক বিশেষ ধৰণৰ বায়বীয় কলা প্ৰস্তুত কৰণত। গতিকে, বায়বীয় পৰিৱেশত শিপাৰ শ্ৰীবৃদ্ধিৰ ওপৰত গুৰুত্ব দি উদ্ভিদজোপা অধিক সক্ষম আৰু উতপাদনক্ষম কৰাটোৱে শ্ৰী পদ্ধতিৰ মূল কৌশল।
শ্ৰী পদ্ধতি হ’ল প্ৰধানকৈ চাৰিটা নীতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এক উতপাদন পদ্ধতি। এই চাৰিটা নীতি হ’ল-
১) ভূমি ৰ্বৰতা নিয়ন্ত্ৰণ
২) ৰোপণ পদ্ধতি
৩) বন-বাত নিয়ন্ত্ৰণ
৪) জলসিঞ্চন নিয়ন্ত্ৰণ
মূলত এই চাৰিটা নীতিৰ ওপৰত ভিত্তি কৰি এই পদ্ধতিৰ ববে কেতবোৰ নিয়ম উদ্ভাৱন কৰা হৈছে। তাৰে কেতবোৰ নিয়ম এনেধৰণৰ-
১) ৮-১২ দিনীয়া কঠিয়া ৰোপণ
২) শিপা আঘাটপ্ৰাপ্ত নোহোৱাকৈ অতি সৱধাণেৰে এডাল এডালকৈ কঠীয়া ৰুব লাগে।
৩) শাৰীৰ পৰা শাৰীৰ আৰু গোছাৰ পৰা গোছাৰ, দুয়োটাৰ মাজত ২৫ ছে: মি: দূৰত্ব ৰাখি বৰ্গ চানেকীত কঠীয়া ৰোপণ।
৪) বন-বাত নিয়ন্ত্ৰণৰ লগতে মাটিত অক্সিজেনৰ চলচল বৃদ্ধি কৰিবৰ বাবে কৰা যান্ত্ৰিক পদ্ধতিত নিৰণি।
৫) জৈৱ বা পচন সাৰৰ প্ৰয়োগ, ইত্যাদি।
যিহেতু শ্ৰী পদ্ধতিত অতি কম দিনীয়া অৰ্থাত মাত্ৰ ৮-১২ দিনীয়া ৰুব লগ হয়, সেইবাবে কঠিয়াতলী প্ৰস্তুতকৰণত যথেষ্ট সাৱধানতা ল’ব লাগে। কঠীয়াতলি মূল পথাৰৰ পৰা নিচেই কাষত বা পৰাপক্ষত সোঁমাজত হোৱা উচিত। যাতে কঠীয়া তোলাৰ পৰা মূল পথাৰলৈ নি কঠীয়া ৰোৱাৰ মাজত্ ৩০-৪০ মিনিটৰ বেছি সময়ৰ প্ৰয়োজন নহয়।ইয়াৰ ফলত কঠীয়া পৰিবহন কৰোতে হোৱা আঘাটৰ পৰাও হত সাৰিব পৰা যায়।
কঠিয়াতলি শাক-পাচলিৰ দৰে প্ৰস্তুত কৰা তলিৰ দৰে হ’ব লাগে। এবিঘ মাটিত খেতি কৰিবৰ বাবে বীজৰ প্ৰয়োজন হয় প্ৰায় ৭০০ গ্ৰাম আৰু কঠীয়াতলীৰ জোখ হ’ব লাগে প্ৰায় ১৩-১৪ বৰ্গ মিটাৰ।
কঠীয়াতলীখন শুকান গোবৰ বা পচন সাৰৰ এটা তৰপ দি তাৰ ওপৰত ভালকৈ গজালি মেলা বীজ পাতলকৈ সিঁচি পুনৰ গোবৰ বা পচনসাৰৰ পাতল তৰপ এটাৰে ঢাকি দিব লাগে। তাৰ পিছত দুদিনৰ বাবে কঠীয়াতলিখন ধানখেৰে ঢাকি দিব লাগে। মাজে মাজে তাৰ ওপৰত পাতলকৈ পানী ছটিয়াই থাকিব লাগে। দুদিনৰ পাছত খেৰখিনি আতঁৰাই দিব লাগে।
মূল পথাৰ নিৰ্বাচন আৰু প্ৰস্তুত প্ৰণালী: শ্ৰী পদ্ধতিত খেতিৰ এটা অন্যতম মনকৰিবলগীয়া কথা হ’ল, সচৰাচৰ থকাৰ দৰে ইয়াত ধানৰ পথাৰত বন্ধ পানী ৰখা নহয়। গতিকে পথাৰ নিৰ্বাচন কৰোতে মনকৰিবলগীয়া কথাটো হ’ল যাতে পথাৰত জমা হোৱা পানী অতি সোনকালে ওলাই যায়, অথচ প্ৰয়োজন মতে মাটিৰ আৰ্দ্ৰতা ৰক্ষাৰ ববে প্ৰয়োজনীত্য জলসিঞ্চনৰ ব্যৱস্থাও থাকে।
কঠীয়া ৰোৱাৰ ২০-২৫ দিনমান আগতে পথাৰত পানী ভৰাই থৈ তাৰ পিছত হাল মাৰি দিব লাগে যাতে ঘাঁহ-বনবোৰ পচি যোৱাত সহায় হয়।তাৰ পিছত ২-৩ দিনৰ অন্তৰে অন্তৰে ২-৩ বাৰ মানকৈ ভালদৰে হাল বাই, মৈয়াই পথাৰত বোকা তুলি মিহি আৰু সমান কৰি ল’ব লাগে। ইয়াৰ সমান্তৰালভাৱে প্ৰচুৰ পৰিমাণে গোবৰ বা পচন সাৰ প্ৰয়োগ কৰা উচিত। কঠীয়া ৰোৱাৰ এদিন আগতে পথাৰত মিহিকৈ মৈ দি সমান কৰি লৈ পানীৰ এটা চিপচিপীয়া তৰপ এৰিব লাগে।
এইবাৰ সমগ্ৰ পথাৰখনতে প্ৰতি ২ মিটাৰ অন্তৰে অন্তৰে অথালি পথালিকৈ দুয়ো দিশতে ৩০ ছে:মি: বহল একোটা নলা খান্দি দিব লাগে যাতে অতিৰিক্ত পানীভগ অতি সহজে ওলাই যাব পাৰে। ইয়াৰ ফলত সমগ্ৰ পথাৰখন ২ মিটাৰ দীঘল আৰু ২ মিটাৰ বহল কেতবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ডত ভাগ ভাগ হৈ পৰিব। প্ৰয়োজন সাপেক্ষে এই নলাৰে মাটিত জীপ ৰাখিবৰ বাবে জলসিঞ্চন কৰিবও পৰা যায়।
কঠীয়াতলিৰ পৰা ৮-১২ দিনীয়া কঠীয়া অতি সাৱধানেৰে তুলিব লাগে। প্ৰয়োজন সাপেক্ষে বেলচ, কোৰ বা আন তেনেকুৱা চেপেটা টিনৰ টুকুৰা আদি ব্যৱহাৰ কৰি শিপাবোৰ মাটিৰে সৈতে তুলি আনিব লাগে। কঠীয়াৰ শিপাখিনি যাতে কোনোপধ্যে আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি তীক্ষন নজৰ দিব লাগে। তাৰ পিছত কঠীয়াখিনি আলফুলকৈ কোনো বহল মুখৰ পাত্ৰ, চৰিয়া, ডলা বা কুলা আদিত তুলি মূল পথাৰলৈ নিব লাগে।
মূল পথাৰত ইতিমধ্যে তৈয়াৰ কৰি থোৱা ২ মিটাৰ দীঘল আৰু ২ মিটাৰ বহল ক্ষুদ্ৰ খণ্ডৰ প্ৰতিটোতে ২৫ ছে:মি: দূৰত্বত এডাল এডালকৈ কঠীয়া ৰুব লাগে। অৰ্থাৎ প্ৰতিটো শাৰীৰ মাজত দূৰত্ব হ’ব ২৫ ছে:মি:। প্ৰতিগোছাত এডালকৈ কঠীয়া ৰুব লাগে। কঠীয়া ৰোৱাৰ আগতে ২৫ ছে:মি: ব্যৱধানত দুয়ো দিশতে সমান্তৰালকৈ কেতবোৰ আঁক টানি দিব লাগে। এতিয়া এই দুডাল আঁকে কটাকটি কৰা ঠাইত একোডালকৈ কঠীয়া ৰুব লাগে। এনে ধৰণৰ আঁক মাৰিবৰ বাবে “ৰ’টাৰী মাৰ্কাৰ” নামৰ এবিধ সজুলি বজাৰত কিনিবলৈ পোৱা যায়, যদিও ইয়াৰ অন্যথা কৃষকসকলে নিজাববীয়াকৈও নিজৰ সুবিধা হোৱাকৈ আন আহিলা ব্যৱহাৰ কৰিব পাৰে। মন কৰিব লাগে যাতে কঠীয়াত লাগি থকা ধনটো বা চুলিৰ দৰে শিপাখিনিৰ কোনো ক্ষতিখুন নহয়। কঠীয়াৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি কঠীয়া ১-২ ছে:মি: মাটিৰ গভীৰলৈ গুজি দিব লাগে। সাৱধান হ’ব লাগে যাতে কঠীয়াৰ শিপ প্ৰয়োজনতকৈ মাটিৰ অধিক গভিৰলৈ সোমায় নাযায়।
মনকৰিবলগীয়া কথাটো হ’ল যে কঠীয়া তোলাৰ পৰা পথাৰত কঠীয়া ৰোৱাৰ মাজৰ সময়ৰ ব্যৱধান ৩০-৪০ মিনিটৰ বেছি নহয়। গতিকে সমগ্ৰ প্ৰক্ৰিয়াটোতে এটা পূৰ্ব পৰিকল্পনাৰ প্ৰয়োজন।
এই পদ্ধতিত যিহেতু পথাৰত বন্ধ পানী নাথাকে গতিকে প্ৰচলিত পদ্ধতিত কৰা ধানখেতিতকৈ ইয়াত ঘাঁহ-বনৰ উপদ্ৰৱ বেছি হয়। ঘাঁহ-বন নিয়ন্ত্ৰণৰ বাবে বন নিৰণি কৰা যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ এই পদ্ধতিত বন নিয়ন্ত্ৰণৰ বাবে “কোনো উইদাৰ” নামৰ এবিধ যন্ত্ৰ বজাৰত কিনিবলৈ পোৱা যায়। ইয়াৰ অন্যথা আমাৰ কৃষকসকলে নিজা ধৰণেও বন-বাত নিয়ন্ত্ৰণৰ ব্যৱস্থা ল’ব পাৰে। কেৱল ধানৰ গোছাৰ মাজত মাটিবোৰ যাতে খুচৰি দিয়াৰ লগতে বন-বাতবোৰ মাটিৰ লগত ভালদৰে মিহলি হয় তাক নিশ্চিত কৰি ল’ব লাগে। শাৰীবোৰৰ মাজত অথালি পথালিকৈ দুয়োদিশতে নিৰণি কৰিব লাগে। ইয়াৰ ফলত বন-বাত নিয়ন্ত্ৰণ হোৱাৰ লগতে মাটিত অক্সিজেনৰ চলাচল বৃদ্ধি হৈ শিপাৰ বৃদ্ধিৰ সহায়ক হয়। কঠীয়া ৰোৱাৰ ১০-১২ দিন পাছত প্ৰথমবাৰৰ বাবে নিৰণি কৰা দৰকাৰ। তাৰ পিছত প্ৰতি ১০-১৫ দিনৰ মূৰে মূৰে ধানৰ মণি ধৰা অৱস্থালৈ নিৰণি কৰি থকা প্ৰয়োজন।
প্ৰচলিত পদ্ধতিৰে কৰা ধানখেতিৰ তুলনাত শ্ৰী পদ্ধতিত কৰা খেতিৰ তুলনামূলক লাভবোৰ হ’ল-
১) শ্ৰী পদ্ধতিত কৰা খেতিত ৬৫-৭০% কম বীজৰ দৰকাৰ
২) প্ৰায় ৪০-৪৫% কম পানীৰ প্ৰয়োজন
৩) গোছাই প্ৰতি অধিক স্ংখ্যক সুস্থ আৰু উত্পাদনক্ষম পোখা
৪) প্ৰতি থোকত অধিক ধান
৫) অধিক সুস্থ সবল হোৱা বাবে ৰোগ আৰু পত্ংগৰ আক্ৰমণ কম
৬) ৫-২০ দিন আগতীয়াকৈ চপাব পৰা যায়।
৭) একেটা জাতৰ ধানতে প্ৰচলিত পদ্ধতিত কৰাতকৈ এই পদ্ধতিত ডেৰৰ পৰা দুই গুণ অধিক উত্পাদন পোৱা যায়।
যিকোনো জাতৰে ধান এই পদ্ধতিত কৰিব পাৰি যদিও অধিক উত্পাদনক্ষম আধুনিক জাতবোৰ এই পদ্ধতিৰ দ্বাৰা কৰি আশাপ্ৰদ ফল লাভ কৰিব পাৰি।
এই পদ্ধতিৰ খেতি কৰাৰ এটা প্ৰাথমিক চৰ্ত হ’ল মাটিডৰাত পানীৰ নিয়ন্ত্ৰণ ব্যৱস্থা। ইয়াৰ অন্যথা অধিক পানীয়ে শিপাৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰিব। গতিকে শালি খেতিৰ বতৰত এই পদ্ধতিৰে খেতি কৰিবলৈ হ’লে ওখ চানেকীয়া মাটি নিৰ্বাচন কৰিব লাগে। মন কৰিব লাগে যাতে পথাৰৰ পৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা থাকে। সেইবাবে অসমত শ্ৰী পদ্ধতিৰে খেতি কৰিবৰ বাবে বৰো আৰু আহু অনুকূল বুলি বিবেচিত হৈছে।
শ্ৰী পদ্ধতিত যদিও আৰম্ভণিতে তুলনামূলকভাৱে অধিক শ্ৰমৰ প্ৰয়োজন হয়, এবাৰ কৃষকসকলে ইয়াৰ সৈতে পৰিচিত হৈ পৰিলে, সঠিক সা-সঁজুলি আৰু আহিলাৰ ব্যৱহাৰে এই পদ্ধতি আৰু পৰম্পৰাগতভাৱে কৰা খেতিৰ মাজত প্ৰয়োজনীয় শ্ৰমিকৰ পৰিমাণ সমান হৈ পৰে।
হৃষীকেশ ওজা, অসম কৃষি বিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়, অসম কৃষি বিশ্ববিদ্যালয়