অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নহৰুঃ

 

মানুহৰ শৰীৰৰ কাৰণে অতি উপকাৰী। নহৰু দুই প্ৰকাৰৰ- (১) এককোষী নহৰু (২)বহুমুখী নহৰু। এককোষী নহৰু বেছি উপকাৰী।

নহৰুত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, কেলছিয়াম, ফছফৰাছ, আইৰন, আয়ডিন আৰু উগ্ৰ শক্তিৰ জীৱাণুনাশক শক্তি আছে। কেলিফৰ্নিয়া চহৰত কেইবছৰমান আগতে বিশ্বৰ নহৰু বিশেষজ্ঞসকলৰ মাজত এখন আলোচনা চক্ৰ হৈছিল। বিশেষজ্ঞসকলে একো একোটি ৰোগৰ ওপৰত চলোৱা পৰীক্ষা-নিৰীক্ষাৰ পৰা জনা গৈছে যে বাহ্য প্ৰয়োগত, যেনে- বিছাৰ কামোৰ, বৰলৰ কামোৰ আৰু ফোঁহাত নহৰু প্ৰয়োগ কৰি ভাল ফল পোৱা গৈছে। আভ্যন্তৰীণ প্ৰযোগ, যেনে- কোষ্ঠবদ্ধতা, হাত-ভৰিত শিলামূৰী ধৰা, ইনফ্লুয়েঞ্জা, ধমনীৰ সংকোচন, পানীলগা কাহ, হাঁপানী, ডিঙি বুকু জ্বলা কৰা, অগ্নিমান্দ্য, অন্ত্ৰপ্ৰদাহ, পিত্তমোনাৰ পাথৰি, উচ্চ ৰক্তচাপ, অৰ্শ, যকৃতৰ ৰোগ, স্নায়ৱিক দুৰ্বলতা, ফেৰেনজাইটিছ, ডিপথেৰিয়া, নানা ধৰণৰ চৰ্মৰোগ, ক্ষয়ৰোগ, গলগণ্ড, ক্ৰিমি, হুপিং কাহ, বমি, বুকু ধৰফৰণিত নহৰু ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

কেনেদৰে নহৰু খাব-

(১) তেল বা ঘিউত ভাজি শাক বা তৰকাৰীৰ সৈতে খাব পাৰে।

(২) আটা বা ময়দাৰ ভিতৰত নহৰু বটি দি তাৰে ৰুটি বা লুচি তৈয়াৰ কৰি খাব পাৰে।

(৩) ছাটুৰ সৈতে নহৰু বটি খাব পাৰে।

(৪) গৰম গাখীৰৰ সৈতে নহৰু বটা মিহলাই লৈ খাব পাৰে।

(৫) কেঁচা নহৰু বা নহৰু সিদ্ধ কৰি ভাতৰ প্ৰথম গ্ৰাসৰ সৈতে খাব পাৰে।

নহৰুৰ গন্ধ দূৰ কৰাৰ উপায়-

নহৰুৰ বাকলি গুচাই টুকুৰা টুকুৰা কৰি লৈ ৰাতি দৈ গাখীৰত তিয়াই ৰাখিব। পিছদিনা খোৱাৰ আগতে পানীত ধুই খাব, তেতিয়াহ’লে নহৰুৰ গন্ধ নাথাকিব আৰু খাদ্যগুণও বজাই থাকিব।

বিভিন্ন ৰোগত নহৰুৰ ব্যৱহাৰঃ

(১) যৌৱনশক্তি বৃদ্ধি- নাৰী আৰু পুৰুষ প্ৰত্যেকে যদি প্ৰতিদিন ২ চামুচ আমলখিৰ ৰসৰ সৈতে ২ কোঁহ নহৰু বটি খায়, তেতিয়া যৌৱনশক্তি বৃদ্ধি হ’ব।

(২) বাতৰ বেদনাঃ প্ৰতিদিন এক কোঁহকৈ নহৰু গৰম ভাতৰ সৈতে চোবাই খালে বা ১০০ গ্ৰাম তেলত ২০ কোঁহ নহৰু ভাজি সেই তেল মালিচ কৰিলে বাত বেদনা কমে।

(৩) পেটৰ বায়ুঃ এক কাপ ঠাণ্ডা পানীত ৪-৫ টোপা নহৰুৰ ৰস মিহলাই প্ৰতিদিন ৰাতিপুৱা ৭ দিন খালে পেটৰ বায়ু জমা বন্ধ হ’ব।

(৪) অকাল বাৰ্দ্ধক্য ৰোধঃ প্ৰতিদিন ৪ কোঁহকৈ নহৰু ভাজি বা বটি তৰকাৰী, আটা, ময়দা বা ছাটুৰ সৈতে খালে অকাল বাৰ্দ্ধক্য দূৰ হ’ব।

(৫) দেহৰ ক্ষয়ঃ এক কাপ গাখীৰৰ সৈতে ২-৩ কোঁহ নহৰু সিদ্ধ কৰি মিহলাই খালে শৰীৰৰ ওজন বৃদ্ধি পাব আৰু ক্ষয় ৰোধ হ’ব।

(৬) গৰু-ম’হৰ ঘা বা পোকঃ ৮-১০ কোঁহ নহৰু বটি ঘা হোৱা ঠাইত লগালে ঘা শুকাই যাব। অন্ততঃ ৭ দিন লগাব লাগিব।

(৭) পুৰণি ঘাঃ ৪-৫ কোঁহ নহৰু বটি ঘা হোৱা ঠাইত লগালে সাত দিনতে ঘা শুকাই যাব।

(৮) ভৰিৰ তলুৱাৰ শালচকুৱাঃ এক কোঁহ নহৰু দুটুকুৰা কৰি এটুকুৰা শালচকুৱাৰ ওপৰত লগাই লৈ লিউকোপ্লাষ্টেৰে বান্ধি ৰাখিব। এইদৰে তিনিদিন লগালে ৰোগ নিৰাময় হ’ব।

(৯) শুক্ৰতাৰল্যঃ এক কাপ গৰম গাখীৰৰ সৈতে ২-৩ কোঁহ নহৰু সিদ্ধ কৰি মিহলাই খালে শুক্ৰতাৰল্য নহ’ব, হাড়ৰ শক্তি বাঢ়িব আৰু ক্ষয় ৰোধ হ’ব।

(১০) মদ খোৱাৰ কাৰণে পেটৰ বিষ হ’লেঃ মদ খোৱাৰ কাৰণে পেটৰ বিষ হ’লে দুই কোঁহকৈ নহৰু দৈনিক খালে মদ খোৱাৰ অভ্যাসেই দূৰ হ’ব।

(১১) মূৰৰ বিষঃ মূৰৰ বিষ হ’লে ১-২ টোপা নহৰুৰ ৰস নাকেৰে উজাই নিলে মূৰৰ বিষ বা মূৰ কামোৰণি ভাল হ’ব।

(১২) এমফাইচিচাঃ এইটো এক ধৰণৰ হাঁপানি ৰোগ। এই ৰোগ হ’লে ৰোগীয়ে নিঃশ্বাস এৰাত কষ্ট হয়। এই ৰোগত ৫-৬ কোঁহ নহৰুৰ ৰস গাখীৰ গৰম কৰি ঠাণ্ডা হ’লে তাৰ সৈতে মিলাই খালে উপকাৰ পোৱা যায়।

(১৩) টি.বি. প্ৰতিৰোধঃ প্ৰতিদিন এক কোঁহ নহৰু বটি গৰম গাখীৰৰ সৈতে খালে টি.বি. ৰোগ নিৰাময় হয়।

(১৪) পুৰণি জ্বৰঃ জ্বৰ হৈছে, সেয়া বাঢ়িছে আৰু কমিছে, কিন্তু সম্পূৰ্ণৰূপে ভাল হোৱা নাই। এনেকুৱা হ’লে ৫-৬ কোঁহ নহৰুৰ ৰস ঘিউৰ সৈতে মিহলাই ৩-৪ দিন খালে জ্বৰ কমি যাব।

(১৫) ক্ষীণ শিশুৰ কাৰণেঃ বহুত শিশু আছে যিয়ে খোৱা আহাৰ খোৱাৰ পিছতো স্বাস্থ্যৰ উন্নতি হোৱা নাই। এনে ক্ষেত্ৰত আধা কোঁহ নহৰু ঘোলৰ সৈতে মিহলাই খালে শিশুৰ পুষ্টি বাঢ়িব।

(১৬) আৰ্টাৰি আৰু স্কেলেৰোচিচঃ বয়স বৃদ্ধিৰ লগে লগে সূক্ষ্ম ধমনীৰ স্থিতিস্থাপকতা কম হোৱা কাৰণে ৰক্তৰ চাপ বাঢ়ে। এনে অৱস্থাত দৈনিক এক কোঁহ নহৰু ভাতৰ লগত খালে ভাল ফল পোৱা যায়।

(১৭) কুকুৰে কামোৰাঃ প্ৰতিদিন ৫-৬ কোঁহ নহৰুৰ ৰস গৰম গাখীৰৰ সৈতে খালে কুকুৰে কামোৰা বিষ নাশ হয়।

(উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate