অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকল গছৰ বিভিন্ন ৰোগ নিৰাময়ৰ ব্যৱস্থাপনাঃ

 

অসমত বহল ভিত্তিত কৰিব পৰা উদ্যান শস্যসমূহৰ ভিতৰত নাৰিকল অন্যতম। ই এবিধ অতি উত্তম ফল। হিন্দুৰ মানত ই অতি পৱিত্ৰ ফল। যিকোনো মাংগলিক কাৰ্যত নাৰিকলৰ ব্যৱহাৰে সকলো মনোবাঞ্ছা পূৰ্ণ হয় বুলি হিন্দু সমাজত এক প্ৰচলিত বিশ্বাস আছে। অৰ্থনৈতিক দিশৰ পৰা চাবলৈ গ’লেও এই খেতি অতি লাভজনক। নাৰিকলৰ পুলিবাৰী তৈয়াৰ কৰিও আৰ্থিকভাৱে যথেষ্ট লাভৱান হ’ব পৰা যায়। নাৰিকল গছৰ প্ৰত্যেক অংশই উপকাৰী আৰু অৰ্থকাৰী হোৱা হেতুকে নাৰিকলক কল্পবৃক্ষ বোলা হয়।

মুকুট বন্ধনঃ

মুকুট বন্ধন নাৰিকলৰ বেমাৰ নহয়। ই মাথোন এটা আনুষংগিক ব্যতিক্ৰম ব্যৱস্থা। সাধাৰণতে ৩ৰ পৰা ৬ বছৰীয়া নাৰিকল গছত এই ৰোগৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়। এই ৰোগত আক্ৰান্ত হ’লে প্ৰথমে মুকুট অংশত থকা নতুন পাতবোৰ চুটি হৈ আহে, মেটুৰা-মেটুৰি হয় আৰু মেল খাবলৈ ইচ্ছা নকৰে। লাহে লাহে কুঁহিপাতৰ থোৰটো মেল নাখায়, পাতটো চুটি হয় আৰু শেষত গছজোপা বেছিকৈ আক্ৰান্ত হ’লে মুকুটৰ কোমল অংশ ক’লা পৰি যায়। পাতখিলাত ফলক নাথাকে। ঠাৰিডাল চুটি হয় আৰু মূৰটো দেই যোৱাৰ দৰে ক’লা পৰি যায়। মুকুটৰ তলত থকা পুৰণা পাতবোৰ সাধাৰণতে স্বাভাৱিক অৱস্থাতে থাকে। বেমাৰৰ লক্ষণ পৰিলক্ষিত হোৱাৰ ২-৩ বছৰৰ ভিতৰত গছজোপা মৰি যায়। সাধাৰণতে মাটিত বৰণ নামৰ এবিধ সূক্ষ্ম মৌলৰ অভাৱত গছত এনে লক্ষণবোৰ দেখিবলৈ পোৱা যায়। গতিকে ৰোগৰ লক্ষণ দেখাৰ লগে লগে আক্ৰান্ত গছজোপাৰ চাৰিওফালে মাটিত ৫০ গ্ৰাম পৰিমাণৰ ব’ৰাক্স ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ দৰে প্ৰয়োগ কৰিব লাগে। এমাহৰ পাছত পুনৰ একে পৰিমাণৰ ব’ৰাক্স একেদৰে প্ৰয়োগ কৰিব লাগে।

ফল পচা আৰু সৰি পৰা ৰোগঃ

 

অপৈণত অৱস্থাত স্ত্ৰী পুষ্প আৰু ফল সৰি পৰাটোৱেই এই ৰোগৰ লক্ষণ। ই এবিধ ভেঁকুৰজনিত ৰোগ। সাধাৰণতে বৰষুণৰ বতৰত এই ৰোগৰ আক্ৰমণ বেছি হয়। অপৈণত ফলৰ ঠাৰিবোৰত কলা দাগ পৰে আৰু অৱশেষত ঠাৰিবোৰ পচি গৈ ফল সৰি পৰে। বিভিন্ন কাৰণত নাৰিকল গছৰ ফুল আৰু কলি সৰি পৰিব পাৰে। স্বাস্থ্যৱান আৰু স্বাভাৱিক গছতো যথেষ্ট পৰিমাণে ফল সৰা দেখা যায়। শুকান বতৰত পানীৰ অভাৱ, বেমাৰৰ আক্ৰমণ, পোক-পতংগৰ আক্ৰমণ ইত্যাদিৰ ফলতো ফুল আৰু অপৈণত ফল সৰি পৰিব পাৰে।

এই ৰোগৰ প্ৰতিকাৰ হিচাপে এক শতাংশ বৰড’ মিশ্ৰণ বা ০.০৫ শতাংশ ফাইটোলান ঔষধ বাৰিষাৰ আগে আগে প্ৰথমবাৰ স্প্ৰে’ আৰম্ভ কৰি ৪০ দিনৰ অন্তৰে অন্তৰে ২-৩ বাৰ প্ৰয়োগ কৰিব লাগে।

পাতৰ দাগ পৰা ৰোগঃ

 

ই এবিধ ভেঁকুৰজনিত ৰোগ। বেছিভাগ দুৰ্বল গছতে এই ৰোগে আক্ৰমণ কৰা দেখা যায়। সাধাৰণতে শুকান বতৰত এই ৰোগৰ আক্ৰমণ পৰিলক্ষিত হয়। আক্ৰান্ত গছৰ পূৰঠ পাতসমূহত প্ৰথমে সৰু সৰু হালধীয়া ৰঙৰ দাগ কিছুমান দেখা পোৱা যায় আৰু এই দাগবোৰেই পাছলৈ ৰঙচুৱা ৰঙলৈ পৰিৱৰ্তন হয়। ক্ৰমান্বয়ে দাগসমূহ বাঢ়ি গৈ পৰস্পৰে লগ লাগি অৱশেষত পাতত ডাঙৰ ৰংচঙীয়া দাগৰ সৃষ্টি হয়। বেছিকৈ আক্ৰান্ত গছৰ ফলক সৰু হৈ শুকাই যায়। এই ৰোগত আক্ৰান্ত গছজোপা মৰি নাযায় যদিও নিশকতীয়া হৈ পৰে আৰু লাহে লাহে উৎপাদন হ্ৰাস পায়।

এই ৰোগৰ বিস্তাৰ ৰোধ কৰিবৰ বাবে ৰোগৰ দ্বাৰা আক্ৰান্ত পাতসমূহ আঁতৰাই এক শতাংশ শক্তিযুক্ত বৰড’ মিশ্ৰণ গছত প্ৰয়োগ কৰিব লাগে। অনুমোদিত পৰিমাণৰ সাৰ আৰু নিয়মিতভাৱে পানী যোগানৰ ব্যৱস্থা কৰিও এই ৰোগৰ বৃদ্ধি ৰোধ কৰিব পৰা যায়।

পাত পচা ৰোগঃ

 

ই এবিধ ভেঁকুৰজনিত ৰোগ। এই ৰোগত আক্ৰান্ত গছৰ পাতবোৰৰ আগবোৰ ক’লা পৰি মেটুৰা মেটুৰ হয়। বেছিকৈ ৰোগে আক্ৰমণ কৰিলে আক্ৰান্ত অংশ টুকুৰা-টুকুৰ হৈ খহি পৰে আৰু গছজোপা নিশকতীয়া হৈ উৎপাদন হ্ৰাস পায়।

এই ৰোগ নিয়ন্ত্ৰণৰ বাবে নিয়মিতভাৱে সাৰ-পানীৰ ব্যৱস্থা আৰু মুকুট অংশত এক শতাংশ শক্তিৰ বৰড’ মিশ্ৰণ অথবা ইণ্ডোফিল এম-৪৫ ঔষধ ০.২ শতাংশ মিশ্ৰণ এপ্ৰিল, আগষ্ট আৰু ডিচেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে।

দেন’দাৰমাঃ

 

এই বেমাৰ প্ৰধানকৈ এবিধ ভেঁকুৰৰ দ্বাৰা হয়। ৰোগৰ বীজাণুৱে গছজোপাৰ শিপাত আক্ৰমণ কৰি শিপা পচাই পেলায়। গছৰ গুৰিৰ মাটিত যদি পানী জমা হৈ থাকে বা বহুদিন ধৰি জেকা হৈ থাকে তেন্তে ভেঁকুৰে আক্ৰমণ কৰিবলৈ সুবিধা হয়। গছজোপাত পচি যোৱা শিপাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে মাটিৰ পৰা আহাৰ শোষণ কৰাত বাধাপ্ৰাপ্ত হয় আৰু গছৰ ওপৰ অংশত ইয়াৰ লক্ষণবোৰ প্ৰকাশ পায়। আক্ৰান্ত গছবোৰত প্ৰথমে তলৰ পুৰণা বা পূৰঠ পাতবোৰ হালধীয়া হৈ শুকাবলৈ আৰম্ভ কৰে আৰু তললৈ হাউলি পৰি গছত ওলমি থাকে। শিপাৰ পচা অংশ বাঢ়ি যোৱাৰ লগে লগে এটা বা দুটা ঠোৰি পাত থিয় আৰু সেউজীয়া হৈ থকাৰ বাহিৰে বাকী থকা পাতবোৰ শুকাই হাউলি গছত ওলমি থাকে। গছৰ মুকুট অংশৰ আকৃতি ক্ৰমে সৰু হৈ যায়। গছজোপাৰ গুৰিৰ পৰা ৰঙচুৱা ৰস ওলাবলৈ ধৰে আৰু তাত কাঠফুলা গজিবলৈ ধৰা দেখা যায়। যেতিয়া শিপাবোৰ সম্পূৰ্ণভাৱে পচি যায় তেতিয়া ঠোৰি পাতখিলাও হাউলি যায়। এই বেমাৰৰ দ্বাৰা আক্ৰান্ত গছ ২-৩ বছৰৰ ভিতৰতে সৰি যায়।

সাধাৰণতে এই বেমাৰটো নিৰাময় কৰিবলৈ টান যদিও সময় মতে গছজোপাক প্ৰতিপালন কৰিলে বেমাৰ হ’বলৈ নাপায়। প্ৰতিৰোধী ব্যৱস্থা হিচাপে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পৰা যায়।

-  ৰোগৰ লক্ষণ দৃষ্টিগোচৰ হোৱা মাত্ৰকে বেমাৰৰ বীজাণুৱে যাতে আন স্বাস্থ্যৱান গছৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে আক্ৰান্ত গছজোপাৰ চাৰিওফালে ২-৩ মিটাৰ আঁতৰত ৩০-৪০ ছেঃ মিঃ বহল আৰু ৬০-৭০ ছেঃ মিঃ দ’লৈ নলা খান্দি তাত ৩ গ্ৰাম কেপটাফ ঔষধ এক লিটাৰ পানী হিচাপত মিহলাই ৩-৪ দিনৰ অন্তৰে অন্তৰে ১০-১২ লিটাৰ মিশ্ৰণ এবাৰকৈ ঢালিব লাগে।

-  নাৰিকল গছৰ গুৰিত যাতে বাৰিষা পানী জমা হৈ থাকিব নোৱাৰে তাৰ বাবে পানী ওলাই যাব পৰা উপযুক্ত নলাৰ ব্যৱস্থা কৰিব লাগে।

- গছজোপাৰ বাবে প্ৰয়োজনীয় সাৰ-পানী সময়মতে যোগান ধৰিব লাগে।

- জৈৱিক সাৰৰ লগতে গছে প্ৰতি পাঁচ কিলোগ্ৰাম নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে।

- প্ৰতিজোপা গছৰ চাৰিওফালে ১.৫-২.০ কিঃ গ্ৰাঃ ছালফাৰ পাউডাৰ প্ৰয়োগ কৰিব লাগে।

- এক গ্ৰাম তুতীয়া আৰু ১.৫ গ্ৰাম অৰিঅফাংগিন মিশ্ৰণ এক লিটাৰ পানী হিচাপে মিহলাই ১০-১২ লিটাৰ দৰবৰ মিশ্ৰণ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে।

- নাৰিকল গছৰ মাজত চেনিচম্পা জাতীয় কল ৰোপণ কৰিও এই বেমাৰ বিস্তাৰণ ৰোধ কৰিব পৰা যায়।

-  গছত বেমাৰৰ লক্ষণ দেখা পোৱাৰ লগে লগে ০.৩ শতাংশ কেপটাফ অথবা ০.২ শতাংশ ভিটাভেক্সৰ মিশ্ৰণ প্ৰতিজোপা গছত ১০ লিটাৰকৈ গছৰ গুৰিত প্ৰতি মাহত এবাৰকৈ প্ৰয়োগ কৰিব লাগে।

- প্ৰতিকাৰ কৰিব নোৱাৰা আক্ৰান্ত গছবোৰ মূঢ়াটোৰ সৈতে উভালি দূৰৈত পুতি বা পুৰি পেলাব লাগে।

গতিকে দেখা যায় যে কৃষক এজনে যদি সময় মতে প্ৰয়োজনীয় প্ৰতিৰোধী ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে তেন্তে তেওঁ নিশ্চিতভাৱে এই খেতিৰ জৰিয়তে আৰ্থিক দিশত অধিক লাভৱান হ’ব পাৰিব বুলি আশা কৰিব পৰা যায়।

 

(উৎসঃ অসমীয়া খবৰ, মঞ্জু ভট্টাচাৰ্য্য, মাইনু হাজৰিকা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate