অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্জী ফুলৰ খেতি

ফুলৰ নাম:

 

গেন্ধা বা নাৰ্জী ফুল।

ইংৰাজী নাম:Marigold

বৈজ্ঞানিক নাম:Tegetes erecta,T.patula,T Signata.

পৰিবাৰ:Compositac.

নাৰ্জী ফুলৰ পৰিচয়:ভাৰতৰ সৰ্বত্ৰ এই ফুলৰ খেতি হয়।বৰ্তমান বাণিজ্যিক ভিত্তিত অসমৰ বিভিন্ন জিলাত পৰ্যাপ্তভাৱে নাৰ্জী ফুলৰ খেতি হৈছে।এই ফুল সাধাৰণতে উজ্জ্বল হালধীয়া বা কমলা হালধীয়া হয়।প্ৰধানত: দুই ধৰণৰ উন্নত জাতৰ নাৰ্জী ফুলৰ খেতি হয়-হালধীয়া বা আফ্ৰিকান আৰু ৰক্তগেন্ধা ফ্ৰেন্স মেৰীগোলড।হালধীয়া নাৰ্জীৰ গছ আৰু ফুল ডাঙৰ আৰু ৰক্তগেন্ধাৰ গছ আৰু ফুল সৰু।অৱশ্যে বৰ্তমান বিভিন্ন ধৰণৰ বৰ্ণসংকৰ নাৰ্জীৰ জাত আৱিষ্কৃত হৈছে,যিবোৰ সৰু জাতৰ অথচ ডাঙৰ ডাঙৰ হালধীয়া ৰঙৰ ফুল ধাৰণ কৰে।তদুপৰি কমলা,বগা,বাদামী ইত্যাদি ৰঙৰ নাৰ্জী ফুলৰ জাতো আৱিষ্কৃত হৈছে।

ব্যৱহাৰ:সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত এই ফুল ব্যাপকভাৱে ব্যৱহাৰ হয়।

জলবায়ু আৰু মাটি:পাহাৰীয়া এলেকা আৰু প্ৰচণ্ড শীত আৰু প্ৰচণ্ড গৰমৰ বাহিৰে প্ৰায় সৰ্বত্ৰ-সকলো ঋতুতে এই ফুলৰ খেতি কৰা হয়।অৱশ্যে সমতল অঞ্চলত শীতকালি এই ফুল ভাল হয়।পানী জমা হোৱা বা ছায়াচ্ছন্ন থকা মাটিত ভাল নহয়।নাৰ্জী ফুলৰ খেতিৰ বাবে মাটিৰ পি এইচ ৬ ৰ পৰা ৭ ৰ ভিতৰত হ’ব লাগে।

জাত:

 

নাৰ্জী ফুলৰ কেইটামান জনপ্ৰিয় জাত-ছাহাৰা মিক্সড,ইনকা এফ,পাৰফেকচন এফ,ডেনিলা এফ,মাৰ্বল মিক্স ১,নিউ চেম্পিয়ন,বোনিতা মিক্সড,চাফাৰি মিক্সড,ৰেড মাৰিয়েত্তা,হানিকম,ৰেড চেৰী,গোলডেন জেন,ৰেড জেন,লেমন ষ্টাৰ ইত্যাদি।

উৎপাদন সময়:

 

ছেপ্টেম্বৰ-অক্টোবৰ মহ বীজ ৰোপণ কৰাৰ উপযুক্ত সময়।

সাৰ:প্ৰতি হেক্টৰ মাটিত ২০ৰ পৰা ২৫ কিলোগ্ৰাম জৈৱ সাৰ,২৫ কিলোগ্ৰাম নাইট্ৰ’জেন ,২৫ কিলোগ্ৰাম পটাছ আৰু ২৫ কিলোগ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

পোকৰ আক্ৰমণ আৰু ৰোগ:নাৰ্জী ফুলত সাধাৰণতে থ্ৰীপছ আৰু কেটাৰ পিলাৰে আক্ৰমণ কৰিব পাৰে।তেনে স্থলত নুভাক্ৰন ০.১ শতাংশ মিশ্ৰণ প্ৰয়োগ কৰি সুফল পাব পাৰি।

ব্লেক স্পট আৰু লিফ স্পট নামেৰে ভেকুৰজনিত ৰোগে দেখা দিলে ডাইথেন এম ৪৫০.২ শতাংশ মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে।

ৰোপণ পদ্ধতি:নাৰ্জী ফুলৰ বংশ বিস্তাৰ গুটিৰপৰা হয়।প্ৰতি হেক্টৰ মাটিত ১ ৰ পৰা ২ কিলোগ্ৰাম গুটিৰ প্ৰয়োজন হয়।প্ৰথমে ভালদৰে শুকোৱা ফুলবোৰ হাতেৰে খুন্দি ল’ব লাগে।মে-জুন মাহত প্ৰস্তুত কৰা ভেটীত গুটি সিঁচা প্ৰয়োজন।নিয়মিত পানী দি থাকিব লাগিব।যেতিয়া পুলিবোৰ এমাহ বয়সত ভৰি দিব,নাইবা ১০-১৫ ছেণ্টিমিটাৰ উচ্চতাৰ হ’ব,তেতিয়া সেইবোৰ ৰোপণ কৰিব লাগে।পুলি ৰোপণৰ বাবে ৬০*৬০ ছেণ্টিমিটাৰ বা ৪৫*৪৫ ছেণ্টিমিটাৰ ব্যৱধান ৰাখিলে সুফল পাব পাৰি।

ফ্ৰেন্স মেৰীগোলডে এক-ডেৰ মাহ পিছত আৰু আফ্লিকান মেৰীগোলডে ১.৫-২ মাহ পিছত ফুলিবলৈ আৰম্ভ কৰে।এজোপা ভালদৰে পৰিচৰ্যা কৰা গছৰ পৰা ১০০-১৫০ টা নাৰ্জী ফুল লাভ কৰিব পাৰি।ফুল ফুলি থকা সময় তিনি মাহ।এক হেক্টৰ মাটিত ৬০০০-৮০০০ কিলোগ্ৰাম বা ১০০-১৫০ কুইণ্টল ফুলৰ উৎপাদন আশা কৰিব পাৰি।

ওপৰত উল্লেখ কৰা জাতবোৰৰ উপৰি আজিকালি সফলভাৱে খেতি কৰা নাৰ্জী ফুলৰ জাত কেতবোৰৰ নাম দিয়া হ’ল-

 

(১)আফ্ৰিকান মেৰীগোলড:ক্ৰেকাৰ জেক,ক্লাইমেক্স,য়েলো ছুপ্ৰিম হাৱাই,নিউ আলাস্কা,গ্লিটাৰছ,হেপীনেছ,প্ৰাইমৰোজ,ফিয়েষ্ট।

(২)ফ্ৰেন্স মেৰীগোলড:ৰাষ্টী ৰেড,ষ্টাৰ অব ইণ্ডিয়া,ৰেড বোকাৰডো,ফ্লেছ,পেটিট স্প্ৰে,হাৰমনি,জীপছী,লেমন ড্ৰপছ।

লেখক:ভাস্কৰ পাঠক (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate