অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমোল টেঙা

আমোল টেঙা

আমোল টেঙাৰ ইংৰাজী নাম ৱাক্স এপ্পল, ৱাক্স জাম্বু, ৱাটাৰ এপ্পল, জাভা এপ্পল আদি। হিন্দী নাম আম্ৰুল আদি। বৈজ্ঞানিক নাম চিজিঝিয়াম ছেমেৰেনজেনছ আৰু ইয়াৰ গোত্ৰ মাৰ্টেচি। ইয়াৰ সৰু গছৰ জাতটোক মাটি থেকেৰা বা মাহী থেকেৰা বুলি কোৱা হয়। আমোল টেঙা মালয়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰৰ থলুৱা উদ্ভিদ যদিও প্ৰাক ঐতিহাসিক যুগতেই আমাৰ দেশৰ লগতে আন উষ্ণ আৰু নাতিশীতোষ্ণ দেশবোৰলৈ নি স্থানীয়কৰণ কৰা হয়। ইয়াৰ গছ চিৰসেউজ আৰু ইবোৰ বাৰ মিটাৰ পৰ্যন্ত ওখ হয়। পাত সৰল, চুটি ঠাৰিৰ বা ঠাৰিহীন, ডিম্বাকাৰ, গাঢ় কজলা-সেউজীয়া বা হালধীয়া-গাঢ় সেউজীয়া। পাতবোৰৰ দহৰ পৰা পঁচিছ চেন্টিমিটাৰ বহল। ডালৰ আগ অংশৰ পত্ৰকক্ষত সৰু থোপা পাতি কলি ধৰি ফুল ফুলে। থোপাত ফুলবোৰ যুৰীয়াকৈ ওলায়। পত্ৰ কক্ষৰ উপৰি ডালৰ যিকোনো অংশৰ পৰাও কলি ওলাই ফুল ফুলিব পাৰে। ফুল বগা আৰু আঢ়ৈ চেন্টিমিটাৰ মান বহল। ফুলৰ পাহি চাৰিটা আৰু পুংকেশৰ অসংখ্য। পুংকেশৰবোৰ খীণ আৰু দীঘল। ফুলাৰ পিছত ঘন্টা আকৃতিৰ ফল ধৰে। ফলবোৰ বগা, পাতল সেউজীয়া, সেউজীয়া, ৰঙা, গাঢ় ৰঙা বা কজলা আৰু চাৰিৰ পৰা ছয় চেন্টিমিটাৰ দীঘল। পকিলে ফলবোৰৰ ওপৰৰ অংশ অলপ সোপোকা যেন হয়। তলৰ শকত অংশৰ ভিতৰভাগ অকমান ফোপোলা আৰু ভিতৰত এটা বা দুটা সৰু গুটি থাকে। গুটিৰ পৰা পুলি হয়। ফলৰ ছাল উজ্জ্বল। ফলবোৰ টেঙা-মিঠা স্বাদৰ, গন্ধহীন আৰু বেছি দিনলৈ সজীৱ হৈ নাথাকে, সোনকালে পচে। কেঁচাই, চাটনি, আচাৰ আদি তৈয়াৰ কৰি ফলবোৰ খোৱা হয়। ফলবোৰ পুষ্টিকাৰক আৰু প্ৰচুৰ আঁহজাতীয় পদাৰ্থ, প্ৰ’টিন, ভিটামিন চি, আইৰণ, পটাছিয়াম আদি থাকে। ঔষধি গুণযুক্ত ফলবোৰ খোৱাৰ উপৰি ঔষধ ৰূপেও ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰে মগজু, যকৃত, তেজ সম্পৰ্কীয় সমস্যা, পেটচলা, জ্বৰ আদি নিৰাময়ত সহাৰ কৰাৰ উপৰি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে আৰু স্তন কৰ্কট, প্ৰষ্টেট কৰ্কট আদিৰ সম্ভাৱনা হ্ৰাস কৰে।

লিখক: ৰাজীৱ প্ৰসাদ শইকীয়া।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate