অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁঠাল

কঁঠাল

এটি অৱহেলিত ফলৰ পৰা লাভজনক উদ্যোগলৈ

কঁঠাল এবিধ অতি সুস্বাদু আৰু পুষ্টিকৰ ফল। অসমৰ প্ৰতিখন গাঁৱৰে প্ৰতিঘৰ মানুহৰ ঘৰতে গড়ে এজোপাকৈ হ’লেও কঁঠাল গছ আছে। ব’হাগ মাহৰ পৰা ভাদ মাহলৈকে অসমৰ গাঁওবোৰত ডাল ভৰি কঁঠাল লাগি থাকে। কিন্তু ফলবিধ সৰহদিন ভালে নাথাকে। সেইবাবে যিমান উতপাদন হয় তাৰে অধিকাংশই গেলি পচি নষ্ট হয়। কঁঠালৰ এই অপচয় ৰোধ কৰিবলৈ আমাৰ হাতত বাৰু একো উপয় নাই নে? কঁঠালৰ পৰা বহুবিধ সুন্দৰ আৰু সুস্বাদু খাদ্য সামগ্ৰী তৈয়াৰ কৰিব পাৰি। তাৰে চিপচ্‌ আৰু পাপৰৰ উদ্যোগ গঢ়ি ব্যৱসায়িকভাবেও লাভৱান হ’ব পাৰি। তলত কঁঠালৰ চিপচ্‌ আৰু পাপৰৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল।

কঁঠালৰ চিপচ্‌

সামগ্ৰী:

১) পুৰঠ কেঁচা কঁঠালৰ ফুটা।

২) ৰিফাইন তেল।

৩) মচলা(জালুক, জীৰা, ধনীয়া, জনি আৰু জলকীয়া গুড়ি)।

৪) ক’লা নিমখ

প্ৰস্তুত প্ৰণালী:

১) পুৰঠ কেঁচা কঠালটো প্ৰথমে ধুই পৰিস্কাৰ কৰি লওক।

২) বাকলি আৰু গুটি গুচাই ফুটখিনি উলিয়াই লওক।

৩) ফুটখিনি দীঘল আৰু মিহিকৈ কাটক।

৪) কেৰাহীত তেল গৰম কৰক।

৫) তেল গৰম হ’লে জুই একেবাৰে কমাই দি কাটি থোৱা ফুটখিনি মৰমৰীয়াকৈ ভাজক।

৬) ক’লা নিমখ আৰু মচলা মিহলাই পৰিৱেশন কৰক।

৭) বায়ুৰুদ্ধভাৱে পেকেটত ভৰাই থলে এই চিপচ্‌ ৬ মাহলৈকে ভালে থাকে।

কঁঠালৰ পাপৰ:

সামগ্ৰী:

১) পুৰঠ কেঁচা কঁঠালৰ ফোটা

২)নিমখ

৩)জালুক(খৰচীয়াকৈ বটা)

প্ৰস্তুত প্ৰণালী

১)পুৰঠ কেঁচা কঁঠালটো প্ৰথমে ধুই পৰিস্কাৰ কৰি লওক।

২)বাকলি আৰু৮ গুটি গুচাই ফোটখিনি উলিয়াই ফোটবোৰ টুকুৰা টুকুৰকৈ কাটক।

৩) সিজিলে উলিয়াই আনি নিমখ, জালুক আদি দি মিক্সিত বা পটাত বটক।

৪) সৰু সৰু লাডু কৰক।

৫) লাডুবোৰ বেলনা এখনত হেঁচামাৰি পাতল কৰক।

৬) চোকা ৰ’দত ভালদৰে শুকুৱাওক।

৭) শুকুৱা পাপৰবোৰ বায়ুৰুদ্ধভাৱে পেকেটত ভৰাই থলে এবছৰলৈকে ভালে থাকে।

৮) খাবৰ সময়ত তেলত ভাজি ল’লেই হ’ল।

কঁঠালৰ স্কোৱাচ

সামগ্ৰী:

পকা কঁঠালৰ ফুটা:৪০০-৪৫০ গ্ৰাম(১লিটাৰৰ বাবে)

চেনী: ৭৫০ গ্ৰাম

চাইট্ৰিক এচিড: ৮-১০ গ্ৰাম

পটাচিয়াম মেটাবাইলচালফাইট: ৩৫০ পি পি এম

পদ্ধতি:

১) কঁঠালৰ ফুটাখিনি মিক্সিত ঘুৰাই মিহি কৰি লওক।

২) আৱশ্যকীয় পৰিমাণৰ কঁঠাল: ৪০-৪৫০ গ্ৰাম, চেনী: ৭৫০ গ্ৰাম আৰু চাইট্ৰিক এচিড:৮-১০ গ্ৰাম এক লিটাৰ পানীত মিহলাই লওক।

৩)মিশ্ৰণটো ৮০ ডিগ্ৰি-৮৫ ডিগ্ৰি ছেণ্টেগ্ৰেডত ১৫ মিনিট গৰম কৰক।

৪) ঠাণ্ডা হ’লে তাত ৩৫০ পি পি এম পতাচিয়াম মেটাবাইচালফাইট বা ৬০০ পি পি এম চডিয়াম বেন্‌জয়েট দি ষ্টেইনলেচ্‌ ষ্টীলৰ চেকনীৰে চেকি লওক।

৫)বীজাণু নাশ কৰা চিচাৰ বটলত মিশ্ৰণটো ভৰাই সাঁফৰ মাৰক।

৬) সাঁফৰ মৰা বটলবোৰ এটা ডাঙৰ পাত্ৰত পানী লৈ ৯০ ডিগ্ৰি-৯৫ ডিগ্ৰি ছে: গ্ৰে: উষ্ণতাত ১৫-২০ মিনিট ৰাখি বীজাণুমুক্ত কৰক।

৭)এনেদৰে প্ৰস্তুত কৰা কঁঠালৰ স্কোৱাচ সাধাৰণভাৱে ২ মাহলৈকে আৰু কম উষ্ণতাত ৰাখিলে ৪ মাহলৈকে ভালে থাকে।

৮) পৰিৱেশনৰ সময়ত ১:৩ অনুপাতত পানী মিহলাই ল’ব লাগে।

জৈৱ-প্ৰযুক্তি অভিযান, অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগ,

শেহতীয়া উন্নীতকৰণ: : 6/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate