অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কল খেতি

কল খেতি

জাত

  • চাপৰ জাত (জাহাজী)

  • মধ্য ওখ জাত (চেনিচম্পা, মালভোগ, বৰ জাহাজী)

  • ওখ জাত (পুৰা কল, জাতি, মনোহৰ আৰু ভীমকল)


মাটি নিৰ্বাচন

ওখ, পানী জমা নোহোৱা আৰু যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ থকা মাটি কল খেতিৰ বাবে উপযোগী৷

ৰোপন সামগ্ৰী

কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয় ৷ স্বাস্হ্যবান এটা পোখা বা পুলি ওঘালি তাৰ পৰা শিপাবোৰ ভালদৰে আঁতৰাই লব লাগে, যাতে মুঢ়াটোৱে আঘাত নাপায় ৷ তাৰ পাচত ১ ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷ বাছনি কৰা পুলিটোৰ ওজন ১.৫ – ২.০ কেজিৰ ভিতৰত হলে ভাল৷
পুলি ৰোৱাৰ পদ্ধতি
পুলিবোৰ সাধাৰণতে গাঁত কৰি ৰোব লাগে আৰু এই গাতবোৰ সাধাৰণতে ৪৫ x ৪৫ x ৪৫ চে: মি: হব লাগে৷


পুলি ৰোৱাৰ ব্যৱধান :
  1. চাপৰ জাত     : ১.৪ x ১.৪ মিটাৰ [ যেতিয়া মুঢ়া শস্য বা ৰেটুন (Ratoon) হিচাবে কৰা হয় ] ৷

  2. মধ্য ওখ জাত    : ২.১ x ২.১ মিটাৰ

  3. ওখ জাত         : ২.৪ x ২.৪ মিটাৰ


পুলি ৰোৱাৰ সময়

মাৰ্চ - এপ্ৰিল ৷

সাৰ প্ৰয়োগ :

  • ১২ কেজি পচন সাৰ প্ৰতিজোপা গছৰ বাবে
  • ১১০ গ্ৰাম ইউৰীয়া প্ৰতিজোপা গছৰ বাবে
  • ৩৩ গ্ৰাম ফছফেট প্ৰতিজোপা গছৰ বাবে
  • ৩৩০ প্ৰাম পটাচ প্ৰতিজোপা গছৰ বাবে
জাহাজী কলৰ ক্ষেত্ৰত পটাচৰ মাত্ৰা ৫৫০ গ্ৰাম প্ৰতিজোপা গছত প্ৰয়োগ কৰিব পাৰে ৷ বৰ জাহাজীৰ ক্ষেত্ৰত ২০০ গ্ৰাম নাইট্ৰোজেন প্ৰতিজোপা গছত তিনিটা ভাগ কৰি ৩ মাহ, ৫ মাহ আৰু গা-গছ ওলাবৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷পুলি ৰোৱাৰ সময়তে পচনসাৰ প্ৰয়োগ কৰিব লাগে ৷ ফছফৰাচৰ সম্পূৰ্ণ অংশ, নাইট্ৰোজেনৰ আৰু পটাচৰ আধা অংশ পুলি ৰোৱাৰ ৩ মাহৰ পাচতেই প্ৰয়োগ কৰিব ৷ বাকী আধা অংশ নাইট্ৰোজেন আৰু পটাচ পুলি ৰোৱাৰ ৫ মাহৰ পাচত প্ৰয়োগ কৰিব ৷

বৰ জাহাজী কলৰ বাবে বৰণ (৬ গ্ৰাম), জিঙ্ক (৯ গ্ৰাম), কপাৰ (৬ গ্ৰাম) আৰু মলিবিদেনাম (১ গ্ৰাম) প্রতিজোপা গছত প্ৰয়োগ কৰিলে উপকাৰ পোৱা যায় ৷ এইবোৰ অনুসাৰ চেনিচম্পা আৰু জাহাজী কলত প্ৰয়োগ কৰিলে উত্পাদন বৃদ্ধি হয় ৷

জলসিঞ্চন

খৰাং বতৰত মাহে ৩ বাৰকৈ জলসিঞ্চন কৰিব লাগে ৷
পৰিচর্য্যা


পোখা পুলি উঠোৱা: কলগছৰ গুৰিত ওলোৱা পোখা পুলিবিলাক মাতৃ গছত কলৰ ডিল নোলোৱালৈকে উঘালি পেলাব লাগে ৷ কলডিল ওলোৱাৰ পিছতহে প্ৰতিজোপা গছৰ গুৰিত মাত্ৰ এটা পোখা পুলি ৰাখিব লাগে ৷

অপতৃণ নিবাৰণ : কলৰ বাগিছাত গজা অপতৃণবিলাক মাজে সময়ে চিকুনাই থাকিব লাগে ৷ ‘ডায়োৰণ’ ৩ কেজি প্ৰতি হেক্টৰত বা গেমাক্সিন প্ৰতি হেক্টৰত ১.৫ কিলো প্ৰয়োগ কৰিলে অপতৃণৰ পৰা হাত সাৰি থাকিব পাৰি ৷

শস্য চক্ৰকল খেতিৰ বাবে ১টা মূলখেতি আৰু পাচত ২ টা মুঢ়া শস্য বা ‘ৰেটুণ’ ৰ খেতি কৰিব পাৰি ৷

শস্য চপোৱা : কলৰ ঠোকটোত যেতিয়া কলবোৰৰ শিৰাবিলাক ঘুৰণীয়া হবলৈ আৰম্ভ কৰে তেতিয়া কলথোকা কাটিব লাগে ৷ চাপৰ জাতৰ জাহাজী কল ৰোৱাৰ ১১-১৪ মাহৰ পাচত কাটিব পৰা হয় ৷ অন্যহাতে ওখ জাতবিলাক ১৪-১৬ মাহৰ ভিতৰত পূৰঠ হয় ৷ চেপ্তেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে কলখেতি চপাব পাৰি ৷

উত্পাদনকলৰ উত্পাদন কেইবাটাও কাৰণৰ ওপৰত নিৰ্ভৰ কৰে, যেনে: জাত নিৰ্বাচন, গছৰ ঘনত্ব, পৰিচর্য্যা আদি৷ ওখ জাত বিলাকৰ পৰা সাধাৰণতে ১৫-২০ টন প্ৰতি হেক্টৰত আৰু চাপৰ জাত বিলাকৰ পৰা ৩০-৪০ টন প্ৰতি হেক্টৰত উৎপাদন পাব পাৰি৷

শস্য ৰক্ষা

  1. মূঢ়া ঘুণে খোৱা আৰু শস্য কৃমি (Corm borer and Nematodes)কলৰ পুলি বাছনি কৰোঁতে সদায় স্বাস্হ্যবান নিৰোগী গছৰ পোখা পুলিহে বাছনি কৰিব লাগে ৷ যদি আক্ৰান্ত পুলিয়েই নিৰ্বাচন কৰিব লগা হয় তেন্তে আক্ৰান্ত অংশ এখন চোকা কটাৰীৰে কাটি পেলাব লাগে ৷ শস্য কৃমি বা মূঢ়া ঘুণে খোৱা পোকৰ পৰা কিছু পৰিমাণে ৰক্ষা পাবলৈ পুলিটো ৰোৱাৰ আগতে মুঢ়াটো বোকাত লেটিয়াই তাৰ ওপৰত ৪০ গ্ৰাম ফুৰাদন ৩ জি চতিয়াই দিব লাগে৷
  2. গা-গছ ঘুণে খোৱা পোক (Pseudostem borer)এই পোক নিবাৰণ কৰিবলৈ ০.১ শতাংশ শক্তিৰ মেলাথিয়ন (প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ ঔষধ মিহলাই) স্প্রে কৰিব লাগে৷ গছৰ চাৰিওফালে ফুৰাদন ৩-জি দানা চতিয়ালেও ভাল ফল পোৱা যায় ৷
  3. কলৰ বাকলি খোৱা পোকএইবিধ পোক কলঠোকাত দেখাৰ লগে লগে মালাথিয়ন ৫০ শক্তিৰ ঔষধ ০.১ শতাংশৰ মিশ্ৰণ তৈয়াৰ কৰি ষ্প্ৰে কৰিব লাগে৷
  4. কল গছৰ বাঞ্চিটপ (Bunchy top) বেমাৰ: এই বেমাৰ ৰোধ কৰিবলৈ ৰ'গৰ বা ডাইমেক্রণ ১ মিলিলিটাৰ ঔষধ প্ৰতি লিটাৰ পানীত (৩ লিটাৰ প্ৰতি ২৫ জোপা গছৰ বাবে) মিহলাই ষ্প্ৰে কৰিব লাগে৷
  5. পানামা বেমাৰ (Panama disease or Banana wilt)এই বেমাৰ ৰোধ কৰিবলৈ ১ শতাংশ বৰদ’ মিশ্ৰণ বা ০.০৫ শতাংশ বেভিষ্টিন ঔষধৰ মিশ্ৰন মাটিত প্ৰয়োগ কৰিব লাগে ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate