অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কল ৰোৱাৰ পদ্ধতি

অসমত বাৰিষা কালত কল ৰুব পাৰি যদিও মাৰ্চ-এপ্ৰিল কলপুলি ৰোৱাৰ উপযুক্ত সময়।

কলপুলি ৰোৱাৰ পদ্ধতি:

মাৰ্চ-এপ্ৰিল মাহত কলখেতি কৰিবলৈ বিচৰা মাটিডৰা ভালদৰে হাল-বাই মৈয়াই সমান কৰি ল’ব লাগে। কলপুলি ৰুবৰ বাবে ৪৫ ছে:মি: বহল আৰু ৪৫ ছে:মি: দ’ গাত খান্দিব লাগে। জাত অনুসৰি পুলিবোৰৰ মাজৰ ব্যৱধান বেলেগ বেলেগ হয়।

জাত

ৰোপন ব্যৱধান (পুলি/শাৰী)

পুলি সংখ্যা

 

 

প্ৰতি বিঘাত

প্ৰতি হেক্টৰত

চাপৰ জাত

১.৮মি:×১.৮ মি:

৪১১ টা

৩০৮৬ টা

মধ্যমীয়া জাত

২.১মি:×২.১মি:

৩০২ টা

২২৬৭ টা

ওখ জাত

২.৪ মি:×২.৪মি:

২৩১ টা

১৭৩৬ টা

অধিক উৎপাদন আৰু লাভালাভৰ বাবে চাপৰ জাতৰ জাহাজী কলৰ খেতি প্ৰথমবাৰ শস্য চপোৱাৰ পাচত গছবোৰ উঠাই নতুনকৈ ৰুব লাগে। ইয়াৰ বাবে পুলিবোৰ ঘনকৈ অৰ্থাৎ ১.৪ মি:×১.৪ মি: ব্যৱধানত ৰোৱা হয়। এই পদ্ধতিত বিঘাই প্ৰতি ৭৮০ টা আৰু হেক্টৰে প্ৰতি ৫১০২ টা কলৰ পুলি ৰুব পাৰি।

কলখেতিত প্ৰয়োগ কৰিব লগা সাৰৰ পৰিমাণ আৰু প্ৰয়োগ পদ্ধতি:

ৰোৱাৰ আগতে প্ৰতিটো গাঁতত ১০ কি:গ্ৰা: (২ পাচি) শুকান গোবৰ বা পচনসাৰ মাটিৰ লগত মিহলাই দিয়া উচিত।

কলপুলি ৰোৱাৰ ৩ মাহৰ পাচত তলত উল্লেখ কৰা সাৰখিনি কলগছৰ গুৰিৰ পৰা ৩০ ছে:মি: আতঁৰত ১৫ ছে:মি: দকৈ নলা খান্দি প্ৰয়োগ কৰিব লাগে।

ইউৰিয়া          - ১২০ গ্ৰাম প্ৰতিজোপা গছত।

একক চুপাৰ ফচফেট  - ২২০ গ্ৰাম প্ৰতিজোপা গছত।

মিউৰেট অফ্‌ পটাছ   - ২৭৫ গ্ৰাম প্ৰতিজোপা গছত।

কলত দ্বিতীয়বাৰ সাৰ প্ৰয়োগ কল পুলি ৰোৱাৰ ৫ মাহৰ পাচত কলৰ গুৰিৰ পৰা ৬০ ছে:মি: আঁতৰত ১৫ ছে:মি: দ’কৈ নলা খান্দি তলত দিয়া সাৰখিনি প্ৰয়োগ কৰিব লাগে।

ইউৰিয়া          - ১২০ গ্ৰাম প্ৰতিজোপা গছত।

মিউৰেট অফ্‌ পটাছ   - ২৭৫ গ্ৰাম প্ৰতিজোপা গছত।

কলখেতিৰ যতন:

পানী যোগান: কলৰ শ্ৰীবৃদ্ধিৰ বাবে মাটিত জীপ থকাটো অতি প্ৰয়োজন। অসমত শীতকালি বিশেষকৈ নবেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বৰষুণ নহয় বুলিয়ে ক’ব পাৰি আৰু খৰাং হয়। এই সময়ছোৱাত ১০-১৫ দিনৰ মূৰে মূৰে কলৰ গুৰিত পানী দিয়াটো প্ৰয়োজন।

পোখা পুলি কটা:

কলপুলি ৰোৱাৰ কেইমাহ মানৰ পাছতে কলৰ গুৰিৰ পৰা নতুনকৈ পুলি ওলায়। এই পুলিবোৰে খাদ্য আৰু পানীৰ বাবে মাতৃগছৰ লগত অহৰহ প্ৰতিযোগিতা চলায়। ফলস্বৰূপে মাতৃগছজোপাৰ উৎপাদন কমি যায়। সেয়েহে মূল গছজোপাই থোক পেলোৱা পৰ্য্যন্ত পুলিবোৰ বাঢ়িবলৈ নিদি গুৰিতে কাটি পেলাব লাগে। মূল গছজোপাই কলডিল ওলোৱাৰ সময়তহে মূঢ়াশস্যৰ বাবে প্ৰতিজোপা গছত একোটাকৈ পুলি বাঢ়িবলৈ দিব লাগে।

বন বাত নিয়ন্ত্ৰণ:

প্ৰয়োজন অনুসাৰে সময়ে সময়ে কলৰ বাগিছাত থকা অপতৃণ নিয়ন্ত্ৰণ কৰিব লাগে। অপতৃণনাশক ৰাসায়নিক দ্ৰব্য হিচাপে ডাইউৰণ হেক্টৰে প্ৰতি ৩ কি:গ্ৰা: (বিঘাই প্ৰতি ৪০০ গ্ৰাম) বা গ্ৰামক্সোন নামৰ ঔষধ ১.৫ কি:গ্ৰা: প্ৰতি হেক্টৰত প্ৰয়োগ কৰি অপতৃণ নিয়ন্ত্ৰণ কৰিব পাৰি।

কলৰ গুৰিৰ চাৰিওফালে পানীমেটেকা, ধানখেৰ বা শুকান পাত মাটি ঢাকনি হিচাপে ব্যৱহাৰ কৰিলে বন-বাত নিয়ন্ত্ৰণ কৰাৰ লগতে মাটিৰ জীপও সংৰক্ষণ কৰে।

কলৰ ডিলকটা:

কলথোক সম্পূৰ্ণ ওলোৱাৰ পাছত থোকৰ শেষ আষিৰ পৰা ৪ ইঞ্চিমান তলত কলডিল কাটি পেলাব লাগে আৰু কলত লাগি থকা মৰহী যোৱা ফুলৰ অংশবোৰ আতঁৰাই নিব লাগে। এনেকুৱা ব্যৱস্থাই ফলবোৰ ডাঙৰ হোৱাত সহায় কৰে।

ঢোকা দিয়া:

অসমত বাৰিষা কালত যথেষ্ট ধুমুহা বতাহ হয় আৰু কলৰ যথেষ্ট ক্ষতি সাধন কৰে। কলথোক ওলোৱাৰ পাছত বাঁহেৰে ঢোকা দিলে কলগছ বতাহত ভাগি যোৱাৰ সম্ভাৱনা কম থাকে।

মাটি চপাই দিয়া:

বাৰিষা কালত পানী জমা নহ’বলৈ কলৰ গুৰিত মাটি চপাই দিয়া প্ৰয়োজন।

 

উৎসঃ উদ্যন শস্য আৰু খাদ্য স্ংসাধন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate