অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাণ খেতি

অসমত তিনি প্ৰকাৰে পান খেতি কৰা হয়

১) তামোল গছ বা অন্য গছৰ গুৰিত

২) বোৰোজ পদ্ধতি

৩) খুটি পদ্ধতি৷

ইয়াৰে প্ৰথম পদ্ধতিতে সাধাৰণতে প্ৰায় বিলাক ঘৰতে কৰা হয়৷ আন দুটা পদ্ধতি ব্যৱসায় ভিত্তিত কৰা হয়৷

সঁচ

অসমীয়া পান, খাছী পান, গাৰো পান, চাঁচী পান, বাংলা পান (কালী বাংলা,  মুৱা বাংলা, ইৰানিগিটি, গুদি বাংলা) মিঠা পান আৰু কাৰ্বি পান৷

মাটি

সাৰুৱা আলতীয়াৰ পৰা বালিচঁহীয়া মাটি ও পানী জমা নোহোৱা মাটি পান খেতিৰ বাবে উপযোগী৷ নতুনকৈ পান বাৰী প্ৰস্তুত কৰিবলৈ অন্য ঠাইৰ পৰা মাটিৰ ওপৰ ভাগ কাটি আনি কৰিব পাৰিলে ভাল৷ পুলি ৰোৱাৰ এমাহৰ আগতে মাটিত চূণ মিহলাই মাটিৰ অম্লতা কমাই ল’লে ভাল হয় অৰ্থাৎ পি, এইচ ৬.৫ মানত ৰাখিব লাগে৷

তামোল গছৰ সহায়লৈ কৰা পান খেতি

তামোল গছৰ গুৰিৰ পৰা ৬০-৭০ ছে: মি: দুৰত্বত ৬০ ছে: মি:x ৬০ ছে: মি: x ৬০ ছে: মি: ব্যাসাৰ্দ্ধৰ গাত খান্দি তাত পচন সাৰ বা গোবৰ আদি প্ৰয়োগ কৰিব লাগে ৷ প্ৰত্যেক জোপা তামোলগছৰ বাবে ৩-৪ টা পানৰ  ডাল (cutting) ৰোব লাগে ৷ সাধাৰণতে ২-৩ ফুট দীঘল ডাল য’ত ৬ টা মানকৈ কোঁহ/গাঁঠি থাকে তেনেবোৰ ডালহে ৰোৱাৰ বাবে উপযোগী ৷

বোৰজ আৰু খুটি পদ্ধতি

  • বাঁহ আৰু খেৰ আদিৰ বোৰজ প্ৰস্তুত কৰি সকলো দিশ খেৰেৰে বেৰি দিব লাগে ৷ পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ খুটি পদ্ধতিত কৰা পান খেতিৰ বাবে ওপৰ ভাগ আবদ্ধ কৰি পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ এই ক্ষেত্ৰত বাঁহৰ দীঘল খুটিৰ ব্যৱহাৰ হয় ৷
  • পুলি ৰোৱাৰ আগেয়ে পান ৰোবলৈ লোৱা মাটি দৰা ভালদৰে চহায় লব লাগে ৷

ৰোপন সামগ্ৰী

সাধাৰণতে পান গছৰ উৰ্দ্ধমুখী ২-৩ বছৰীয়া পূৰঠ আগবোৰ কাটি আনি তাৰ পৰা সৰু সৰুকৈ অৰ্থাৎ ৩০-৪০ ছে: মি: দীঘলে কাটি ল’ব লাগে ৷ এই সৰু সৰু ডাল বা কাটিং বিলাকত ৩-৪ টাকৈ গাঁঠি থাকিব লাগে ৷ এই ডালবোৰৰ পৰা যেতিয়া নতুন পোখা ওলাই বাঢ়িবলৈ ধৰিব তেতিয়া মূল পথাৰত অৰ্থাৎ তামোল গছৰ গুৰিত ৰোপন কৰিব লাগে ৷

বোৰজ পদ্ধতিত পোখা ওলোৱা ডালবোৰ ৫০ ছে: মি: আৰু ১৫ ছে: মি: দূৰত্বত অথাৎ দুটা শাৰীৰ মাজত দূৰত্ব ৫০ ছে: মি: আৰু প্ৰতিটো শাৰীত দুটা পুলিৰ মাজৰ দূৰত্ব ১৫ ছে: মিটাৰত ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ এই পদ্ধতিত প্ৰতি বিঘা মাটিত ১২,৬০০-১২,৭০০ টা পুলি ৰোপন কৰিব পাৰি ৷ কিন্তু খুটি পদ্ধতিত পুলি আৰু শাৰীৰ দূৰত্ব ৯০ ছে: মি: ৰাখিব লাগে বাবে প্ৰতি বিঘা মাটিত ১০০০-১৪০০ টা পুলিহে ৰোপন কৰিব পাৰি ৷

ৰোৱাৰ আগতে মাটিডৰা ভালদৰে চহায় লব লাগে আৰু ৰাসায়নিক দ্ৰৱ্যৰে মাটিডোখৰ শোধন কৰি লব লাগে৷ তাৰ বাবে ০.২ শতাংশ পি, চি, এন্, বি  (ব্ৰাচিক’ল) নামৰ ঔষধৰে মাটিডোখৰ তিয়াই লব লাগে৷ আকৌ পুলবাৰীৰ পৰা উঠাই অনা পোখা পুলিবোৰ ০.৫ শতাংশ শক্তিৰ ব'ৰডো মিশ্ৰণ আৰু ষ্টেপ্টোচাইক্লিন(Streptocycline) ৫০০ পি, পি, এম মিশ্ৰণত আধা ঘন্টা ডুবাই ৰাখিব লাগে৷ অসমত সাধাৰণতে মে’ - আগষ্ট মাহলৈকে পান পুলি ৰোৱা হয়৷

সাৰ প্ৰয়োগ

  • ১৫০ কেজি নাইট্র'জেন প্ৰতি হেক্টৰত প্ৰতি বছৰে
  • ১০০ কেজি ফছফৰাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে
  • ৫০ কেজি পটাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে


এই গোটেইখিনি সাৰ মাটিডৰাত বছেৰেকত ৬-৮ টা ভাগত ভাগ কৰি গোবৰৰ লগত প্ৰয়োগ কৰিব লাগে ৷ 
বোৰজ পদ্ধতিত কৰা পান খেতি প্ৰতিবছৰে হেক্টৰে প্ৰতি ২০০ কেজি নাইট্র'জেন (ইউৰিয়াৰ) লগত খলিহৈৰ লগত ১ : ১ অনুপাতত মিহলাই সমানে চাৰিভাগ কৰি প্ৰয়োগ কৰিব৷

পানৰ উৎপাদন আৰু মানদণ্ড বৃদ্ধি কৰিবলৈ ৪ শতাংশ জিঙ্ক চালফেটৰ মিশ্ৰণ ৬ বাৰ মানলৈ ৬০ দিনৰ ব্যৱধানত স্প্ৰে কৰিব৷ 
যদি পৰা যায় নাইট্ৰ'জেনৰ ৫০ শতাংশ পৰিমাণৰ জৈৱিক সাৰ আৰু পচন সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল ফল পোৱা যায়৷

পান বগোৱা

মূখ্য লতাডাল যেতিয়া আশ্ৰয়কাৰী বাঁহৰ খুটাত বা গছত বগাব তেতিয়া ৬-৮ ইঞ্চি অন্তৰত কলগছৰ পতুৱাৰ আঁহৰে বা দীঘল দুৱৰি বনৰ লতাৰে ঢিলাকৈ বান্ধিব লাগে যাতে গছজোপাত বগাই যাবলৈ সুবিধা হয় ৷ গছজোপাৰ বাঢ়নৰ ওপৰত লক্ষ্য ৰাখি ১৫-২০ দিনৰ অন্তৰত এবাৰ বান্ধিব লাগে৷

লতাপান নমোৱা

সাধাৰণতে পানগছৰ মূখ্য লতাডাল এবছৰত প্ৰায় ১০ ফুট মানলৈ ওখ হয় ৷ গতিকে যেতিয়া লতাডাল সিমান ওপৰলৈ যায় তেতিয়া গছডাল বছৰেকত এবাৰ তললৈ নুৰা বান্ধি খহাই আনিব লাগে আৰু আগ অংশৰ মোটা গা-গছডাল মাটিত আকৌ পুতি দিব লাগে যাতে ওপৰৰ আনটোৰ মাত্ৰ ২-৩ ফুটহে ওলাই থাকে৷ তেনেকৈ নমাই আনিলে গছজোপাৰ গুৰিতো জোপোহা হ’ব আৰু একেডাল আশ্ৰয়কাৰীতে আকৌ বগাব পাৰিব৷

শস্য ৰক্ষা

  1. পাত পচা (Phytophthora leaf rot), শিপা পছা  (root rot)এই বিধ বেমাৰত ০.১ শতাংশ শক্তিৰ বৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১ মাহৰ অন্তৰত ৪ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ আনহাতে ০.৫ শতাংশ ব'ৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১৫ দিনৰ অন্তৰত ৮ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ এই ঔষধ প্ৰয়োগ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত কৰিব লাগে ৷
  1. পাত বা ঠাৰিত দাগ পৰা বেমাৰ (Bectrial leaf spot)এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ আৰু এক শতাংশ ষ্টেষ্ট্রোমাইচিনৰ মিশ্ৰণ তৈয়াৰ কৰি ২০ দিনৰ ব্যৱধানত ৰোগ আৰম্ভ পৰাৰে পৰা প্ৰয়োগ কৰিব ৷
  2. এনথ্ৰেকন’জ (Anthracnose)এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ ২০ দিনৰ ব্যৱধানত ৪ বাৰ ৰোগ ৰোগৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা প্ৰয়োগ কৰিব ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate