অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোলাপ ফুলৰ কিছু সমস্যা আৰু প্ৰ্তিকাৰ

গোলাপ ফুলৰ কিছু সমস্যা আৰু প্ৰ্তিকাৰ

এনে কোনো পুষ্পপ্ৰেমী নাই যাৰ গোলাপ ফুলৰ প্ৰতি বিশেষ আকৰ্ষন নাই।এনে কোনো বাগিচা সৰুৱেই হওঁক বা ডাঙৰেই হওঁক হয়তো নাই যত এপাহো গোলাপ নাই।পুষ্পজগতত গোলাপৰ এই বিশিষ্ট স্থান পৃথিৱীজোৰা।ফুলৰ ৰানী গোলাপৰ আকৃতি,ৰং,সুগন্ধ,আকাৰ আৰু বিভিন্ন জলবায়ুত নিজকে খাপ খুৱাই লব পৰা গুনেই হল ইয়াৰ বিশিষ্টতাৰ কাৰন।বিশ্বব্যাপী জনপ্ৰিয় গোলাপ ফুল ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুল হিচাপে স্বীকৃত।তদুপৰি বিশ্বৰ বানিজ্যতো গোলাপৰ এক নিদিষ্ট স্থান আছে।গোলাপ ফুল আজি পৃথিৱীৰ কোটি কোটি টকাৰ ব্যৱসায়ৰ লগত জড়িত।

নিজৰ বাগিচাত অতি হেপাঁহৰে ৰোৱা এই ফুলবিধক বিভিন্ন সমস্যাই আগুৰি ধৰি পুষ্পপ্ৰেমীক বহু সময়ত নিৰাশ কৰে। তেনে কেতবোৰ সমস্যা আৰু ইয়াৰ প্ৰ্তিকাৰ এই লেখাৰ জৰিয়তে আগবঢ়ালো।

গোলাপৰ গছবোৰত ফুল নুফুলিলে: যেতিয়া ফুল নুফুলে তেতিয়া প্ৰথমেই মন কৰিবলগীয়া কথাটো হল গছজোপাই দিনটোত ৬ৰ পৰা ৮ ঘন্টা ৰদ পাইছেনে নাইক,তেনেহলে স্থান পৰিবৰ্তন কৰিব লাগে।দ্বিতীয়তে পানী দিয়াৰ সময়ত নাইবা বৰষুনৰ বতৰত মাটিখিনিত পানী জমা হয় নেকী?যদি হয় তেনেহলে পানী ওলাই যোৱাৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে।ডাঙৰ গছৰ তলত নাইবা ঘৰৰ ছাতঁ গোলাপ ৰুলেও গোলাপত ফুল নুফুলিব পাৰে।গছবোৰক সময়ে সময়ে উপযুক্ত আহাৰ যোগান ধৰিব লাগে।

ডালবোৰ যেতিয়া ওপৰৰ পৰা ক্ৰমান্বয়ে তললৈকে কলা পৰি শুকাবলৈ ধৰে:::গোলাপ ফুলত এইবিধ বেমাৰ খুব সঘনে দেখা যায়।ডাইবেক নামৰ এই বেমাৰত আক্ৰান্ত হলে গোলাপবোৰ নিদিষ্ট দূৰত্বত পানী জমা নোহোবা ঠাইলৈ স্থানান্তৰ কৰি মৰা ডালবোৰ কাটি দিব লাগে আৰু কটা অংশবোৰত “ব্লাইটেক্স ৫০০ গ্ৰাম,চুন ২৫০ গ্ৰাম,ডাইজিনান ৫ মিলিগ্ৰাম পানীৰ লগত মিহলাই এটা পেষ্ট তৈয়াৰ কৰি লগাব লাগে।এই পেষ্ট বনাব নোবাৰিলে বেবিষ্টিন,ব্লাইটেক্স ৫০,ফাইটোজেন ডাই ইথেন এম-৪৫ আদি কীটনাশক যিকোনো এবিধ কীটনাশক ঔষধ এনেদৰে ছটিয়াব লাগে যাতে কটা অংশবোৰ সম্পূৰ্ন ঢাক খাই পৰে।লগতে মাটিতো এই ঔষধ পানীৰ লগত মিহলাই দিব লাগে।মৰি যোবা ডালবোৰ কাটোতে মৰা অংশটোৰ লগতে এক ইঞ্চিমান সেউজীয়া অংশও কাটি দিব লাগে।

যেতিয়া পাতৰ ওপৰত কলা দাগ পৰে আৰু পাতবোৰ হালধীয়া হৈ শুকাই যায় আৰু সৰি পৰে::এই কলা দাগবোৰ লিফ স্পট ৰোগৰ লক্ষন।এই ৰোগ নিৰাময়ৰ বাবে ডাই ইথেন এম ৪৫ কিলেকজিল,কেষ্টান নাইবা বেবিষ্টিনৰ যিকোনো এবিধৰ ২ গ্ৰাম লৈ এক লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।টাবত থাকিলে মাটিখিনিতো এই দৰব ছটিয়াব  লাগে।বেমাৰ লগা পাতবোৰ ছিঙি জ্বলাই দিব লাগে আৰু আশে পাশে থকা নিৰোগী গছবোৰতো বেমাৰ নিবিয়পিবৰ বাবে ঔষধ ছটিয়াব লাগে।মাটিত পটাছৰ পৰিমান কমিলে এই ৰোগৰ প্ৰ্কোপ বৃদ্ধি পায়।

যেতিয়া পাতৰ ওপৰত আটাৰ দৰে পাউদাৰ দেখা যায়:পাতবোৰত বগা পাউদাৰ দেখিলে বুজিব লাগে যে গছজোপা পাউডৰী মাইলডিও ৰোগত আক্ৰান্ত হৈছে।এই বগা পাউডাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ ফুলৰ কলি আৰু ফুলবোৰ নষ্ট কৰি পেলায়।পাতবোৰ কুৰুপ হৈ সৰি পৰে।কলিবোৰ ভালদৰে ফুলিব নোৱাৰে যাৰ ফলত ফুলবোৰ সৰু হৈ পৰে।এই ৰোগ নিয়ন্ত্ৰনৰ বাবে ছালফেক্স কেষ্টান,বেবিষ্টিন নাইবা মোৰেষ্টান ২ গ্ৰাম ঔষধ এক লিটাৰ পানী হিচাপত ছটিয়াব লাগে।গন্ধকৰ গুড়া এই ৰোগ নিয়ন্ত্ৰনৰ বাবে উপযোগী।

যেতিয়া গছবোৰৰ গাত পোক লাগে::এইবিধ কীট যাক স্কেল কীট নামেৰেও জনা যায় অত্যন্ত হানিকাৰক কীট।ই অতি সোনকালে স্ংখ্যাত বাঢ়ি যায় আৰু গছজোপাৰ ৰস শুহি খাই গছজোপা শুকান কৰি পেলায়।পোকবোৰ গছৰ গাত ইমান সুন্দৰভাৱে মিলি থাকে যে বহু সময়ত ই ধৰাই নপৰে।আৰম্ভনিতে ইয়াক নাশ কৰিব নোবাৰিলে ই গোটেই গছজোপাই মাৰি পেলাব পাৰে।এই পোকৰপৰা পৰিত্ৰান পাবৰ বাবে মেটাচিছটেক্স নাইবা মেটাছিডৰ ঘোল বনাই ছটিয়াব লাগে।কম স্ংখ্যক গছ হলে স্পিৰিট নাইবা কেৰাচিন তেলত কপাহী কাপোৰ ডুবাই সেই কাপোৰৰে ডালবোৰ মোহাৰি দিলেও এই পোকৰ পৰা পৰিত্ৰান পাব পাৰি।

তদুপৰি অন্যান্য কীট-পত্ংগ যিবোৰ ডাল পাত কলি আদি খাই পেলায় নাইবা ফুটা কৰি দিয়ে সেইবোৰৰ পৰা পৰিত্ৰান পাবৰ বাবে কাৰ্বাৰিল ইণ্ডোছালপান ডাষ্ট প্ৰয়োগ কৰিব লাগে নাইবা মেটাছিড,মেথাথিয়ান ৰগৰ নাইবা মেটাচিছটেক্স এক নাইবা দুই গ্ৰামত প্ৰ্তি লিটাৰ হিচাপত ঘোল বনাই ছটিয়াব লাগে।কম গছ হলে ৰাতি টৰ্চ জ্বলাই লৈ পোকবোৰ মাৰি পেলাব পাৰি। এটা কথা মনত ৰাখিব যে গোলাপত প্ৰয়োজনতকৈ অধিক পানীয়েও কীটৰ আক্ৰমনৰ প্ৰ্কোপ বঢ়ায়।

ৰুমজুম দত্ত

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate