অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যৱসায়িক দৃষ্টিভংগীৰে নাৰ্জী ফুলৰ খেতি

ব্যৱসায়িক দৃষ্টিভংগীৰে নাৰ্জী ফুলৰ খেতি

বাণিজ্যিকভাৱে কৰা বিভিন্ন ফুলখেতিৰ ভিতৰত নাৰ্জী ফুলৰ খেতিৰ চাহিদা সবাতোকৈ বেছি। পূজা-অৰ্চনাৰ উপৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, বিভিন্ন উৎসৱত ফুলৰ মালা, গৃহসজ্জা, মঞ্চসজ্জা আদি কামত নাৰ্জী ফুলৰ বিপুল ব্যৱহাৰ হয়। নাৰ্জী ফুলৰ খেতি বিভিন্ন মাটি আৰু জলবায়ুত সহজে কৰিব পৰাৰ উপৰি ইয়াৰ পৰা ফুলৰ উৎপাদন বহুত দিন ধৰি পাব পাৰি। আনহাতে, ফুলবোৰ চিঙাৰ পিছতো ই কেইবাদিনো ধৰি সতেজ হৈ থাকে। তদুপৰি আন ফুলৰ তুলনাত এই ফুলৰ খেতিত খৰচো কম পৰে বাবে ফুল ব্যৱসায়ীৰ মাজত এই ফুল অতি জনপ্ৰিয়।

বাণিজ্যিক ভিত্তিত নাৰ্জী ফুলৰ খেতিৰ বাবে আফ্ৰিকান মেৰীগ’লড আৰু ফ্ৰেন্স মেৰীগ’লড এই দুই প্ৰকাৰৰ খেতি কৰা হয়। আফ্ৰিকান জাতৰ নাৰ্জী ফুলৰ গছবোৰ ওখ, ফুলবোৰ ডাঙৰ আকাৰৰ বহুপহীয়া গোলাকৃতিৰ হয়। আনহাতে, ফ্ৰেন্স জাতৰ নাৰ্জী ফুলৰ গছবোৰ ওখ, ফুলবোৰ ডাঙৰ আকাৰৰ বহুপহীয়া গোলাকৃতিৰ ফুল হয়। আফ্ৰিকান ইয়েল’ গ’লডেন গ্লো, কিউপিড, পট অব্‌ গ’লড আদি উল্লেখ্যযোগ্য। আনহাতে, ফ্ৰেন্স জাতৰ নাৰ্জীৰ ভিতৰত হাৰমণি, ৰাষ্টী ৰেড, ছান অলড, বাই-কালাৰ, লিটিল ডেভিল আদি প্ৰধান। ব্যৱসায়িক দিশৰ পৰা চাবলৈ গ’লে আফ্ৰিকান জাতৰ নাৰ্জীৰ খেতিতকৈ অধিক লাভজনক।

নাৰ্জী ফুলৰ খেতিৰ বাবে সাধাৰণতে ভূমিভাগৰ তাপমাত্ৰা ২১-৩০ ছে:মি:ৰ মাজত থকা উচিত। গোটেই দিনটো ৰ’দ পৰা অঞ্চলত নাৰ্জী ফুলৰ উৎপাদন অধিক হয়। নাৰ্জী ফুলৰ খেতি বিভিন্ন মাটি আৰু জলবায়ুত সফলভাৱে কৰিব পাৰি যদিও সাধাৰণতে ৰ’দৰ প্ৰকোপ থকা আৰু পানী বন্ধ হৈ নথকা মাটিত ইয়াৰ খেতি বেছি ভাল হয়। মাটিৰ অম্লতা ৭-৭.৫ হোৱা উচিত। নাৰ্জী ফুলৰ খেতি সকলো ঋতুতে কৰিব পাৰি।

নাৰ্জী ফুলৰ খেতিৰ বাবে সাধাৰণতে দুই ধৰণে পুলি প্ৰস্তুত কৰিব পাৰি-বীজৰ যোগেদি আৰু কাটিং কৰি। মাৰ্চ-এপ্ৰিল মাহত ফুলৰ বীজ সংগ্ৰহ কৰি শুকুৱাই গৰমৰ দিনত আগষ্ট-ছেপ্টেম্বৰত পুলি প্ৰস্তুত কৰিব পাৰি। প্ৰতি বিঘা মাটিৰ বাবে ২০০ গ্ৰাম এনে বীজৰ প্ৰয়োজন হয়। পুলিবোৰ যেতিয়া ৫-৭ ছেন্টিমিটাৰ ওখ হয়, তেতিয়া বাগিচাৰ ভেটিত শাৰী শাৰীকৈ ৰুব লাগে। আফ্ৰিকান নাৰ্জীৰ বাবে ৪৫-৬০ ছেন্টিমিটাৰ আৰু ফ্ৰেন্স নাৰ্জীৰ বাবে ১০-৩০ ছেন্টিমিটাৰ ব্যৱধানত পুলি ৰুব লাগে।

কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰাৰ বাবে পূৰ্ণ বয়স্ক নাৰ্জী ফুলৰ গছৰ ডাল ৩-৪ ইঞ্চি কাটি, কটা ডালখিনি শোধন কৰি হৰমন দ্ৰৱণ ৰুটেক্স বা আৰোডেক্সত ডুবাই ধোঁৱা মোটা বালিত গুজি থ’ব লাগে। এনে অৱস্থাত ১৫ দিনমানৰ পিছত শিপা ওলাব ধৰে আৰু তেতিয়া মূল বাগিচাত ৰুব লাগে।

মূল পথাৰ প্ৰস্তুত কৰাৰ সময়ত মাটিডৰাত যথেষ্ট পৰিমাণে শুকান গোৱৰ প্ৰয়োগ কৰা উচিত। ফ্ৰেন্স জাতৰ নাৰ্জী ফুলৰ খেতিত বেছিকৈ সাৰ প্ৰয়োগ কৰিলে গছ-পাত বেছিকৈ বাঢ়িবলৈ ধৰে। ফলত ফুলৰ উৎপাদন কমি যায়। এবিঘা নাৰ্জী ফুলৰ খেতিত ইউৰিয়া ২৮ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৮৩ কিলোগ্ৰাম, মিউৰেট অব্‌ পটাছ ২২ কিলোগ্ৰাম আৰু লগতে ২-৩ কিলোগ্ৰাম অনুখাদ্য  আৰু ২ কিলোগ্ৰাম ছালফাৰৰ প্ৰয়োজন হয়। ইউৰিয়া সাৰৰ আধাভাগ আৰু বাকী সমুদায় সাৰ মাটি প্ৰস্তুতকৰণৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী আধাভাগ ইউৰিয়া সাৰ পুলি ৰোৱাৰ এমাহৰ পিছত দুই শাৰীৰ মাজত প্ৰয়োগ কৰিব লাগে। বিঘাই প্ৰতি নাৰ্জী ফুলৰ পুলিৰ সংখ্যা ঋতুভেদে বেলেগ বেলেগ হয়। শীতকালত এবিঘা মাটিৰ বাবে ৭০০০ টা, গৰম কালত ৯৬০০ টা, বৰ্ষাকালত ৩,৬০০ টা পুলি ৰুব লাগে।

নাৰ্জী ফুলৰ খেতিত জলসিঞ্চনৰ ব্যৱস্থা কৰাটো অতি দৰকাৰী কথা। মাটিডৰা শুকান হৈ থাকিলে গছজোপাৰ বাঢ়ন কম হয় আৰু ফুল কমকৈ ফুলে। মাটিৰ ধৰণ আৰু ঋতুৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চনৰ পৰিমাণ নিৰ্ভৰ কৰে। সাধাৰণতে নলা খান্দি জলসিঞ্চন কৰিব লাগে। সময়মতে বন-পাত নিৰাই থকাটোও এটা দৰকাৰী কথা।

নাৰ্জী ফুলৰ খেতি সাধাৰণতে ভেঁকুৰ আৰু ভাইৰাছজনিত ৰোগৰদ্বাৰা আক্ৰান্ত হয়। গুৰি পচা, পাতত দাগ পৰা, পাউদাৰী মিলডিউ, ৰাষ্ট ইত্যাদি ৰোগে আক্ৰমণ কৰিলে চাইথেন এম-৪৫ বা ডাইথেন জেদ-৭৮ নামৰ দৰৱৰ ৩ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

ফুলবোৰ সাধাৰণতে পুৱাবেলা বা সন্ধিয়া সময়ত চপাব লাগে। ফুলবোৰ চিঙাৰ আগতে পথাৰখনত জলসিঞ্চন কৰি ল’ব লাগে। এনে কৰিলে ফুলবোৰ চিঙাৰ পিছত বেছি সময় সতেজ কৰি ৰাখিব পাৰি। ফুলবোৰ সময়মতে চপাই থাকিলে ফুলৰ উৎপাদন বৃদ্ধি পায়। চিঙাৰ পিছত ফুলবোৰ পলিথিনৰ বেগ বা বাঁহৰ পাত্ৰত ৰাখিব লাগে। চিঙাৰ পিছত অলপমান পানী ফুলবোৰত ছটিয়াই দিলে ফুলবোৰ বেছি সময় সতেজ হৈ থাকে।

সম্প্ৰতি অসমৰ কৃষিখণ্ডৰ অগ্ৰগতিত ফুলে এক উল্লেখযোগ্য স্থান দখল কৰিছে। কামৰূপ জিলাৰ হাজো অঞ্চলৰ কৃষকসকলে বহুদিনৰ পৰা এই ধৰণৰ কৃষিকৰ্মত জড়িত হৈ আছে। অসম চৰকাৰৰ কৃষি বিভাগে আগবঢ়োৱা সহায়-সহযোগিতাৰে অথবা নিজস্ব প্ৰচেষ্টাৰে হাজোৰ কৃষকসকলে ৰাজ্যখনৰ ফুলৰ চাহিদা পূৰণ কৰাৰ উপৰি আন ৰাজ্যলৈও ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। আয়-ব্যয়ৰ এটি পৰিসংখ্যাৰ পৰা জনা গৈছে যে সকলো খৰচ বাদ দি এবিঘা নাৰ্জী ফুলৰ খেতিৰ পৰা মুঠ লাভ হয় প্ৰায় ৩০ হাজাৰ টকা। এনেকুৱা এবিধ লাভজনক খেতিয়ে অসমৰ কিছুসংখ্যক শিক্ষিত নিবনুৱাক নিশ্চয় আত্মসংস্থাপনৰ পথ মুকলি কৰি দিব।

লেখিকা: মামণি হাজৰিকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate