অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰিষা কালত বহুবৰ্ষী ফুলৰ যতন :

বাৰিষা কালত বহুবৰ্ষী ফুলৰ যতন :

 

বছৰটোৰ বিভিন্ন ঋতুত বিভিন্ন ৰঙৰ ফুল ফুলে। এই নানান ৰঙৰ পোহাৰ মেলা ফুলবোৰ কেনেকৈ পৰিচৰ্যা কৰিব লাগে তাক ভালদৰে জানি লওঁ আহক। অসমৰ মাটি আৰু জলবায়ুৰ লগত খাপ খাই প্ৰকৃতিত বহুতো ৰঙৰ ফুল ফুলে, ঋতু ভিত্তিক ফুলা বিভিন্ন ৰঙৰ ফুলবোৰ তিনিমাহ মানৰ পাছতে ফুল ফুলি গছবোৰ মৰি যায়। এই ফুলবোৰৰ বাবে সকলোৱে যত্নসহকাৰে ফুল ফুলায়। কিন্তু আজি আমি অসমত ফুলা বহু বৰ্ষজীৱী ফুল যেনে- গোলাপ, তগৰ , খৰিকাজাঁই, হাচনাহানা, পাতাবাহাৰ, আলোক, চম্পা, গুটি মালি, কথনা, ঘণ্টা ফুল বা এলামেন্দা, মে’ ফ্লাৱাৰ, জবাফুল ইত্যাদি ফুলৰ যতনৰ বিষয়েহে আলোচনা কৰিব বিচাৰিছোঁ।

খৰিকাজাঁই, ব্লিডিং হাৰ্ট আদি ফুল গছত বৰ্তমান ফুল ফুলি আছে আৰু ই আহাৰ- শাওণ মাহলৈকে ফুলি থাকিব। লতা জাতীয় গছ হোৱা বাবে মাজত খুটি পুতি কাষৰ হাউলি যোৱা ডালবোৰ চপাই আনি বান্ধি দিব লাগে, যাতে গছজোপা জোপোহা হৈ থাকে। ব্লিডিং হাৰ্টৰ গছত দীঘল বাঁহৰ খুঁটা পুতি তাত পুৰণা আলুৰ মৰাপাটৰ বস্তা মেৰিয়াই দিলে ভালবোৰ আউ দিবলৈ সুবিধা পাম। মোচোন্দা ফুলত ফুল নুফুলা ডালবোৰ (যিবিলাক ওখ হৈ যায়) আৰু মাজৰ সৰু  সৰু কোমল ভালবোৰ কাটি দিব লাগে। ফুল ফুলি কোনোবা ফালে ভৰ লাগি হাউলি গ’লে বাঁহৰ ভেজা দি পোনকৈ ৰাখিব লাগে। গছৰ তলৰ পৰা ওলোৱা ডালবোৰ কাটি দিব লাগে।

পাতাবাহাৰ আদি ফুল গছৰ মাজৰ সৰু সৰু ডালবোৰ কাটি দিব লাগে। ওপৰমুৱাকৈ পোনে পোনে বাঢ়ি অহা ডালবোৰ এটা সমান উচ্চতাত ৰাখি কাটি দিব লাগে। আচলাক ফুলৰ গছত যদি কলি ওলাইছে তেন্তে ফুলবোৰ সম্পূৰ্ণকৈ ফুলাৰ পাছত অলাগতিয়াল ডালবোৰ কাটি দিব লাগে। অৱশ্যে পাতাবাহাৰ, জবা ফুল আদিৰ গছৰ এটা সুন্দৰ আকাৰ আনিবৰ বাবে সৰু অৱস্থাৰ পৰাই মাটিৰ পৰা ৩০-৬০ চেণ্টিমিটাৰ ওখত কাটি পাছত ২-৩ টা বিভিন্ন দিশত ওলাই অহা স্বাস্থ্যৱান ডাল ৰাখি বাৰীৱবোৰ কাটি দিব লাগে। তেতিয়াহে গছজোপা ডাঙৰ হৈ অহাৰ লগে লগে ৪-৫ বছৰৰ পাছত এটা সুন্দৰ আকাৰৰ হ’ব।

হাচনাহানা ফুলৰ ফুল ফুলাৰ পাছত এবাৰ ডালবোৰ কলম দিব লাগে। তেতিয়াহে নতুন পোখা ওলাই শৰৎ কালত বেছিকৈ ফুল ফুলিব। শেৱালি ফুলৰ গছত বৰ্তমান ওপৰলৈ পোনকৈ বাঢ়ি অহা ডালবোৰ কাটি বা কলম দিব লাগে।

হালধীয়া সৰু-ডাঙৰ ফুল ফুলা (দুই-বিধ জাত আছে) চিলিম ফুল বা এলামেন্দা ফুলৰ তলত বাঢ়ি অহা ডালবোৰ কাটি দিব লাগে। সাধাৰণতে গছৰ বয়স আৰু আকাৰ চাই ৪-৬ ডালমান স্বাস্থ্যৱান ডাল ৰাখি বাকীবোৰ কাটি দিব লাগে। একোটা ডালৰ মূৰত ফুলবোৰ ২০-২৫ দিন ফুলি থাকে। পাছত ডালৰ ওপৰত কলম দিব লাগে যাতে নতুন পোখা ওলায় আৰু ফুল ফুলে , এলামেন্দা গছত বাৰিষা ডালৰ সংখ্যা বহুত বেছি হয়। গতিকে গছৰ বয়স আৰু আকাৰ চাই ডাল ৰাখিব লাগে। একালিফা হিচপিদা নামৰ জোপোহা ফুল গছত একোখিলা পাততে হালধীয়া, সেউজীয়া, বগা বা ৰঙা, বগা, চকলেট ৰঙৰ পাত হয় অৰু গছজোপা বেছ দেখনিয়াৰ হয়। এই গছবোৰৰ ওপৰলৈ বাঢ়ি অহা ডালবোৰ ৩-৪ ফুট উচ্চতাত কাটি দিলে নতুন ডাল ওলাই দেখিবলৈ বেছ ভাল লাগে। সকলো গছৰে তল আৰু বাৰীৰ ঘাঁহ-বনবোৰ ১-২ মাহৰ ব্যৱধানত চিকুণাব লাগে।

লেখক: ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস: দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate