সমগ্ৰ বিশ্বৰ কৃষকসকলৰ মাজত থকা বীজ সংৰক্ষণ প্ৰথা এক শতাব্দীজোৰা প্ৰক্ৰিয়া। কৃষকসকলে শস্যৰ বিভিন্ন জাতৰ মাজত নিহিত থকা বিভিন্ন গুণৰাজিৰ বিষয়ে নিজস্ব অভিজ্ঞতাৰ পৰা জ্ঞান আহৰণ কৰে আৰু নিজৰ প্ৰয়োজনমতে বীজ নিৰ্বাচন কৰে। নিজস্ব সুবিধাৰ বাবে কৃষকসকলে নিজৰ মাজতে বীজ বিনিময়ো কৰে। কৃষকৰ মাজৰ এই বীজ বিনিময় প্ৰথাও এক পুৰণি প্ৰথা।
কৃষক সমাজৰ মাজত প্ৰচলিত পৰম্পৰাগত বীজসমূহৰ কিছুমানৰ সাংস্কৃতিক দিশৰ পৰা গুৰুত্ব থকাৰ লগতে কিছুমান ঔষধি গুন সম্পন্ন, কিছুমান সাংস্কৃতিক দিশৰ পৰা গুৰুত্ব থকাৰ লগতে কিছুমান ঔষধি গুণ সম্পন্ন, কিছুমান পোক-পতংগৰ লগত যুঁজিব পৰা ক্ষমতা সম্পন্ন, আন কিছুমানে আকৌ প্ৰতিকুল বতৰতো জীয়াই থাকি উৎপাদন দিব পাৰে। এনে জীনগত পাৰ্থক্য থকা বীজসমূহে কোনো এখন ঠাই কৃষি জৈৱ বৈচিত্ৰলৈ প্ৰভুত বৰঙণি আগবঢ়ায়।
ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত অসমৰ ৮০ শতাংশ মানুহৰেই জীৱন জীৱিকাৰ মূল হ’ল কৃষি। বিভিন্ন জাতীয় তথা জনগোষ্ঠীয় উপাদানেৰে পুষ্ট অসমৰ সাংস্কৃতিক জগতখনতো কৃষি সংপৃক্ত হৈ আছে। ভৌগলিক বিভিন্নতা থকাৰ বাবে আমাৰ দেশ জৈৱ বৈচিত্ৰতো চহকী। এই জৈৱবৈচিত্ৰৰে অন্য এক দিশ হ’ল ‘কৃষি জৈৱবৈচিত্ৰ’ । আমাৰ বীজসমূহক ইয়াৰ মুখ্য উপাদান বুলিব পাৰি। কিন্তু সাম্প্ৰতিক সময়ত আমাৰ এই বীজ সম্পদ সংকটৰ গৰাহত। পৰিৱৰ্তনৰ সোঁতে বোৱাই অনা অধিক উৎপাদনক্ষম জাত আৰু হাইব্ৰীড বীজৰ প্ৰচলনৰ ফলত আমাৰ থলুৱা বীজসমূহ ক্ৰমান্বয়ে কৃষকৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। আমাৰ প্ৰধান খাদ্যশস্য ধানৰ বিভিন্ন প্ৰজাতি যেনে-সোনকচি, গেজেপশালি, সুৱাগমানি, কনামুচৰি, নেকেৰা, মাইগুটীয়া আদি জাতবোৰ কৃষকৰ পথাৰৰ পৰা বিলুপ্তপ্ৰায়। আন বিলাক শাক-পাচলিৰ প্ৰজাতিৰ অৱস্থাও তদ্ৰুপ।
আজিৰ দিনত সঘনে চৰ্চিত হোৱা এটা বিষয় হ’ল ‘বহনক্ষম কৃষি’ পদ্ধতি। এই ‘বহনক্ষম কৃষি’ পদ্ধতি তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আমাৰ কৃষক সমাজ বীজৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব। প্ৰাকৃতিক কৃষি পদ্ধতিত থলুৱা বীজেহে ভাল ফল দেখুৱাব পাৰে। ভৱিষ্যতে জলবায়ু পৰিৱৰ্তনৰ লগত তাল মিলাই কৃষি ক্ষেত্ৰৰ উৎপাদন বৰ্ত্তাই ৰাখিবৰ বাবেও থলুৱা বীজসমূহৰ গুৰুত্ব অপৰিসীম। এনে এক সন্ধিক্ষণত আমি সকলোৱেই সজাগ-সচেতন হৈ অসমৰ কৃষি জৈৱবৈচিত্ৰ ৰক্ষাৰ স্বাৰ্থত, অসমৰ কৃষকৰ স্বাৰ্থত আমাৰ বীজ সম্পদ সংৰক্ষণত সচেষ্ট হওঁ আহক। নহ’লে হয়তো ভৱিষ্যতে আমাৰ অমনোযোগিতাৰ বাবে উত্তৰ পুৰুষেই আমাক দুষিব।
লিখক: মহান চন্দ্ৰ বৰা।
শেহতীয়া উন্নীতকৰণ: : 6/16/2020