অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্ষাকালীন মাহজাতীয় আৰু তৈল শস্যৰ জৈৱিক খেতি

বৰ্ষাকালীন মাহজাতীয় আৰু তৈল শস্যৰ জৈৱিক খেতি

মাহজাতীয় শস্য আগষ্ট মাহৰ মাজভাগৰ পৰা ছেপ্টেম্বৰ মাহৰ মাজভাগৰ ভিতৰত সিঁচিব লাগে। তিল অৱশ্যে পহিলা জুলাইৰ পৰা আগষ্টৰ ১৫ তাৰিখলৈ সিঁচিব পাৰি। আগতীয়া বা চেহতীয়াকৈ সিঁচিলে পোক-পৰুৱা আৰু বেমাৰৰ আক্ৰমণ অধিক হোৱাৰ সম্ভাৱনা থাকে। যিহেতু অপতৃণ নিয়ন্ত্ৰণৰ কাৰণে একো জৈৱিক দৰব এতিয়ালৈ উপলব্ধ হোৱা নাই। মানুহৰ দ্বাৰা অৰ্থাৎ manually বা যান্ত্ৰিকভাৱে(Mechanically) শস্যডৰা নিৰাব লাগে। সৰু সৰু যন্ত্ৰ-পাতি যেনে ড্ৰাইলেণ্ড উইডাৰ, হুইল হো আদি ব্যৱহাৰ কৰি বন বাত সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

সাধাৰণতে বীজ সিঁচাৰ ২৫-৩০ দিনৰ ভিতৰত নিৰণি কৰিব লাগে। ইয়াকে ব্যৱহাৰিকভাৱে ফলপ্ৰসূ কৰিবলৈ হ’লে বীজ শাৰীবদ্ধ প্ৰণালীত সিঁচা অতি আৱশ্যক। এনেদৰে নিৰাই দিলে অপতৃণ নিয়ন্ত্ৰণ হোৱাৰ উপৰি মাটি ফহফহীয়া হয়, মাটিত বায়ুৰ চলাচল বাঢ়ে, শিপাৰ উশাহ-নিশাহ লোৱাত সুবিধা হয় আৰু মাটিত থকা জীৱ-অণুজীৱবোৰৰ সংখ্যা বাঢ়ে আৰু শ্ৰীবৃদ্ধিও ভাল হয়। আমাৰ দৰে বেছি বৰষুণ হোৱা ঠাইত খাৰিফ শস্যবোৰ ওখ ধাপত সিঁচিব পাৰিলে ভাল। ইয়াৰ বাবে Raised Bed Planter নামৰ এবিধ ট্ৰেক্টৰ চালিত সঁজুলি আছে।

ই প্ৰায় ৫৩ চেঃমিঃ বহল ঢিপ বনাই আৰু তাৰ ওপৰত শস্য দুশাৰী জোৰে। এই ঢিপৰ উচ্চতা প্ৰায় ১৭ চেঃমিঃ। এনেধৰণে শিপাৰ কাষত মাটিত পানী জমা হ’ব নিদিয়াকৈ ৰাখিব পাৰিলে মাটিত থকা বীজাণুৰ দ্বাৰা হোৱা ৰোগ যথেষ্ট কমি যায়, শিপাৰ শ্বাস-প্ৰশ্বাস বন্ধ হয়। গছবোৰ মৰি নাযায় আৰু মাহজাতীয় শস্যৰ নাইট্ৰ’জেন সংস্থাপন কৰা ক্ষমতা বাঢ়ে।

দুয়োবিধ শস্যতে গোবৰ-জাৱৰ বা পচনসাৰ প্ৰতি বিঘাত ৫-৬ কুইন্টল, অন্যথা কেঁচুসাৰ ২-৩ কুইন্টল প্ৰয়োগ কৰিব লাগে। লগতে ৰক ফছফেট ৪ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি জীৱাণুসাৰ যেনে ৰাইজ’বিয়াম মাহজাতীয় শস্যৰ বাবে আৰু এযট’বেক্টাৰ তৈল শস্যৰ বীজৰ লগত প্ৰয়োগ কৰিব লাগে।

এই দুবিধ জীৱাণু সাৰ নাইট্ৰ’জেনৰ কাৰণে ব্যৱহাৰ কৰা হয়। ফছফৰাছৰ বাবে ব্যৱহাৰ কৰা হয়। ফছফেট দ্ৰৱণকাৰী ভেঁকুৰ বা বেক্টেৰীয়া(PSF/PSB)। অসমৰ মাটি যিহেতু আম্লিক, বেছিভাগ ফছফেট মাটিত শস্যই ল’ব নোৱৰা অৱস্থাত থাকে। সেয়েহে PST বা PSBৰ ব্যৱহাৰ অতি প্ৰয়োজন। প্ৰতি কেজি বীজৰ কাৰণে এই জীৱাণুসাৰৰ প্ৰত্যেকৰে ৫০ গ্ৰামকৈ প্ৰয়োজন হয়। প্ৰথমে বীজখিনি পানী ছটিয়াই সেমেকা কৰি ল’ব লাগে। তাৰ পাছত জীৱাণুসাৰখিনি বীজৰ লগত ভালদৰে সানি ছাঁত শুকাব লাগে। সিঁচাৰ সময়ত যত্ন ল’ব লাগে বেছি সময় ৰ’দ পৰি নাথাকে। সাধাৰণতে মগুমাহ আৰু মাটিমায়হ প্ৰতি হেক্টৰত ৩৮-৩৫ কেজি নাইট্ৰ’জেন সংস্থাপন কৰে।

মাহজাতীয় শস্যৰ প্ৰধান অনিষ্টকাৰী পোক হ’ল ছেঁই বিন্ধোৱা পোক বা Legume Pod Borer। ইয়াক আক্ৰমণ ৰোধ কৰা জৈৱিক উপায়সমূহ হ’ল-

ক)গ্ৰীষ্মকালত মাটি দ’কৈ চাহ কৰিব লাগে।

খ)শস্যডৰাৰ চাৰিওকাষত তিল সিঁচিব লাগে।

গ)শস্যৰ উচ্চতাতকৈ এক ফুট অধিক ওখ ইংৰাজী “T” আখৰটোৰ দৰে খুঁটি প্ৰতিবিঘাত ৫-৬ ডালকৈ পুতি দিব লাগে। ইয়াত চৰাই বহি পোক-পৰুৱাবোৰ খায়।

ঘ)ছেঁই ধৰাৰ সময়ত অণুজীৱ ঔষধ Brauveria bassiana এক বিঘাত ১৩০-১৪০ গ্ৰামকৈ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

ঙ)নিমৰ পৰা প্ৰস্তুত কৰা ঔষধ যেনে- NSKE এক লিটাৰ পানীত ৫০ মিঃলিঃকৈ মিহলাই স্প্ৰে’ কৰিব লাগে।

মোৱা পোকে শস্যৰ গছৰ নানা অংশৰ ৰস শুহি খায় আৰু বগা মাখিয়ে ভাইৰাছ(YMV) বিয়পায়। ইহঁতক নিয়ন্ত্ৰণৰ বাবে সময়মতে-

  • বন-বাত নিৰাব লাগে,
  • হালধীয়া আঠাযুক্ত ট্ৰেপ পথাৰত লগাব লাগে আৰু ৫ শতাংশ NSKE স্প্ৰে’ কৰিব লাগে।

মাহজাতীয় শস্যৰ বীজ সংৰক্ষণৰ সময়ত হোৱা পোক, ব্ৰুকিডৰ(Bruchid) নিয়ন্ত্ৰণৰ ব্যৱস্থা হ’ল এনে ধৰণৰ- প্ৰথমে বীজখিনি ভালদৰে ৰ’দত শুকাই লৈ প্ৰতিকেজি বীজত তিনি গ্ৰামকৈ শুকান জালুকৰ গুড়ি মিহলাব লাগে। এই বীজখিনি প্লাষ্টিকৰ বেগত ভৰাই ভালকৈ বান্ধিব লাগে। এই বেগটো আকৌ বস্তাত ভৰাই বায়ু চলাচল হ’ব নোৱাৰাকৈ বান্ধি সংৰক্ষণ কৰিব লাগে।

উৎস: নিয়মীয়া বাৰ্তা(ড° ৰঞ্জনা চক্ৰৱৰ্তী, ড° হেমেন কলিতা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate