অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মন কৰিলে বাকৰি মাটিতো ধন ঘটিব পাৰি

সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰা আগৰ গছৰ বিষয়ে কিছুকথা

আগৰ এবিধ মূল্যবান গছ। ঠাই বিশেষে এই গছৰ নাম অগৰু বুলিও জনাজাত। সাধাৰণতে এনে গছ উজনি অসমৰ হাবিত হোৱা দেখা যায়। আগৰ গছৰ গুটিৰ পৰা পুলি ৰোপণ কৰি বাগিছা আকাৰে ব্যৱসায়িক ভিত্তিত ৰোপন কৰিলে অধিক লাভৱান হব পাৰি। এই গছ সৰ্বাধিক ৩০ ফুটমানলৈকে বৃদ্ধি হোৱা দেখা যায়। আগৰ গছৰ কাঠৰ পৰা অতি মূল্যবান সুগন্ধি তেল প্ৰস্তুত কৰা হয়। বহিঃৰাষ্ট্ৰৰ চৌদি আৰৱকে আদি কৰি বিভিন্ন দেশত এই সুগন্ধি তেলৰ সমাদৰ অধিক। সেয়ে আগৰ গছৰ মূল্য আজিৰ দিনত সৰ্বাধিক আৰু ব্যৱসায়িক ভাবে লাভৱান হ’ব পাৰি।

গুটি সংগ্ৰহ

সাধাৰণতে গ্ৰীষ্ম কালত আগৰ গছৰ ফুল ফুলি, ফল ধৰে। পৈণত ফলৰ পৰা গুটিবোৰ সংগ্ৰহ কৰি ভেটি আকাৰৰ মাটিত অলপ ঢাক খোৱাকৈ ৰুব লাগে। সংৰক্ষণ কৰা গুটিবোৰ মাটিৰ ওপৰত বা মুকলিকৈ ১৫ দিনৰ বেছি সময় ৰাখিব নালাগে, কিয়নো এই গছৰ গুটিবোৰৰ অঙ্কুৰণ ক্ষমতা বেছি দিনলৈ সজীব হৈ নাথাকে। ভেটি আকাৰৰ মাটিত ৰোৱাৰ পিছত প্ৰখৰ ৰ’দ, বৰষুণৰ পৰা নিৰাপদে ৰাখিবলৈ ওপৰত চালি দি ছাঁৰ ব্যৱস্থা কৰিব লাগে। লগতে নিয়মিতভাবে পানী যোগান ধৰিব লাগে, যাতে গুটিবোৰ জীপাল হৈ থাকে। এনেকৈ গুটিবোৰ ৰোৱাৰ ১৫-২০ দিনৰ পিছত গজালি আহিবলৈ ধৰিব আৰু এই পুলিবোৰৰ বৃদ্ধি অত্যাধিক ধীৰগতিৰে হয় বাবে প্ৰায় ২,৩ মাহৰ পিছত যেতিয়া ওখই ১০-১৫ ছে.মি.মান হ’ব তেতিয়া পুলিবোৰ মাটিৰে সৈতে উভালি আনি পলিথিনৰ বেগত মাটি ভৰাই নাৰ্ছাৰী আকাৰে সংৰক্ষণ কৰি, পিছত বিক্ৰীৰ বাবে বজাৰলৈ মোকলাই দিলেও অধিক লাভৱান হ’ব পাৰি।

যদি কোনোৱে নিজাকৈ আগৰ গছ ৰুবলৈ বিচাৰে, তেনেহ’লে পুলিবোৰ মাটিৰে সৈতে উভালি আনি মুকলি ওখ চাপৰিসদৃশ মাটিত ২ মিটাৰ মানৰ ব্যৱধানত গাঁত খান্দি ৰুব লাগে। প্ৰথমে দুবছৰমানলৈ পুলিবোৰে সূৰ্য্যৰ প্ৰখৰ ৰ’দ সহ্য কৰিব নোৱাৰে, সেয়ে প্ৰতিটো পুলিৰ ওপৰত ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে। পিছলৈ কিন্তু কোনো ধৰণৰ ছাঁ প্ৰয়োজন নহয়গৈ, বৰঞ্চ সূৰ্য্যৰ ৰশ্মিৰহে অধিক প্ৰয়োজন হয়। এটা কথা লক্ষ্য ৰাখিব লাগে যাতে মুকলি ঠাইত ৰোৱা পুলিবোৰৰ গুৰিত যাতে কেতিয়াও বৰষুণৰ পানী জমা হৈ নাথাকে আৰু পুলিবোৰৰ গুৰিৰ পৰা ঘাঁহ-বনবোৰ নিয়মীয়াকৈ চিকুণাই ৰাখিব লাগে। অন্যথা পুলিবোৰ স্বাস্থ্যবান নহৈ ৰুগীয়া হোৱাৰ সম্ভাৱনা থাকে।

আন যিকোনো উদ্ভিদৰ তুলনাত যিহেতু আগৰ গছৰ বৃদ্ধি লেহেমীয়া, সেয়ে এজোপা পূৰ্ণাঙ্গ আগৰ গছ হ’বলৈ অতি কমেও ১৫-২০ বছৰমান সময়ৰ প্ৰয়োজন হয়। আগৰৰ পুলিবোৰ স্বাস্থ্যবান আৰু পূৰ্ণাঙ্গ গছ হৈ উঠিলে, মাটিৰ পৰা ঢুকি পোৱাকৈ প্ৰতিজোপা গছৰ গাত, অৰ্থাৎ ছালত লোৰ জোঙা গেজেঙেৰে কিছু আঁতৰে আঁতৰে খুচি খুচি ফুটা কৰি দিব লাগে নাইবা ঘৰুৱা দা-ৰে গছজোপাৰ ছালত কিছু আঁতৰে আঁতৰে ২ ইঞ্চিমান দ-হোৱাকৈ ঘপিয়াই দিব লাগে। এনে কৰিলে গছজোপাৰ পৰা এবিধ আঠাজাতীয় বস্তু নিঃসৰিত হ’ব আৰু কেইদিনমানৰ ভিতৰতে তাত পোকে ধৰিব। এনেকৈ লাগি ধৰা পোকবোৰে গছৰ পৰা ওলোৱা আঠাবোৰ গোটেই গা-গছত মিহলাই পেলায়। আৰু আঠাবোৰ খমলা বান্ধিলে সেইবোৰ সুগন্ধি প্ৰস্তুত কৰাৰ বাবে সংগ্ৰহ কৰা হয়।

তদুপৰি পৈণত গছ একোজোপাৰ গাটো যেতিয়া ১-২ ফুট ব্যাসাৰ্দ্ধৰ হয়গৈ তেতিয়া গছৰ মাজভাগত টান ক’লা বৰণৰ কাঠৰ সৃষ্টি হয়। গা-গছজোপা কাটি টুকুৰা কৰি, তাৰ মাজৰ সেই ক’লা অংশ ছাচ বা কুঠাৰেৰে সুক্ষ্মভাবে ছাচি ছাচি মূল্যবান অংশ সংগ্ৰহ কৰা হয়। এই অংশও ব্যৱসায়িক ভিত্তিত সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।
বহিঃৰাষ্ট্ৰলৈ এনেকৈ ছাচি সংগ্ৰহ কৰা কাঠৰ টুকুৰাবোৰ ৰপ্তানি কৰিব পাৰি। উজনি অসমৰ যোৰহাট, শিৱসাগৰকে আদি কৰি বৰ্তমানে নগাঁও জিলাৰো হোজাই, নীলবাগান অঞ্চলত এনে মূল্যবান আগৰ গছৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে, য’ৰ পৰা থলুৱা আগৰ খেতিয়ক অধিক লাভান্বিত হ’ব পাৰিছে।

mon1

 

mon2

 

mon3

 

mon4

 

চেগুণ গছৰ ৰোপণ পদ্ধতি

চেগুণ ওখই প্ৰায় ২০ ৰ পৰা ৩০/৪০ ফুট পৰ্য্যন্ত হোৱা দেখা যায়। শীতৰ দিনত এই গছৰ বুঢ়া পাতবোৰ সৰি ডালবোৰ উদং হৈ পৰে আৰু বসন্তৰ আগমনৰ লগে লগে পুনৰ কুঁহিপাত মেলা দেখা যায়। এনে গছ সাধাৰণতে বালিয়া মাটি আৰু পলসুৱা আলতীয়া মাটিত স্বাস্থ্যবান হয়। ওখ পাহাৰীয়া এঢলীয়া অঞ্চলত এই গছ ৰোপণ কৰিব পাৰিলে সুফল পোৱা যায়।

নতুন পুলিৰ বাবে গুটি সংগ্ৰহ

চেগুণ গছৰ গুটি সাধাৰণতে নবেম্বৰ-ডিচেম্বৰ মাহত পূৰঠ হয়। নিৰোগী গছৰ পৰা সংগ্ৰহ কৰা গুটিবোৰ মাটিত এটা ডাঙৰ গাঁত কৰি, গুটিবোৰৰ তলত আৰু ওপৰত শুকান গোৱৰ মিহলি জাৱৰ ভালকৈ দি গাঁতটোৰ মুখখন ভালকৈ বন্ধ কৰিব লাগে। নিয়মিত ভাবে পানী গুটিবোৰত দিবলৈ এটি ছিদ্ৰ ৰাখিব লাগে যাতে গুটিবোৰ জীপাল হৈ থাকে। এইদৰে ১৫, ১৬ দিন মান ৰাখি গুটিবোৰ গাঁতৰ পৰা উলিয়াই আনি মুকলি মাটিত সিঁচিব পাৰি।

নাইবা নিৰোগী চেগুণ গছৰ পৰা সংগ্ৰহ কৰা গুটিৰ মাজৰ ভালৰো ভাল গুটি বাচি বাচি মৰাপাটৰ বস্তাত ভৰাই গুটি ৩ দিনমান পানীত তিয়াই ৰাখিব লাগে। এনেকৈ চাৰিদিনৰ দিনা গুটিবোৰ মুকলি ঠাইত দুদিনমান ৰ’দত শুকুৱাই পুনৰ একেধৰণে বস্তাত ভৰাই আকৌ এদিনৰ বাবে পানীত তিয়াই ৰাখিব লাগে। এনেকৈ ৩, ৪ বাৰমান কৰিব লাগে। এনে পদ্ধতিৰেহে গুটিবোৰ ৰোপণ কৰিবৰ বাবে সাজু কৰিব লাগে, অন্যথা গুটিবোৰ বহুদিনলৈ নগজাকৈ থাকিব বা সুপ্ত অৱস্থাত থাকিব পাৰে। এনেদৰে সাজু কৰা চেগুণৰ গুটিবোৰ লগে লগেই ৰুব নালাগে। গুটিবোৰ পুৰণি হ’বলৈ এবছৰমান মুকলিকৈ বতাহ পোৱাকৈ ৰাখিব লাগে। গুটিবোৰ পুৰণি হলে মুকলি মাটি এডৰাত বা ওখ এঢলীয়া ঠাইত সিঁচিব লাগে।

শিপাৰ পৰা পুলি উৎপাদন

এই পদ্ধতিত পূৰঠ নিৰোগী পৈণত চেগুণ গছৰ পৰা শিপাৰ কিছু অংশ আনুমানিক ৮-১০ ইঞ্চিমান জোখত কাটিব লাগে। এতিয়া টুকুৰা শিপাৰ টুকুৰাবোৰ পলসুৱা চহোৱা ওখ ঠাইত প্ৰায় ৩-৪ ইঞ্চিমান পোঁত যোৱাকৈ মাটিত খুচি খুচি ৰুব লাগে। পাৰিলে মাটিত ৰোৱা শিপাবোৰৰ কাষে কাষে শুকান গোৱৰ চটিয়াই দিব লাগে। এনেকৈ ৰোৱা শিপাৰ টুকুৰাবোৰৰ ওপৰত কমেও ২০-২৫ দিন মান নিয়মিত ভাবে পুৱা গধূলি পানী যোগান ধৰিব লাগে। এই সময়খিনত শিপাৰ টুকুৰাবোৰ লৰিবলৈ দিব নালাগে বা ঠাই সলাব নালাগে। এনেকৈ প্ৰায় এমাহমানৰ পিছত দেখা যাব যে সেইবোৰৰ মূৰত কোঁহপাত মেলিছে। কোঁহপাতবোৰ অলপ ডাঙৰ হ’বলৈ দিব লাগে, যাতে পাত ডাঙৰ হোৱাৰ লগে লগে নতুন শিপায়েও কিছু পৰিমাণে মাটিত চানি ধৰে। তাৰ পিছত এটা এটাকৈ পাত, শিপা অহা ডালবোৰ ৩ মিটাৰ মানৰ দূৰে দূৰে ৰোপণ কৰিব পাৰি। নাইবা ব্যৱসায়িক ভিত্তিত পলিথিনৰ বেগত মাটিৰে সৈতে ভৰাই বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই উপযুক্ত মূল্য আহৰণ কৰিব পাৰি।

এইদৰে ৰোপণ কৰা পুলিবোৰৰ গুৰিত ভালকৈ মাটি চপাই দিব লাগে আৰু নিয়মিতভাবে পানীৰ যোগান ধৰিব পাৰিলে ভাল। চেগুণ গছ খুব ধীৰগতিৰে বৃদ্ধি হয়, সেয়ে পুলিবোৰ প্ৰায় ১ বছৰ মানৰ ভিতৰত ১-২ মিটাৰমান হোৱাৰ পিছত পুলিবোৰৰ তলৰ ফালৰ পাতবোৰ এটা দুটাকৈ চিঙি দিব লাগে যাতে পুলিবোৰে সোনকালে নতুন কোঁহপাত মেলিব পাৰে। এনে কৰিলে পুলিবোৰৰ বৃদ্ধিও খৰতকীয়া হোৱা দেখা যায়।

চেগুণ কাঠৰ প্ৰয়োগ

মূল্যবান আৰু টান কাঠ হিচাবে চেগুন কাঠ ঘৰুৱা আঁচবাব যেনে চোফা, টেবুল, শোভাবৰ্দ্ধক, জাহাজৰ কেবিন, বন্দুকৰ নাল আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। চেগুণ কাঠে বজাৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়িক ভিত্তিত চেগুণ কাঠৰ ব্যৱসায় জীৱিকা হিচাবে গ্ৰহণ কৰিব পাৰি বা লাভৱান হ’ব পাৰি।

বিঃদ্ৰঃ- একোটা জীৱন বীমাতকৈ, বাৰীৰ ঢাপত ৫০ টা চেগুণৰ পুলি ২০ বছৰৰ ম্যাদ লক্ষ্য কৰি ৰোপণ কৰিলে লাভৱান হব নোৱাৰিনে..??

mon5

 

mon6

 

mon7

 

mon8

 

ব্যৱসায়িকভাবে ডালিয়া ফুলৰ উৎপাদন

ডালিয়া এবিধ শীতকালীন ফুল। এইবিধ ফুল বিভিন্ন ৰঙৰ হয়। বগা, ৰঙা, গুলপীয়া, হালধীয়া আদি ইয়াৰ বিভিন্ন ৰঙ আৰু আকাৰে মানুহৰ মন আকৰ্ষণ বেছিকৈ বৃদ্ধি কৰে। ইয়াৰ গা-গছডাল কোমল আৰু ঠুনুকা হয়।

জলবায়ু

অসমৰ জলবায়ুত ব্যৱসায়িক ভিত্তিত এই ফুলৰ খেতি বাবে অতি সুন্দৰ। এই ফুলৰ সঠিক বৃদ্ধি আৰু ফুল উৎপাদনৰ বাবে মজলীয়া জলবায়ুৰ প্ৰয়োজন হয়। সাধাৰণতে অক্টোৱৰ-নৱেম্বৰ মাহৰ পৰা এই ফুল ৰুবৰ বাবে অতি উপযোগী সময়।

ডালিয়া ফুলৰ বাবে প্ৰস্তুতি

ডালিয়া ফুলৰ বাবে থলুৱা ভাবে গুটি পচাই পুলি গজালে বৰ ফলপ্ৰসু নহয়। ইয়াৰ বাবে আমদানিকৃত সৰু বটলৰ সাঁফৰৰ দৰে মাটিৰ পাত্ৰত এধানিমান মাটিৰে সৈতে ৫ ইঞ্চিমান দৈৰ্ঘ্যৰ পুলি ক্ৰয় কৰিব লাগে। পুলিবোৰ সাধাৰণতে বহিঃৰাজ্যৰ পৰা স্থানীয় নাৰ্ছাৰীবোৰে পাইকাৰী হাৰত ক্ৰয় কৰি আনি সেইবোৰ খুচুৰাকৈ বিক্ৰি কৰে। একোটা পুলিৰ মূল্য প্ৰায় ১.৫০ টকাৰ পৰা ২.০০ টকালৈকে পোৱা যায়। এনে পুলি গুৱাহাটীৰ আশে-পাশে থকা নাৰ্ছাৰীবোৰত সুলভ মূল্যত পোৱা যায়।

এই ফুল ৰুবৰ বাবে আৰু এটা সুবিধা আছে যে এবাৰ এনে পুলিবোৰ নাৰ্ছাৰীৰ পৰা পাইকাৰী হাৰত কিনি আনি পুলিবোৰ অলপ ডাঙৰ হলেই ইয়াৰ স্বাস্থ্যবান নিৰোগী ডাল পাতৰ সৈতে কাটি আন ঠাইত ৰুলে বেছি লাভৱান হব পাৰি। তাৰোপৰি কিছুমান পুলি ওখ ৰ’দঘাই ঠাইত ৰুলে এটা সময়ত গছ বুঢ়া হৈ মৰি যাব আৰু তেতিয়া গছডাল উভালি নেপেলাই ৰাখি থৱ লাগে। কাৰণ পুৰঠ গছৰ গুড়িত আলুৰ সৃষ্টি হয় আৰু সেই আলু মাটিৰ তলতে বহুদিনলৈ থাকি যায়। পৰবৰ্ত্তী অনুকুল বতৰৰ সময়ত সেই আলুৰ পৰা গজালি আহিব আৰু তাৰ পৰা পুৰঠ নিৰোগী ডাল কাটি পুনৰ নতুন ডালিয়া পুলিৰ সৃষ্টি কৰিব পৰা যায়।

ডালিয়া ফুলৰ পুলি ৰোৱা পদ্ধতি

প্ৰথম অৱস্থাত চহোৱা মাটি আনি সেইবোৰৰ চপৰাবোৰ ভালকৈ গুডি় কৰি চালনীৰে চালি ল’ব লাগিব, তাৰ পিছত সেই মাটিৰ লগত হয় শুকান গোৱৰ নহ’লে বইলাৰৰ বিস্থা চালনীৰে চালি মিহলাই ল’ব লাগে। এতিয়া ওপৰত কৈ অহাৰ দৰে পুলিবোৰ ক্ৰয় কৰি আনি সেইবোৰৰ গুড়িত লাগি থকা মাটিৰ সৰু পাত্ৰটো পৃথক কৰিব লাগে। বজাৰৰ পৰা আধাকেজি বস্তু ভৰাব পৰা প্লেষ্টিকৰ থোনা কেজি হিচাপত কিনি আনি সেইবোৰত মাটিৰ মিশ্ৰনটো ভৰ্ত্তি কৰি ভৰাই সাজু কৰিব লাগে। পুলিবোৰ ক্ৰয় কৰাৰ আগতেই থোনা আৰু মাটি প্ৰস্তুত কৰাটো প্ৰয়োজনীয়, কাৰণ পুলিবোৰ বেছি দিন তেনেকৈ নুৰুৱাকৈ ৰাখিলে লেৰেলি মৰি যাব পাৰে। এতিয়া পুলিবোৰ এটা এটাকৈ প্ৰতিটো ঠোঙাত ৰুই শাৰী শাৰীকৈ থৈ গৈ সম্পূৰ্ণ ৰুই হ’লেই পুলিবোৰত সামান্য পানীৰ যোগান ধৰিব লাগে। এই সময়ত পুলিবোৰত পাৰিলে ছাঁৰ ব্যৱস্থা কৰিলে ভাল। এনেকৈ এসপ্তাহমান নিয়মিত পুৱা আৰু গধূলি পানী দিয়াৰ পিছত পুলিবোৰ ঠন ধৰি উঠিব। পানী দিয়াৰ বাবে পুলি ৰোৱা ঠোঙাবোৰৰ মাটি কামোৰ খাই পৰে আৰু সেয়ে প্ৰায় ১,২ সপ্তাহমানৰ পিছত ঠোঙাবোৰৰ গা-টোত ধৰি দুই হাতেৰে অলপ মোহাৰি দিব লাগে যাতে ভিতৰৰ মাটিৰ খমলাবোৰ ভাঙি যায় আৰু পুলিবোৰৰ শিপা সহজে বৃদ্ধি হ’ব পাৰে। এনেকৈ ৩০ ৰ পৰা ৪৫ দিনৰ ভিতৰত পুলিবোৰ প্ৰায় একফুট মান দীঘল হ’বগৈ আৰু তেতিয়াই সেইবোৰৰ পুৰঠ নিৰোগী ডাল কাটি আন মাটি ভৰ্ত্তি ঠোঙাত একেই পদ্ধতিৰে ৰুলেই নতুন পুলি সৃষ্টি হ’ব।

একে ধৰণেৰে এই ফুলৰ পুলি ঘৰুৱাভাবে মাটিতো ৰুব পাৰিব। কিন্তু মাটিত ৰোৱাৰ আগতে বহলকৈ গাত খান্দি গাতৰ মাটিখিনি ভালকৈ গুড়ি কৰি ৰুব লাগে আৰু গুড়িত শুকান গোৱৰৰ গুড়ি মিহলাই দিব লাগে। মাজে সময়ে গুড়িৰ মাটি খমলা বান্ধিলে খন্তি জাতীয় আহিলাৰে মাটিবোৰ অলপ চিকুনাই দিব লাগে।

ডালিয়া ফুলৰ পৰিচৰ্য্যা

এই ফুলৰ গছ ২ মাহ মানৰ ভিতৰত পুৰঠ হয় আৰু ফুলৰ কলি ধৰিবলৈ আৰম্ভ কৰে। এই সময়ত ফুলৰ গছজোপাৰ কাণ্ডৰ ওজন বাঢ়ে আৰু সেয়ে বেঁকা হৈ পৰি যোৱা সম্ভাৱনা থাকে বাবে তাৰ পৰা বাচিবলৈ কিছুমান বাঁহৰ সৰু সৰু খুটি ঠোঙাটোৰ মাটিত পুতি গছজোপাৰ ভাৰসাম্য ৰক্ষাত সহায় কৰিব লাগে। এই ফুলৰ পাতবোৰ সামান্য লেৰেলি যোৱা যেন দেখিলেই পুৱা গধূলি পানীৰ যোগান ধৰিব লাগে। প্ৰয়োজনতকৈ অধিক পানী যোগান ধৰাৰ ফলত কেতিয়াবা গছৰ গুড়িটো গেলি ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

বজাৰ দখল

ডালিয়া ফুলৰ গছে উপযুক্ত বাতাবৰণত পালে, ডাল মেলি মেলি চাৰি পাঁচ পাহলৈকে, আৰু কেতিয়াবা তাতোধিক পৰিমাণে ফুলা দেখা যায়। এনেকৈ ফুলৰ কলি পেলোৱা আৰম্ভ কৰিলেই বা ফুল ফুলিবলৈ ধৰিলেই গছবোৰ বিক্ৰিৰ বাবে উপযুক্ত হৈ পৰে। তেতিয়াই পাইকাৰী হাৰত এই ফুল ঠোঙাৰ সৈতে প্ৰায় ৪০-৫০ টকা পৰ্যন্ত দৰত বিক্ৰি কৰিব পাৰি। তাৰোপৰি প্লাষ্টিকৰ ঠোঙাৰ পৰা বাহিৰ কৰি মাটিৰে নিৰ্মিত টাবত বিক্ৰিৰ সময়ত ৰুই বজাৰলৈ উলিয়াই দিব পাৰিলে, প্ৰতিজোপা ডালিয়াত গড়ে ৮০ ৰ পৰা ১২০ টকা পৰ্য্যন্ত মুনাফা আদায় কৰিব পাৰি।

(এই গোটেই পদ্ধতিখিনি আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাহে সন্নিবিষ্ট কৰা হৈছে। ইয়াত কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰ কথা উল্লেখ কৰা হোৱা নাই। আশাকৰো ৰাইজৰ কিঞ্চিত হলেও সহায় হব।)

mon9

 

mon10

 

mon11

 

mon12

লিখক: নিতুল বৰা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate